blank

‘৮৩ ৰ তেজে ধোৱা অসম : ৰক্তাক্ত নির্বাচন

Share This Article

সম্পাদকৰ টোকা : জ্যেষ্ঠ সাংবাদিক হাইদৰ হুছেইনৰ দ্বাৰা ৰচিত ” ‘৮৩ৰ তেজে ধোৱা অসম : ৰক্তাক্ত নিৰ্বাচন” ৮০ৰ দশকৰ অসম আন্দোলনৰ ভৰ পক সময়ৰ নৃশংসতা আৰু হিংসাত্মক পৰিস্থিতিৰ এক জীৱন্ত দলিল ।
সেই সময়ছোৱাতে লিখা এই প্ৰতিবেদনে ৰাষ্ট্ৰৰ ন্যস্ত ক্ষমতা, সাম্প্ৰদায়িক বিভাজন, ধৰ্মীয় মেৰুকৰণ আৰু নৈতিক স্খলনে এটি গণতান্ত্ৰিক প্ৰক্ৰিয়াক কিদৰে হিংসা-হত্যাৰ দিশে গতি কৰাই সেইয়া উদঙাই দিছিল ।

এই প্ৰতিবেদন, অসমৰ সেই অস্থিৰ সময়ছোৱাৰ এক সাক্ষী হৈ ৰোৱাৰ সৈতে বৰ্তমানৰ এক সকিয়নীও । এই প্ৰতিবেদনে সোঁৱৰাই দিয়ে যে, সময়ৰ গতিত ই কেৱল অতীতৰ ঘাঁ নহয় বৰং অসমৰ প্ৰেক্ষাপটত গণতন্ত্ৰ আৰু অসমীয়াৰ অস্তিত্বৰ পৰিকাঠামোও ।

১৯৮০ চনৰ লোকসভা নির্বাচন ব্রহ্মপুত্র উপত্যকাত বন্ধ হ’ল। কিন্তু ৰাজনৈতিক ষড়যন্ত্র অব্যাহতভাৱে চলি থাকিল। কেন্দ্রীয় চৰকাৰে আৰু কেন্দ্রৰ এজেন্ট অসম চৰকাৰে আন্দোলনটো নিঃশেষ কৰাৰ বাবে কূট-কৌশলেৰে অসমৰ পৰিস্থিতি অধিক ভয়াৱহ কৰি তুলিলে। আনহাতে জাতিৰ ইতিহাস আৰু ঐতিহ্যক একাংশ মধ্যবিত্ত অসমীয়াই পুঁজিপতিৰ দালাল আৰু অনা-অসমীয়া স্বার্থান্ধ মহলৰ উচটনিত ধর্মীয় তথা বর্ণবাদী সংস্কৃতিলৈ পর্যবসিত কৰাৰ ক্ষেত্ৰত আংশিকভাৱে হ’লেও সফলতা লাভ কৰিলে। অসমীয়া মানুহ আবেগিক উচ্ছ্বাসত মতলীয়া হৈ থাকোঁতে পুঁজিপতি মহলটোৱে স্বার্থসিদ্ধিত লাগি পৰিল। পোনতে বিদেশীৰ লগতে বহিৰাগতৰ বিৰুদ্ধেও সংগঠিত কৰিব খোজা আন্দোলনটোক সেই মহলটোৱে আশ্চর্যজনকভাৱে সহায় কৰাত লাগিল আৰু সেই সময়তে নগৰ-চহৰৰ বিশেষকৈ গুৱাহাটীৰ গুৰুত্বপূৰ্ণ অসমীয়াপ্রধান অঞ্চলসমূহৰ ঘৰ-মাটি কিনি কলোনী পতাৰ পৰিকল্পনাত মনোনিবেশ কৰিলে। প্রশাসনটো দুটা শিবিৰত বিভক্ত হৈ পৰিল। এচামে আন্দোলনৰ নেতৃবৃন্দৰ কর্তৃত্ব মানি ল’লে, এচামে চৰকাৰৰ হৈ দমন- পীড়নত লাগি পৰিল। কর্মচাৰীসকলে নানাভাৱে অসহযোগৰ কাৰ্যসূচীত ভাগ ল’লে। আৰক্ষী আৰু চি আৰ পিৰ গুলীত অসংখ্য যুৱকৰ মৃত্যু হ’ল। আনহাতে এচাম আৰক্ষী লোক আৱেকিভাবে আন্দোলনত জড়িত হৈ পৰিল। আন্দোলনৰ ভুলবোৰ আঙুলিয়াই দিয়াসকলক সমাজচ্যুত কৰাৰ পৰ্ব আৰম্ভ হ’ল। অন্যান্য ৰাজনৈতিক দলৰ সভা-সমিতি পতাৰ স্বাধীনতা নাইকিয়া হ’ল- সেইবোৰ সভা বাঞ্চাল কৰিবলৈ জনতা সান্ধ্য আইন প্ৰৱৰ্তনৰ পদ্ধতি চালু হ’ল। লাহে লাহে সমগ্ৰ অসমৰ মানুহ দুটা শিবিৰত বিভক্ত হৈ পৰিল।


