Discourses From the East
অসমৰ শেহতীয়া নিৰ্বাচনী ফলাফলে এণ্টনিঅ’ গ্ৰাম্স্কিয়ে উল্লেখ কৰা ‘সাংস্কৃতিক আধিপত্য’ৰ (cultural hegemony) এক স্পষ্ট নিদৰ্শন দাঙি ধৰিছে। যিবোৰ অনুষ্ঠান-প্ৰতিষ্ঠানক নাগৰিকে বিশ্বাস কৰে, সেইবোৰৰ জৰিয়তেই সন্মতি উৎপাদনৰ এক কৌশল ৰচনা কৰা হৈছে। ফলস্বৰূপে, স্বাধীনতা সুৰক্ষিত কৰিবলৈ নিৰ্মাণ কৰা যন্ত্ৰবোৰেই আজি গণতন্ত্ৰৰ মৃত্যুৰ আহিলা হৈ পৰিছে। আটাইতকৈ তাৎপৰ্যপূৰ্ণ কথাটো হ’ল, এই সমগ্ৰ প্ৰক্ৰিয়াটো ইমানেই স্বাভাৱিক ৰূপত উপস্থাপন কৰা হৈছে যে জনমানসত ইয়াৰ বিৰুদ্ধে কোনো অসন্তুষ্টি বা আপত্তিৰ অবকাশ নাই। ১৯৩০ৰ দশকত ফেচীবাদী কাৰাগাৰৰ পৰা লিখা গ্ৰাম্স্কিয়ে এই কথাটো ভালদৰে বুজি পাইছিল।
আধুনিক সমাজত ক্ষমতাৰ চৰিত্ৰ এতিয়া মানুহৰ চেতনাৰ সূক্ষ্ম ঔপনিৱেশীকৰণৰ ওপৰত নিৰ্ভৰশীল। এই ইটালীয় মাৰ্ক্সবাদী তাত্ত্বিকগৰাকীয়ে যুক্তি দিছিল যে শাসক শ্ৰেণীয়ে হিংসাৰ জৰিয়তে নহয়, কিন্তু ৰাজনীতিৰ বৌদ্ধিক আৰু নৈতিক ব্যৱস্থা এটা গঢ় দিহে আধিপত্য বজাই ৰাখে। সকলোৰে মাজত এক ‘সাধাৰণ জ্ঞান’ৰ সৃষ্টি কৰে। সেই জ্ঞান ইমানেই গভীৰভাৱে শিপাই থাকে যে তাক স্বতঃসিদ্ধ যেন লাগে। যেতিয়া এই আধিপত্য সফল হয়, মানুহে নিজৰ অনিষ্ট সাধন কৰা ব্যৱস্থাবোৰতো সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে আৰু তেওঁলোকে ভাবে যে তেওঁলোকে নিজৰ মুক্ত ইচ্ছাৰহে প্ৰয়োগ কৰিছে।
বিগত বৰ্ষবোৰত সমগ্ৰ ভাৰতৰ দৰে শেহতীয়া অসমৰ নিৰ্বাচনী জনাদেশেও এই প্ৰক্ৰিয়া স্পষ্টতাৰে প্ৰদৰ্শন কৰিছে। ভোটাৰক বন্দুকৰ নলেৰে বাধ্য কৰা হোৱা নাছিল। ভোটকেন্দ্ৰসমূহ চলি আছিল, ভোটগণনাও হৈছিল। তথাপিও, যি পৰিৱেশতন্ত্ৰৰ ভিতৰত এই প্ৰক্ৰিয়াটো সম্পন্ন হৈছিল, তাক আওকাণ কৰি ইয়াক প্ৰকৃত গণতন্ত্ৰ বুলি অভিহিত কৰাটো হ’ব এক ইচ্ছাকৃত অন্ধতা। সন্মতি উৎপাদনৰ যন্ত্ৰটো পূৰ্ণগতিত চলি আছিল: মাধ্যমসমূহে একপক্ষীয় সমৰ্থকৰ ভূমিকা পালন কৰি আহিছিল, ছ’চিয়েল মিডিয়াক সুসংগঠিত অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল, ধৰ্মক মৌলিক জনকল্যাণতকৈ উৰ্ধত স্থান দিয়া হৈছিল আৰু প্ৰতিষ্ঠানিক ব্যৱস্থাৰ জৰিয়তে বিৰোধীক পদ্ধতিগতভাৱে অবৈধ ঘোষণা কৰা হৈছিল।
