Discourses From the East
আমাৰ ঘৰৰ পূবত এখন বহল পথাৰ। স্থানীয় কাৰবিলোকে পথাৰখনক ‘আংবং আহিদি’ আৰু অনান্যসকলে ‘মাজপথাৰ’ বুলি জানে। প্ৰায় তিনি কিলোমিটাৰ দূৰৈত- চালে চকুৰোৱা শাৰিশাৰি কাৰবি পাহাৰ। অতীজৰ কাৰবিলোকে এই পাহাৰ আৰু অঞ্চলৰ বিভিন্ন স্থান বিশেষত্ব অনুযায়ী নামাকৰণ কৰি গৈছে। চৰ্লেং আংলং, আৰলং দংকি, ইংলং লাংপং, মিছ’লংজন, লংছাংপি, লংছাংছ’, ইংহেত পিল’ল’, নকচাম, হাম্পুৰ আদি। কলং, কপিলী, যমুনা নদীৰ পৰা উত্তৰৰ বহ্মপুত্ৰ, কাজিৰঙা অভয়াৰণ্য ব্যাপি থকা অঞ্চল কাৰবিসকলৰ বহু পৌৰাণিক মেতমৰা ইতিহাস পোৱা যায়।
সাম্প্ৰতিক সময়লৈকে ইয়াত বসবাস কৰা কাৰবি সাংস্কৃতিক ভাৱে চহকি। চছেংধেন্তা, আৰ্লং-দংকি, ৰংফেলাং, লাংএৎ-ছ’, ছাংৰেক আৰং, হাজা, নকবাৰে পিনপ’ আৰং (নকবিৰি পিনপ আৰং বুলিও কয়), বাম’আৰং, ৰং’ফংৰং, ৰং’জাংফং, ফাকুদং ইংতি আৰং, ছাংমাজি, ছাংছখি, চাইবুক, উচ্চা আৰং, মেন আৰং, কংহাইপাম, ছ’চান ৰংচেদেন, ছিৰছিপ শালনা, চেকছ’ আথই আদিত আজিও স্বকীয় ভাষা-সংস্কৃতি আৰু পৰম্পৰা জীয়াই ৰাখিছে। বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ চৰম উৎকৰ্ষ সাধনে প্ৰায় প্ৰতিজন ব্যক্তি আৰু ব্যক্তিত্বত প্ৰভাৱ পেলোৱাৰ সময়ত কাৰবিসকলে নিজস্ব ঐতিহ্যক অক্ষুন্ন ৰাখি আগুৱাই যাবলৈ সক্ষম হৈছে।
১৯ শতিকাত বৃটিছ উপনিবেশিক শাসনৰ পাদূৰ্ভাৱত অসমত চাহ উদ্যোগ গঢ়ি উঠিছিল। এই চাহ বাগিছাৰ শ্ৰমিক আমদানি হৈছিল বৃহত্তৰ ঝাড়খাণ্ড, উৰিষ্যা, পূৰ্ব বংগৰ আদি অঞ্চলৰ পৰা। অসমৰ অন্যান্য ঠাইৰ লগতে বৃহত্তৰ বামুনী অঞ্চলটো এই শ্ৰমিক আমদানিৰ প্ৰভাৱ পৰিল। মুণ্ডা, খাৰীয়া, চাওতাল, ওৰাং, চাওৰা আদিৰ লগতে পমূৱা মুছলমান, বঙালী, বিহাৰী মানুহৰ প্ৰব্ৰজন ঘটিল। ফলস্বৰূপে অঞ্চলটোৰ জনগাঠনি পৰিবৰ্তন হ’ল। কাৰবি বসতি অঞ্চলত স্থানীয় অৰ্থনীতিৰ বিপৰিতে উপনিবেশীক নতুন অৰ্থনীতিয়ে মুৰ ডাঙি উঠিল। এইদৰে উপনিবেশীক অৰ্থনীতিত থলুৱা স্বাধীন অৰ্থনীতি নিৰ্ভৰশীল হৈ পৰিল। মোৰ ঘৰৰ পৰা এক ফাৰ্লং দূৰত বামুনি তিনি আলি। বামুনি নামটো পুৰণি যদিও নামৰ উৎসৰ প্ৰামাণ্য বিতৰ্কীত। কাৰবি