Discourses From the East
শিৰোনামটোৱে সূচায় আচলতে আমি কোনবোৰ কথা আলোচনা কৰিবলৈ আগবাঢ়িছো।মূল আলোচনালৈ যোৱাৰ পূৰ্বে আমি দুটামান কথা ইয়াত স্মৰণ কৰি ল’ব খুজিছো।যথাঃ এটা সাম্প্ৰদায়িক শক্তিয়ে কিছু বছৰৰ পৰা শৰাইঘাট যুদ্ধৰ আহোম সেনাপতি লাচিত বৰফুকনক মুছলমান খেদা বীৰ বুলি প্ৰতিষ্ঠা কৰিবলৈ উঠি পৰি লাগি আহিছে। আনহাতে শংকৰদেৱৰ প্ৰগতিশীল দৰ্শনকো হিন্দুত্ব প্ৰলেপন দি তেওঁক ‘চংকৰদেৱ’ বুলি বীৰপূজন কৰাৰ প্ৰয়াস কৰি আহিছে।নক’লেও হ’ব যে আৰ এছ এছ তথা ইয়াৰ ভাতৃ-ভগ্নী সংগঠনবোৰে কেন্দ্ৰীয় আৰু ৰাজ্যৰ হিন্দু সাম্প্ৰদায়িক চৰকাৰৰ পৃষ্ঠপোষকতাত ভাৰতবৰ্ষৰ ইতিহাসক বিকৃত কৰি কেৱল হিন্দু ইতিহাস ৰচনাৰ যি কুট-কৌশল অৱলম্বন কৰিছে এই সমূহ কাণ্ড সেই কৰ্মসূচীৰেই একো একোটা অংশহে মাত্ৰ।ভাৰতীয় জাতীয়তাবাদক হিন্দু জাতীয়তাবাদৰূপে প্ৰতিষ্ঠা কৰি ভাৰতবৰ্ষৰ প্ৰব্ৰজনৰ ইতিহাসকো নস্যাৎ কৰি ক’বলৈ চেষ্টা কৰা হৈছে।ভাৰতীয় আৰ্যতাত্বিক জাতীয়তাবাদী ইতিহাসকাৰে মুছলমানসকলে সম্পদ লুণ্ঠনৰ বাবে ভাৰত আক্ৰমণ কৰা বুলি বাৰে ভুচহু কাল্পনিক তথ্যৰে ভাৰতবৰ্ষৰ মধ্য যুগৰ ইতিহাস নিৰ্মাণৰ বাবে কালাতিপাত কৰিব লাগিছে।আৰ এছ এছৰ এক হিন্দু ৰাষ্ট্ৰ নিৰ্মাণৰ এই এজেণ্ডাক সম্প্ৰসাৰিত কৰি দেশৰ চুকে-কোণে অতি কাৰ্যক্ষম কিছুমান কৰ্মসূচী আঞ্চলিক তৈয়াৰ কৰা হৈছে যাৰ দ্বাৰা হিন্দু ৰাষ্ট্ৰৰ বিৰুদ্ধে উপলব্ধ সাক্ষ্য প্ৰমাণবোৰক হয় হিন্দুৰকণ কৰি নহয় বিকৃত কৰি আঞ্চলিক বৈশিষ্ট্যযুক্ত তথ্য-প্ৰমাণ-সমলবোৰক হিন্দু ৰাষ্ট্ৰ আৰু ইতিহাস নিৰ্মাণৰ সপক্ষে ব্যৱহাৰ কৰা দেখা গৈছে।লাচিত বৰফুকনক মুছলমান খেদা বীৰ সজোৱা মূল কাৰকো এয়াই।লাচিত বৰফুকনক অসমৰ পৰা মুছলমান খেদা কৃৰ্তি বীৰ হিচাপে সমগ্ৰ ভাৰতত তথা বুৰঞ্জীত চিত্ৰায়ণ ও প্ৰতিষ্ঠা কৰি এইটো প্ৰমাণ কৰিবলৈ কু-প্ৰচেষ্টা কৰিব যে অসমতো তাহানিৰ পৰাই মুছলমান বিদ্বেষ আছিল।