blank

বৰ্ণবৈষম্যৰ পৰা উত্তৰ পূৱৰ মানুহে মুক্তি পাব কেতিয়া ?

Share This Article

কল্পনা কৰক যে আপুনি এনে এখন চহৰত বাস কৰে, যিখন চহৰ আপোনাৰ নিজৰ বুলি ভাবে। আপুনি এটা সপোন বুকুত লৈ ইয়ালৈ আহিছে , এদিন অসামৰিক সেৱা পৰীক্ষা উত্তীৰ্ণ হোৱাৰ সপোন, এদিন নিজৰ দেশ’ৰ সেৱা কৰাৰ সপোন। আপুনি চহৰখনৰ এটা অট্টালিকাৰ চতুৰ্থ মহলাৰ এটা সৰু ফ্লেটত থাকে। এদিন পুৱা চাহ বনাই আছে। শীততাপ নিয়ন্ত্ৰণ যন্ত্ৰটো মেৰামতি কৰিবলৈ এজন ইলেক্ট্ৰিচিয়ান মাতিছে। মেৰামতি কৰোঁতে ধূলি পৰিছে তলৰ মহলালৈকে। আৰু তাৰপাছতেই, কোনো পূৰ্বসূচনা নোহোৱাকৈ, আপোনাৰ গোটেই পৰিচয়টোয়ে এটা জাতিবিদ্বেষী গালিৰ সৈতে মিলাই দিয়া হৈছে।
— ২০২৬ চনৰ ২০ ফেব্ৰুৱাৰীত দিল্লীৰ মালৱীয়া নগৰত ঠিক এনেকুৱাই হৈছিল।

অৰুণাচল প্ৰদেশৰ তিনিগৰাকী যুৱতী, চুবুৰীয়া হৰ্ষ সিং আৰু তেওঁৰ পত্নী ৰুবি জৈনৰ দ্বাৰা জঘন্য বৰ্ণবৈষম্য আক্ৰমণৰ চিকাৰ হয়। চতুৰ্থ মহলাৰ পৰা ড্ৰিলিঙৰ ধূলি পৰা অভিযোগৰে আৰম্ভ হোৱা বিবাদ ক্ৰমে নিষ্ঠুৰতালৈ ৰূপান্তৰিত হৈ পৰে। অভিযুক্ত দম্পতীয়ে মহিলাকেইগৰাকীক ‘মম’, ‘যৌনকৰ্মী’, ‘পাৰ্লাৰৰ মহিলা’ আৰু ‘নিচাখোৰ’ বুলি সম্বোধন কৰিছিল বুলি অভিযোগ উঠিছে। ভিডিঅ’ এটাত ৰুবি জৈনক হিন্দীত এই কথা কোৱা শুনা গৈছে যে ছোৱালীকেইগৰাকীয়ে পাঁচশ টকাত মালিছ পাৰ্লাৰত কাম কৰে। তেওঁ ছোৱালীকেইগৰাকীক ‘যা যা মম বিক্ৰী কৰ’ বুলিও গালি দিছে। তেওঁৰ স্বামীয়ে তেওঁলোকক ‘গটাৰ চাপ’ আখ্যা দিয়াৰ লগতে ‘উত্তৰ-পূৰ্বৰ মানুহ বেয়া’ বুলি মন্তব্য কৰিছিল বুলিও অভিযোগ আছে। এই বিবাদটোৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ লগে লগে সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। দম্পতীৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতা (BNS)-ৰ ৭৯, ৩৫১(২), ৩(৫) আৰু ১৯৬ নং ধাৰাত গোচৰ ৰুজু কৰা হৈছে যদিও এই লেখা লিখাৰ সময়লৈকে কাকো গ্ৰেপ্তাৰ কৰা হোৱা নাই।

