বামুনী সাৰ্বজনিন দূৰ্গাপূঁজা প্ৰতিষ্ঠাৰ পৃষ্ঠভূমি ~স্মৃতিৰ কথা (৩)

Share This Article

 

     একালত এই বামুনি অঞ্চল আৰ চি পি আই (ৰিভলুশ্চনেৰী কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়া) ৰ বিষ্ণু প্ৰসাদ ৰাভা, ছত্ৰচিং তেৰণ, অম্বু বৰা, হানুৰাম মেছ প্ৰভিত্তি কমিউনিষ্ট নেতাৰ ৰাজনৈতিক কাৰ্যকলাপৰ স্থলি আছিল বুলি পিতাইৰ মুখে শুনিছো। এই অঞ্চলৰে এই দলৰ স্থানীয় বহু নেতা, সদস্যও আছিল। তাৰে কিছু লোকক লগ পোৱাৰ সৌভাগ্য আমাৰো হৈছিল। মোৰ পিতৃ স্বৰ্গীয় চৰণ চিং ইংতি, নৰেণ বৰা (পেহাদেউ), ঘণ পাটৰ, কলীয়া গগৈ আদি আছিল সেই কালৰ আৰ চি পি আই ৰ সক্ৰীয় সদস্য। সেয়েহে অঞ্চলটোৰ প্ৰায়বোৰ পৰিয়াল বামপন্হাৰ সৈতে পৰিচিত আৰু জড়িত আছিল বুলি কলেও বঢ়াই কোৱা নহয়। মই নিজে ছাত্ৰ সংগঠণৰ নেতৃত্বৰে ৰাজহুৱা জীৱন আৰাম্ভ কৰিছো আৰু পিছলৈ বাম মতাদৰ্শৰ প্ৰতি আকৃষ্ট হওঁ। অৱশ্যে আমাৰ সময়ত আৰ চি পি আই নাছিল। চি পি আই (এম এল)ৰ ভাস্কৰ নন্দি আৰু চাৰু মজুমদাৰ গোটহে আছিল। আমিবোৰ চাৰু মজুমদাৰ গোটত কাম কৰিছিলো। আমাৰ সময়ত ভেকুলা পাটৰেই আছিল বামপন্হীৰ শেষৰজন নেতা। আমি সৰু কালৰ পৰা তেখেতৰ কামকাজ দেখি আহিছো। কেশৰী মোহন পাঠক, তিলক মজুমদাৰ, চন্দ্ৰচিং ইংতি (খুঢ়া), ফুলন ৰংহাং, মোহন টিমুং, বিহুৰাম কৰ্মকাৰ, আদিয়ে কৃষক আন্দোলনৰ নেতৃত্ব দিছিল। এই আন্দোলনৰ কেন্দ্ৰ বিন্দু আছিল ভেকুলা পাটৰ খূঢ়াৰ ঘৰখন। ভেকুলা পাটৰ এগৰাকী আপোচহীন কমিউনিষ্ট নেতা আছিল। তেখেত জীৱনৰ অন্তিম সময়লৈকে এগৰাকী নিষ্ঠাবান কমিউনিষ্ট হৈয়ে থাকিল আৰু কমিউনিষ্ট গৌৰৱ কাঁচি হাঁতুৰী প্ৰতীকযুক্ত ৰঙা পতাকা বুকুত লৈয়ে নৰনাট সামৰিলে। তেখেতৰ ত্যাগ আৰু আদৰ্শৰ প্ৰতি মোৰ গভীৰ শ্ৰদ্ধা আৰু আন্তৰিক ‘লালচালাম’ জনালো। চমুকৈ এই খিনি কথা অৱতাৰণা কৰিছো, কিয়নো নহলে বামুনি সাৰ্বজনিন দুৰ্গা পূজা জন্ম পৃষ্ঠভুমি উন্মোচন নহব।

     ১৯৮৩ চনৰ ইতিসাহ কলংকিত সাম্প্ৰদায়িক ডাঙ্গাৰ পুৰ্বত মইও এগৰাকী আছু কৰ্মী আছিলো। ৮৩ৰ সংঘৰ্ষত নগাওঁ কাৰবি আংলঙৰ সীমামুৰীয়া অঞ্চল বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছিল। বহু গাওঁ পুৰি চাৰখাৰ হৈছিল। শ শ মানুহ শিবিৰত দিন কটাবলগীয়া হৈছিল। চাৰিওফালে হিংসা-বিদ্বেষ, সাম্প্ৰদায়িক বিষবাষ্পই আচ্ছন্ন কৰি ৰাখিছিল। সেই জুয়েপুৰা গাওঁসমুহ পুনৰ নিৰ্মাণৰ তাগিদাই মোক নগাওঁ জিলা কাৰবি ছাত্ৰ সন্হা গঠণৰ অনুপ্ৰেৰণা দিছিল। হোজাই, লংকা, কাকী, কামপুৰ, আমচৈ, শালনা, জখলাবন্ধা, ফুলগুৰি চাং, আমগুৰি চাং আদি অঞ্চলসমুহত খোজকাঢ়িয়ে সংগঠণ কৰিছিলো। দুৰ্গতসকলৰ সাহাৰ্য্যৰ বাবে ৰাইজৰ পৰা আৰ্থিক অনুদান বিচাৰিলো। চাউল, কাপোৰ, গৃহ নিৰ্মাণৰ সা-সজুলি, কাঠৰ খুটা, খেৰ আদি সামগ্ৰী ৰাইজে দিলে। এই ছাত্ৰ সংগঠণৰ নেতৃত্বৰ মাজেৰে মোৰ ৰাজহুৱা জীৱন আৰাম্ভ হৈছিল। অৱশ্যে ইয়াৰ পৰবৰ্ত্তী সময়ৰ পৰিস্হিতি অধিক জটিল আৰু তিক্ততাপুৰ্ণ আছিল। সেইবোৰ অন্যসময়ত কোৱা যাব।

