blank

অসমৰ “মামা” ৰাজনীতি: মৰমৰ নামত নিয়ন্ত্ৰণ

Share This Article

সকলোৱে তেওঁক “মামা” বুলি সম্বোধন কৰে। “মামা” শব্দটো নিৰাপদ; লগতে মৰম লগাও। কিন্তু বৰ্তমান অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত ই এক বিশেষ গুৰুত্বপূৰ্ণ অৰ্থ বহন কৰে—শাসকৰ সৈতে মিতিৰালি।

হিমন্ত বিশ্ব শৰ্মাই ধেমালিতে এই “মামা” উপনাম আঁকোৱালি লোৱা নাই। জনসমাগম আৰু শ্ৰেণীকোঠাত আৰম্ভ হোৱা এই উপনামৰ প্ৰসাৰ-প্ৰকোপ জানি-শুনি বিস্তাৰিত কৰা গৈছে। বিদ্যালয়ত পঢ়ি থকা ছোৱালীয়ে বা জনকল্যাণমূলক আঁচনিৰ দ্বাৰা লাভাম্বিত লোকে তেওঁক মামা বুলি সাৱটি ধৰা ভিডিঅ’বোৰ বহুলভাৱে প্ৰচাৰিত। আনকি এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ কুইজতো তেওঁৰ উপনামটো ব্যৱহাৰ কৰি প্ৰশ্ন সোধা গৈছে। “মামাৰ গেৰাণ্টী” আদিবোৰৰ দৰে শ্লোগানৰ জৰিয়তে নীতিমূলক প্ৰস্তাৱক ব্যক্তিগত প্ৰতিশ্ৰুতিৰ ৰূপ দিয়া গৈছে।

ই কেৱল এক শৈলীগত পৰিবৰ্তন নহয়; ই এক পদ্ধতি। নিজকে ৰাইজৰ আত্মীয় সাজি শাসক শৰ্মাই জনসাধাৰণ আৰু ৰাষ্ট্ৰৰ সম্পৰ্কক ন-ৰূপ দিছে। আনুষ্ঠানিক প্ৰক্ৰিয়া অনুসৰি আৱেদন দাখিল কৰাৰ পৰিৱৰ্তে ব্যক্তিগতভাৱে মামাক অনুৰোধ কৰি কাম সমাধা কৰাৰ যি ব্যৱস্থা, সি নাগৰিক আৰু ৰাষ্ট্ৰৰ মাজৰ ক্ৰিটিকেল বা গুণগত দূৰত্ব হ্ৰাস কৰে; আৰু ফলস্বৰূপে গণতন্ত্ৰ সুস্থিৰভাৱে চলিবলৈ প্ৰয়োজনীয় ব্যৱস্থাবোৰৰ অৱক্ষয় হ’বলৈ ধৰে।

সংবাদ মাধ্যমে ইয়াক প্ৰায়ে মামাৰ মৰমৰ উম বুলিয়েই উপস্থাপন কৰে যদিও ই হৈছে পূৰ্বপৰিকল্পিত। কোন দিশৰ পৰা কেমেৰাই ভিডিঅ’ বনাব, কোন সংকেতত কি কথা কোৱা হ’ব, এই সকলোবোৰেই পূৰ্বপৰিকল্পিত আৰু ইয়াৰ জৰিয়তেই জনমানসত এক যোগাত্মক আবহাৱাৰ সৃষ্টি কৰা হয়। ই মৰম দৰাচলতে আছে নে নাই সেইটো নেদেখুৱায়। বৰং ই এইটোহে দেখুৱায় যে কিদৰে, কি পৰিমাণত মৰম-চেনেহ উপজাই তাক মামাৰ সঁচা মৰমৰ প্ৰমাণ বুলি ৰাইজৰ আগত দাঙি ধৰা হয়।