ভিডিঅ’টোত ভুক্তভোগী এগৰাকীয়ে কৈছে “আমি আনৰ দৰেই সমানে ভাৰতীয়। কেৱল উত্তৰ-পূৰ্বৰ পৰা আহিছোঁ বুলিয়েই আমাক ‘বাহিৰৰ বা অন‍্য’ মানুহৰ দৰে কিয় ব্যৱহাৰ কৰা হয়? আমাৰো সমতা আৰু মৰ্যাদাৰে জীয়াই থকাৰ অধিকাৰ আছে।” এই কথাষাৰ কিন্তু আওকাণ কৰিব নোৱাৰি। সম্পূৰ্ণকৈ সত্য এই বাক‍্যবান।এখন গণতান্ত্ৰিক দেশৰ ৰাজধানীত তেওঁ যে এইষাৰ কথা ক’বলৈ বাধ্য হৈছে, বা পৰিস্থিতিয়ে বাধ্য কৰাইছে — এয়াই হৈছে এই ব্যৱস্থাৰ বিৰুদ্ধে আটাইতকৈ নিৰ্মম অভিযোগ।

এইটো নতুন কাহিনী নহয়। দুখৰ কথা যে নতুন সাজেৰে সজ্জিত এইটো এটা পুৰণি কাহিনীহে । আগৰ দৱটামান ঘটনাৰ উদাহৰণ দিওঁ।২০১৪ চনত অৰুণাচল প্ৰদেশৰ এজন বিশ বছৰীয়া যুৱক, নিডো তানিয়াই, দিল্লীৰ এখন বজাৰত দোকানী এজনৰ দিক বিদিক সুধি আছিল। দোকানীজন আৰু তেওঁৰ বন্ধুসকলে নিডো’ৰ পোছাক আৰু চুলিক লৈ বিদ্ৰূপ কৰিলে। তাৰ পিছত যি বিবাদ, বিবাদৰ পাছত যি মাৰপিট হ’ল তাতেই নিডো তানিয়াৰ মৃত্যু হ’ল। তেওঁৰ মৃত্যুৱে সমগ্ৰ দেশক কিছু দিনৰ বাবে স্তব্ধ কৰি পেলাইছিল। ৰাজনীতিবিদ, সংগঠন, সাধাৰণ ৰাইজে মিছিল উলিয়াইছিল, ন‍্যায়’ৰ প্ৰতিশ্ৰুতিও দিলে ন‍্যায়ালয়ে, পৃষ্ঠায়ে পৃষ্ঠায়ে সম্পাদকীয়ও লিখা হৈছিল। কিন্তু কিছু দিনৰ পাছত সকলো আগৰ দৰেই স্বাভাৱিক হৈ পৰিছিল। এই হত্যাকাণ্ডক লৈ প্ৰতিবেদন প্ৰকাশ কৰিবলৈ গৈ টাইম আলোচনীয়ে উল্লেখ কৰিছিল যে উত্তৰ-পূব সহায় কেন্দ্ৰ আৰু হেল্পলাইনৰ প্ৰতিষ্ঠাপক সদস্য আলানা গলমেইয়ে প্ৰতি সপ্তাহত দেশৰ ৰাজধানী দিল্লী’ত বৰ্ণবৈষম্যমূলক হাৰাশাস্তিৰ সন্মুখীন হোৱা মানুহৰ পৰা ছয়-সাতটাকৈ ফোন পাইছিল। সেয়া আছিল বাৰ বছৰ আগৰ কথা।