     ১৯৮৭ চনৰ পৰা লাহে লাহে বাম মতাদৰ্শৰ প্ৰতি আকৃষ্ট হও, যদিও আনুষ্ঠানিক ভাৱে সদস্যভূক্ত হোৱা নাছিলো। অৱশ্যে কমিউনিষ্ট পৰিবেশ আমাৰ পৰিয়ালত চিৰ প্ৰবাহমান আছিল। ১৯৮৫ চনৰ পৰা ১৯৮৯ চনলৈ অসমত জনজাতিৰ স্বাধিকাৰ আন্দোলনে ব্যাপকতা লাভ কৰিছিল। ছাত্ৰ নেতৃত্বৰ দায়বদ্ধতা লৈ অসমৰ ইমুৰৰ পৰা সিমুৰলৈ ঘুৰি ফুৰিছিলো। এনেকৈয়ে গুৱাহাটি চিকিৎসা মহাবিদ্যালয়ত তেতিয়া অধ্যয়নৰত ডা: ৰনোজ পেগু(বৰ্তমানৰ মাননীয় শিক্ষামন্ত্ৰী) ডা: গিৰীণ দৈমাৰী, বকোৰ সব্যসাচি ৰাভা(ৰাভা হাছঙৰ প্ৰথম চি ই এম) অমিতাভ ৰাভা(প্ৰবক্তা- দিন দুপৰলৈতে আলফাই তেখেতক গুলিয়াই হত্যা কৰিছিল), জাগিৰোডৰ তুলসি বৰদলৈ(প্ৰবক্তা), ৰিমল আমচি, উফিং মাচলাই, ভূপেন খলাৰ, ভুপেছ দাৰফাং, উমা খাখলাৰী, আদিত্য খাখলাৰী, মৰিগাওঁৰ গিৰিধৰ পাটৰ(অধিবক্তা), বেবেজীয়াৰ আনন্দ বৰদলৈ, কান্দুৰাৰ বৰবহিৰ মনিৰাম কাঠাৰ, নলবাৰীৰ থানেশ্বৰ বড়ো, তিতাবৰৰ বিধান বৰা(ট্ৰাবেল সংঘৰ তেতিয়াৰ কেন্দ্ৰীয় সভাপতি), লক্ষীনাথ পাংঙ্গিং, নিখিল বড়ো ছাত্ৰ সন্হাৰ তেতিয়াৰ সভাপতি বডোফা স্বৰ্গীয় উপেন্দ্ৰনাথ ব্ৰহ্ম, কাৰবি আংলঙৰ ডা: জয়ন্ত ৰংপি, হলিৰাম তেৰাং, চমাং ক্ৰ, চি পি আই (এম এল) দলৰ ৰাজ্যিক সম্পাদক ৰুবুল শৰ্মা, প্ৰয়াত অনিল কুমাৰ বৰুৱা, লোকনাথ গোস্বামী, চন্দ্ৰকান্ত তেৰাং প্ৰভিতি নেতা ও শিল্পী সকলক লগ পাওঁ। এই যাত্ৰাৰ পথত চৰণ নাৰ্জাৰী, সমৰ ব্ৰহ্ম চৌধৰী দৰে প্ৰবীন জনজাতীয় চিন্তাবিদ তথা ৰাজনীবদৰ সানিদ্ধ পোৱাটো মোৰ ব্যক্তিগত জীৱনৰ বাবে পৰম সৌভাগ্যৰ কথা। 

     সি যি কি নহওক ১৯৮৮ চনত মই আনুষ্ঠানিক ভাৱে চিপিআই(এম এল) দলত যোগদান কৰি কমিউনিষ্ট হৈ পৰিলো। সকলো সংগ্ৰামৰে এটা সময়ত স্থবিৰতা আহে। কমিউনিষ্ট দলৰো সেয়ে হৈছিল। এনে স্থবিৰতাৰ মাজত ১৯৯৬ চনৰ শাওন মাহৰ কোনোবা এটা পূঁৱাত বামুনি তিনি আলি চকৰ পি ডব্লিউ ডি আবাসৰ সম্মোখত বুলবুল আলিয়ে আবেলি সময়ত শাক-পাচলি বিক্ৰিৰ বাবে সাজি থোৱা সৰু বাঁহৰ চাঙত বহি ভেকুলা খূঢ়াৰ সৈতে অঞ্চলৰ বিভিন্ন সমস্যাৰ কথা আলোচনা কৰি আছিলো। সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক সকলো কথা। 