এই মডেলত শাসন-ব্যৱস্থাৰ কি হয়? সিদ্ধান্ত হৈ পৰে অনুগ্ৰহ বা বদান্যতা; শাসকৰ সৈতে মিতিৰালি হৈ পৰে শাসকৰ সঁহাৰিৰ পূৰ্বচৰ্ত। জনসাধাৰণে নতুন ভাষা শিকে: “মামাই ঠিক কৰি দিব।” কাম হৈ থকালৈকে ই ঠিকেই থাকে। কিন্তু মামা নোহোৱা হ’লেই ৰাষ্ট্ৰ পংগু গৈ পৰে। যেতিয়া কোনো সিদ্ধান্ত আপোনাৰ বিৰুদ্ধে যায়, তেতিয়া এনে লাগে যেন ই কোনো প্ৰশাসনিক ৰায় নহয়, বৰং আপোনাৰ পৰিয়ালেহে আপোনাক প্ৰত্যাখ্যান কৰিছে। এনেস্থলত ৰাজনীতি ব্যক্তিগত আশীৰ্বাদ আৰু বৰ্জন-বহিষ্কৰণত পৰিণত হয়।

ই এইটোকে দেখুৱায় যে শাসক-নেতাই নিজকে উপস্থাপন কৰাৰ ঢং কিধৰণে সলনি হৈছে। এখন গণৰাজ্যত আইন স্বাভাৱিকতেই নিৰপেক্ষ। শাসকে ব্যক্তিগতভাৱে আপোনাক ভাল নাপালেও আইনে আপোনাক ৰক্ষা কৰিব, আৰু আপুনি শাসকৰ প্ৰিয় হ’লেও আইনৰ দৃষ্টিত দোষী সাব্যস্ত হ’লে আপোনাক শাস্তি দিবলৈ আইন বাধ্য। কিন্তু মামা মডেল হৈছে ইয়াৰ বিপৰীত। এই মডেলত নীতিৰ আগত ব্যক্তিয়ে অগ্ৰাধিকাৰ লাভ কৰে। নীতিহে নমনীয় বা পৰিৱৰ্তনশীল, ব্যক্তি নহয়। ই হৈছে দাঁত চেলুৱা পেটাৰনেলিজম্ বা পৈতৃকতাবাদ—ই এনে এক শৈলী যি নিম্নোল্লিখিত কাৰণবোৰৰ জৰিয়তে স্বৈৰাচাৰী শাসনৰ ফালে ঢাল খায়: ক) ক্ষমতাৰ ব্যক্তিগতকৰণ, য’ত শাসক-নেতাৰ ইচ্ছা আনুষ্ঠানিক প্ৰক্ৰিয়াতকৈ গুৰুত্বপূৰ্ণ আৰু প্ৰভাৱশালী; খ) মধ্যস্থতাকাৰীৰ প্ৰতি অৱজ্ঞা, য’ত দল আৰু নাগৰিক গোটবোৰক বাধা হিচাপে গণ্য কৰি উপেক্ষা কৰা হয়; গ) আনুষ্ঠানিক প্ৰক্ৰিয়াৰ সলনি স্পেক্টাকল বা তমাচাৰ ওপৰত অগ্ৰাধিকাৰ, য’ত ঘোষণা আৰু পাৰ্ফৰমেনচ বা পৰিৱেশনৰ জৰিয়তে যুক্তি-তৰ্কক দমাই ৰখা হয়; ঘ) নৈতিক বিভাজন, য’ত নাগৰিকক যোগ্য বা সন্দেহযুক্ত হিচাপে গণ্য কৰা হয়; আৰু ঙ) মতবিৰোধৰ ওপৰত জবৰদস্তি হেঁচা প্ৰয়োগ কৰা, যাৰ জৰিয়তে সমালোচনাক দেশদ্ৰোহিতা (বৰ্তমানৰ ৰাজনীতিৰ পৰিভাষাত ৰাজভক্তিহীনতা) হিচাপে গণ্য কৰা হয়।

