Discourses From the East
নাৰীবাদী সমালোচনাৰ আৰম্ভণিঃ
নাৰীবাদী সাহিত্য-সমালোচনাৰ শিপা ইউৰোপীয় আলোকায়নৰ যুক্তিবাদ আৰু মানৱাধিকাৰ-চিন্তাত নিহিত। আলোকায়নে ‘মানুহ’ক সাৰ্বজনীন, স্বাধীন সত্তা হিচাপে প্ৰতিষ্ঠা কৰাৰ দাবী কৰিছিল যদিও, সেই সাৰ্বজনীনতাৰ অন্তৰালত নাৰী কেনেকৈ প্ৰান্তীয় হ’ল—এই প্ৰশ্নই আধুনিক নাৰীবাদী সমালোচনাৰ জন্মভূমি।
মেৰী উ’লষ্টনক্ৰাফ্টে ১৭৯২ চনত ‘A Vindication of the Rights of Woman’-ত নাৰীক যুক্তিবোধসম্পন্ন, আত্মনিৰ্ণয়ক্ষম ব্যক্তি হিচাপে স্বীকৃতি দিয়াৰ দাবী তোলে—যদি স্বাধীনতা আৰু নাগৰিক অধিকাৰ মানৱ-অস্তিত্বৰ সাৰ্বজনীন অধিকাৰ, তেন্তে নাৰীক তাৰ পৰা বঞ্চিত কৰাৰ বৈধতা ক’ত?
হ’ৰেচ ৱ’লপ’লে তেখেতক ‘a hyena in petticoats’ বুলি তীৰ্যক আক্ৰমণ কৰিছিল—এই মন্তব্যই নাৰীৰ বৌদ্ধিক আত্মপ্ৰতিষ্ঠাৰ বিৰুদ্ধে পিতৃতান্ত্ৰিক প্ৰতিক্ৰিয়াৰ দলিল হৈ ৰয়। ঊনবিংশ শতিকাৰ প্ৰথম ঢৌৰ নাৰীবাদে ভোটাধিকাৰ আৰু শিক্ষাৰ প্ৰশ্নক আন্দোলনৰ সৈতে সংযুক্ত কৰিছিল, অৱশ্যে নাৰীবাদী সমালোচনাই তাত্ত্বিক পৰিপক্বতা লাভ কৰে বিংশ শতিকাৰ মাজভাগত, ১৯৪৯ চনত চিমন দ্য ব’ভ্যুৱাৰৰ ‘The Second Sex’ প্ৰকাশৰ লগে লগে।
চিমন দ্য ব’ভ্যুৱাৰ আৰু অস্তিত্ববাদী নাৰীবাদঃ
ব’ভ্যুৱাৰে নাৰীৰ অৱস্থানক জৈৱিক নিয়তি নহয়, ইতিহাস-সংস্কৃতি-ক্ষমতাৰ আন্তঃক্ৰিয়াৰে নিৰ্মিত সামাজিক বাস্তৱতা হিচাপে বিশ্লেষণ কৰে। জাঁ-পল সাৰ্ত্ৰৰ ‘অস্তিত্ব সাৰবস্তুৰ আগত’ (existence precedes essence) নীতিৰ ভিত্তিত তেখেতে ঘোষণা কৰে—’One is not born, but rather becomes, a woman.’ (নাৰীত্ব তেন্তে জৈৱিক নহয়, সামাজিক নিৰ্মাণ।)
তেখেতৰ দ্বিতীয় কেন্দ্ৰীয় ধাৰণা ‘অন্য’ (The Other)—পশ্চিমীয়া পৰম্পৰাত পুৰুষ ‘মূল’ (Self), নাৰী তাৰ সাপেক্ষে ‘অন্য’। এই অন্যীকৰণ সাহিত্য, ধৰ্ম, ভাষাৰ বয়ানৰ মাজেৰেও পুনৰুৎপাদিত হয়, সেয়ে নাৰীৰ মুক্তি কেৱল আইনী সমতাৰ নহয়, জ্ঞান আৰু প্ৰতিনিধিত্বৰো প্ৰশ্ন। ইয়াৰ ফলত সমালোচনাৰ কেন্দ্ৰীয় প্ৰশ্ন হয়—কোনে কাক প্ৰতিনিধিত্ব কৰিছে, কোনে কথা কৈছে, কোনে নীৰৱ হৈ আছে?