    কন্দলি, বামুনি, বৰবাৰী, চাপানালা, শালনা এই সমগ্ৰ অঞ্চল শিক্ষা, যোগাযোগ, অৰ্থনৈতিক দিশত অতিকে পিছপৰা অঞ্চল। কাৰবি, তিৱা, বড়ো, নেপালী, আহোম, প্ৰাক্তন চাহ বনুৱা, অসমীয়া মুছলমান আদি জনজাতীয় লোকে বসবাহ কৰা এই বৃহত্তৰ অঞ্চলত কেইবাখনো বৃহৎ বৃহৎ চাহ বাগিচা আছে। সেই বাগিচাত কাম কৰা বনুৱা সকলৰ মনোৰঞ্জনৰ বাবে দূৰ্গাপূজাত টকি (চিনেমা) দেখুৱাৰ ব্যৱস্থা আছিল। পুঁজাৰ তিনিদিনীয়া কাৰ্যসুচীত প্ৰথম দুৰাতিত দুখনকৈ আৰু তৃতীয় বা শেষ ৰাতি তিনিখনকৈ টকি দেখুৱাৰ ব্যৱস্থা সকলো বাগিচাৰে ধৰাবন্ধা নিয়মৰ দৰে আছিল আৰু আমি কবপৰা দিনৰ পৰাই এই ব্যৱস্থা অতি নিয়মীয়াকৈ চলি আছিল। বছৰৰ এই মহা আয়োজনলৈ অঞ্চলৰ ৰাইজ অধীৰে বাট চাইছিল। পুঁজাৰ বতৰত কোনখন বাগিচাত কি কি টকি দেখূৱাব, সেই লৈও ব্যাপক গুনা গুথা চলিছিল। তেওঁলোকৰ পচন্দৰ টকি যিখন বাগিচাত দেখুৱাব, টালৈ যোৱাৰ বাবে আগতীয়াকে স্থিৰ কৰি লৈছিল। অৱশ্যে বাগিচাৰ সেই তিনি দিনীয়া পূঁজাত অনেক অবাঞ্ছিত ঘটনাও সংঘটিত হৈছিল। কাৰণ, পুঁজাৰ স্থলিত জুৱা খেলৰ আড্ডা বহে, চুলাই মদৰ অবাধ প্ৰচলন হয়, ফলস্বৰূপে ৰাতিপূৱালৈকে মদৰ ৰাগিত পথৰ দাঁতিত মদাহী পৰি থকা নিত্য নৈমিতিক ঘটনা আছিল। বহু সময়ত টকি চাবলৈ গৈ লাঞ্ছিতা হৈছিল গাওঁৰ জীয়ৰি, বোৱাৰী। দিনৰ ভাগত সেইবোৰ কথা গাওঁত চৰ্চা হৈছিল। কোনখন গাৱঁৰ ডেকাক কোনে কি গৰ্হিত কৰ্মৰ বাবে তিনি বেটেৰী টৰ্চেৰে কুব মাৰি মাথা ফালিলে তাৰো আলোচনা হৈছিল। এনে বহু কথা প্ৰসঙ্গক্ৰমে আলোচনা হৈছিল। ধৰ্ম কৰ্মৰ প্ৰতি আমাৰ বৰ আগ্ৰহ নাছিল। পাটৰ খূঢ়াটো আৰু এখোপ চ’ৰা আছিল। পিছে আমি মনা নমনাৰ ওপৰত সমাজ নৰজে। দুৰ্গাপূঁজাত মানুহ যায় আৰু যাব। মাৰপিটৰ সম্ভাৱনা থাকিলে আগতীয়াকে সাজো হৈ যাৱ। এইটো আছিল আমাৰ অঞ্চলৰ সেই সময়ৰ পৰিবেশ আৰু পৰিস্থিতি। এই নেতিবাচক পৰিবেশ আৰু পৰিস্থিতিয়ে আমাক চিন্তিত কৰি তুলিছিল। চিন্তা আছিল সোঁতৰ বিপৰিতে নগৈ ৰাইজৰ আস্থা আৰু বিশ্বাসক সাঁৰথি কৰি এক ইতিবাচক দিশ উন্মোচন কৰা। গতিকে আমাৰ তদাৰকিৰ মাজত বামুনিত দূৰ্গাপূঁজা কৰিব পৰা নাযাবনে? সেই পুঁৱাত আৰু বহু কথাই আলোচনা হৈছিল, এটা সময়ত মই কলো – ‘খূঢ়া আমিও কৰো দিয়ক’। ভাৱবাদী দৰ্শনত বিশ্বাস নথকা খূঢ়াই বহুত কিবা কিবি ভাবিলে আৰু অতি গহীনভাৱে কলে – ‘কৰো দিয়া আমিও’। বামুনিত সাৰ্বজনিন দূৰ্গাপুঁজা অনুষ্ঠিত হোৱা সেয়াই আছিল পাতনি। তাৰ পিছত সেই আমিবোৰত অজস্ৰজনে যোগ দিলেহি। দলৈ গাওঁৱৰ খূঢ়া মনোৰাম পাটৰ, মোৰ শিক্ষাগুৰু কুমুদেশ্বৰ দলৈ, খূঢ়া কৃষ্ণৰাম শৰণীয়া, পুৰ্ণকান্ত বৰদলৈ দাদা, ধৰ ভিনি(নিৰ্মল ধৰদেৱক আমি সকলোৱে ধৰ ভিনিহি বুলি সম্বোধন কৰো), বৰবাৰিৰ খূঢ়া চৈতন্য কৰণ, হায়ংথলৰ তুলসি নাগ, বালীয়াধিপাৰ আষিচ নাগ, ধনতোলাৰ মোৰ একালৰ সহপাঠী নিৰ্মল গোস্বামী, ঊমা গোস্বামী, বৰবাৰীৰ বন্ধু মন্টু বৰা, গান্ধীৰাম ৰংপি, শ্ৰদ্ধাৰ কেশৱ শৰ্মা, মিত্ৰদেৱ শৰ্মা, দাদা বেনুধৰ কৰণ বুদ্ধেশ্বৰ তিমুং, একমাত্ৰ ঐক্য আৰু ভাতৃত্ববোধত বিশ্বাস ৰাখি কুতুহানিৰ মুতুক আলি খূঢ়াও এই আমিবোৰত যোগ দিলেহি। এইদৰে হৰি তিমুং, গোপাল তিমুং, বাবুল কৰণ, পুতুকন দলৈ, লাতুমনি বৰা আৰু আন আন সকল(এতিয়াই সকলোৰে নাম মনলৈ অহা নাই) এই আমিবোৰত যোগ দিলেহি। 