চৰকাৰেও অসম আন্দোলনটোক দুর্বল কৰিবলৈ ভাষা আৰু ধৰ্মৰ ভেটিত অসমৰ মানুহক বিভাজিত কৰাৰ ক্ষেত্ৰত তৎপৰ হৈ জাতিটোৰ বিৰুদ্ধে ষড়যন্ত্রত লিপ্ত হৈছিল। ১৯৮০ চনৰ মধ্যভাগত অসমৰ ৰাজ্যপাল এল পি সিঙৰ উপদেষ্টা হৰিশ চন্দ্ৰ চাৰিনে অসমৰ ৰাজ্যপালক আন্দোলনবিৰোধী শক্তিসমূহক সংঘবদ্ধ কৰাৰ পৰামৰ্শ দিছিল। চৰকাৰৰ সহযোগতে ১৯৮০ চনৰ শেষৰ ফালে জ্বলেশ্বৰত সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ জন্ম হৈছিল। সংখ্যালঘু ছাত্ৰ সন্থাৰ জন্মলগ্নত সেই সময়ৰ সংখ্যালঘু সম্প্রদায়ৰ কংগ্ৰেছী নেতা আফজালুৰ ৰহমান; এম এফ গোলাম ওছামনী; আনোৱাৰা টাইমূৰ আদিয়ে বিশেষ সহায় কৰিছিল।

ব্রহ্মপুত্র উপত্যকাত সদৌ অসম ছাত্র সন্থাই স্কুল-কলেজ ত্যাগ কৰি যিদৰে বৃহৎ চাম অসমীয়াৰ আশা-আকাংক্ষাৰ প্ৰতীক হৈ পৰিছিল সেইদৰে সংখ্যালঘু ছাত্ৰ সন্থাৰ স্থিতিও সংখ্যালঘু অধ্যূষিত অঞ্চলত জোৰদাৰ কৰি তোলা হৈছিল। আন্দোলনকাৰী নেতৃত্বই আন্দোলনে সৃষ্টি কৰা ঢৌৰ স্বচ্ছতাতে বিভোৰ হৈ থাকিল, ঢৌৰ তলত লুকাই থকা কাঁইটবোৰলৈ লক্ষ্য নকৰিলে। ধর্মীয় আৰু ভাষিক সংখ্যালঘু, বড়ো-কছাৰী, চাহ জনজাতীয়, কাৰ্বি, কাছাৰবাসী আদিৰ হাব-ভাব বুজিবলৈকো চেষ্টা নকৰিলে। আনহাতে চৰকাৰে সেইবোৰ লোককে লৈ ৰাজনীতি আৰম্ভ কৰিলে। চৰকাৰৰ ষড়যন্ত্ৰ আৰু সকলো মহলৰে আনকি সেই গোষ্ঠীসমূহেও গুৰুত্ব প্রদান কৰা আন্দোলনৰ নেতৃবৃন্দই তেওঁলোকৰ হাব-ভাব বুজিবলৈ চেষ্টা নকৰাৰ ফলশ্রুতিতে আজিও নতুন নতুন সমস্যাৰ জন্ম হৈয়ে আছে।