অসমৰ পৰিপ্ৰেক্ষিতত ওপৰৰ পাঁচোটা কাৰণেই পৰিলক্ষিত হয়। পৃথকে পৃথকে এই কাৰণকেইটাই গণতন্ত্ৰৰ বিশেষ হানি কৰিব নোৱাৰিবও পাৰে, কিন্তু একেলগে এইকেইটাৰ প্ৰভাৱ ভয়ংকৰ। মামাৰ ব্যক্তিত্বই স্বৈৰাচাৰী শাসনৰ কঠোৰ ৰাজনীতিৰ বাবে এক সহজে ভাঁজ দিব পৰা সীমাৰেখা আঁকি দিয়ে, যি ৰাইজৰ সতৰ্কতা ঢিলা কৰি মামাৰ হুকুমক আবদাৰৰ দৰে অনুভৱ কৰায়।

মামাৰ সমৰ্থকসকলৰ মতে এই মামা ৰাজনীতিয়েই উত্তম ৰাজনীতি—মামা আহে, আপোনাৰ কথা কাণ পাতি শুনে, আৰু কাম হৈ যায়। জনসাধাৰণে নিজৰ অভাৱ-অভিযোগৰ সমাধান খৰতকীয়াকৈ হোৱাটো বিচাৰে, যি নিতান্তই স্বাভাৱিক। কিন্তু আমোলাতন্ত্ৰৰ মেৰপাকত সঘনাই কাম দীঘলীয়া হয় আৰু ফলস্বৰূপে জনসাধাৰণো ক্ষোভিত হয়। ইয়াৰ বিপৰীতে মামা ৰাজনীতিত ব্যৱস্থাগত সংশোধন বা নিয়মমাফিক প্ৰক্ৰিয়া অবিহনেই সমস্যাৰ সমাধান হৈ যায়। কিন্তু ব্যৱস্থাগত দিশটোৰ গুৰুত্ব এইকাৰণেই যে শাসক-নেতা ভুল বা ভাগৰুৱা বা নোহোৱা হ’লে কি হ’ব সেয়া ইয়েই নিৰ্ধাৰণ কৰে।

ইয়াৰ এক লিংগভিত্তিক দিশো আছে। অসমৰ সমাজ-জীৱনত মোমায়েক হৈছে মৰমীয়াল আৰু শলাগৰ পাত্ৰ; লগতে কেতিয়াবা ভয়ৰো কাৰণ। মোমায়েকে উপহাৰ দিয়ে, সংকটৰ সময়ত সহায়ৰ হাত আগবঢ়াই কাষত থিয় দিয়ে, আৰু বিভিন্ন সিদ্ধান্তৰ ক্ষেত্ৰতো তেওঁৰ মতামতৰ অসীম গুৰুত্ব আছে। যেতিয়া স্বয়ং মুখ্যমন্ত্ৰীয়েই এই পৰিচয়টো আঁকোৱালি লয়, তেতিয়া তেওঁ এই পৰিচয়ৰ কৰ্তৃত্বও নিজৰ হাতত লয়। কেমেৰাৰ সন্মুখত সাৱটি ধৰা আৰু ৰাজহুৱা আত্মীয়তাই মুখ্যমন্ত্ৰীৰ “মামা” ব্যক্তিত্বটো স্বাভাৱিক কৰি তোলে। আৰু ভোটৰ বিনিময়ত নীতি-নিয়ম বেচিবলৈ তেওঁ সেই আত্মীয়তাবোধকে ব্যৱহাৰ কৰে।

অসমৰ পৰিপ্ৰক্ষিতত ইয়াক কেনেকৈ ব্যাখ্যা কৰিব পাৰি? স্পষ্টতাৰে, ভয়েৰে নহয়। পৰীক্ষাটো সহজ। প্ৰতিষ্ঠানবোৰ মামাতকৈ প্ৰভাৱশালী হৈ আছেনে? মামাৰ সিদ্ধান্তবোৰৰ আঁৰৰ কাৰণ দৰ্শোৱা হয়নে, নে কেৱল ভাবাৱেগেই যথেষ্ট? অসুবিধাজনক হ’লেও আইন মানি চলা হয়নে? সমালোচকে কোনো ভয়-ভীতি নোহোৱাকৈ মতামত দাঙি ধৰিব পাৰেনে? মামাই ৰাজনীতি ত্যাগ কৰাৰ পিছতো যিসকল ডালদৰিদ্ৰ থাকি যাব, মামা ৰাজনীতিৰ পৰা সেইসকলৰ কিবা লাভ হৈছেনে?