     পূঁজা পতাৰ প্ৰাথমিক সিদ্ধান্তৰ মাজেৰে এটা সময়ত পূঁজা কমিতি গঠন কৰা হল। সভাপতি ভেকুলা পাটৰ, সম্পাদক খগেন ইংতি। দুৰ্গা পুজাৰ দৰে বৃহৎ পুজা পতাৰ অভিজ্ঞতা আমাৰ নাছিল। ই আমাৰ পক্ষে অতি দুঢ়ুহ কাম আছিল। এই সমস্ত সমস্যাৰ সমাধানত প্ৰধান চাণ্যকৰ ভুমিকা পালন কৰিছিল মোৰ শিক্ষাগুৰু শ্ৰদ্ধাৰ কুমুদেশ্বৰ দলৈদেৱে। দুৰ্গাপুঁজাত আটাইতকৈ ডাঙৰ সমস্যা হল ‘পুৰোহিত’। ছাৰে কলে – আমাৰ অঞ্চলৰে কেশৱ শৰ্মা আছেই, তেখেতক পুৰোহিতৰ দায়িত্বভাৰ দিলে সমস্যা নাথাকিব। পুঁজাৰ দিন চমুচাপি অহাত এখন সাধাৰণ সভা পতা হল। সভাত ছাৰে কথাখিনি কলে – ‘দুৰ্গাপুঁজা পতাটো আমাৰ সামৰ্থৰ বাহিৰৰ বস্তু, গোঁহাই বামুনৰ আওভাও আমি বুজি নাপাও। কেশৱ শৰ্মা আমাৰ অঞ্চলৰ, তেওঁ আমাৰ সাৰথি হওঁক। যদি কেশৱ শৰ্মাই পুৰোহিতৰ দায়িত্ব লয় তেতিয়াহে পুঁজা সম্ভৱ হব।’ সকলোৱে সমৰ্থন জনালে। অঞ্চলৰ প্ৰতি দায়িত্ববোধ থকা কেশৱ শৰ্মা ডাঙৰীয়াই পোনচাতে সেই গুৰু দায়িত্বভাৰ গ্ৰহণ কৰি অঞ্চলৰ ৰাইজক কৃতাৰ্থ কৰিলে। পিছৰখিনি ইতিসাহ, সেই আমিবোৰত নতুন নতুন মুখে যোগ দিলেহি হৰমোহন দাস, ধৰ্ম্মেশ্বৰ তিমুং, দিছপেন ইংতি, কমল কলিতা, মোৰে একালৰ সহপাঠী তিলা বৰবাৰিৰ লক্ষেশ্বৰ কলিতা, মাধৱ কলিতা আৰু বহুতো। 

