Discourses From the East
প্ৰশ্ন হয় বাৰে বাৰে
কোন তুমি, কি তোমাৰ স্বৰূপ !
প্ৰশ্ন হয় বাৰে বাৰে কি নোহোৱা তুমি
সৃষ্টি, প্ৰেম, ৰাজনীতি ক’ত যে নাই পৰশ তোমাৰ
কিমান যে ভূমিকা, কত যে গুণ গৰিমা তোমাৰ !!
অন্তহীন উকা মৰুভূমিক শস্য- সেউজীয়া কৰা
বহু হাজাৰ গীতৰ গীতিকাৰ তুমি
অমলিন সুৰৰ মায়াৰে লক্ষ কোটিক
আৱিষ্ট কৰা যুগন্ধৰ সুৰকাৰ তুমি,
অনুপম গলাৰ গায়নেৰে অগণিত জনতাৰ
হিয়া লৈ প্লাৱন অনা ‘হাৰ্টথ্ৰ’ৱ’ গায়ক তুমি।
অযুত অৰ্বুদ ‘ফেন'(Fan) তোমাৰ ,মোহাৱিষ্ট
নতুনৰ হেঙুল -হাইতাল সনা গানৰ সুবাসত,
নাচিছে ‘ বলিয়া ‘ হৈ তোমাৰ গায়ন মূৰ্ছনাত
মেদিনী কঁপাই তিনি দশক- অধিক কাল।
হতাশ হয় অনুসন্ধিৎসা
ভাগৰি পৰে ৰোমান্টিক কল্পনা
সাহিত্যই বৰ্ণাব নোৱাৰা
গণিতে জুখিব নোৱাৰা
তোমাৰ বে-নজিৰ জনপ্ৰিয়তাৰ
উৰ্দ্ধমুখী ‘পাৰা’ খেদি।
কিয় ইমান ভালপোৱা
কেনেকৈ সম্ভৱ ইমান সখ্য মানুহৰ
তোমাৰ স’তে ……!
নোহোৱা যে তুমি সঙ্গীত ওজা কেৱল,
নোহোৱা যে বাঘ, হৰিণ, অজগৰৰ খেলৰ সঙ্গী
নিভাজ প্ৰকৃতিপ্ৰেমী কেৱল,
তুমি যে ছিন্নমূল নিঃস্ব জনৰ বিশ্বস্ত সহমৰ্মী
তুমি যে শঙ্কৰ -আজান আৰ্হিৰে মানৱতাৰ আৰ্কিটাইপ।
সেয়ে “মই থকালৈকে হিন্দু- মুছলমান সংঘৰ্ষ হ’ব নোৱাৰে “
নিৰ্ভয় দিয়া বিশাল বক্ষৰ অভিভাৱক তুমি,
সেয়ে ফুটপাথৰ পাচলি বেপাৰী তুমি,
সেয়ে অনাথৰ জাকক ঠিকনা দিয়া, শিক্ষা বিলোৱা
মহৰ্ষি পিতৃ তুমি,
সেয়ে নিৰুপায় জনক দুহাত খুলি দান কৰা
কলিৰ দাতাকৰ্ণ তুমি,
সেয়ে শীতৰ ৰাতি উদং দেহৰ বস্ত্ৰহীনক
নিজৰ জেকেট খুলি দিয়া ‘পাগল ‘ তুমি,
সেয়ে নিৰাশ ৰোগাক্ৰান্তক আশা সঞ্জীৱনী দিয়া
যুগ যুগৰ কল্পতৰু তুমি,
সেয়ে খাটি খোৱা গণ দেৱতাৰ
প্ৰাণ ভোমোৰা তুমি,
সেয়ে সীমাৰে বান্ধিব নোৱাৰা জনপ্ৰিয়তাৰ
একক ছত্ৰপতি তুমি…..।
কিন্তু এয়া কি হঠাতে ?
কম্পন কিয় বিশ্বৰ দশোদিশত ?
সমুপস্হিত নেকি অকাল দুৰ্যোগ ?
সকলো তছনছ কিয় ? বিধ্বস্ত কিয় ??
সুৰ বে-সুৰা কিয়?
তাল বে-তাল কিয় ?
স্তব্ধ কিয় ছন্দ ?
স্থৱিৰ কিয় মূৰ্ছনা ?
সময় নলৰে কিয় ?
বতাহ নবলে কিয় ?
নিঠৰ কিয় প্ৰকৃতি ?
কিয় ? কিয়?? কিয় ???