আন্দোলনবিৰোধী শক্তিসমূহক সংগঠিত কৰাৰ আত্মতুষ্টি লভি চৰকাৰে সাংবিধানিক সংকটৰ অচিলাত তলে তলে নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কৰি দিলে। কেন্দ্ৰত মোৰাৰজী দেশাইৰ চৰকাৰৰ পতনৰ পিছত চৌধুৰী চৰণ সিঙৰ নেতৃত্বাধীন অস্থায়ী চৰকাৰে আন্দোলনকাৰী নেতৃবৃন্দৰ লগত কৰিব খোজা আলোচনাত আগশাৰীৰ নেতাসকলে যোগদান কৰিবলৈ অস্বীকাৰ কৰাৰ পিছত ১৯৮০ চনত ইন্দিৰা গান্ধী ক্ষমতাত বহিয়ে আন্দোলকাৰী নেতাসকলৰ লগত আলোচনাৰ বাবে আগ্রহ প্রদর্শন কৰিছিল। সেই মতে গুৱাহাটীৰ জৱাহৰনগৰত থকা ১ নং অতিথিশালাৰ আলোচনাতো প্রধানমন্ত্রী আৰু আন্দোলনকাৰী নেতৃবৃন্দ মিলিত হৈছিল। সেই আলোচনাকালত প্রধানমন্ত্রীয়ে ১৯৭১ চনৰ পিছত অহা বিদেশীসকলক চিনাক্ত কৰা আৰু বহিষ্কাৰ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ প্ৰস্তাৱ দিছিল। সেই প্ৰস্তাৱ আন্দোলনকাৰী নেতৃত্বই আগ্ৰাহ্য কৰাৰ পিছৰে পৰা কেন্দ্ৰয়ো কঠোৰ মনোভাৱ ল’বলৈ আৰম্ভ কৰিছিল। ইতিমধ্যে আন্দোলনটোৱে অধিক তীব্র ৰূপ ধাৰণ কৰিছিল।


মুখ্য নির্বাচনী আয়ুক্তই ১৯৮৩ চনৰ ৬ জানুৱাৰী তাৰিখে সেই বিতর্কিত আৰু কলংকিত নির্বাচনটোৰ তাৰিখ ঘোষণা কৰিছিল। ব্ৰহ্মপুত্ৰ উপত্যকাৰ তথাকথিত খিলঞ্জীয়া মানুহখিনিয়ে নির্বাচন প্ৰতিৰোধৰ বাবে দৃঢ়তা দোহাৰিলে- আন্দোলনৰ নেতৃবৃন্দই নতুন নতুন কৌশল উদ্ভাৱন কৰিলে। ইতিমধ্যে সমগ্র অসমকে জুই-ধোঁৱা-ছায়ে ছানি ধৰিলে। পুলিচ-চি আৰ পিৰ গুলীত আন্দোলনৰ সমর্থক ছাত্র-যুৱকৰ মৃত্যুৰ বাতৰিয়ে অসমৰ মানুহৰ তেজ গৰম কৰি তুলিলে। কান্দোনৰ বোল উঠিল। অসমৰ আকাশ চিতা-জুইৰ তেজৰঙা জুই শিখাই আগুৰি ধৰিলে। গাঁৱে-ভূঞে বাট-ঘাট, দলঙৰ বিস্তৰ অনিষ্ট হ’ল। নির্বাচনত কর্মচাৰীসকলে অসহযোগ কৰাৰ সংকল্প ঘোষণা কৰিলে। আনহাতে চৰকাৰে নিৰ্বাচনৰ নামত ডেকোভাওনা পাতিবলৈ সংকল্পত অবিচল হৈ লাগি গ’ল। আন্দোলনৰ সমৰ্থকসকল নির্বাচন বন্ধ কৰিবলৈ যিমানে দৃঢ়সংকল্প হ’ল- সিমানে আন্দোলনবিৰোধী মহলে নির্বাচনত ভোট দিব নোৱাৰিলে যেন তেওঁলোক প্রত্যেকে বিদেশী হৈ যাব, চিৰদিনলৈ দ্বিতীয় শ্ৰেণীৰ নাগৰিকলৈ মৰ্যাদা অৱনমিত হ’ব তেনে দুৰ্ভাৱনাৰ দ্বাৰা আক্ৰান্ত হ’ল। নির্বাচনটোৰ অৰিখ আছিল ১৪, ১৭ আৰু ২০ ফেব্ৰুৱাৰী। গতিকে ফেব্ৰুৱাৰী মাহটোতে সৰ্বাধিক মানুহৰ নিৰ্বাচনী সংঘর্ষত মৃত্যু হ’ল।


ফেব্ৰুৱাৰী মাহৰ ১০ তাৰিখে প্রধানমন্ত্রী ইন্দিৰা গান্ধীয়ে অসমত নির্বাচনী প্ৰচাৰ আৰম্ভ কৰিছিল। হিংসা আৰু প্রতিহিংসাৰ জুয়ে তাণ্ডৱলীলা আৰম্ভ কৰিছিল ১২ ফেব্ৰুৱাৰীত। গহপুৰত নিৰ্বাচনৰ তাৰিখ আছিল ২০ ফেব্ৰুৱাৰী। ভৈয়াম জনজাতি পৰিষদ অসমৰ (PTCA)ৰ জন্ম হৈছিল ১৯৬০ চনত। বড়ো জনসাধাৰণৰ বাবে উদয়াচল নামৰ সুকীয়া ৰাজ্য গঠনৰ দাবী আছিল তেওঁলোকৰ প্রধান দাবী। পি টি চি এ নির্বাচন অনুষ্ঠিত হোৱাটো বিচাৰিছিল। বড়ো ভাষা-সংস্কৃতি আৰু ভূমি-পুত্ৰৰ মর্মবেদনা বুজিবলৈ অসমীয়া জনসাধাৰণ ইচ্ছুক নহয় বুলি সন্দেহৰ ভাব সৃষ্টি হৈছিল বড়ো জনসাধাৰণৰ মাজত। ৰাজনৈতিক স্বার্থত পি টি চিয়ে সেই ধাৰণা বৃদ্ধিত অৰিহণা যোগাইছিল। কংগ্রেছ (ই) দলেও সেই সুযোগ গ্ৰহণৰ বাবে তৎপৰ হৈছিল। ফলত গহপুৰত সংঘৰ্ষৰ সূত্রপাত হৈছিল। অকল ১২ ফেব্ৰুৱাৰীতে পাঁচজন লোকৰ মৃত্যু হৈছিল। নির্বাচনবিৰোধী আৰু নিৰ্বাচনৰ সমৰ্থকৰ মাজৰ এই প্রতিহিংসাৰ জুই যি জ্বলিল- জ্বলিয়ে থাকিল। ১৪ ফেব্ৰুৱাৰীত সেই হিংসাই সাম্প্রদায়িকতাৰ সাজ পিন্ধি বিয়পি পৰিল দৰং, কামৰূপ, নগাঁও, শোণিতপুৰ, ধুবুৰী, গোৱালপাৰা আৰু অনেক জিলালৈ। গোৱালপাৰা জিলাৰ পশ্চিম প্রান্তত থকা এটা অসম বেটেলিয়নৰ শিবিৰৰ পৰা পলায়ন কৰি জোৱানসকলে আশ্রয় ল’লেহি উত্তৰ শালমাৰাৰ পাহাৰত। চাৰিওফালে বন্দুকৰ গুলীৰ শব্দ শুনা গ’ল। অসমৰ আকাশত উৰি ফুৰা শগুণে সূৰুষ ঢকাৰ চেষ্টা কৰি বিফল হৈছিল ঠিকেই – কিন্তু সেই হিংসাই এৰি গৈছিল- গোষ্ঠীদ্বন্দ্বৰ নতুন উপাদান।