২০২৩ চনত অসমৰ ২২ বছৰীয়া এগৰাকী স্বনিয়োজিত লেখিকাই সামাজিক মাধ্যমত লিখিছিল যে দিল্লীৰ পুৰণি গুপ্তা কলনীত তেওঁৰ এজন চুবুৰীয়াই নিতৌ তেওঁক আৰু তেওঁৰ বন্ধুসকলক জ্বলা-যন্ত্ৰণা দি আহিছিল। তেওঁলোকক ‘বেশ্যা’ বুলি সম্বোধন কৰি “বেশ্যা আহি অট্টালিকা নষ্ট কৰিছে “ বুলি চিঞৰ-বাখৰ কৰিছিল। তেওঁৰ সেই সামাজিশ মাধ‍্যমৰ পোষ্টটো ভাইৰেল হৈ পৰাত মানুহৰ মাজত ক্ষোভৰ ঢৌ উঠিছিল। কিন্তু কিছু দিনৰ পাছত আকৌ আগৰ দৰেই চলিল থাকিল সকলো। দ্য প্ৰিন্ট আলোচনীত উদ্ধৃত এগৰাকী একত্ৰিশ বছৰীয়া মহিলাই বৰ্ণনা কৰিছিল যে দহ বছৰ মানৰ আগতে তেওঁ দিল্লীৰ বিশ্ববিদ্যালয় চৌহদত খোজ কাঢ়ি থাকোঁতে মটৰচাইকেল আৰোহী দুজন পুৰুষ তেওঁৰ কাষলৈ আহি সুধিছিল — “তোমাৰ ৰেট কিমান?” তেওঁ কৈছিল যে দিল্লীৰ পৰিবেশৰ সৈতে মিলি যাবলৈ তেওঁ শেষত “বেছি ভাৰতীয়” ৰ দৰে পোছাক পিন্ধিবলৈ ল’লে আৰু উত্তৰ-পূবৰ পুৰুষৰ সৈতে প্ৰেম-সম্পৰ্কৰ পৰা আঁতৰি থাকিল। বছৰ বছৰ পাৰ হৈ যোৱাৰ পিছতো কিন্তু তেওঁ কয় যে এই চহৰখন একোৱেই সলনি হোৱা নাই। তেওঁ আজিও ভয়ে ভয়ে থাকে ,কেতিয়াও প্ৰকৃত অৰ্থত নিৰাপদ অনুভৱ কৰিব পৰা নাই ।

প্ৰতি বছৰে উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতী শিক্ষা, সুযোগ আৰু প্ৰতিখন ভাৰতীয় চহৰে তাৰ নাগৰিকক দিয়া প্ৰতিশ্ৰুতিৰ সন্ধানত দিল্লীলৈ আহে। কিন্তু তাৰ পৰিৱৰ্তে তেওঁলোকে অতিক্ৰম কৰিব লাগে এক কণ্টকময় পথ। ভাৰা ঘৰৰ মালিকে তেওঁলোকক ঘৰ ভাড়া দিবলৈ অমান্তি হয়, চুবুৰীয়াসকলে তেওঁলোকক অন‍্য বাহিৰৰ মানুহ বুলি গণ্য কৰে, অচিনাকি মানুহে তেওঁলোকৰ খাদ্যাভ্যাস আৰু কাপোৰক লৈ বিদ্ৰূপ কৰে ।লগতে এনে এক ব্যৱস্থাৰ মাজত তেওঁলোকে জীয়াই থাকিব লাগে যি ব্যৱস্থাই ঐতিহাসিকভাৱে তেওঁলোকক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত সদায়েই লেহেমীয়া।

ভাৰতত উত্তৰ-পূবৰ জনগোষ্ঠীসমূহৰ বিৰুদ্ধে পৰিচালিত বৰ্ণবৈষম্য এক বিশেষ ধৰণে কাম কৰে। যি সাংস্কৃতিক আচাৰ-ব্যৱহা এই জনগোষ্ঠীসমূহৰ পৰিচয়, সেই একেখিনি আচাৰ-ব্যৱহাৰকেই মূলসুতী ভাৰতৰ দৃষ্টিত নৈতিক শিথিলতা অথবা যৌন সহজলভ্যতাৰ প্ৰমাণ বুলি ব্যাখ্যা কৰা হয়। এই সংস্কৃতিক ভুল বুজাবুজি ঘটনাচক্ৰে হোৱা নহয়, ইয়াক ইচ্ছাকৃতভাৱে বিকৃত কৰা হৈছে। এই পৰিস্থিতি বিশেষভাৱে ক্ষতিকাৰক, কাৰণ ইয়াত বৰ্ণবৈষম্য আৰু লিঙ্গবৈষম্য গভীৰভাৱে পৰস্পৰৰ সৈতে জড়িত — প্ৰতিটোৱে আনটোক পুষ্ট কৰে। উত্তৰ-পূবৰ এগৰাকী মহিলা কেৱল তেওঁৰ জাতিসত্তাৰ কাৰণে অথবা কেৱল তেওঁৰ লিঙ্গৰ কাৰণে বৈষম্যৰ সন্মুখীন নহয়। তেওঁক এই দুয়োটাৰ সংযোগস্থলত লক্ষ্য কৰা হয়, য’ত তেওঁৰ চেহেৰাই ‘বাহিৰৰ মানুহ’ বুলি সংকেত দিয়ে আৰু তেওঁৰ সাংস্কৃতিক স্বাধীনতাক হাৰাশাস্তিৰ আমন্ত্ৰণ বুলি বিকৃত কৰি তোলা হয়।