জন ষ্টুৱাৰ্ট মিলৰ পৰা বি.আৰ. আম্বেদকাৰলৈকে কল্পনা কৰা গণতন্ত্ৰ কিন্তু এনেকুৱা নাছিল। এনে অৱস্থাক তত্ত্ববীদসকলে ‘নিৰ্বাচনী একনায়কত্ববাদ’ (electoral authoritarianism) বুলিহে অভিহিত কৰিছে, যদিও ইয়াৰ অধিক সঠিক বৰ্ণনা হ’ব পাৰে ‘নৰম ফেচীবাদ’ (softer fascism)। বিশেষণটো গুৰুত্বপূৰ্ণ কাৰণ আমি ফেচীবাদক কেৱল নাজী জাৰ্মানীৰ চৰম নিৰ্মমতাৰ দৰে এক ঠেক সংজ্ঞাতহে আবদ্ধ কৰি ৰাখিছোঁ। এই ঐতিহাসিক সংকীৰ্ণদৃষ্টিয়ে মৃত্যু শিবিৰ বা পূৰ্ণ পৰ্যায়ৰ যুদ্ধ আৰম্ভ হোৱাৰ বহু আগৰ ফেচীবাদৰ প্ৰাৰম্ভিক পৰ্যায়টো কেনেকৈ পৰিচালিত হয় তাক ঢাকি ৰাখে। প্ৰাৰম্ভিক ফেচীবাদৰ বৈশিষ্ট্য হৈছে কৃত্ৰিম ক্ষোভৰ সৈতে মিশ্ৰিত উগ্ৰ জাতীয়তাবাদ, সংখ্যালঘুসকলক বলিৰ পঠা সজোৱা, এজন শক্তিশালী নেতাৰ ব্যক্তিকেন্দ্ৰিক উপাসনা, কৰ্পোৰেট আৰু ৰাষ্ট্ৰীয় ক্ষমতাৰ একত্ৰীকৰণ, আৰু প্ৰতিষ্ঠানিক স্বতন্ত্ৰতাৰ পদ্ধতিগত স্খলন।এই নতুন একনায়কত্ববাদ ইয়াৰ গণতান্ত্ৰিক ব্যৱস্থাৰ ভিতৰতে নিহিত হৈ আছে।
অসমত কেনেদৰে সন্মতি নিৰ্মাণ (consent manufacturing) কৰা হৈছে, সেই প্ৰক্ৰিয়াটো বিবেচনা কৰি চাওঁ আহক। প্ৰথমতে, এক শত্ৰুৰ সৃষ্টি কৰা হৈছে। এই ক্ষেত্ৰত মুছলমানসকলক সকলোৰে বাবে ভাবুকি হিচাপে সজাই তোলা হৈছে। তেওঁলোক এই দেশৰ নাগৰিক হোৱা স্বত্ত্বেও, তেওঁলোকক বহিৰাগত বা বিপজ্জনক বুলি প্ৰচাৰ কৰা হৈছে যাতে তেওঁলোকৰ বিৰুদ্ধে সকলো একগোট হয়। এই ‘আনক’ পৃথক কৰাৰ প্ৰক্ৰিয়াটোয়ে (othering) এই চৰকাৰৰ আধাৰস্বৰূপ। এই চৰকাৰে ভৱিষ্যতৰ উন্নতিৰ কথা কোৱাৰ পৰিৱৰ্তে অতীতৰ ওপৰত বেছি গুৰুত্ব দিয়ে। জনসাধাৰণক পতিয়ন নিয়াবলৈ চেষ্টা কৰা হয় যে তেওঁলোক নিজৰ ৰাজ্যতে বহিৰাগত শত্ৰুৰ দ্বাৰা নিৰ্যাতিত হৈ আছে। ৰাজনৈতিক স্বাৰ্থত এটা সংখ্যালঘু গোটৰ প্ৰতি ভয় দেখুৱাই সংখ্যাগৰিষ্ঠ লোকসকলক একগোট কৰা হয়, যাতে তেওঁলোকে সুৰক্ষাৰ নামত এজন শক্তিশালী নেতাৰ হাতত সকলো ক্ষমতা গতাই দিয়ে। গণতান্ত্ৰিক ৰূপটো বৰ্তি থকা যেন লাগে যদিও ইয়াৰ কাৰ্যপ্ৰণালী কিন্তু একেবাৰে ওলোটা হৈ পৰে।