    বামুনিত পুঁজাৰ খদমদম চলিল। চাইকেল মিস্ত্ৰী আজিজুৰ ককাইদেউ (আজিজুৰ ৰহমান) চাইকেল মেৰামতিৰ কাম সাময়িক ভাৱে স্থগিত ৰাখি জেলাপি, খুৰমাৰ দোকান দিলে। পুঁজা বুলি দোকানে দোকানে বেলুন, হস্তীয়া পুতলা আনি ৰাখিলে। বাগানৰ পুঁজাত খিলিপাণ বৰকৈ চলে। গতিকে দোকানীয়ে কিছুমান ৰঙচূৱা মচলাৰ পেকেট আনি দোকানত ৰাখি আগ্ৰহেৰে খিলিপান খোৱা চকৰিলৈ (বাগানীয়া ছোৱালী) বাট চালে। মুঠতে সামৰ্থ অনুযায়ী প্ৰত্যেকজন দোকানীয়ে পুঁজাৰ বতৰত বিচৰা সকলো বস্তুৰে অলপ অলপ ৰাখিছে, গ্ৰাহকসকল যাতে বিমুখ হৈ নাযায়। পূঁজাৰ প্ৰতি অঞ্চলৰ ৰাইজৰ আগ্ৰহ আৰু সহযোগীতা দেখি আমিও অধিক উৎসাহেৰে আগবাঢ়ি গলো। পিছে কিছুলোক আমাৰ প্ৰতি বিশ্বাস জন্মা নাছিল, যে এই ফেৰা কাম আমাৰা দ্বাৰা সম্ভৱ হব। দ্বিতীয়তে হল জনজাতীসকল পুঁজাৰ প্ৰতি প্ৰায়ে উদাহিন। আন সকলোৰে লগত টকি চোৱা, জুৱা খেলত অংশ লোৱা আৰু ৰাতি আন্ধাৰৰ সুযোগত ভিৰৰ মাজত অন্যমনস্ক হৈ পৰা ইত্যাদিবোৰ কাৰণতে উটি ভাহি যায়, সেই কথা বুজিবলৈ টান নালাগে। তাৰ প্ৰমান লবলৈ হলে প্ৰতি নিশা পুঁজা চাই ঘুৰি অহা কোনোবা ডেকাক – আই দুৰ্গা গোঁহানীৰ কেইখন হাত আছে বা কোনটো হাতত চক্ৰটো আছে, সুধিলেই জোলোঙাৰ মেকুৰী ওলাই পৰিব। অথবা দুৰ্গা গোঁহানীৰ মুৰৰ একাষত জুমাজুমি কৰি থকা সদাশিৱৰ অৱস্থিতিৰ ৰহস্য কি বুলি প্ৰশ্ন কৰিলেই উৰহিৰ ওৰ পৰিব। এতএব বামুনিত কেৱল পুঁজাহে হব, ইয়াৰ গুৰুত্ব নাথাকিব। এনেয়ে জাহিদ কায়ে(জাহিদ ৰহমান) মণ্ডপৰ ওচৰলৈ আহি অমুকাক কৈছেনে? – ‘বোলো মানুহবোৰ আমাৰ মণ্ডপলৈ কেৰাহিকৈও নেচাই দেখুন। চিধা তপতজুৰীলৈকে কোব লয়।’ সেই জাহিদকাইও অৱশেষত বেপাৰৰ মুলধন হেৰুৱাৰ ভয়ত শেষৰ ৰাতি টেবুল দাঙি বাগানৰ পুঁজালৈকে গুচি যাবলগীয়া অৱস্থা হল। এইবোৰ কমটো কথা নে!

দুৰ্গাপুজা প্ৰাৰম্ভিক কালৰ দুখৰীয়া চবি।

    এইবেলি বামুনিত দুৰ্গাপুঁজা হব। কথাটো ৰাষ্ট্ৰ হৈ পৰিল। কিছুয়ে ভাল পালে, কলে – ‘পুঁজা হলে বেয়া নহব, ঠাইদুখৰ ভাল হব। বাগানত হোৱা পুঁজাৰ দৰে ইয়াত অন্তত: জুৱাৰ আড্ডা নহব। সপৰিয়ালে মনোবাঞ্ছা পুৰণৰ বাবে ভাল পৰিবেশত শৰাই এটাকে দিব পাৰিব।’ কিছুমানে নোৱাৰিব বুলি আতঁৰি নিলগৰ পৰা ৰং চাই থাকিল। টকি নহলে কি পুঁজা হব বুলি মুখটিপি হাঁহিলে। মুঠতে পুঁজাত মানুহ নাহে বুলি এটা বদ্ধমুল ধাৰণালৈ পিঠি দিলে। অৱশ্যে আমাৰ সদস্যসকল এইবোৰ কথাত নিৰ্বিকাৰ। 

     পুঁজাৰ বাবে ধনৰ প্ৰয়োজন। তাকো দুৰ্গা পুঁজা। আজিৰ দৰে লাগ বুলিলে টকা পাছ হেজাৰ উলিয়াই দিবপৰা মানুহ তেতিয়াৰ দিনত নাছিল। পুঁজি সংগ্ৰহৰ উৎস হিচাপে বাঁহ খৰি কঢ়িওৱা ঘোড়া গাড়ী, লাইন বাছ, দুই এখন শিল, বালি কঢ়িওৱা ট্ৰাক, কেইজনমান অঞ্চলৰ শিক্ষক, বামুনি তিনি আলি চকৰ সৰু সৰু দোকানবোৰ আৰু কমিতিৰ সদস্য মাচুল। 

