Discourses From the East
তথাপি ৰঙা
শিমলু সৰা সেই যে ছবিখন
না শীত না বসন্ত
না এখিলা পাত ফুটাৰ ক্ষান্তি
অনুকুল পৰিৱেশলৈ প্ৰতীক্ষাৰ ক্ষান্তি
শিমলুৰ নাথাকে
লঠঙা গছত ওলোমাৰ পৰিণাম
শিমলুয়ে নুবুজে
বিনাৰক্ষে ফুলাৰ বিপদ
শিমলুয়ে নাজানে
নতুন পাতলৈ ৰাইজ উত্ৰাৱল হ’লেও
শিমলু কিন্তু সৰে আত্মাভিমানেৰে
শিমলু হাততসাৰে-ভৰিতসাৰে
নমৰহে
অতিক্ৰান্ত আসক্তি
বিফল আড়ম্বৰ
তথাপি
চোৱা,
আমাৰ মাটিত সৌৱা টিকটিকীয়া ৰঙা দলিছা
তলসৰা শিমলুৰ
Red, Still (Translation)
Do you remember picturing for me
The ximolu trees that had lost all their flowers?
To wait for conducive conditions
Is not in ximolu
The dangers of hanging from a bare tree
Ximolu does not measure
To bloom without protection
Ximolu does not fear
Even as people wait for new leaves
Ximolu makes way proudly
Ximolu does not wither quietly
Spent passion
Failed grandeur
Yet
See!
On our land lies the deepest red carpet
Of fallen ximolu
পঁইতাচোৰা
পঁইতাচোৰা আঁকিবা?
ৰঙা, মূগা পঁইতাচোৰা
দৃঢ়, কঠিন ছালৰ
পঁইতাচোৰা
তোমাৰ স্কেচবুকৰ পাতত মোৰ আধা ডজন কাঁইটীয়া ঠেং
পিলপিলাই থকা
বিপ্লৱ-জ্বৰত
শুব নোৱৰা
কিন্তু কাইলৈ
কোনে জানে, হয়তো আজিয়েই
মই ৰং সলাম
ৰং সলোৱা পঁইতাচোৰা আঁকিবা?
ৰঙা-মূগা, দৃঢ়-কঠিন গুচি
মই বগা হ’ম
মোৰ চাল
ক্ৰিমৰঙী
কোমল
অর্ধস্বচ্ছ
কেমিলিয়ন বুলি সন্দেহ কৰিবা?
নে আঁকিবা মোক মোৰ দুৰ্বলতাতো
সাময়িক বিবর্ণতাৰপৰা
আকৌ ৰঙীন হোৱাৰ ঠিক আগৰ মন্দাৱস্থাতো?
মোৰ চহৰলৈ স্বাগতম, শিল্পী
যাৰ জেকা গৰমত
মই কিলবিলাই ফুৰোঁ
Cockroach (Translated)
Will you draw a cockroach?
A red-brown cockroach,
a cockroach
in its hard, unyielding skin.
Across the page of your sketchbook,
my half-dozen spiny legs
keep skittering.
With revolution-fever,
I cannot sleep.
But tomorrow
(who knows, perhaps today itself)
I will change colour.
Will you draw
a colour-changing cockroach?
Shedding the red-brown,
the hard and the strong,
I will turn white.
My skin
cream-coloured,
soft,
half-translucent.
Will you take me
for a chameleon?
Or will you draw me
even in my weakness —
in that brief, temporary pallor,
in the low hour just before
colour returns to me?
Welcome to my city, artist,
where, in the damp heat,
I keep scuttling.