সকলে নিজৰ গাওঁখনক “ছচেংধেন্তা” বোলে। কাষৰ তিৱাসকলেও অতীজৰ পৰা “ধেন্তাক্ৰাই” অৰ্থাৎ “ধেন্তা গাওঁ” বুলিয়ে জানে। ‘ছ’ অৰ্থ সতি-সন্ততি, ‘চেং’ অৰ্থ হ’ল শ্ৰীবৃদ্ধি, ‘ধেন্তা’ শব্দৰ অৰ্থ হ’ল স্থান বা অঞ্চল। এতেকে যি স্থানত কাৰবিসকলৰ সতি-সন্ততিয়ে শ্ৰীবৃদ্ধি পালে সেই ঠাইক ‘ছচেংধেন্তা’ বোলে। এই ছচেংধেন্তা হ’ল কাৰবি পৰম্পৰাৰ অন্যন্য কেন্দ্ৰবিন্দু। পৰম্পৰাগত ‘চিণ্ঠং লংৰি’ৰ প্ৰশাসনিক মুৰব্বী লিন্দক, কাথাৰ, ছেনত, মিজিৰ অস্তিত্ব আজিও বিদ্যমান। এই গাওঁৰ পৰা ‘জেৰই কেদাম’ (প্ৰশাসনিক এলেকাৰ পৰিভ্ৰমণ) কাৰ্য্য সমাপন কৰে। এইদৰে ‘নকবাৰে পিনপ’ আৰং’ হ’ল ‘আমৰি লংৰি’ আৰু ‘ছ’চান ৰংচেদেন’ (যাৰ আধুনিক নাম কঠালগুৰি) হ’ল ‘ৰংহাং লংৰি’ৰ প্ৰশাসনিক মুৰব্বীৰ কেন্দ্ৰবিন্দু।
ই যিকি নহওক এই বামুনি হ’ল গড়কাপ্তানি পথৰ সংযোগ স্থল। এটা পথ পূবদিশে গৈছে আৰু আনটো পথ দক্ষিনলৈ গৈছে। উত্তৰ পথে বঢ়হমপুৰ হৈ নগাওঁ চহৰত সংযোগ হৈছে। তিনি আলি চকত ১৯১০ চনত ২৬ নং বামুনী জুনিয়ৰ বেছিক এল পি স্কুলখন স্থাপন হৈছে। ককা ধৰম ইংতি (ধৰম মহৰি), দামোদৰ দলৈ, হন্দেম টিমুং আদি এই বিদ্যালয়ৰ প্ৰথম ছাত্ৰ আছিল বুলি শুনা যায়। তিনি আলিৰ কাষতে এখন সাপ্তাহিক বজাৰ। এই বজাৰৰ সম্পৰ্কে মোৰ শিক্ষাগুৰু স্বৰ্গীয় মুনীন্দ্ৰ শইকীয়া চাৰে বামুনী এম ই স্কুলৰ সোনালী জয়ন্তী বৰ্ষ উদযাপনৰ স্মৃতি গ্ৰন্থ “সোনালী জয়ন্তী”ত অতি সুন্দৰ ভাৱে বৰ্ণনা কৰিছে। তেখেতে বজাৰখনক পাহাৰ ভৈয়ামৰ মিলন থলি বুলিছে। সপ্তাহৰ প্ৰতি ৰবিবাৰে বহা এই বজাৰত পাহাৰৰ বিবিধ শাক-পাচলি পোৱা গৈছিল। বিবিধ কল, জলকীয়া, কচু, উড়ালত খুন্দা চাউল, পঞ্চমুখী লাচু, লাও আদি। এই বজাৰলৈ বঢ়মপুৰ, পুতনি, ঘোগৰ, ননৈ, হালোৱা গাওঁ, চলচলি আদিৰ পৰা তামোল-পান, লেচেৰামাহ, মাটিমাহ, মিঠৈ, চুঙা-দৈ আদি বিকিবলৈ আৰু কিনিবলৈ অহাৰ কথা উল্লেখ কৰিছে। বজাৰৰ গাতে লাগি আছে কেঙাৰ গোলা।