    প্ৰতিখন ঘোড়া গাড়ীৰ পৰা ৫০/- টকা, ট্ৰাক আৰু বাছৰ পৰা ১০০/- টকা বৰঙনী লোৱাৰ সিদ্ধান্ত হল। সিদ্ধান্ত মতে কাম, আমিবোৰ সকলো সময়ত তিনি আলিত থাকিব নোৱাৰো। অঞ্চলৰ গাওঁসমুহত দান বৰঙনি বিচাৰি ওলাই যাওঁ। গাওঁৰ কথা, সৰহ সংখ্যকে সামগ্ৰী দিছে। পান, তামোল, নাৰিকল, আদা, কল, মিঠাতেল, চাউল, কোনোয়ে নগদ ধনো দিলে। পুৰ্ণকান্ত বৰদলৈ দাদাই সকলো সময়ত তিনি আলিত থাকি ধন সংগ্ৰহৰ কাম চলাই গ’ল। দুই একে সংগৃহিত ধনেৰে ৫ টকা ৰাজহুৱা ধন খৰচ কৰি মিঠাপাতি ১২০ পান খোৱা বুলি পুৰ্ণ দাদাৰ বিৰুদ্ধে কমিতিৰ ওচৰত আপত্তি দৰ্শালে। পনীয়া কথা বুলি কোনোয়ে গুৰুত্ব নিদিলে। কথা তল পৰিল। পিচে প্ৰয়োজনীয় ধন সংগ্ৰহ নহল। কি কৰা যায়। কুমুদেশ্বৰ দলৈ ছাৰ, কৃষ্ণৰাম শৰণীয়া খূঢ়া আছে। হয়, তেখেতসকলে বিধান দিলে। পুঁজাৰ সম্ভাৱনা সুনিশ্চিত হল। কোনো কথা নাই, পুঁজা ভালদৰে হব।