অথচ মোগলক খেদা শৰাইঘাট যুদ্ধত এই লাচিত বৰফুকনৰে বিশ্বস্ত সহযোগী আছিল বাঘ হাজৰিকা ওৰফে ইছমাইল ছিদ্দিকি নামৰ এজন মুছলমান বীৰ। যিজন ছিদ্দিকিক এতিয়া অতি জাতীয়তাবাদী আহোম বুৰঞ্জীকাৰসকলে নস্যাৎ কৰাৰ প্ৰৱণতা দেখুৱাই হিন্দুত্বত নিজকে জাহ দিব খুজিছে।
এই কাৰবাৰটো হ’ল এনেকুৱা, সকলো আঞ্চলিক বীৰ-বীৰাঙ্গনা আৰু নেতা-নেত্ৰীক ৰাষ্ট্ৰীয় মৰ্যাদা প্ৰদানেৰে তেওঁলোকৰ অৱদান আৰু আদৰ্শক ভুলকৈ বাখ্যা কৰি হিন্দু জাতত তুলি কোৱা হ’ব যে হিন্দু ৰাষ্ট্ৰ নিৰ্মাণত তেওঁলোকৰ ভূমিকা অগ্ৰণীয় আছিল, আৰু সেয়ে তেওঁলোকৰ উত্তৰ প্ৰজন্মই ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ নিৰ্মাণত হাত উজান দি পূৰ্বসূৰী বীৰ-বীৰাঙ্গনা আৰু নেতা-নেত্ৰীসকলৰ আশা-আকাংক্ষাক বাস্তৱায়িত কৰি তুলিব লাগে।এই এজেণ্ডা অতি স্পৰ্শকাতৰ আৰু সংবেদনশীল।এনে এজেণ্ডাত মোহগ্ৰস্ত হৈ অসমৰ প্ৰায়বিলাক জাতীয়তাবাদী নেতা-পালিনেতাৰ লগতে জনসাধাৰণে আৰ এছ এছৰ জালত ভৰি দিছে।আৰ এছ এছৰ এনে কুটিল আঁচনিত এইবাৰ অসমৰ ৰাজনৈতিক ইতিহাসৰ এজন অন্যতম প্ৰবাদ পুৰুষ জননেতা ভীমবৰ দেউৰীকো সাঙুৰি লোৱা দেখা গৈছে।জননেতা ভীমবৰ দেউৰীকো অসমৰ মু্লমান বিদ্বেষী এজন ৰাজনৈতিক নেতা আছিল বুলি সৰ্বভাৰতীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠা কৰি তেওঁৰ অৱদান আৰু আদৰ্শক বিকৃত কৰি কোৱা হ’ব যে তেঁৱো হিন্দু ৰাষ্ট্ৰ নিৰ্মাণৰ অসমৰ এজন প্ৰধান নেতা আছিল।আৰু এইদৰেই সৰ্বভাৰতীয় প্ৰেক্ষাপটত ব্ৰিটিছ ভাৰতত পিছপৰা অনুন্নত তথা ৰাজনৈতিক সামাজিকভাৱে উপেক্ষিত শ্ৰেণীটোৰ নাৰ্য অধিকাৰৰ বাবে সংগ্ৰামৰ নেতৃত্ব দি সফল হোৱা জননেতাজনৰ পৰিচয়টো বিলোপ কৰা হ’ব।এনে এক আঁচনিৰ অংশ হিচাপেই আৰ এছ এছৰ পৃষ্ঠপোষকতাত এইবাৰ ভীমবৰ দেউৰীৰ মৃত্যু বাৰ্ষিকী আয়োজনৰ মহা পয়োভৰা দেখা গৈছে।