যদি এই প্ৰশ্নবোৰৰ উত্তৰ “হয়” বা যোগাত্মক, তেন্তে মামা ব্যক্তিত্ব হৈছে এক শৈলী, যি ৰাজহুৱা জীৱন বিকৃত কৰিব পাৰে, কিন্ত বৰ্বাদ কৰিব নোৱাৰে। যদি উত্তৰবোৰ “নহয়” বা ঋণাত্মকৰ ফালে ঢাল খায়, তেনেস্থলত আত্মীয়তাই নিয়ন্ত্ৰণৰ সঁজুলি হৈ পৰে।

চৰকাৰৰ প্ৰতি আৰু এক প্ৰশ্ন: চৰকাৰে নাগৰিক কেনেকুৱা হোৱাটো বিচাৰে—প্ৰাপ্তবয়স্ক নে ৱাৰ্ড, অৰ্থাৎ অভিভাৱকৰ তত্ত্বাৱধানত থকা ব্যক্তি? প্ৰাপ্তবয়স্ক ব্যক্তিয়ে যুক্তি-তৰ্ক কৰে, দাবী জনায়, আৰু প্ৰয়োজনসাপেক্ষে মতামত সলায়। আনহাতে অভিভাৱকৰ তত্ত্বাৱধানত থকা ব্যক্তিয়ে মামাৰ কাৰণে অপেক্ষা কৰে—মামায়েই তেওঁলোকৰ অভিভাৱক। সেয়ে অভিভাৱকৰ তত্ত্বাৱধানত থকা ব্যক্তিৰ ভিত্তিত ৰাজনীতি গঢ় দিলে নিৰ্বাচনত অভিভাৱকজনেই জিকিব। আৰু তাৰ পৰিণতিস্বৰূপে গণৰাজ্যৰ অৱক্ষয় অৱশ্যম্ভাৱী।

অসম চিৰকালৰ পৰাই এক তীব্ৰ অনুভূতিপ্ৰৱণ ৰাজ্য। দুখ, গৌৰৱ, খং আৰু নিষ্ঠাৰ নৈ ইয়াত গভীৰভাৱে বয়। কোনো চতুৰ ৰাজনৈতিক নেতাই ইয়াক নিৰ্বাচনী প্ৰচাৰৰ স্থায়ী কৌশল হিচাপে প্ৰয়োগ কৰিব পাৰে; কিন্তু জনসাধাৰণৰ সঁচা যতন লোৱা এখন চৰকাৰে ইয়াক নীতিত পৰিণত কৰি মতবিৰোধৰ কাৰণেও ঠাই ৰাখিব। প্ৰথম পথত নেতা প্ৰধান, দ্বিতীয়ত নাগৰিক। ৰাজনীতি কোন পথে আগবাঢ়িছে সেইটো স্পষ্টকৈ দেখা যায় জনকল্যাণমূলক আঁচনিৰ ঘোষণাৰ ক্ষেত্ৰত, সমালোচনা আদৰি লোৱা বা অগ্ৰাহ্য কৰাৰ ক্ষেত্ৰত, আইনে নীতিনিষ্ঠ নে ভাবাৱেগৰ বহতীয়া সেই ক্ষেত্ৰত, আৰু ছেলফিয়েই চৰকাৰী শাসনৰ ছদ্মবেশ ধৰিছে নে কি সেই ক্ষেত্ৰত। নেতা আহে আৰু যায়; কিন্তু ৰাইজে টিকিবলৈ দিলে সকলো প্ৰতিষ্ঠানেই টিকি থাকে। আপুনি ইচ্ছা কৰিলে হিমন্ত বিশ্ব শৰ্মাক মামা বুলি মাতক; কিন্তু আইনক সদায় আইনৰ নামেৰে মাতিবলৈ নাপাহৰিব।

Share This Article
Biswajit Bora
Biswajit Bora
Articles: 1

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *