Discourses From the East
তুমি মাতাল হ’ব খুজিলেই
ধৰাৰ বুকুলৈ নামে
এটা যাদুকৰী ক্ষণ
ধেনুভিৰীয়া বাট এটাৰে
খাৰঘূলি পাহাৰখনলৈ বৈ আহে
স্বপ্নভংগ হোৱা এটি সন্ধিয়া
মাতাল হ’বলৈ
তোমাৰ কথাৰ তালে তালে
সন্ধিয়াটোৱে বগায় অনেক পাহাৰ
চীন,ৰাছিয়া কিম্বা কিউবাৰ
সন্ধিয়াটোৱে নানামে সমতললৈ
লুইতৰ উমাল ল’বলৈ
তোমাৰ বুকুৰ উশাহ গণিবলৈ
শতিকাজুৰি শুই থকা নিশাটোক
লাগে এটা যাদুকৰী ক্ষণ
এৰি অহা শ্লোগানবোৰ
মনত পেলাবলৈ
পৰিত্যক্ত চোতালখন বিচাৰিবলৈ
য’ত এদিন ফুলিছিল ৰঙা গোলাপ
~ কিশোৰ কুমাৰ কলিতা








