Discourses From the East
(১)
আজি তাইক প্ৰথম গণিত শিকাইছো
গছ এজোপা বিচাৰি উলিয়াইছো
তলত তাইক বহাইছো
এডাল গছ
আমি দুটা মানুহ
তিনিখিলা তলসৰা পাত
পুখুৰীৰ পাৰলৈ চাৰিখোজ বাট
পাঁচত কেণা লাগিল
হাতৰ আঙুলি
মগজুৰ ইন্দ্ৰিয়
পৰি থকা শিলগুটি
ওহো, কোনোপধ্যে নিশিকে তাই
ময়ো ক’লো
হ’ব, যিহে দিন-কাল
চাৰিলৈয়ে ভাল
চীঁ-চিয়াই চৰাই এজাক উৰি গৈছে
ওপৰলৈ চাই তাই গণিছেঃ
চাৰি
আৰু এক
(২)
পুৱাৰ পোহৰত নচা সৰু চৰাইকেইজনী
নিঃস্বৰ হৈছে
ডেউকা সামৰিছে
এআকাশ ক’লা ছাঁই
বাৰুকৈ ছানিছে
সিহঁত কিয় চুপ হ’ল?
ছোৱালীজনীয়ে মোলৈ চাই সুধিছে
ক’লা মেঘৰ মালিকে
সিহঁতক গণিছে, আই চাৰিতকৈ জানোচা বেছি আছে!
(1)
I am teaching her to count for the first time
I searched for a tree
And had her sit beneath it
One tree
Two of us
Three fallen leaves
Four steps to the lake ahead
Five was the problem
I tried
The fingers on a hand
The senses in the brain
Pebbles strewn on the ground
She simply refuses to learn five
So I told her
It’s okay
Counting till four is enough
The times are not good anyway
A flock of birds flew past, chirping
She looked up and counted:
Four
And one
(2)
The small birds that chirped in the morning sun
Are silent now
They have folded their wings
A skyful of black shadow
Has engulfed everything
Why have they fallen silent?
The kid asks me
The owner of the black clouds
Is counting them, Aai
Lest they be more than four