১৯ ফেব্ৰুৱাৰীত জাগীৰোড আৰক্ষী চকীৰ ভিতৰুৱা নেলী-বৰবড়ীত ৰচিত হ’ল জিঘাংসাৰ নতুন অধ্যায়। অকল নেলীতে হিংসাৰ বলি হ’ল প্রায় ৬০০ মানুহ। ৰাজনৈতিক ষড়যন্ত্রকাৰীৰ ৰূপত অৱতীৰ্ণ হৈ শাসকে ক্রুৰ হাঁহি হাঁহিলে। সংখ্যালঘুসকল ভয়ত ভীত হৈ পৰিল। যিমানে ষড়যন্ত্রত লিপ্ত নহওক – সেই সময়ত চি আৰ পি আৰু আৰক্ষী বাহিনীৰ সহযোগত বাচি থকাসকলৰ প্ৰাণ ৰক্ষা কৰিব পৰাৰ ক্ষমতা অকল কংগ্ৰেছ (ই)ৰহে আছে বুলি সংখ্যালঘু জনসাধাৰণৰ মাজত বিশ্বাস দৃঢ় হ’ল। হিংসাৰ মাজতে বলপূর্বকভাবে জাপি দিয়া নির্বাচনটোৱে প্রচলিত গণতন্ত্রক উপহাস কৰি তেজৰ ইতিহাস ৰচনা কৰিলে।


প্রহসনৰূপী নির্বাচনটোত কংগ্রেছে বিপুল সংখ্যাধিক্যত জয়ী হৈ চৰকাৰ গঠন কৰিছিল। প্ৰায়বোৰ অসমীয়াভাষী খিলঞ্জীয়া লোকে ভোটদানৰ পৰা বিৰত আছিল। কাছাৰৰ মানুহে স্বাভাৱিক হাৰত ভোট দিছিল। কার্বি আংলং আৰু উত্তৰ কাছাৰত ‘৭৮ তকৈ ভোটদানৰ হাৰ প্ৰায় ‘৮৩ ত ১০ শতাংশ কম হ’লেও প্রদত্ত ভোটৰ হাৰ ৪০ শতাংশকৈ বেছি আছিল। কোকৰাঝাৰ, ধুবুৰী আৰু গোৱালপাৰাত নির্বাচন অনুষ্ঠিত হোৱা সমষ্টিকেইটাত ভোট প্রায় স্বাভাৱিক আছিল। কিন্তু কোকৰাঝাৰ জিলাৰ বিজনী, গোৱালপাৰা জিলাৰ বঙাইগাঁও, অভয়াপুৰী উত্তৰ আৰু দক্ষিণত নির্বাচন অনুষ্ঠিত কৰা সম্ভৱ নহ’ল। যদিও সংখ্যাঘুৱে ভোটদানত অংশগ্ৰহণ কৰিছিল তথাপিতো সংখ্যাগুৰুপ্ৰধান সমষ্টিবোৰত সংখ্যালঘু জনসাধাৰণো ভোটদানৰ পৰা প্ৰায় বিৰত আছিল। চাহ শ্রমিকেও ব্যাপক হাৰত ভোটদানত অংশগ্ৰহণ কৰা নাছিল।

সেইবাবেই বিজনীত ভোট অনুষ্ঠিত নহ’ল। মৰিগাঁৱত মাত্র ১.৯৪ শতাংশ লোকেহে ভোটদান কৰিছিল। লাহৰীঘাটতো নির্বাচন অনুষ্ঠিত কৰিব নোৱাৰিলে। বোকাখাত সমষ্টিত ২.৫৬ শতাংশ, খুমটাইত ১.৫৩ শতাংশ, থাওৰাত ৫.৩ শতাংশ, বিহপুৰীয়াত মাত্র ০.৬৯ শতাংশ লোকে ভোট দান কৰাৰ পৰা চাহ শ্রমিক গোষ্ঠীয়েও এক প্ৰকাৰ ভোট বর্জন কৰা বুলিয়ে ধৰিব পাৰি। অর্থাৎ কংগ্রেছ (ই) দলে সংখ্যালঘু, বড়ো আৰু তথাকথিত খিলঞ্জীয়া লোকক ইটোৰ বিৰুদ্ধে সিটোক উচটাই ৰক্তাক্ত পৰিবেশ সৃষ্টি কৰিও দিছপুৰ দখল কৰাৰ বিষয়তে বিশেষ গুৰুত্ব দিছিল। গতিকে নির্বাচনটো গণতন্ত্রৰ নামত কলংক আছিল আৰু চৰকাৰখনো যথার্থভাৱেই অবৈধ আছিল।