আমি দেখা আৰু লগ পোৱা সুৰ্য্যমল শৰ্মা আৰু সীতাৰাম শৰ্মা আছিল অতি উদ্যোগী লোক। আমি ছাত্ৰ সংগঠন কৰোতে বহু সহায় কৰিছিল। ৮৩ৰ অসম আন্দোলনটো সক্ৰিয় সহযোগ কৰা আমি দেখিছিলো। বামুনি এম ই স্কুল প্ৰতিষ্ঠা কালত তেখেতসকলৰ দেউতাক অগ্ৰণি ভুমিকা পালন কৰিছিল বুলি শুনা যায়। মোৰ অতিকৈ শ্ৰদ্ধাৰ শিক্ষাগুৰু কুমুদেশ্বৰ দলৈ চাৰে বিদ্যালয় প্ৰতিষ্ঠাত জড়িত ব্যক্তিসকলৰ নাম সোনালী জয়ন্তী বৰ্ষ উদযাপনৰ উপলক্ষে যুগুত কৰা স্মৃতি গ্ৰন্থত উল্লেখ কৰিছে। বিদ্যালয় প্ৰতিষ্ঠাপক সভাপতি ককা হন্দেম তিমুঙৰ নেতৃত্বত মোৰ পিতাই চৰণ চিং ইংতি কে প্ৰমুখ্য কৰি ৰমজান আলি, চেখাৱত আলি, কলীয়া গগৈ, ৰাপং ক্ৰ, ঘণ পাটৰ, পিতৰাম গগৈ আদিয়ে গুৰি ধৰিছিল। তেখেতসকল ইতিমধ্যে নৰ-নাট সামৰিছে। উদ্যোগী কেঙা পৰিয়ালৰ অন্তিম সদস্য সুৰ্যমল শৰ্মা জীৱনৰ বিয়লি বেলাত স্ব-ৰাজ্য ৰাজস্থানত ইহঁলীলা সম্বৰণ কৰিছে বুলি শুনিছো। পৰম পিতাই তেখেতসকলৰ আত্মাক চিৰ শান্তিত ৰাখক।
বামুনি তিনি আলিৰ পৰা পুবলৈ কটোহানি, টিলা বৰবাৰী (ৰংকাংটুই), মিকিৰচাং, বৰবাৰী, চাপানালা, কঠালগুৰি, শালনালৈ গৈছে। আনটো পথ বামুনী, কন্দলী কঠিয়াতলী লৈ গৈছে। পাহাৰ ভৈয়াম ব্যাপি থকা মধ্য অসমৰ এই ইতিহাস প্ৰসিদ্ধ অঞ্চলক কাৰবিসকলে অতীজৰ পৰা নিজৰ বাসস্থান হিচাপে গণ্য কৰি আহিছে। কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাই ‘অসমীয়া কৃষ্টি’ত এই কাৰবিসকলক আদিমতম জনগোষ্ঠী বুলিছে। যুগৰ পৰিবৰ্তন আৰু সময়ৰ প্ৰবাহত অঞ্চলটোলৈ বিভিন্ন জনগোষ্ঠী আগমন ঘটাত প্ৰকৃতি আৰু হিস্ৰ জন্তুৰ সৈতে সংঘৰ্ষ কৰি জীৱন নিৰ্বাস কৰা কাৰবিসকল মানুহৰো ইৰ্ষাৰ কাৰণ হৈ পৰিল। এনে পৰিস্থিতিত এই শান্তি প্ৰিয় জনগোষ্ঠীটোয়ে কেতিয়াবা সংঘাটৰ মুখামুখি হবলগীয়া হৈছিল। ১৭৬৫ খৃষ্টাদ্ধত ৰাজেশ্বৰ সিংহৰ দুদল ৰাজকীয় সৈন্যৰ সৈতে চাপানলাত এঘুৰি যুজ হৈছিল। সেই ৰণত আহোমে কাৰবিসকলক পৰাভূত কৰিছিল। আহোম সেনাই কাৰবিসকলৰ শস্যৰ ভড়াল লুটপাট কৰি ঘৰ জ্বলাই চাৰখাৰ কৰিলে(অসম বুৰঞ্জী- এডৱাৰ্দ গেইত)। কাৰবি সংস্কৃতিৰ লোকগাথা ‘মুছিৰা কিহিৰ’ত সেই স-কৰুণ নিৰ্য্যাতিত ইতিহাসৰ বৰ্ণনা পোৱা যায়-
ইলি কাৰবি তাংতে
ইলি কাৰবাক তাংতে
ছনু বছি, ছক্লেং বছি
পুৰু লকফ্ৰাত কেলং
ফাণ্ডাৰ লকফ্ৰাত কেলং
লাছি বাং এলাংউন-এ লকে