এটা কঠিন কিন্তু অপৰিহাৰ্য সত্য হ’ল এই যে — বৰ্ণবাদী পৃথিৱীত কেৱল অ- বৰ্ণবাদী হোৱাই যথেষ্ট নহয়। অ-বৰ্ণবাদী এটা নিষ্ক্ৰিয় অৱস্থানহে মাত্ৰ। ইয়াৰ অৰ্থ হ’ল আপুনি ব্যক্তিগতভাৱে কাকো জাতিগত গালি দিব নোখোজে। ইয়াৰ অৰ্থ হ’ল ‘মম’ শব্দটো আক্ৰমণৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ হোৱা শুনিলে আপুনি বিৰক্তি অনুভৱ কৰে। বৰ্ণবাদ নিষ্ক্ৰিয় নহয়। ই সক্ৰিয় আৰু নিৰন্তৰ নিজকে নৱীকৰণ কৰি থকা এক শক্তি। ই বাস কৰে সেই ঘৰৰ মালিকৰ মাজত যিয়ে উত্তৰপুৱৰ পৰা অহা মানুহক ঘৰ ভাড়া দিবলৈ অমান্তি হয়। ই বাস কৰে সেই সহকৰ্মীৰ মাজত যিয়ে কয় — “আপোনাক দেখিবলৈ ভাৰতীয় যেন নালাগে।” ই বাস কৰে সেই আৰক্ষী বিষয়াৰ মাজত যিজনে মালভিয়া নগৰত উপস্থিত আছিল ,তথাপিও অভিযুক্তজন গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে। সক্ৰিয় বৰ্ণবাদৰ সন্মুখত নিষ্ক্ৰিয় অ-বৰ্ণবাদিতা কাৰ্যক্ষেত্ৰত সহযোগিতাৰেই নামান্তৰ।

এনে স্থলত বৰ্ণবিৰোধিতা কৰাৰ বাদে বেলেগ উপায় নাই। ইয়াৰ বাবে বৰ্ণবাদী নীতি, বৰ্ণবাদী বক্তব্য, বৰ্ণবাদী দৃষ্টিভংগী আৰু বৰ্ণবাদী নীৰৱতাক সক্ৰিয়ভাৱে চিনাক্ত কৰা প্ৰয়োজন । তাৰ পাছত সেই বিষয়ে কাৰ্যকৰী পদক্ষেপ লোৱাটো অপৰিহাৰ্য। ইয়াৰ বাবে দৰকাৰ আছিল মালভিয়া নগৰৰ সেই অট্টালিকাৰ প্ৰত্যক্ষদৰ্শীসকলে তাৎক্ষণিকভাৱে হস্তক্ষেপ কৰা। দৰকাৰ আছিল সেই দালালজনে — যিয়ে ছোৱালীকেইগৰাকীক ফ্লেট খালি কৰি দিবলৈ কৈছিল — সেই নিৰ্দেশ দিবলৈ অস্বীকাৰ কৰা। দৰকাৰ আছিল আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰা। দৰকাৰ প্ৰতিষ্ঠানসমূহে বৰ্ণগত হাৰাশাস্তিৰ বিৰুদ্ধে কঠোৰ কাৰ্যকৰী ক্ষমতাসম্পন্ন স্থায়ী নীতি প্ৰণয়ন কৰা। আৰু দৰকাৰ সাধাৰণ মানুহে উচ্চকণ্ঠে আৰু অবিচলভাৱে ইয়াৰ বিৰোধ কৰাৰ । সামাজিক মাধ‍্যমত ঘটনাটো ভাইৰেল হোৱাৰ সেই মুহূৰ্তৰ আলোড়ন স্তিমিত হৈ যোৱাৰ পিছতো।

