blank

We, The People of The Northeast / উই দ্য পিপ্ ল  অব্ দ্য নৰ্থ-ইষ্ট

Share This Article

I live in the Northeast
of India, the world’s fifth-largest economy.
With every breath I take,
the soil of my home slips away.
In the murky waters of abandoned dams,
left behind by so-called developed nations,
my notebook of poems drifts dissolving.


I am repeatedly told that
there is no grand future waiting for me.
I am repeatedly told that in my margins
The language of the land is eviction
The language of love is separation


My right to dream has been traded away
into the hands of capitalists.
My childhood, lost to border conflicts.
My youth, its tender beauty bruised
under their hungry, lingering gaze.


I cannot go to Delhi to study,
yet I am expected to offer Delhi,
my vote,
my labor,
my life to sustain its luxury.
I give Delhi the lifeblood of my fertile fields
to be drained—slowly and silently.


When my land burns,
when the streets echo with gang rape,
when my mother tongue
is blackened and shamed,
I am erased from the grammar of national concern.


When I walk the streets and dare to speak of rights,
the internet goes dark.
Tear gas floods my eyes.
For the fiery generations of my soil,
they keep ready bullets of encounter,
and a raised unyielding MIDDLE FINGER.


I live in the Northeast
of India, the world’s fifth-largest economy.
Yet the history of my land finds no voice
in the nation’s centre.
They do not speak of our athletes,
our rivers dammed and broken,
or the worth, of the finger with which I vote.


At the centre,
they call me-
savage,
Chinese,
barbaric,
imposter;
and cast me aside.
And I
still, helplessly,
love this country.


Epilogue :
If I am only a margin,
why does my silence frighten you?
Why must you police my voice,
rewrite my face,
and claim my land
Yet deny that I BELONG?

The Assamese poem was published in Basanta Baibhav in April 2026.

উই দ্য পিপ্ ল  অব্ দ্য নৰ্থ-ইষ্ট 

– দিম্পীমণি দত্ত

মই বিশ্বৰ পঞ্চম বৃহৎ অৰ্থনীতি ভাৰতবৰ্ষৰ উত্তৰ-পূবত বাস কৰোঁ

প্ৰতিটো উশাহৰ সৈতে কমি আহে মোৰ ঘৰৰ মাটিকালি 

চৌপাশৰ উন্নত বুলি কোৱা দেশবোৰে এৰি দিয়া নদীবান্ধৰ

ঘোলাপানীত উটি যায় মোৰ কবিতাৰ টোকাবহী

মোক বাৰে বাৰে বুজোৱা হয় যে মোৰ কোনো ধ্ৰুপদী ভৱিষ্যত নাই

মোক বাৰে বাৰে বুজোৱা হয় যে মোৰ প্ৰান্তত–

মাটিৰ ভাষা উচ্ছেদ

প্ৰেমৰ ভাষা বিচ্ছেদ

মোৰ সপোন দেখাৰ অধিকাৰ বিক্ৰী গৈছে পুঁজিপতিৰ হাতত

মোৰ শৈশৱ পাৰ হ’ল সীমান্তৰ সংঘাতত

যৌৱনৰ ধুনীয়া সময়বোৰ জৰ্জৰিত সিহঁতৰ লোলোপ দৃষ্টিত

দিল্লীত মই পঢ়িব যাব নোৱাৰোঁ কিন্তু দিল্লীক মই ভোট আৰু বিলাসী জীৱন দিব পাৰোঁ

দিল্লীক মই এৰি দিওঁ মোৰ ৰসাল পথাৰৰ তেজ শুহিবলৈ

মোৰ প্ৰান্তত জুই জ্বলিলে, ৰাস্তাত গণধৰ্ষণ হ’লে, মোৰ মুখৰ ভাষাত ক’লা ৰঙ সানিলে– মোক ঠেলি উলিয়াই দিয়া হয় ৰাষ্ট্ৰীয় সমস্যাৰ তালিকাৰ পৰা 

ৰাজপথত আহি মই মোৰ অধিকাৰৰ কথা ক’লেই বন্ধ কৰি দিয়া হয় ইন্টাৰনেট সেৱা

চকুলৈ মাৰি পঠিয়াই কন্দুওৱা গেছ

মোৰ মাটিৰ তেজাল প্ৰজন্মৰ কাৰণে সিহঁতে সদায়েই সাজু কৰি ৰাখে এনকাউন্টাৰৰ গুলী আৰু সিহঁতৰ কঠুৱা মধ্যমা আঙুলি 

মই বিশ্বৰ পঞ্চম বৃহৎ অৰ্থনীতি ভাৰতবৰ্ষৰ উত্তৰ-পূবত বাস কৰোঁ আৰু মোৰ মাটিৰ ইতিহাস আলোচনা কৰা নহয় মোৰ দেশৰ কেন্দ্ৰত

আলোচনা কৰা নহয় মোৰ প্ৰান্তৰ খেলুৱৈৰ কথা

নদীবান্ধৰ কথা

মোৰ তৰ্জনী আঙুলিৰ মূল্যৰ কথা

মোক মোৰ দেশৰ কেন্দ্ৰ বিন্দুয়ে সদায়েই জংঘলী, চাইনিজ, বৰ্বৰ আৰু

ধাণ্ডাবাজ বুলি কৈ বিতাৰিত কৰিব খোজে 

আৰু মই?

বৰ অসহায়ভাৱে ভালপাওঁ এই দেশক

উপসংহাৰঃ

যদিহে মই কেৱল এক খীণ সীমান্ত 

মোৰ নিৰৱতালৈ তোমালোকৰ ভয় কিহৰ 

মোৰ মাতৰ মোৰ মুখৰ মানচিত্ৰ সলনি কৰাৰ চেষ্টা কিহৰ

মোৰ মাটিকালি হিচাপ তোমালোকৰ আঙুলিৰ মূৰত

তথাপিও, বাৰে বাৰে নৎসাৎ কৰা মোৰ অস্তিত্ব

Author

Dr. Tonmoyee Rani Neog is a researcher and writer based in Germany. Her work explores contemporary narratives and cross-cultural perspectives. She is currently working on Assam’s Thengal Kachari community, examining their histories, cultural practices, and experiences of marginalization within broader social and political structures.

Dimpy Moni Dutta

Dimpy Moni Dutta is a postgraduate from the Department of Social Work at Dibrugarh University and an accomplished poet who writes boldly against injustice.

Share This Article
Tonmoyee Rani Neog
Tonmoyee Rani Neog

Dr. Tonmoyee Rani Neog is a researcher and writer based in Germany. Her work explores contemporary narratives and cross-cultural perspectives. She is currently working on Assam’s Thengal Kachari community, examining their histories, cultural practices, and experiences of marginalization within broader social and political structures.

Articles: 3

Leave a Reply

Your email address will not be published. Required fields are marked *