Discourses From the East
নাৰীবাদী সমালোচনাৰ বিকাশ: চিমন দ্য ব’ভ্যুৱাৰ আৰু অসমীয়া সাহিত্যত নাৰীবাদ

নাৰীবাদী সমালোচনাৰ আৰম্ভণিঃ নাৰীবাদী সাহিত্য-সমালোচনাৰ শিপা ইউৰোপীয় আলোকায়নৰ যুক্তিবাদ আৰু মানৱাধিকাৰ-চিন্তাত নিহিত। আলোকায়নে ‘মানুহ’ক সাৰ্বজনীন, স্বাধীন সত্তা হিচাপে প্ৰতিষ্ঠা কৰাৰ দাবী কৰিছিল যদিও, সেই সাৰ্বজনীনতাৰ অন্তৰালত নাৰী কেনেকৈ প্ৰান্তীয় হ’ল—এই প্ৰশ্নই আধুনিক নাৰীবাদী সমালোচনাৰ জন্মভূমি।মেৰী উ’লষ্টনক্ৰাফ্টে ১৭৯২ চনত ‘A Vindication…