আৰ এছ এছৰ হঠাতে এই আয়োজন কিয় ? আমাৰ দৃষ্টিত এয়া তাৎক্ষিক প্ৰক্ৰিয়া নহয়, এয়া হিন্দু ৰাষ্ট্ৰ নিৰ্মাণৰ দীৰ্ঘম্যাদী আঁচনিৰেই এক অংশ।আৰ এছ এছে বোন্দাোৰ দি আছিল এক সুযোগলৈ সময়লৈ।তেওঁলোকে অপেক্ষা কৰি আছিল ভীমবৰ দেউৰীৰ এনে কোনো স্বগোষ্ঠীয় জাতীয়তাবাদী ব্যাখ্যাকাৰ তথা অনুৰাগীলৈ যিয়ে অতি সহজতে আৰ এছ এছৰ চক্ৰব্যুহত নিজকে জাহ দি বুদ্ধিজীৱী হোৱা অভীপ্সাক পূৰণ কৰিব পাৰে।তেনে সুযোগ পোৱাৰ লগে লগেই আৰ এছ এছে চৰকাৰৰ সহযোগত ভীমবৰ দেউৰীক স্মৃতিচাৰণ কৰি নিজৰ হিন্দু ৰাষ্ট্ৰ নিৰ্মাণৰ এজেণ্ডাত ভীমবৰ দেউৰীক অন্তৰ্ভুক্ত কৰিব।যিটো হ’ব ভীমবৰ দেউৰীৰ বাবে অতি ভয়ংকৰ আৰু ক্ষয়ংকৰী কথা হ’ব।আধুনিক অসমৰ ঐতিহাসিক আৰু ৰাজনৈতিক ধাৰা বিশ্লেষকসকলে অসমৰ ৰাজনৈতিক ইতিহাসত ভীমবৰ দেউৰীক বি আৰ আম্বেদকাৰৰ সৈতে তুলনা কৰি আহিছে তেওঁৰ ৰাজনৈতিক কৰ্ম আৰু অৱদানক বিশ্লেষণ কৰি।তেনে ক্ষেত্ৰত আৰ এছ এছৰ কৃপাত সাম্প্ৰদায়িক চৰকাৰখনে ভীমবৰ দেউৰীক হিন্দু ৰাষ্ট্ৰ নিৰ্মাণৰ নেতা সাজিলে তেওঁৰ অৱদানক বিলোপ কৰাৰ দৰেই নহ’ব নে?
এইখিনিতে আমি ভীমবৰ দেউৰী ৰাজনৈতিক দূৰদৰ্শিতাৰ সম্পৰ্কে কিছু আলোচনা কৰিব খুজিছো, যিখিনি অসমৰ বৰ্তমান ৰাজনৈতিক প্ৰেক্ষাপটত অতিশয় প্ৰাসঙ্গিক। লগতে এই কথাও কৈ লোৱা উচিত হ’ব যে ভীমবৰ দেউৰীয়ে জীৱনৰ প্ৰথমছোৱাত পোৱা দুটা ৰাজনৈতিক আঘাতে পৰৱৰ্তী ৰাজনৈতিক জীৱনত বহুলাংশে দিশনিৰ্দেশকৰ ভূমিকা পালন কৰিছিল। যথা, ছাত্ৰাৱস্থাত কটন কলেজৰ হোষ্টেলৰ ছেকেণ্ড মেছৰ আহাৰ গ্ৰহণত জাতি বৰ্ণগত বৈষম্যৰ বলি হোৱাৰ লগতে পৰৱৰ্তী সময়ত প্ৰতিযোগিতামূলক পৰীক্ষাত প্ৰথম হৈ বাছনি হোৱাৰ পিছতো সেই সময়লৈকে দেউৰী সম্প্ৰদায় চৰকাৰী চাকৰি লাভ কৰাৰ যোগ্য জাতি হিচাপে বিবেচিত নোহোৱাৰ বাবে উচ্চ শিক্ষিত জনজাতীয় যুৱক ভীমবৰ দেউৰীয়ে অসামৰিক সেৱাত নিযুক্তি লাভৰ পৰা বঞ্চিত হৈছিল। কটনৰ হোষ্টেলৰ বৈষম্য বিৰুদ্ধে ছাত্ৰাৱস্থাতে আন্দোলন আৰম্ভ কৰি তেতিয়াই নাৰ্য