আমাৰ ককাই ৰঙা, লাৰিলে ঘিলা, নেলাৰিলে নগাওঁ জিলা ~ স্মৃতিৰ কথা (১)

Share This Article

সদূৰ ৰাজস্থানৰ পৰা আহি ৰঘুনাথ শৰ্মা নামৰ কেঙা এগৰাকীয়ে বামুনী বজাৰৰ কাষত এখন গোলা পাতিছিল। গোলাত অত্যাৱশ্যকীয় সামগ্ৰী যেনে চাউল, কেৰাচিন, নিমখ, চাধা, ধালাই চাবুন, মিঠাতেল আদি বিকিবলৈ ৰাখিছিল। ৰঘুনাথ শৰ্মাই ঘণকৈ চিলভাৰৰ বেৰী লগোৱা এডাল দীঘল টুকুন লৈ গাঁৱত ঘুৰি কাৰ ঘৰত তিল আছে, সৰিয়হ আছে, মৰাপাত, লা আছে খবৰ লৈছিল। গৃহস্থৰ সৰিয়হ ভৰ্তি ডুলিত টুকুনডাল সোমোৱাই মোনৰ হিচাপ দি কিনিছিল। সেই ৰঘুনাথ শৰ্মা এই বামুনীতে নশ্বৰদেহ ত্যাগ কৰিছিল। তেখেতৰে সযোগ্য সন্তান দুগৰাকী সুৰ্যমল শৰ্মা আৰু সীতাৰাম শৰ্মা। দেউতাকে দুই পুত্ৰক স্থানীয় বিদ্যালয়ত নাম লিখাই শিক্ষা গ্ৰহণ কৰাইছিল। সীতাৰাম শৰ্মাই স্থানীয় বিদ্যালয়ৰ পৰাই মেট্ৰিক পাছ কৰিছিল আৰু নগাওঁ মহাবিদ্যালয়ত উচ্ছ শিক্ষাৰ বাবে নাম ভৰ্তি কৰিছিল বুলি শুনিছিলো। দুয়ো উদ্যোগী আৰু সৰবৰহী আছিল। দুই ভাতৃয়ে মিলি দেউতাক ৰঘুনাথ শৰ্মাৰ পবিত্ৰ স্মৃতিত বামুনী তিনি আলিৰ সো-মাজত থকা প্ৰকাণ্ড বৰগছৰ চাৰিও কাষে পকা কৰি বাছ যাত্ৰীক বহাৰ ব্যৱস্থা কৰি দিছিল। সেই পকা আসনত বহিয়ে এদিন কমৰেড তিলক মজুমদাৰে মোক কৈছিল আৰু প্ৰশ্ন কৰিছিল- খগেন কোৱাচোন! ‘আমাৰ ককাই ৰঙা, লাৰিলে ঘিলা, নেলাৰিলে নগাওঁ জিলা- কি?’ তেতিয়া মই তৃতীয় শ্ৰেনীৰ ছাত্ৰ। উত্তৰ দিব পৰা নাছিলো। পিছত কমৰেড মজুমদাৰে নিজে উঠি গৈ মাটিত বগাই থকা কেৰেলুৱা দেখুৱাই কৈছিল- এইটো। ইয়াক লাৰিলে ঘিলাটোৰ দৰে হৈ একে ঠাইত ৰৈ যায়, আৰু নেলাৰিলে ই গৈ গৈ কোনোবা ঠাই পাইগৈ। কথাৰ তাপৰ্য্য শুনি মই মাথো হাঁহিছিলো। তিলক মজুমদাৰ এগৰাকী সৰ্বক্ষণ নিষ্ঠাবান কমিউনিষ্ট কৰ্মী আছিল। বৃহত্তৰ বামুনী অঞ্চলত কেইবা বছৰ পাৰ্টীৰ সাংগঠনিক কাম-কাজৰ দ্বায়িত্ব পালন কৰিছিল। এনেকৈ কেইবা দশকলৈ কমৰেড সকলৰ আধিপত্যত চলিছিল এই বামুনী অঞ্চল। শ্ৰদ্ধাৰ কনকসেন ডেকাই তেখেতৰ ‘বিপ্লৱৰ খোজ’ নামৰ গ্ৰন্থত বৃহত্তৰ বামুনী অঞ্চলক বিপ্লৱী কমিউনিষ্ট পাৰ্টিৰ (আৰ চি পি আই) কৰ্মভুমি বুলি উল্লেখ কৰিছে। বামুনী অঞ্চলত পাৰ্টীৰ কামকাজ চলাবলৈ অহা বিষ্ণু ৰাভা, অম্বু বৰা, ছত্ৰচিং তেৰণ, নৰেণ বৰা, তিলক মজুমদাৰ, কেহুৰাম হাজৰীকা, বানেশ্বৰ শইকীয়া, হানুৰাম মেচ, মোহন শইকীয়া, মোহন ডেকা, ছাৰদক কিলং, পাৰাই ৰংফাৰ, উমাকান্ত