কাৰণ স্তব্ধ তোমাৰ কণ্ঠ ,
কাৰণ স্তব্ধ তুমি মানুহজন।
অ’স…. কোঢ়াল -আত্ৰাণি চৌদিশে
নুশুনি একোকে
অতিক্ৰমি বুকু ভঙা কান্দোন,
কলিজা ছিৰা বিননি ,
বসুমতী বক্ষৰ অজস্ৰ কম্পিত পদধ্বনি ।
লক্ষ কোটি ভৰিৰ একমুখী খোজ
বহু শতিকাৰ বৃহত্তম গড্ডলিকা প্ৰৱাহ
কঢ়িয়াই বোবা উদ্বিগ্নতা, চঞ্চল অস্থিৰতা ।
দলদোপ সৰুসজাই
শেষ দৰ্শনৰ শোকাকুল বাঞ্ছাত,
হোন্দোলদোপ প্ৰতি চহৰ
তলমল গ্ৰামীন ধৰা
বেদনাহত হৃদয়ৰ ঝঞ্ঝা বেগী আৱেগত।
স্মৃতিৰ ধল নামে উল্কাৰ গতিত
ডুবি যায় ক্ষমতাৰ দেউল
ভাহি যায় পণ্ডিতৰ বৌদ্ধিক ভেম
তলপৰে খাটি খোৱাৰ অন্ন চিন্তা
সৰ্বব্যাপ্ত তুমি
উশাহত তুমি নিশাহত তুমি
ভাৱনাত তুমি দৃষ্টিত তুমি
তুমি – তুমি- তুমি
তুমিময় কেৱল তুমিময়
আকাশ বতাহ ভূতল -অন্তৰীক্ষ
তুমিময়….. …।
আছিলা ধুমুহা নাচিছিলা ধুমুহা
ধুমুহাক কৰিছিলা সৃষ্টি বীজ
গজাবলৈ প্ৰেম, আস্থাৰ গজালি
চিৰ সাধনাৰ উৰ্বৰ বেদী-বক্ষত,
বান্ধিবলৈ ন-মাটিৰে নতুন আলি
বৰণহেতু ন-সূৰুযৰ ৰাঙলী কিৰণ।
বিদ্ৰোহ তোমাৰ সিৰাই সিৰাই
বিপ্লৱ তোমাৰ স্বপ্নত
সেয়ে অসাম্যত অতিষ্ঠ তুমি
বৈষম্যত আদিম বিতৃষ্ণা তোমাৰ
ক্ষুৰৰ ধাৰ কৰিলা পথ জীৱনৰ
প্ৰত্যয়েৰে উচ্চাৰিলা জীৱনবীক্ষা
” মই ছ’চিয়েল লেফ্টিষ্ট- কমিউনিষ্ট “
প্ৰচণ্ড বিদ্ৰোহ তোমাৰ বৰ্ণবাদৰ বিৰুদ্ধে
অৰুণ(আদিবাসী) উদাসিনী(বগলী) মধুসূদনক(বান্দৰ)
‘শৰণ’ দিলা গাৰ্গ
যুগান্তৰৰ প্ৰতিঘাত বৰ্ণবাদী প্ৰাচীৰত।
বীতশ্ৰদ্ধ তুমি ৰাজনীতিৰ উলঙ্গ
ভ্ৰষ্টাচাৰ ভণ্ডামিত
দহন পীড়নত ৰৌদ্ৰ মহেশ্বৰ তুমি
আদি ত্ৰিশূলত তাণ্ডৱ
ক্ৰোধৰ বিস্ফোৰণ
সুতীক্ষ্ণ হান মাৰা- ঘেন্টা, বাল
ছিৰাছিৰ শালীনতাৰ মিহি কোমল আচ্ছাদন
স্বাৰ্থ, আপোচৰ দুৰ্গন্ধময় ঢাকনি।
চাৰ্লি তোমাৰ প্ৰেম
(বিষ্ণু) ৰাভা তোমাৰ সাধনা,
গুৱেভাৰা তোমাৰ আদৰ্শ
তিনিৰ সমাহাৰত তুমি
একুৰা ক্ষুধাতুৰ জুই
জ্বলি পুৰি ছাই কৰিব খোজা
যত মানে অমানৱিক বিভৎস চাতুৰী
অবিশ্বাস্য সাহেৰে, দ্ব্যৰ্থহীন ভাষাৰে
ঘোষণা কৰা এক বিপ্লৱ –
” মোৰ কোনো জাতি নাই
মোৰ কোনো ধৰ্ম নাই
মোৰ কোনো ভগৱান নাই
মই মুক্ত……. । “
এৰা ,……..