তাত্ত্বিক বিস্তাৰঃ দ্বিতীয় ঢৌৰ পৰা আন্তঃছেদবাদলৈ
১৯৬০-৭০ৰ দশকত দ্বিতীয় ঢৌৰ নাৰীবাদে নাৰীৰ দেহ, শ্ৰম, ভাষাৰ প্ৰশ্নসমূহ কেন্দ্ৰলৈ আনে। বেটি ফ্ৰিডানৰ ‘The Feminine Mystique’ (১৯৬৩), কেট মিলেটৰ ‘Sexual Politics’ (১৯৭০), জাৰ্মেইন গ্ৰীৰৰ ‘The Female Eunuch’ (১৯৭০)—এই ৰচনাসমূহে পিতৃতান্ত্ৰিক ক্ষমতা-গাঁথনি উন্মোচন কৰে। ফ্ৰান্সত হেলেন চিক্সুৰ ‘écriture féminine’, লুচ ইৰিগাৰে আৰু জুলিয়া ক্ৰিষ্টেভাই ভাষা-দেহ-অৱচেতনৰ নতুন পাঠ প্ৰদান কৰে। ইংৰাজী সমালোচনাত এলেইন শ্বোৱাল্টাৰৰ Gynocriticism আৰু ছান্দ্ৰা গিলবাৰ্ট-ছুজান গুবাৰৰ ‘The Madwoman in the Attic’ (১৯৭৯) উল্লেখযোগ্য।
১৯৯০ চনত জুডিথ বাটলাৰৰ ‘Gender Trouble’-এ লিংগক সামাজিক অভিনয় (performativity) হিচাপে ব্যাখ্যা কৰি কুইয়াৰ তত্ত্বৰ বিকাশত ভূমিকা লয়। ইয়াৰ উপৰি মাৰ্ক্সবাদী নাৰীবাদ, কৃষ্ণাংগ নাৰীবাদ (bell hooks, Audre Lorde), উত্তৰ-ঔপনিৱেশিক নাৰীবাদ (Spivak, Mohanty) আৰু ইকো-নাৰীবাদে ক্ষেত্ৰখন বহুমাত্ৰিক কৰি তোলে। কিম্বাৰ্লে ক্ৰেনশ্বৰ আন্তঃছেদবাদ (Intersectionality) মতে নাৰীৰ অভিজ্ঞতা কেৱল লিংগৰ নহয়, জাতি-শ্ৰেণী-অঞ্চলৰ দ্বাৰাও নিৰ্ধাৰিত—আজি এইয়াই নাৰীবাদী সমালোচনাৰ প্ৰধান তাত্ত্বিক ভিত্তি।
অসমীয়া সাহিত্যত নাৰীবাদঃ
প্ৰাৰম্ভিক অসমীয়া সাহিত্যত নাৰী মাতৃত্ব-সতীত্ব-ত্যাগৰ প্ৰতীক আছিল, পিতৃতান্ত্ৰিক মূল্যবোধৰ বাহক হিচাপেহে বেছি চিত্ৰিত। বিংশ শতিকাৰ দ্বিতীয়াৰ্ধৰ পৰা এই চিত্ৰণত পৰিৱৰ্তন আহে। মামণি ৰয়ছম গোস্বামীৰ ‘দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা’ৰ গিৰিবালা বা ‘মামৰে ধৰা তৰোৱাল’ৰ চৰিত্ৰসমূহ বিধৱা জীৱন, ধৰ্মীয় অনুশাসন আৰু আত্মমৰ্যাদাৰ সংঘাতত থিয় হয়—তেওঁলোক কেৱল সহানুভূতিৰ পাত্ৰ নহয়, প্ৰতিবাদী আত্মসচেতন সত্তা। এই চিত্ৰণ ব’ভ্যুৱাৰৰ ‘অন্য’ৰ ধাৰণাৰ সৈতে সংলাপত আহে।
নিৰূপমা বৰগোহাঞিৰ ‘তিনিকন্যা’ত নাৰীৰ আত্মপৰিচয় আৰু কৰ্মজীৱনৰ প্ৰশ্ন প্ৰতিফলিত হয়। অৰূপা পতংগীয়া কলিতাৰ ৰচনাত উত্তৰ-পূৰ্বাঞ্চলৰ উগ্ৰপন্থা, স্থানচ্যুতি আৰু নাৰী-অস্তিত্বৰ সংকট নতুন বাস্তৱতাবাদী সংবেদনশীলতাৰে উপস্থাপিত হয়। ভৱেন্দ্ৰনাথ শইকীয়াৰ ‘অন্তৰীপ’ৰ মেনেকা বা লক্ষ্মীনন্দন বৰাৰ ‘গংগাচিলনীৰ পাখি’ৰ নাৰী-চৰিত্ৰসমূহকো নাৰীবাদী সমালোচনাৰ আলোকে পুনৰ্পাঠ কৰাৰ যথেষ্ট অৱকাশ আছে। তিলোত্তমা মিশ্ৰৰ The Oxford Anthology of Writings from North-East India এই অঞ্চলৰ লিংগ-সম্পৰ্কীয় আলোচনাৰ বাবে গুৰুত্বপূৰ্ণ প্ৰাসংগিক সংকলন।