হাজৰীকা প্ৰভিত্তি কমৰেডসকলৰ নাম পিতাইৰ মুখত সততে উচ্ছাৰিত হৈছিল। আমাৰ ঘৰৰ সৈতে কমৰেডসকলৰ সঘন যোগাযোগ আছিল আৰু গাঁৱৰ বিভিন্ন স্থানত পাৰ্টীয়ে কেম্প পাতিছিল বুলি গাৱঁৰ বৃদ্ধলোকৰ মুখে আজিও শুনো। সেই সুত্ৰে বিপ্লৱী কমিউনিষ্ট পাৰ্টীৰ দুধৰ্ষ কমৰেড, একালৰ কটনীয়ান নৰেণ বৰাই পেহী কাএৎ ইংতিপীৰ সৈতে বিবাহ পাহত আৱদ্ধ হৈছিল। কমৰেড সকলে ‘ছোভিয়েত দেশ’ নামৰ আলোচনীখন নিয়মীয়া কৈ পঢ়িছিল। আমি বুজি উঠা বয়স ৭০ দশকতো ‘ছোভিয়েত দেশ’ আলোচনী লগতে সৰু সৰু কমিউনিষ্ট পুস্তিকা আৰু পামফ্লেতেৰে আমাৰ ঘৰখন ভৰি আছিল। ৰঙীণ ফটোগ্ৰাফ সম্বলীত ‘ছোভিয়েত দেশ’ ৰ অংগসজ্জা আছিল আটক ধুনীয়া। বাম নীতি আৰু আদৰ্শৰ হৈতে আমাৰ মন মগজু একাত্মক হব নোৱাৰা বয়সতো ‘ছোভিয়েত দেশ’ৰ ৰঙীন ফটোবোৰে আমাক বাৰুকৈয়ে আকৰ্ষিত কৰিছিল। পাৰ্টীয়ে বিশেষকৈ ভূমি সমস্যাৰ সৈতে নিজকে জড়িত কৰিছিল। চাপানালা, বামুনী, কন্দলী, চামগুৰি, কলিয়াবৰ, ঢিং, ৰহা, বাৰপুজীয়া আদি অঞ্চলত বিপ্লৱী কমিউনিষ্ট পাৰ্টিৰ সদস্য সকলে কৃষক পঞ্চায়তৰ সংগঠণত আগভাগ লৈছিল। এটা সময়ত বিপ্লৱী কমিউনিষ্ট পাৰ্টীৰ সিদ্ধান্ত অনুযায়ী আঞ্চলিক ক্ষমতা দখলৰ কুচকাৱাজ আৰাম্ভ কৰিছিল। মোৰ দেউতা চৰণ ছিং ইংতিয়ে বিপ্লৱী কমিউনিষ্ট পাৰ্টিৰ হৈ ৰুৰেল পঞ্চয়ত নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। তেতিয়াৰ নিৰ্বাচনত বেলতৰ ব্যৱস্থা নাছিল, মাথা গণ্টি আছিল। প্ৰাৰ্থীৰ বিপৰীতে ভোট দাতাই শাৰী পাতিছিল। পলিং অফিচাৰে সৰ্মথকৰ শাৰীত থিয় হোৱা ভোটাৰ সংখ্যা লৈ ফলাফল প্ৰকাশ কৰিছিল। সেই নিৰ্বাচনত চেখাৱৎ আলিয়ে জয়লাভ কৰিছিল আৰু পিতাই নিৰ্বাচনত পৰাজয় বৰণ কৰিছিল।

Share This Article
Khagen Engti
Khagen Engti

Khagen Engti is a retired teacher. Since his youth, he has consistently worked to preserve Karbi culture and language. He has written books in Karbi and is the first to have translated major works of renowned writers into Karbi. He has translated Birendra Bhattacharya’s “Mrityunjay” and “Iyaruingam” from Assamese to Karbi. He has also translated D. D. Kosambi's “An Introduction to the Study of Indian History” into Karbi.

Articles: 3

Leave a Reply

Your email address will not be published. Required fields are marked *