মালভিয়া নগৰৰ এই ঘটনাৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ কেৱল সেই এটা অট্টালিকাৰ মাজতে সীমাবদ্ধ নহয়। ইয়াৰ প্ৰভাৱ প্ৰতিটো আৱাসিক সমিতিলৈকে বিস্তৃত, য’ত উত্তৰ-পূৰ্বাঞ্চলৰ ভাড়াতীয়াক ঘৰ ভাড়া নিদিয়াৰ এক অলিখিত নীতি বৰ্তমান আছে। ইয়াৰ প্ৰভাৱ প্ৰতিটো কাৰ্যালয়লৈকে প্ৰসাৰিত, য’ত ‘চিংকি’ শব্দটোক এতিয়াও এক নিৰীহ পৰিহাস হিচাপে গণ্য কৰা হয়। ইয়াৰ প্ৰভাৱ প্ৰতিখন বিদ্যালয়লৈকে বিস্তৃত, য’ত উত্তৰ-পূৰ্বৰ আঠখন ৰাজ্যৰ ইতিহাস, সংস্কৃতি আৰু অৱদান পাঠ্যক্ৰমৰ পৰা সম্পূৰ্ণৰূপে অনুপস্থিত।

নিজৰ আঠখন ৰাজ্যৰ মানুহক বিদেশী বুলি ব্যৱহাৰ কৰি ভাৰতে ঐকতা দাবী কৰিব নোৱাৰে। যিসকল মানুহ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা দিল্লী বা অন্যান্য মহানগৰলৈ প্ৰব্ৰজন কৰে, তেওঁলোকক সহ্য কৰিবলগীয়া অতিথি নহয়। তেওঁলোক সাংবিধানিক অধিকাৰেৰে একো একোজন নাগৰিক। প্ৰয়োজন কেৱল আনুষ্ঠানিক ক্ষোভ প্ৰকাশৰ নহয়, যি পৰৱৰ্তী সংবাদ চক্ৰলৈকেহে স্থায়ী হয়। প্ৰয়োজন কাঠামোগত পৰিৱৰ্তনৰ। ইয়াৰ অৰ্থ হ’ল জাতিগত হাৰাশাস্তিৰ বিৰুদ্ধে দ্ৰুত আৰু কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা। ইয়াৰ অৰ্থ হ’ল স্থানীয় প্ৰশাসনৰ দ্বাৰা ঘৰভাড়া চুক্তিত বৈষম্যবিৰোধী ধাৰা প্ৰৱৰ্তন আৰু কাৰ্যকৰী কৰা। ইয়াৰ অৰ্থ হ’ল বিদ্যালয়ৰ এনে পাঠ্যক্ৰম প্ৰস্তুত কৰা যত শিশুসকলে জানিব পাৰে নগা জনগোষ্ঠীৰ পৰিচয় কি, মণিপুৰী শাস্ত্ৰীয় নৃত্যৰ তাৎপৰ্য কি, অৰুণাচল প্ৰদেশৰ জৈৱবৈচিত্ৰ্যই কি প্ৰতিনিধিত্ব কৰে, যাতে উত্তৰ-পূৰ্বৰ মানুহ আচহুৱা নহৈ এক পৰিচিত চিনাকি হিচাপে পৰিগণিত হয়। ইয়াৰ অৰ্থ হস্তক্ষেপ প্ৰশিক্ষণৰো,অৰ্থাৎ মানুহক শিক্ষা দিয়া যে কোনো ব্যক্তি বৰ্ণবৈষম‍্যৰ বলি হ’লে মৌন হৈ থকাটোও এক সচেতন বিকল্প।

যেতিয়ায়ে উত্তৰ-পূৰ্বৰ এগৰাকী যুৱতীক তেওঁৰ জন্মস্থানৰ কাৰণে যৌনকৰ্মী বুলি অভিহিত কৰা হয়, তেতিয়া ভাৰতে নিজৰ সংবিধানকে লংঘন কৰে।

দিল্লী সদায়েই আগমনৰ এখন চহৰ হৈ আহিছে। প্ৰব্ৰজনৰ প্ৰতিটো ঢৌৱে ইয়াক অধিক বিশাল, অধিক প্ৰাণৱন্ত, অধিক জটিল আৰু অধিক সমৃদ্ধ কৰি তুলিছে। উত্তৰ-পূৰ্বাঞ্চলৰ যিসকল মানুহ পঢ়িবলৈ, কাম কৰিবলৈ, স্বপ্ন দেখিবলৈ এই চহৰলৈ আহিছে, তেওঁলোকো সেই ইতিহাসৰেই অংশ। তেওঁলোক সমস্যা নহয়, তেওঁলোক একেখন দেশৰে নাগৰিক। তেওঁলোকে কি বিচাৰে, কেৱল কোনো অপমানসূচক শব্দত আবদ্ধ নোহোৱাকৈ নিজস্ব পৰিচয়েৰে স্বীকৃতি পোৱাৰ অধিকাৰ। এয়াই হ’ল সভ্য সমাজে নিজৰ সীমাৰ ভিতৰৰ প্ৰতিজন মানুহক দিব পৰা ন্যূনতম মৰ্যাদা।