      পুঁজা মণ্ডপৰ স্থান লৈ কিছু সমস্যা হল। ৰাইজৰ পচন্দৰ স্থান হ’ল কঠিয়াতুলি আৰু চাপানালা পথৰ মাজত ভেটি তুলি থোৱা ঠাই। কথাটো আমাৰ কমিতিৰ অন্যতম উপদেষ্ঠা তথা মাটিৰ গৰাকী কৃষ্ণৰাম শৰণীয়া খুঢ়াৰ অনুমতি বিচাৰিলো। খুঢ়া চালাক মানুহ, ঘৰৰ সকলোৰে লগত আলোচনা কৰি জনাম বুলি কলে। কেইবাদিনো উত্তৰ নহাত মই নিজে তেখেতৰ ঘৰলৈ গলো। সেই সময়ত তেখেত নাছিল। জিলা উপায়ুক্ত কাৰ্যালয়ত মুখ্য সহায়ক হিচাপে বিভিন্ন দ্বায়িত্ব সামৰি ঘৰলৈ আহোতে তেখেতৰ প্ৰায়ে পলম হয়। সেই দিনাও পলম হৈছিল। তেখেত ঘৰ আহি পোৱাত মোৰ উদ্দেশ্য বেকত কৰিলো। তেখেতে প্ৰথম বৰ্ষৰ বাবে দিব, কিন্তু স্থায়ী মণ্ডপ কৰিব নোৱাৰিব বুলি কলে। সেই কথাই ৰ’ল। ঠাইদোখৰ ৰাস্তা পকিকৰণৰ সময়ত ব্যৱহাৰ কৰা আছিল। আলকতৰা গৰম কৰি চিপচ ভজা কাম এই ঠাইতে হৈছিল। কোৰেৰে চৰকি সমান কৰা হল যদিও অসংখ্য চিপচ আতৰ কৰা সম্ভৱ নহল। তাৰে ওপৰত গোবৰ পানীৰে মুচি নগাওঁ চহৰ পানীগাৱৰ খনিকৰে নিৰ্মাণ কৰা ৯০০ টকীয়া প্ৰতিমা আনি প্ৰতিষ্ঠা কৰা হল। প্ৰসাদ আহিল, বস্ত্ৰ আহিল, অস্ত্ৰ আহিল, ঢাক আহিল। যথা সময়ত কেশৱ শৰ্মাদেৱে তেখেতৰ ভাতৃ খগেন শৰ্মা আৰু পুৰণিগুদামৰ শৰৎ শৰ্মা নামৰ আন এগৰাকী ব্ৰাহ্মীণ লোকে পুঁজা আৰম্ভ কৰিলে। ভাবিলো ইয়াতে শেষ, ৰক্ষা; পুঁজাৰ দায়িত্ব শেষ হল। পিছে নহয়, যুৰীয়া বেল বিচৰা, পূঁৱা গধুলি ভোজনি দিয়া, অ-কুঁমাৰী পূজন, বৰণ দিয়া ইত্যাদি ইত্যাদি বাবে সাজু থাকিব লাগে। সিমানলৈ আমি প্ৰস্তোত নাছিলো। সি যি কি নহওক এইবোৰ দ্বায়িত্ব সম্পাদক হিচাপে সম্পাদন কৰি গলো। ভোজনী দিয়াৰ ক্ষেত্ৰত ভাইটী লাতুমনি বৰাই বিধান দিলে। চাউল আধা কেজি, এশ গ্ৰাম তেল, দাইল দুশ গ্ৰাম, আলু এপোৱা, পাচ হিকি পইচাৰে সৈতে ভোজনী টুপোলাৰ ব্যৱস্থা হল। কমিতিৰ প্ৰায়বোৰ সদস্য জনজাতি লোক। বৰণ দিয়া বা উপবাস থকাৰ অভ্যাস নাই আৰু নোৱাৰে। সেই গুৰুদ্বায়িত্ব ভাৰ ধৰ ভিনিয়ে গা-পাতি ললে। বেলপাতৰ মালাধাৰ পিতৃ তুল্য মিত্ৰদেৱ শৰ্মাদেৱে বৰ আগ্ৰহেৰে দিলে। এইদৰে সপ্তমি গল, অষ্টমিও গল। নৱমিৰ সন্ধ্যাত আমাৰ অনুপস্থিতি দেখি পুৰোহিতে ঘোষকক লগাই ঘোষণা কৰালে যে পুঁজা কমিতিৰ সভাপতি সম্পাদক সমন্নিতে সকলো সদস্যক পুঁজা মণ্ডপত বিচৰা হৈছে। আমি সভাপতি উপদেষ্ঠাদ্বয় কুমুদেশ্বৰ দলৈ, কৃষ্ণৰাম শৰনীয়া, মনোৰাম পাটৰ আৰু দুই-একৰ সৈতে পুঁজা ভাগত আমাৰ দায়িত্ব শেষ বুলি ভাবি ওচৰতে থকা মুকুতা দলৈ নামৰ মোৰ সহপাঠীৰ চাহ দোকানৰ জাপ বন্ধ কৰি কথা পতাত ব্যস্ত হলো। মাইকত কেইবাবাৰো ঘোষণা কৰি বিফল হৈ মানুহ লগাই বিচাৰিলে। জাপ বন্ধ দোকানৰ বেৰৰ জলঙাৰে চাকিৰ ঢিমিক ঢামাক পোহৰ দেখি, পুৰোহিতৰ আজ্ঞাবাহী পিছ দোৱাৰেদি খৰখেদাকৈ ভিতৰলৈ সোমাই আহিল। লোকজনৰ পৰা ঘটনাৰ আদ্যোপান্ত লৈ আমাৰ সভাপতিয়ে মোলৈ চাই ভেকাহি মাৰি কলে – ‘এহ: আৰু কি থাকিল অ……বেচি কৰিলে পুঁজা বন্ধ হৈ যাব।’ ধমক খাই বাৰ্ত্তা বাহক তেনেই ভিজা মেকুৰীটো দৰে হল। উপস্থিত উপদেষ্ঠাদ্বয় সভাপতিৰ মুখলৈ একেথৰে চাই ৰ’ল। যেন চলি থকা গাড়ীৰ আগেদি এইমাত্ৰ কলা মেকুৰি এটাহে পাৰহৈ গল। হঠাৎ সভাপতিৰ মানসিক পৰিবৰ্তন দেখি ক্ষন্তেকৰ কাৰণে সকলোয়ে তাপ মাৰিলে। হঠাৎ নিৰৱ হৈ পৰা কোঠাটোত বহু সময়লৈ কেৱল সভাপতিৰ মুখখন চাকিৰ পোহৰত চঞ্চল হৈ ৰ’ল। চাৰে কলে – ‘যাচোন যা কি কাৰণত মাতিছে, চাই আহগৈ।’ এনেতে মাতিবলৈ অহা লোকজনে কলে – ‘অকল এজন গলে নহব নহয়, কমিতিৰ সকলোকে মাতিছে।’ হয়নে, কিন্তু কিয় মাতিছে? কিবা নাটনি হৈছে নেকি? ভোজনৰ সকলো সামগ্ৰী দি থোৱা আছেই চোন। লোক জনে কলে – নহয় এতিয়া কমিতিৰ সদস্যয়ে আশীৰ্বাদ লব লাগে। এইবাৰ দুয়োগৰাকী উপদেষ্ঠা থিয় হল, কলে – যাব লাগে। আমাৰ সভাপতি শলঠেকত পৰিল। উঠো নুঠো কৈ উঠিল। তেতিয়ালৈ বাকীসকল দোৱাৰ পালেগৈ। নিৰুপাই সভাপতি, অনিচ্ছা স্বত্বেও পিচে পিচে খোজ ললে। মেলেটাৰীয়ে শাৰি পতাদি তিনি আলিৰ ঠিক সোঁ মাজত থকা বটগছৰ ইটাৰ ঘেৰটোৰ কাষত আটাই কেইজন থিয় হলো আৰু মঞ্চৰ নাতিদুৰত থাকি কথাৰ উমান লবলৈ চেষ্টা কৰিলো। কোনোজনে আগবাঢ়ি নোযোৱাত ময়ে আগবাঢ়ি গৈ দেওক কথানো কি? শুধিলো আৰু ঘুৰি আহি সবিশেষ জনালো। কথা শুনি আমাৰ উপদেষ্ঠাদ্বয় মণ্ডপলৈ আগবাঢ়ি গ’ল। সভাপতিয়ে মোক ওচৰলৈ মাতি কলে – ‘নগলে নহয় নেকি? মই নেযাওঁ!’ মুখত আৰু কিবা কিবি  ভুৰভুৰালে। কিয়? মই শুধিলো। ‘এইবোৰ ভাৱবাদী দৰ্শণত মই নাই’ মুঠতে সভাপতি নাচুৰবাণ্ডা, যাবলৈ নাৰাজ। মই বুজনি দিলো – ‘আমি সভাপতি সম্পাদকে এনেখন কৰিলে মানুহে কি বুলিব, আমি ভৱিষ্যতে মানুহ মাতিলে আহিবনে চাগে? মুঠতে একপ্ৰকাৰ মণ্ডপলৈ টানি নিয়া হল। মণ্ডপত গোঁহানীৰ সন্মোখত আমি সকলোয়ে শাৰি পাতি থিয় হলো। দুজন পুৰোহিতে উচ্ছস্বৰে মন্ত্ৰ পাঠ কৰি আছে। আমাক মাত দিবলৈ মুখখন আজৰি নাই। ইতিমধ্যে তৃতীয় জনে আমাৰ প্ৰত্যেকৰ হাতত এপাহ ফুল, এখিলা বেলপাত দি গ’লহি। আমি আটায়ে হাতত ললো। পুঁজাৰীয়ে এটা সময়ত ইংগিত দিলে আৰু কলে – পুস্পাঞ্জলি দিয়ক। আমি আটায়ে ফুল আৰু বেলপাত দেৱীমাৰ শ্ৰীচৰণত সমৰ্পণ কৰিলো। তাৰ পিছত পুঁজাৰীয়ে কলে – এতিয়া সকলোয়ে আঠু লব লাগে। সকলোৱে আঠু ললে। সভাপতি থিয় হৈ আছে। মই ফুচফুচাই কলো খূঢ়া, মনা নমনা পিছৰ কথা, সৌজন্যতা ৰাখক। ‘এহ: আঠু লোৱাটো এটা ব্যামেই দিয়াচোন’ বুলি কৈ আঠু ললে। আগেয়ে কৈছো মণ্ডপৰ ঠাইদোখৰ চিপচ ভজা ঠাই আছিল। চিপচৰ চোকা জোং বোৰে যেন আমাৰ ধ্যানভঙ্গ কৰিবলৈকে ৰৈ আছে। আঠু লোৱা মাত্ৰকে বিন্ধিলে। কেৱল মোৰ ক্ষেত্ৰতে হৈছেনে, আনৰো হৈছে? কথাৰ গমগতি লবলৈ বুলি মই কেৰাহিকে চাই পঠালো, নাই কোনোয়ে আঠু লব পৰা নাই। প্ৰথমতে লৈছিল যদিও এতিয়া আঠু ডাঙি ৰাখিছে। ঠিক বুক ডাউনৰ লেখিয়া কৈ। বামুনে লাহে লাহে মন্ত্ৰ মাতিছে, নিয়ম অনুযায়ী আঠু লোৱা কেইজনে দেওৰ লগে লগে মাতি যাব লাগে। পিচে জোঙা চিপচ বোৰে বাধা দিলে। সম্ভৱ উদযাপন কমিতিৰ মুল সভাপতি গৰাকীৰ দৰে ভাৱবাদী দৰ্শণত অবিশ্বাস…………। আমাৰ এই বিশ্বাস অবিশ্বাৰ মাজেৰে বামুনি সাৰ্বজনিন দুৰ্গাপুঁজাই প্ৰতিষ্ঠা লাভ কৰিলে। আমিবোৰত নতুন নতুন মুখৰ আগমন হৈ জয়যাত্ৰা আৰাম্ভ হল। 