মুক্ত বাবেই তুমি ‘মানুহ’
মুক্ত বাবেই তুমি শিল্পী- মহাশিল্পী
মুক্ত বাবেই তুমি জুবিন গাৰ্গ ।
AGNISUDHA
The question arises again and again
Who are you? What are you?
Such diversity of roles, such virtues and glories!!
Turning the infinite barren desert crop green
Of thousands of songs you are the lyricist
Millions lost in the illusion of creating that immaculate tune
But You are that composer of an era you forged.
Incomparable voices of the innumerable peoples
But you are the ‘heartthrob voice’ that inundates the heart.
Thousands of millions of fans yours alone
Mesmerised.
In the novel crimson tinged orange hued fragrance of your songs
Dancing in ecstasy to your heady renditions
Mother Earth reverberates for three eons more.
Questioning deflates
Romantic imagination tires
Literature cannot describe
Mathematics cannot measure
Your matchless mercurial rise as the beloved of the masses.
Why so much love?
How is it possible for this connect of people
With you?
You are not just a music maestro
Nor a playmate of the tiger, deer or python
Nor just an unequivocal lover of nature
You are that special empathiser of the dispossessed
The Archetype of humanity in the style of Shankar-Ajaan
And so
“As long as I am alive there cannot be any Hindu-Muslim conflict”
So you are that fearless expansive chested confidence boosting Guardian
Promising security to all
So you are the vegetable vendor on the footpath
So you are the superior sage father giving identity and education to so many hapless orphans
So you are the ‘Daatakarna’ of Kaliyug donating openhandedly to the helpless
So you are the ‘crazy’ remover of jacket of own back
to clad a naked body on a freezing winter night.
So you are the eternal wish fulfilling Kalpotoru tree
restoring hope to the desperately sick
So you are the life blood of the toiling masses .
So you are the King of Kings of the boundless love of the people.
But what is this suddenly?
Why are there tremors in ten corners of the earth?
The foreboding of an unexpected catastrophe?
Why a surging disaster?
Why this devastation?
Why tunefulness untuned?
Why rhythm unrhythmed?
Why time stands still?
Why the wind does not blow?
Why is nature stunned?
Why? Why? Why?
Because your Voice is still
Because you are still
Oh…..overwhelming upheaval all around
Nothing can be heard surpassing heartbreaking cries
Gut wrenching lamentations
Uncountable trembling footsteps on the Earth.
A tread in one direction alone of millions of feet
The largest peoples march in centuries
Carrying the dumbfounded anxieties, unsteady impatience
Tumultuous Sarusajai
Desirous of catching one last grief stricken glimpse
Upheaval in every town
Disarray in every rural structure
A hurricane of collective grief
A meteoric stream of memories descend
Sinks the wall of power
Drifts aside the Pandit’s intellectual vanity
Overcomes a worker’s daily wage concerns
Every other agenda is submerged.
You pervade everything
You are all pervasive
You are in every inhalation and in every exhalation
You every thought, you every sight
You. You… You.
You and only You
Sky, wind, earth, space
You.
You were a storm, danced a storm
Made the storm the seed of creation
To grow love, seedlings of trust
Eternal endeavour at a fertile altar
To build with new soil a new road
Coloured by the radiance of a rising sun
Rebellion in your every nerve
Revolution in your every dream
Deeply disturbed by inequality
Your primordial revulsion of the discriminatory
Yours is a razor sharpened path of life
You declared your life’s ethos with conviction
“ I am a social leftist – a Communist”
A fierce rebellion against casteism
Arun(Adivasi) Udasini(heron)
Madhusudhon ( monkey)
All given refuge under ‘Garg”
An epochal strike against the walls of divisiveness
Retaliation against age old societal impositions.
You scoffed at politics, the filthiness of its naked reality
Its depravity and hypocrisy
In the smouldering torment you are Angry Maheswar
In the eternal Trident – the Tandava
An explosion of rage
Expletive outrage – GHENTA BAAL!
Shredding the silky smooth guise of decency
Of interests, the stinking garb of compromise
Charlie is your love
Bishnu Rabha your sadhana
Guevara your role model
The three combined is you.
A hungry fire wants to burn to ashes
Nefarious human cunning.
With incredible courage, with unambiguous language
A revolution declared –
‘I have no Race
I have no Religion
I have no God
I am Free.
Yes you are free.
As you are free so you are a ‘human being’
As you are free so you are an artist
As you are free you are Zubeen Garg.
Translation – Dr. Roshmi Goswami