প্ৰাপ্তিৰ ৰাজনৈতিক চেনতাক জাগ্ৰত কৰিছিল ভীমবৰ দেউৰীয়ে। পৰৱৰ্তী সময়ত বঞ্চনাৰ বলি হৈ অসমৰ ৰাজনীতিত উপেক্ষিত জনজাতিসকলৰ কণ্ঠস্বৰৰূপে আবিৰ্ভাৱ ঘটা দেখা যায় ভীমবৰ দেউৰীক। কিন্তু কেৱল উপেক্ষিত জনজাতিসকলৰ কণ্ঠস্বৰ বুলি ক’লে ভীমবৰ দেউৰীৰ অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত তেওঁ লোৱা ভূমিকাক ভুলকৈহে মূল্যায়ণ কৰা হ’ব। ট্ৰাইবেল লীগৰ গুৰি ধৰোঁতা ভীমবৰ দেউৰী বহুমাত্ৰিক ৰাজনৈতিক কণ্ঠস্বৰ কেৱল নিপীড়িত উপেক্ষিতসকলৰ বাবেহে বুলি ভাবিলে ইতিহাসক অপব্যাখ্যা কৰাহে হ’ব। অসমৰ বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতি অতিশয় সংকটাপন্ন। পূৰ্বে উত্তৰ ভাৰতীয় বলয়ৰ আগ্ৰাসনে ইয়াৰ খিলঞ্জীয়াৰ অস্তিত্বৰ প্ৰতি বিশেষ সংকট সৃষ্টি কৰা নাছিল যদিও এতিয়া এক নতুন সংকটে অসমক গ্ৰাস কৰাৰ প্ৰৱণতা দেখা গৈছে।
বিগত ২০১৬ চনৰ পৰা ২০২০ চনৰ জানুৱাৰীলৈকে নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ক লৈ অসমৰ সাম্প্ৰতিক ৰাজনীতি উত্তাল হৈ পৰিছিল, দিল্লীৰ কৃষক আন্দোলনে সফলতা লাভ কৰাৰ পিছত অসমত পুনৰ CAA বিৰোধী আন্দোলনৰ উকমুকনি ঘটাৰ যো-জা চলিছে। অসমৰ খিলঞ্জীয়া লোকসকলে আশংকা কৰিছে যে ই আইনত পৰিণত হোৱাৰ পিছত কাৰ্যকৰী হ’লে অসমীয়া জাতিৰ সংকট আৰম্ভ হ’ব। ভাষিক-সাংস্কৃতিক আৰু ৰাজনৈতিক সংকটৰ লগতে ৰাজনৈতিক অধিকাৰৰ বিলুপ্তি হোৱাৰ আশংকা কৰা হৈছে। তীব্ৰ বিৰোধ/প্ৰতিবাদৰ পিছতো ২০১৯ৰ সংদসৰ শীতকালীন অধিবেশনত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ধৰ্মৰ ভিত্তিত বিদেশী নাগৰিকক নাগৰিকত্ব প্ৰদানৰ পোষকতাৰে ইয়াক আইনত পৰিণত কৰিলে; অথচ স্বাধীন ভাৰত এখন ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক ৰাষ্ট্ৰ। মূলত বাংলাদেশৰ হিন্দুসকলক নাগৰিকত্ব প্ৰদানৰ বাবেই বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে এই আইন