গণতন্ত্ৰত ৰাইজে দিয়া টেক্সৰ পইচাৰে চৰকাৰে উন্নয়নমূলক কাম কৰে, তাৰ পৰা ৰাইজে সুবিধা বিচাৰে সেয়া ৰাইজৰ ‘অধিকাৰ’। কিন্তু এনে এটা পৰিৱেশ সৃষ্টি হৈ গৈছে যেন নেতাজনে নিজৰ পকেটৰ পৰাহে এইবোৰ কৰে। ‘অধিকাৰ’ৰ পৰিৱৰ্তে ‘দান’ হিচাপে গ্ৰহণ কৰি, চৰকাৰক প্ৰশ্ন কৰাৰ সাহস হেৰুৱাই পেলাই নাগৰিকে। লগতে নেতাজন ঘৰৰ এজন মুৰব্বী বা ‘মামা’ৰ দৰে সম্পৰ্কলৈ টানি অনাৰ উদ্দেশ্য হ’ল মানুহৰ আৱেগক স্পৰ্শ কৰা। ঘৰৰ অনুজে সচৰাচৰ যেনেকৈ দেউতাক বা মামাকক প্ৰশ্ন নকৰে, কেৱল কথা মানি চলে, ঠিক তেনেকৈ নাগৰিকসকলকো এক আৱেগিক বান্ধোনত বান্ধি শাসন কৰা সহজ কৰি লৈছে। এই সাফল্য প্ৰকৃততে সফল প্ৰচাৰৰহে প্ৰতিফলন, কোনো সজাগ পছন্দ নহয়।
হিটলাৰে জাৰ্মানীৰ মানুহক অৰ্থনীতিৰ ৰাজনীতি বুজাই সমৰ্থন লাভ কৰা নাছিল। মানুহৰ দুখ-দুৰ্দশাৰ বাবে এজন “শত্ৰু” (যিহুদীসকলক) চিনাক্ত কৰি দিছিল। সাধাৰণ মানুহৰ সেই ঘৃণা বুজিপাবলৈ বাবে সহজ আছিল। ঘৃণাৰ বাবে কোনো অধ্যয়নৰ প্ৰয়োজন নাই। জটিল নীতিসমূহ বুজিবলৈ শিক্ষা, মনোযোগ আৰু চিন্তাশক্তিৰ প্ৰয়োজন। কিন্তু ঘৃণা তাৎক্ষণিক আৰু আৱেগিকভাৱে সন্তোষজনক। নিবনুৱা সমস্যাৰ বাবে চুবুৰীয়া মুছলমান দায়ী বুলি নেৰেটিভ সৃষ্টি কৰি দিয়া হ’ল। পৰিচয়কেন্দ্ৰিক ৰাজনীতিত তেতিয়া প্ৰশাসনিক দুৰ্নীতি বা বিফলতা ভোটাৰৰ বাবে গৌণ হৈ পৰে, সভ্যতাৰ অস্তিত্বৰ যুঁজ বুলি বিশ্বাস কৰা ভোটাৰে নিজৰ পক্ষৰ সকলো দোষ মৰিষণ কৰি দিশ ৰক্ষা কৰিবলৈ ভোট দিয়ে।
এই গোটেই পৰিঘটনাটোক ‘ষ্টকহ’ম চিনড্ৰম’ (Stockholm Syndrome) নামৰ এক মানসিক অৱস্থাৰ সৈতে তুলনা কৰিব পাৰি। ষ্টকহ’ম চিনড্ৰম হ’ল এনে এক আচৰিত মানসিক স্থিতি, য’ত এজন বন্দীয়ে নিজক অপহৰণ কৰা ব্যক্তিজনৰ প্ৰতিয়েই মৰম বা আৱেগিক টান অনুভৱ কৰিবলৈ লয়। অপহৰণকাৰীয়ে যেতিয়া বন্দীজনক অলপমান দয়া দেখুৱায় বা জীয়াই থাকিবলৈ সুবিধা দিয়ে, বন্দীজনে তাক এক উপকাৰ বুলি ভাবি নিজৰ দুৰ্দশাৰ কথা পাহৰি অপহৰণকাৰীৰ ভক্ত হৈ পৰে। একেদৰেই যি নেতাই দেশৰ অৰ্থনৈতিক অৱস্থা বেয়া কৰিছে বা সমাজত অশান্তি সৃষ্টি কৰিছে, তেওঁলোকৰ প্ৰতিয়েই জনসাধাৰণে এক গভীৰ আনুগত্য দেখুৱায়। চৰকাৰে কোনো সৰু-সুৰা আঁচনি বা আৱেগিক বিষয় এটা আগবঢ়াই দিয়ে, ভোটাৰসকলে নিজৰ পৰাধীনতাৰ মাজতে এক প্ৰকাৰৰ মিছা মুক্তি বিচাৰি পায়। আটাইতকৈ দুখৰ কথাটো হ’ল, এই ব্যৱস্থাটো জনসাধাৰণৰ ওপৰত কোনোবাই জোৰ কৰি জাপি দিয়া নাই, নিজেই বাৰে বাৰে এনে এক ব্যৱস্থাক ভোট দি জিকাই দিছে। গ্ৰাম্স্কিয়ে কোৱাৰ দৰে,শাসক পক্ষ তেতিয়াই সফল হয়, যেতিয়া শোষিত জনসাধাৰণে শোষণটোকেই মুক্তি বুলি ভাবিবলৈ লয়। এই ব্যৱস্থাটো কেৱল নিৰ্বাচনৰ জৰিয়তে ৰোধ কৰাটো কঠিন হৈ পৰিছে, কাৰণ সমগ্ৰ নিৰ্বাচনী পৰিৱেশ আৰু যন্ত্ৰটোকেই এতিয়া প্ৰভাৱিত কৰা হৈছে। নিৰ্বাচনত এতিয়া EVM-ত টিপি ভোট দিয়া কাৰ্য বুলি ভাবিলে ভুল হ’ব। এটা নিকা ভোটৰ বাবে এক প্ৰদূষণমুক্ত তথ্য-পৰিৱেশৰো প্ৰয়োজন। যেতিয়া সংবাদ মাধ্যম, অৰ্থবল আৰু আইনী যন্ত্ৰপাতি—সকলোবোৰেই শাসকীয় পক্ষৰ স্বাৰ্থত ব্যৱহাৰ হয়, তেতিয়া নিৰ্বাচন ক্ষমতাৰ পৰিৱৰ্তনৰ আহিলা হৈ নাথাকে। ক্ষমতা দখলৰ এক আনুষ্ঠানিক ৰীতি হৈ পৰে।
আজিৰ ফেচীবাদ ১৯৩০ৰ দশকৰ দৰে নহ’বও পাৰে, কাৰণ ইয়াৰ এতিয়া প্ৰয়োজন নাই। প্ৰযুক্তিয়ে কৌশল প্ৰদান কৰিছে আৰু গণতান্ত্ৰিক বৈধতাই একনায়কত্ববাদক আৱৰণ দিছে। যেতিয়া নিৰ্বাচনৰ জৰিয়তে ৰাজনৈতিক আধিপত্য, পুঁজিপতিৰ জৰিয়তে অৰ্থনৈতিক নিয়ন্ত্ৰণ আৰু ডিজিটেল নিৰীক্ষণৰ জৰিয়তে সামাজিক নিয়ন্ত্ৰণ লাভ কৰিব পাৰে, তেতিয়া কোনো নিৰ্যাতন শিবিৰ বা গেছ চেম্বাৰৰ প্ৰয়োজন নাই। আটাইতকৈ ভয়ানক দিশটো হ’ল, লক্ষ লক্ষ মানুহে ইয়াক উদযাপন কৰিছে আৰু সুৰক্ষা দিছে। বিশ্বাস কৰিছে যে এনে কৰি তেওঁলোকে দেশখন ৰক্ষা কৰিছে। আচলতে তেওঁলোকে দেশখনক সমৰ্পণহে কৰিছে। আধিপত্যই এইদৰেই কাম কৰে। গণতন্ত্ৰৰ মৃত্যু এইদৰেই হয়- ৰাজপথত সৈনিকৰ পদধ্বনিৰে নহয়, বৰঞ্চ ভোটকেন্দ্ৰত ভোটাৰৰ হৰ্ষধ্বনিৰ মাজেৰে।

