Discourses From the East
তথাপি ৰঙা (Still Red), পঁইতাচোৰা (Cockroach)

তথাপি ৰঙা শিমলু সৰা সেই যে ছবিখন না শীত না বসন্ত না এখিলা পাত ফুটাৰ ক্ষান্তি অনুকুল পৰিৱেশলৈ প্ৰতীক্ষাৰ ক্ষান্তি শিমলুৰ নাথাকে লঠঙা গছত ওলোমাৰ পৰিণাম শিমলুয়ে নুবুজে বিনাৰক্ষে ফুলাৰ বিপদ শিমলুয়ে নাজানে নতুন পাতলৈ ৰাইজ উত্ৰাৱল হ’লেও শিমলু কিন্তু সৰে আত্মাভিমানেৰে শিমলু হাততসাৰে-ভৰিতসাৰে নমৰহে অতিক্ৰান্ত আসক্তি বিফল আড়ম্বৰ তথাপি চোৱা, আমাৰ মাটিত সৌৱা টিকটিকীয়া ৰঙা দলিছা তলসৰা শিমলুৰ Still Red, (Translation) Do you remember picturing for meThe ximolu trees that had lost all their flowers? To wait…