প্ৰণয়ন কৰা কথাটো প্ৰায় স্পষ্ট হৈছে। যিটোৱে অসমীয়া জাতিক সংখ্যালঘুত পৰিণত কৰিব বুলি লোকগণনাৰ পৰিসাংখ্যাই দেখুৱাইছে। কিন্তু হিন্দু বাংলাদেশীসকলক নাগৰিকত্ব প্ৰদানে কেৱল অসমীয়া ভাষা-সংস্কৃতিকেই গ্ৰাস কৰিব নেকি? নকৰে, ইয়ে অসমৰ খিলঞ্জীয়াসকলৰ ভূ-সম্পদকো গ্ৰাস কৰিব। অসমৰ ভূমি-বন্দোবস্তি তথা ভূমি আইনে এতিয়াও ইয়াৰ খিলঞ্জীয়াসকলৰ বাবে ভূ-সম্পত্তিক সুৰক্ষিত কৰা নাই। ব্ৰিটিছ প্ৰণীত ঔপনিৱেশিক ভূমি আইনে অসমৰ খিলঞ্জীয়া মানুহৰ ভূ-সম্পত্তি ৰক্ষা কৰিব পৰা নাই। তেনেস্থলত হিন্দু বিদেশীক সংস্থাপনৰ দ্বাৰা কেৱল ভাষা-সংস্কৃতিৰ অস্তিত্বৰহে সংকটাপন্ন হ’ব বুলি ধৰি ল’ব নোৱাৰি।
প্ৰণিধানযোগ্য যে পূৰ্ববঙ্গৰ পৰা হোৱা অবাধ জনপ্ৰব্ৰজনে(সেই প্ৰব্ৰজনক আমি ধৰ্মীয় বিভাজনৰ পক্ষপাতী নহয়) অসমৰ কেৱল জনজাতিসকলৰ ভূ-সম্পদকে গ্ৰাস কৰিব বুলি ভবাটো আছিল অসমীয়া মধ্যশ্ৰেণী জাতীয়তাবাদী নেতাসকলৰ এটা ডাঙৰ ৰাজনৈতিক ভ্ৰম। অসমৰ ভূমিৰ স্থায়ী বন্দোৱস্তিৰ বাবে অসমীয়া মধ্যশ্ৰেণীয়ে কোনো উৎসাহ অনুভৱেই নকৰিলে। ভূমি বন্দোৱস্তিৰ বাবে প্ৰাদেশিক চৰকাৰে উদ্যোগ লোৱাতো দূৰৰেই কথা, অসম আৰু অসমীয়াৰ স্বাৰ্থৰ বাবে চিন্তা কৰি জীৱন পাত কৰা কোনো জাতীয়তাবাদী নেতা তথা মধ্যশ্ৰেণীয়ে ঔপনিৱেশিক ব্ৰিটিছ গৰ্ৱৰমেণ্টৰ ওচৰত এই দাবী পেচ নকৰিলে। বৰং ভীমবৰ দেউৰীৰ নেতৃত্বত ট্ৰাইবেল লীগে জনজাতিসকলৰ বাবে ভূমি সুৰক্ষাৰ স্বাৰ্থত চৰকাৰলৈ নতুন প্ৰস্তাৱ প্ৰেৰণৰ সময় জাতীয় কংগ্ৰেছৰ লগতে অসমীয়া মধ্যশ্ৰেণীটোৰ নেতাসকলে এই বিষয়ক লৈ সম্পূৰ্ণ উদাসীনহে আছিল। অথচ ভীমবৰ দেউৰী অসমৰ ভূমি সংক্ৰান্তীয় বিষয়ত ১৯৩৮ চনৰ পৰাই অতি সৰ্তক আছিল। বৰং পমুৱাক মাটি পট্টনৰ বিৰোধ কৰি ১৯৪০ চনত বিধান পৰিষদত কৈছিল— “The difficulty is that there is no end of number of the landless immigrant population. Such landless immigrants are being given lands in the vast areas of different districts of Assam Valley. There number instead of dwindling has been gradually increasing.” ইফালে লাইন প্ৰথাই জনজাতিসকলৰ ভূ-সম্পত্তি সুৰক্ষিত কৰিব নোৱাৰাত ১৯৩৮ চনৰ পৰা জনজাতিসকলৰ ভূমি সংৰক্ষণৰ বাবে ট্ৰাইবেল লীগৰ নেতৃত্বত ভীমবৰ দেউৰীয়ে প্ৰাদেশিক চৰকাৰৰ ওচৰত দাবী জনাই আহিছিল আৰু বহু বাধা অতিক্ৰমী ১৯৪৭ চনত গোপীনাথ বৰদলৈৰ প্ৰাদেশিক চৰকাৰে জনজাতিসকলৰ বাবে ‘অসম ভূমি আৰু ৰাজহ অধিনিয়ম’ৰ অধীনত ১৫,০০০ বৰ্গ কিলোমিটাৰ এলেকাক সাঙুৰি মুঠ ৩৮ ট্ৰাইবেল বেল্ট আৰু ব্ল’ক গঠন কৰিবলৈ বাধ্য হৈছিল। চৰকাৰৰ সুস্পষ্ট ভূমি নীতি আৰু সাদিচ্ছাৰ অভাৱত ট্ৰাইবেল বেল্ট আৰু ব্ল’কসমূহ পৰৱৰ্তী সময়ত অসুৰক্ষিত হ’লেও ই আছিল ট্ৰাইবেল লীগৰ বহিৰাগতৰ পৰা ভূ-সম্পত্তি ৰক্ষা কৰাৰ এক সচেতন আৰু অতি দূৰদৰ্শী প্ৰয়াস। যিটোৰ প্ৰতিও নেতৃত্বদায়ী অসমীয়া মধ্যশ্ৰেণীটোৱে সদায় উপেক্ষা কৰি আহিলে। আজি কা কাৰ্যকৰীকৰণৰ সময়ত আমি ভূমি সম্পৰ্কীয় প্ৰশ্নটোক কোনোপধ্যে এৰাই চলিব নোৱাৰো। ট্ৰাইবেল লীগ তথা ভীমবৰ দেউৰীৰ দৰে সেই সময়তে যদি সুস্পষ্ট ভূমি নীতি তথা স্থায়ী বন্দোৱস্তিৰ বাবে নেতৃত্বদায়ী অসমীয়া মধ্যেশ্ৰেণীৰ জাতীয়তাবাদীসকলে এক আন্দোলন কৰাহেঁতেন অসমৰ এখন বাস্তৱসন্মত স্থায়ী ভূমি বন্দোৱস্তিৰ আইন হয়তো লাভ কৰাত সফল হ’লহেঁতেন। যাৰ ফলত অসমত খিলঞ্জীয়া মানুহৰ ভূমি সুৰিক্ষত হৈ থাকিলহেঁতন।
আৰএছএছ আৰু সংঘ পৰিবাৰৰ নিৰ্দেশত সমগ্ৰ দেশৰ লগতে উত্তৰ পূৰ্বাঞ্চলত গোড়া হিন্দুত্ববাদৰ আগ্ৰাসন চলিছে। এই ধৰ্মীয় মৌলবাদৰ আগ্ৰাসনে সৃষ্টি কৰা অসহিষ্ণুতাই দেশৰ গণতান্ত্ৰিক চৰিত্ৰটোকেই কালিমা সনাৰ উপক্ৰম ঘটিছে। হিন্দু ৰাষ্ট্ৰ নিৰ্মাণৰ স্বপ্নত বিভোৰ আৰএছএছ আৰু সংঘ পৰিবাৰে উত্তৰ পূৰ্বাঞ্চলৰ তুলনামূলকভাৱে প্ৰগতিশীল খিলঞ্জীয়া জনগোটসমূহৰ মাজত উগ্ৰ হিন্দুত্ববাদৰ ধৰ্মীয় বিষবাষ্প বিয়পাই দিছে। অবাধ পমুৱাৰ প্ৰব্ৰজনৰ দৰেই এই হিন্দুত্ববাদৰ আগ্ৰাসনকো ১৯৪১ চনতেই ভীমবৰ দেউৰীয়ে তীব্ৰ বিৰোধ কৰিছিল। তেওঁ আশংকা প্ৰকাশ কৰিছিল যে হিন্দু মানুহৰ প্ৰব্ৰজনেও অসমৰ খিলঞ্জীয়া তথা থলুৱা মানুহৰ ভৱিষ্যতক সংকটাপন্ন কৰি তুলিব। যিটো আজি সাতটা দশকৰ পিছত ফলিয়াবলৈ গৈ আছে। ১৯৪১ চনতে ভীমবৰ দেউৰীয়ে অসমত হিন্দু আগ্ৰাসনৰ বিৰোধ কৰি কৈছিল— “হিন্দু মহাসভাৰ পক্ষৰ পৰা ভাৰতৰ আন আন প্ৰদেশত প্ৰচাৰ কৰি জাকে জাকে বিদেশী হিন্দু মানুহ আনি অসমৰ খালি মাটিবিলাকত ভৰাই দিয়া হওক বুলি প্ৰস্তাৱ কৰা হৈছে। ইয়াৰ অৰ্থ হৈছে ১৯৩৮ চনৰ পহিলা জানুৱাৰী পাছৰ পৰা অহা পমুৱাসকলৰ মাটি নিদিবৰ যি আইন কৰা হৈছে, সেই আইন উঠাই দিব। অসমীয়া হিন্দু-মুছলমান আৰু ট্ৰাইবেল জাতীয়লোকৰ নিমিত্তে ইয়াতকৈ ভয়াৱহ আন একো হ’ব নোৱাৰে।”
বিগত কিছু বছৰ ধৰি প্ৰগতিশীল নবীন চামৰ একাংশই ভীমবৰ দেউৰীৰ সম্পৰ্কে অধিক অধ্যয়নমুখী হোৱা দেখা গৈছে; যিটো অতি আশাপ্ৰদ কথা। কিন্তু তেওঁলোক যাতে ভীমবৰ দেউৰীক কেৱল তুষ্টিকৰণ, চৰ্বিত-চৰ্বন, পৌনঃপৌনিকতকাৰে বীৰ পূজন কৰি হকে বিহকে প্ৰকাশ কৰা নিৱন্ধ/কিতাপ পত্ৰৰ সংস্পৰ্শলৈ আহি অসমৰ ৰাজনীতি তথা সমাজ জীৱনলৈ ভীমবৰ দেউৰীয়ে আগবঢ়োৱা অৱদান সম্পৰ্কে এখন ভ্ৰান্ত পৃথিৱীত বিচৰণ নকৰে তাৰ বিষয়েও সচেতন হোৱা অতীৱ প্ৰয়োজন। ইতিমধ্যে আৰএছএছ-এ ভীমবৰ দেউৰীক হিন্দুত্বৰ বৰমালা পিন্ধোৱাৰ বাবে অগ্ৰসৰ হ’লেই। জননেতা ভীমবৰ দেউৰীৰ মৃত্যু দিৱস উপলক্ষে আমি মাত্ৰ তেওঁৰ ৰাজনৈতিক বিচক্ষণতাৰ দুটামান দিশৰ ওপৰতহে আলোকপাত কৰিলো। আমি আশা কৰিম অসমৰ এই সংকটৰ সময়ত ভীমবৰ দেউৰীৰ মতাদৰ্শৰ লগতে দূৰদৰ্শী ৰাজনৈতিক কৰ্মৰাজি নতুন পুৰুষৰ মাজত বস্তুনিষ্ঠ নিৰ্মোহ বিশ্লেষণ হ’ব আৰু অসমৰ সংকট মোচনৰ বাট মুকলি কৰাত আজিৰ ৰাজনৈতিক নেতৃত্বই দিকনিৰ্দেশনা লাভ কৰিব।