সক্ৰিয়ভাৱে ঘৃণা নকৰা মাত্ৰ এটা নিষ্ক্ৰিয় অৱস্থা ,অৰ্থাৎ অ-বৰ্ণবাদে সেই মৰ্যাদা প্ৰদান কৰিবলৈ কেতিয়াও যথেষ্ট নহ’ব। কেৱল সক্ৰিয় বৰ্ণবাদবিৰোধিতাইহে পাৰিব। নিষ্ক্ৰিয় অ-বৰ্ণবাদ বাস্তৱত এক প্ৰকাৰৰ অনুমতিস্বৰূপ। ই এনে এক পৰিৱেশ সৃষ্টি কৰে যত সক্ৰিয় বৰ্ণবাদ জী থাকে, কিয়নো পক্ষপাতিত্বই ক্ষতি কৰিবলৈ সকলোৰে অংশগ্ৰহণৰ প্ৰয়োজন নিবিচাৰে। ইয়াৰ বাবে কেৱল যথেষ্ট সংখ্যক মানুহৰ মৌনতাই পৰ্যাপ্ত। সক্ৰিয় বৰ্ণবাদবিৰোধিতাই ইয়াতকৈ অধিক দাবী কৰে। চুবুৰীয়াজনে কোনো অপশব্দ শুনিলে দুৱাৰ বন্ধ কৰি ঘৰত সোমাই নাথাকি, ‍ কিবা এটা কওক, তাকে দাবী কৰে বৰ্ণবাদবিৰোধিতাই। দাবী কৰে যে, প্ৰত্যক্ষদৰ্শীসকলে এনে পৰিস্থিতিক আন কাৰোবাৰ সমস্যা বুলি গণ্য নকৰক।সেই লক্ষ লক্ষ মানুহৰ পৰাও কিবা এটা দাবী কৰে যিসকলে সেই মালভিয়া নগৰৰ ভাইৰেল ভিডিঅ’টো চালে। কেৱল ভিডিঅ’ ক্লিপটো পৰ্দাত থকালৈকে স্থায়ী হোৱা ক্ষোভে কোনো পৰিৱৰ্তন আনিব নোৱাৰে। বৰ্ণবাদবিৰোধিতাৰ প্ৰকৃত কাম নিহিত আছে কৰিবলৈ বাছি লোৱা কামত, প্ৰশ্ন কৰিবলৈ বাছি লোৱা পূৰ্বধাৰণাত, ভাঙিবলৈ বাছি লোৱা মৌনতাত। এয়া কোনো অনুভূতি নহয়, এয়া এক অনুশীলন আৰু বাৰে বাৰে ইয়াক সচেতনভাৱে বাছি ল’ব লাগে।

ভাইৰেল ভিডিঅ’টোৰ এগৰাকী মহিলাই স্পষ্টকৈ কৈছিল: ‘আপুনি মোৰ সম্পৰ্কে যি কৈছিল সকলোৱে শুনিছে।’ হয় সকলোৱে শুনিছে, ভাৰতে শুনিছে। প্ৰশ্ন হ’ল — শুনিও ভাৰতে কিবা কৰিব ,নে কেৱল স্ক্ৰল কৰি আগুৱাই যাব?

Share This Article
Tanmayee Rani Neog
Tanmayee Rani Neog

Dr. Tonmoyee Rani Neog is a researcher and writer based in Germany. Her work explores contemporary narratives and cross-cultural perspectives. She is currently working on Assam’s Thengal Kachari community, examining their histories, cultural practices, and experiences of marginalization within broader social and political structures.

Articles: 1

Leave a Reply

Your email address will not be published. Required fields are marked *