Discourses From the East
আমাৰ ককাই ৰঙা, লাৰিলে ঘিলা, নেলাৰিলে নগাওঁ জিলা ~ স্মৃতিৰ কথা (১)

সদূৰ ৰাজস্থানৰ পৰা আহি ৰঘুনাথ শৰ্মা নামৰ কেঙা এগৰাকীয়ে বামুনী বজাৰৰ কাষত এখন গোলা পাতিছিল। গোলাত অত্যাৱশ্যকীয় সামগ্ৰী যেনে চাউল, কেৰাচিন, নিমখ, চাধা, ধালাই চাবুন, মিঠাতেল আদি বিকিবলৈ ৰাখিছিল। ৰঘুনাথ শৰ্মাই ঘণকৈ চিলভাৰৰ বেৰী লগোৱা এডাল দীঘল টুকুন লৈ গাঁৱত…