তথাপি অসমীয়া নাৰীবাদী সমালোচনা সম্পূৰ্ণ বিকশিত নহয়। দলিত নাৰীবাদ, আন্তঃছেদবাদ, কুইয়াৰ নাৰীবাদৰ দৃষ্টিভংগীৰে অসমীয়া সাহিত্যৰ পুনৰ্পাঠ সীমিত; চাহ-জনগোষ্ঠী, জনজাতীয় সমাজ, চৰাঞ্চল আৰু সীমান্তবাসী নাৰীৰ অভিজ্ঞতা অধিক গভীৰ গৱেষণাৰ দাবী ৰাখে।
চিমন দ্য ব’ভ্যুৱাৰ আৰু অসমীয়া সাহিত্য-সমালোচনাৰ নতুন সম্ভাৱনাঃ
চিমন দ্য ব’ভ্যুৱাৰৰ অৱদানৰ তাৎপৰ্য কেৱল নাৰীমুক্তি আন্দোলনৰ ইতিহাসত সীমাবদ্ধ নহয়; তেখেতে সাহিত্য, দৰ্শন, সমাজবিজ্ঞান আৰু সাংস্কৃতিক অধ্যয়নৰ ভাষাকেই নতুন ৰূপে পুনৰ্নিৰ্মাণ কৰিছে। ‘The Second Sex’ (১৯৪৯)-ৰ জৰিয়তে তেখেতে উত্থাপন কৰা ‘নাৰী জন্ম নহয়; নাৰী হৈ পৰে—এই আপাত সৰল অথচ গভীৰ দাৰ্শনিক উক্তিয়ে লিংগ, পৰিচয় আৰু ব্যক্তিসত্তা সম্পৰ্কে প্ৰচলিত ধাৰণাসমূহক মৌলিকভাৱে পুনৰ বিবেচনা কৰিবলৈ বাধ্য কৰিছে। নাৰীত্বক জৈৱিক নিয়তিৰ সলনি সামাজিক, ঐতিহাসিক আৰু সাংস্কৃতিক নিৰ্মাণ হিচাপে ব্যাখ্যা কৰি ব’ভ্যুৱাৰে আধুনিক সাহিত্য-সমালোচনাৰ বাবে এক নতুন জ্ঞানতাত্ত্বিক (epistemological) পৰিসৰ উন্মোচন কৰে।
এই পৰিপ্ৰেক্ষিতত সাহিত্য-সমালোচনাৰ লক্ষ্যও সম্প্ৰসাৰিত হয়। সমালোচনাৰ কাম কেৱল সাহিত্যকৰ্মৰ নান্দনিক গুণাগুণ বিচাৰ কৰা নহয়; বৰং সেই সাহিত্যই কেনেদৰে ক্ষমতাৰ গাঁথনি, লিংগ-সম্পৰ্ক, সামাজিক বৈষম্য, নীৰৱতা আৰু প্ৰান্তীয় অভিজ্ঞতাক নিৰ্মাণ বা বৈধতা প্ৰদান কৰে, তাৰ সমালোচনামূলক অনুসন্ধান কৰাও ইয়াৰ অন্যতম উদ্দেশ্য। নাৰীবাদী সমালোচনাই এই কাৰণেই সাহিত্যক কেৱল সৃষ্টিশীল কল্পনাৰ ফল বুলি নাচাই, সমাজৰ মতাদৰ্শ, সংস্কৃতি আৰু ক্ষমতা-সম্পৰ্কৰ এক জটিল পাঠ হিচাপেও অনুধাৱন কৰে।
অসমীয়া সাহিত্য-সমালোচনাৰ ক্ষেত্ৰতো এই দৃষ্টিভংগীৰ প্ৰাসংগিকতা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। মামণি ৰয়ছম গোস্বামী, নিৰূপমা বৰগোহাঞি, অৰূপা পতংগীয়া কলিতা, তিলোত্তমা মিশ্ৰ আদি সাহিত্যিকৰ ৰচনাসমূহ চিমন দ্য ব’ভ্যুৱাৰৰ নাৰীবাদী তত্ত্বৰ আলোকে পুনৰ্পাঠ কৰিলে নতুন অৰ্থস্তৰ উন্মোচিত হয়। একেদৰে ভৱেন্দ্ৰনাথ শইকীয়া, লক্ষ্মীনন্দন বৰা অথবা আন বহু সাহিত্যিকৰ নাৰী-চৰিত্ৰসমূহো সমসাময়িক নাৰীবাদী সমালোচনাৰ দৃষ্টিৰে পুনৰ মূল্যায়ন কৰাৰ যথেষ্ট অৱকাশ আছে। এনে পুনৰ্পাঠে সাহিত্যৰ অন্তৰ্নিহিত সামাজিক, সাংস্কৃতিক আৰু মতাদৰ্শগত স্তৰসমূহ অধিক স্পষ্ট কৰি তোলে।