     চাওতে চাওতে পুজাভাগ একুৰি পাছটা বছৰত ভৰি দিলে। ২০২ ১ চনত ৰূপালী জয়ন্তী বৰ্ষ। প্ৰতিষ্ঠা কালৰ প্ৰায়বোৰ সদস্য, দাতা ইতিমধ্যে নৰনাট সামৰিলে। আজি স্থায়ী মণ্ডপ হ’ল। সুদুৰ ৰাজস্থান জয়পুৰৰ পৰা মাৰ্বল পাথৰেৰে তৈয়াৰ কৰা স্থায়ী প্ৰতিমা প্ৰতিষ্ঠা হল। এইবোৰ ৰাইজৰ আগ্ৰহৰ বাবেই সম্ভৱ হ’ল। অস্থায়ী পৰা স্থায়ীত্ব পোৱালৈ এই দীঘলীয়া যাত্ৰাত সেই ধ্যানভঙ্গকাৰী জোঙা জোঙা চিপচ, বামুনি চকৰ গছবোৰ, প্ৰতি চপৰা মাটি, বটগছৰ চাৰিও কাষৰ ইটাৰ ঘেৰ, পি ডব্লিও ডি আবাসৰ সন্মুখৰ শাক বিক্ৰিৰ বাবে সজোৱা চাং আদিয়ে যেন মৌন ভাষাত অহৰহ কিবা এটা কৈ আছে, হয়টো অতীতক সুৱৰি বেদনাক্লিত্ব অথবা আকৌ নতুনক আদৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। আহক আমি সকলোৱে সেই মৌন ভাষাক শুনিবলৈ আৰু বুজিবলৈ চেষ্টা কৰোহক আজিৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ এই কোলাহলৰ মাজতো।

(প্ৰতিষ্ঠা কালৰ কিছু কথা)

Share This Article
Khagen Engti
Khagen Engti
Articles: 2

Leave a Reply

Your email address will not be published. Required fields are marked *