নলবাৰী জিলাৰ ধৰ্মপূৰ সমষ্টিত ডাঃ ভূমিধৰ বৰ্মনে মাত্র ২৬৬ ভোট লাভ কৰিছিল। বাকী দুজন প্রার্থীয়ে এটা ভোটো লাভ কৰিব পৰা নাছিল। নিজৰ ঘৰত পতা ভোট কেন্দ্রত চি আৰ পি আৰু পৰিয়ালৰ লোকে সেই ভোটকেইটা দিছিল বুলি ধৰি ল’ব পাৰি আৰু সেই ভোটৰ শতাংশ আছিল ০.৩০ মাত্র। পূব গুৱাহাটীত মুনীন শর্মাই ০.৯৩ শতাংশ; বিহপুৰীয়াত বৰ্গৰাম দেউৰীয়ে ০.৬৬ শতাংশ ভোট লাভ কৰিছিল। তাৰ পিছতো শ্রী হিতেশ্বৰ শইকীয়াৰ নেতৃত্বাধীন চৰকাৰখন প্ৰতিষ্ঠাৰ পিছত – চৰকাৰখন সাংবিধানিকভাৱে নির্বাচিত বৈধ চৰকাৰ বুলি যুক্তি প্ৰদৰ্শন কৰা হৈছিল। সংবিধান প্রণেতাসকলে নিশ্চয় ভবা নাছিল যে স্বাধীন ভাৰতবৰ্ষত সুদূৰ ভৱিষ্যতলৈকো এনেকুৱা গণ প্ৰতিৰোধ উপেক্ষা কৰি ভোটাৰৰ তেজ গচকি নির্বাচন অনুষ্ঠিত কৰিব লগা পৰিস্থিতিৰ জন্ম হ’ব পাৰে বুলি ভবাহ’লে নিশ্চয় এনেকুৱা নির্বাচন বাতিল কৰাৰ বিধান সন্নিৱিষ্ট হ’লহেঁতেন। ভৱিষ্যতৰ কথা ভাবি সময়সাপেক্ষভাৱে দেশ আৰু দেশবাসীৰ স্বাৰ্থত সংবিধান সলনি কৰাৰ বিধান সংবিধানতে লিপিৱদ্ধ কৰা হৈছিল।

জৰুৰীকালীন অৱস্থাৰ আগতে প্রধানমন্ত্রী শ্রীমতী ইন্দিৰা গান্ধীৰ নির্বাচন আদালতে বাতিল কৰাৰ পিছত সংবিধান সংশোধন কৰি প্ৰধানমন্ত্ৰীক আদালতৰ উর্দ্ধত নিবলৈ কুণ্ঠাবোধ নকৰা চৰকাৰ এখনে হেজাৰ হেজাৰ মানুহৰ ৰক্তৰ বিনিময়তো নির্বাচন অনুষ্ঠিত কৰিবলগীয়া সাংবিধানিক নীতি সলনি কৰাৰ আগ্ৰহ প্ৰদৰ্শন নকৰিলে কিয়? এইবোৰ ৰাজনৈতিক অভিসন্ধি কৰাৰ যিবোৰ সুবিধা সংবিধানত আছে সেইবোৰৰ সুযোগ গ্ৰহণৰ ৰাজনৈতিক কৌশল অৱলম্বনে আজি দেশবাসীক ‘পবিত্র’ সংবিধানৰ প্ৰতিও আস্থাহীন কৰি তুলিছে। তথাকথিত গণতন্ত্রও হৈ পৰিছে ভেকোভাওনা-স্বৰূপ। সেয়ে ‘৮৩ ৰ ৰক্তাক্ত নির্বাচনেটো নজিৰ হিচাপে লিপিবদ্ধ হৈ থাকিব। গণতন্ত্র হত্যাকাৰীৰ বিচাৰৰ দায়িত্ব কিন্তু ভৱিষ্যতৰ বুকুলৈ এৰি সকলোৱে ফাকি দি আকৌ ৰাজনীতিতে আত্মনিয়োগ কৰিলে। সেই দিশৰ পৰা এই নির্বাচনটো ৰাইজৰ প্ৰতি কৰা ৰাজনৈতিক প্ৰৱঞ্চনাৰো প্রতীক হৈ ৰ’ব।

Share This Article
Haidar Hussain
Haidar Hussain
Articles: 2

Leave a Reply

Your email address will not be published. Required fields are marked *