অৱশ্যে অসমীয়া নাৰীবাদী সাহিত্য-সমালোচনাৰ সন্মুখত এতিয়াও বহু গুৰুত্বপূৰ্ণ কৰণীয় ৰৈ গৈছে। বিশেষকৈ দলিত নাৰীবাদ, কৃষ্ণাংগ নাৰীবাদ, আন্তঃছেদবাদ (Intersectionality), উত্তৰ-ঔপনিৱেশিক নাৰীবাদ, কুইয়াৰ নাৰীবাদ আৰু ইকো-নাৰীবাদৰ দৰে সমসাময়িক তাত্ত্বিক ধাৰাৰ আলোকে অসমীয়া সাহিত্যৰ বিস্তৃত পুনৰ্পাঠ এতিয়াও সীমিত। অসমৰ চাহ-জনগোষ্ঠী, জনজাতীয় সমাজ, চৰাঞ্চল, সীমান্ত অঞ্চল অথবা অন্যান্য প্ৰান্তীয় জনগোষ্ঠীৰ নাৰী-অভিজ্ঞতা সাহিত্যত কেনেদৰে প্ৰতিফলিত হৈছে, সেই বিষয়সমূহ অধিক সুসংবদ্ধ গৱেষণাৰ দাবী ৰাখে। এই ক্ষেত্ৰত আন্তঃবিষয়ক (interdisciplinary) পদ্ধতি, তুলনামূলক সাহিত্য-অধ্যয়ন আৰু সাংস্কৃতিক সমালোচনাৰ সংযোজনে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব পাৰে।
আচলতে নাৰীবাদী সমালোচনাৰ শক্তি ইয়াৰ প্ৰতিবাদী চৰিত্ৰত নহয়, ইয়াৰ প্ৰশ্নমুখৰতাত। এই সমালোচনা কোনো একক মতাদৰ্শৰ পুনৰাবৃত্তি নহয়; ই প্ৰতিষ্ঠিত সত্য, সামাজিক ক্ষমতা আৰু সাংস্কৃতিক স্বাভাৱিকতাৰ দাবীসমূহক নিৰন্তৰ প্ৰশ্ন কৰে। এই অৰ্থতে চিমন দ্য ব’ভ্যুৱাৰৰ প্ৰাসংগিকতা আজিও অক্ষুণ্ণ। তেখেতে আমাক শিকাইছে যে সাহিত্য কেৱল নান্দনিক অভিজ্ঞতাৰ ক্ষেত্ৰ নহয়; ই স্বাধীনতা, আত্মপৰিচয়, সমতা আৰু মানৱ-মৰ্যাদাৰো এক গভীৰ বৌদ্ধিক অনুসন্ধান।
সেয়েহে চিমন দ্য ব’ভ্যুৱাৰক কেৱল এগৰাকী নাৰীবাদী চিন্তাবিদ বুলি অভিহিত কৰিলে তেখেতৰ বৌদ্ধিক ব্যাপ্তি সম্পূৰ্ণ ধৰা নপৰে। তেখেত আধুনিক সাহিত্য-সমালোচনাৰ অন্যতম ৰূপকাৰ, যাৰ চিন্তাধাৰাই আমাক সাহিত্য, সমাজ আৰু মানুহ—এই তিনিওটাকে নতুনকৈ পঢ়িবলৈ শিকাইছে। অসমীয়া সাহিত্য-সমালোচনাৰ ক্ষেত্ৰতো এই দৃষ্টিভংগী এক সৃজনশীল আৰু অন্বেষণধৰ্মী ভৱিষ্যতৰ সম্ভাৱনা বহন কৰে। সাহিত্যৰ ভাষা যিমানেই অধিক অন্তৰ্ভুক্তিমূলক, আত্মসমালোচনামূলক আৰু মানৱিক হ’ব, সিমানেই নাৰীবাদী সমালোচনাৰ বৌদ্ধিক প্ৰাসংগিকতাও অধিক সুদৃঢ় হৈ উঠিব।
Jyotirmoy Sarma is young professional who is engaged in practicing Assamese poetry. He is also interested in Literary criticism. He has recently edited a book titled “ ফেঁহুজালি“ on Literary criticism.
তথ্যসূত্ৰঃ (References)
Beauvoir, Simone de. The Second Sex. Translated and edited by H. M. Parshley. New York: Alfred A. Knopf, 1953. (Original French edition: Le Deuxième Sexe, Paris: Gallimard, 1949).
Butler, Judith. Gender Trouble: Feminism and the Subversion of Identity. New York: Routledge, 1990.
Cixous, Hélène. “The Laugh of the Medusa.” Signs, Vol. 1, No. 4 (Summer, 1976), pp. 875–893.
Eagleton, Mary (ed.). Feminist Literary Theory: A Reader. 3rd ed. Oxford: Wiley-Blackwell, 2011.
Friedan, Betty. The Feminine Mystique. New York: W. W. Norton & Company, 1963.
Gilbert, Sandra M., and Susan Gubar. The Madwoman in the Attic: The Woman Writer and the Nineteenth-Century Literary Imagination. New Haven: Yale University Press, 1979.
Greer, Germaine. The Female Eunuch. London: MacGibbon & Kee, 1970.
hooks, bell. Feminist Theory: From Margin to Center. Boston: South End Press, 1984.
Irigaray, Luce. This Sex Which Is Not One. Translated by Catherine Porter. Ithaca: Cornell University Press, 1985.
Kristeva, Julia. Desire in Language: A Semiotic Approach to Literature and Art. Edited by Leon S. Roudiez. New York: Columbia University Press, 1980.
Millett, Kate. Sexual Politics. New York: Doubleday, 1970.
Moi, Toril. Sexual/Textual Politics: Feminist Literary Theory. London: Routledge, 1985.
Sartre, Jean-Paul. Existentialism Is a Humanism. Translated by Carol Macomber. New Haven: Yale University Press, 2007.
Showalter, Elaine. A Literature of Their Own: British Women Novelists from Brontë to Lessing. Princeton: Princeton University Press, 1977.
Showalter, Elaine (ed.). The New Feminist Criticism: Essays on Women, Literature and Theory. New York: Pantheon Books, 1985.
Spivak, Gayatri Chakravorty. “Can the Subaltern Speak?” In Cary Nelson and Lawrence Grossberg (eds.), Marxism and the Interpretation of Culture. Urbana: University of Illinois Press, 1988.
Wollstonecraft, Mary. A Vindication of the Rights of Woman. London: J. Johnson, 1792.
Woolf, Virginia. A Room of One’s Own. London: Hogarth Press, 1929.
অসমীয়া সাহিত্য
গোস্বামী, ইন্দিৰা (মামণি ৰয়ছম গোস্বামী)। দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা। গুৱাহাটী: বাণী মন্দিৰ।
গোস্বামী, ইন্দিৰা। মামৰে ধৰা তৰোৱাল। গুৱাহাটী: বাণী মন্দিৰ।
গোস্বামী, ইন্দিৰা। অভিযাত্ৰী। গুৱাহাটী: বাণী মন্দিৰ।
বৰগোহাঞি, নিৰূপমা। তিনিকন্যা। গুৱাহাটী: বাণী মন্দিৰ।
কলিতা, অৰূপা পতংগীয়া। মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা। গুৱাহাটী: বিভিন্ন সংস্কৰণ।
মিশ্ৰ, তিলোত্তমা। The Oxford Anthology of Writings from North-East India. New Delhi: Oxford University Press, 2011. (উত্তৰ-পূৰ্বাঞ্চল, লিংগ আৰু সংস্কৃতি সম্পৰ্কীয় আলোচনাৰ বাবে প্ৰাসংগিক।)
শইকীয়া, ভৱেন্দ্ৰনাথ। অন্তৰীপ। বৰা, লক্ষ্মীনন্দন। গংগাচিলনীৰ পাখি।