লাছি বাং ইলু উন-এ লকে
পুৰু এচেকপি-এত
ফাণ্ডাৰ এচেকপি-এত
লাছি ইলি নাংবে লকে
লাছি ইলি নাংচে লকে—-(মছিৰা কিহিৰ)
(আমি কাৰবিসকল এই ঠাইৰ আদিম বাসিন্দা, আমাৰ ভড়াল শস্যৰে ভৰি আছিল। তাকে দেখি আন জাতিৰ ইৰ্ষা হ’ল। আমাৰ শস্যৰ ভড়াল লুট-পাট কৰি লণ্ড-ভণ্ড কৰিলে। সেয়েহে আমি সেই স্থান ত্যাগ কৰিলো।)
কুৰি শতিকাৰ আৰাম্ভনিত প্ৰাগ-ঐতিহাসিক কালৰ ঘটনা প্ৰৱাসৰ প্ৰণালীবদ্ধ অধ্যয়ন আৰাম্ভ কৰিছিল কেইগৰাকীমান বৃটিছ প্ৰশাসনিক বিষয়া তথা পণ্ডিতে। জে এইছ হাট্টন, জে পি মিলছ আদি আছিল সেইসকলৰ ভিতৰত প্ৰধান। তেখেতসকলে নগা পাহাৰ, উত্তৰ কাছাৰ আৰু গাৰো পাহাৰৰ পৰা প্ৰাচীন প্ৰস্তৰ যুগৰ সজুলি সংগ্ৰহ কৰিছিল। হাট্টনৰ “প্ৰাগ-ঐতিহাসিক অসম” নামৰ গ্ৰন্থই নৱ-প্ৰস্তৰ যুগৰ আভাষ দিছে। সেই কালত ইয়াৰ বাহিৰে প্ৰাগ-ঐতিহাসিক অসমৰ কোনো পৰ্যাপ্ত তথ্য পোৱা নগৈছিল(The Comprehensive History of Assam, Prehistoric, page 27- H.K. Barpujari vol. I) ৰায়বাহাদুৰ কনক লাল বৰুৱাই তেখেতৰ “প্ৰাগ-ঐতিহাসিক সংস্কৃতি”ত নৱ-প্ৰস্তৰ যুগত আবিস্কৃত তথ্যৰ ওপৰত মত প্ৰকাশ কৰিছে যে অসমৰ পুৰাপাথৰত মানুহৰ ধ্বংসাৱশেষ আৱিষ্কাৰ হোৱা নাছিল, কিন্তু সমগ্ৰ অসমৰ দৈৰ্ঘ্য আৰু জীৱন জীৱিকাৰ বাবে ঘহি পিহি লোৱা শিলৰ সঁজুলি ৰূপত পৰ্যাপ্ত প্ৰমাণহে পোৱা গৈছিল।
অসম মেগালিথিক সংস্কৃতিত চহকী। মেগালিথিক সংস্কৃতিৰ আটাইতকৈ উল্লেখযোগ্য বৈশিষ্ট্য হ’ল ই কেৱল প্ৰাগ-ঐতিহাসিকেই নহয়, কিন্তু এতিয়াও এই অঞ্চলৰ জনজাতীয় সম্প্ৰদায়ৰ মাজত এক জীৱন্ত ৰীতি-নীতি আৰু পৰম্পৰা হিচাপে স্থায়ী হৈ আছে(The Comprehensive History of Assam, Vol. 1, H.K. Barpujari. Page- 37; অধিক তথ্যৰ বাবে Godwin Austen, JRAI. i pp. 122-43; Mills, J. P. JARS, i pp.; Clarke, C. B. JARAI, iii; পঢ়ক)। খাচীয়া-জয়ন্তীয়া, গাৰো লগতে অসমৰ পাহাৰ আৰু ভৈয়াম অঞ্চলত বসবাস কৰা কাৰবিসকলৰ সংস্কৃতিত এই প্ৰাচীন প্ৰস্তৰ যুগৰ মেগালিথিক চানেকী পৰ্য্যাপ্ত পৰিমানে পোৱা যায়। বিষ্ণু প্ৰসাদ ৰাভাই তেখেতৰ ‘অসমীয়া কৃষ্টি’ত কাৰবিসকলৰ এনে মেগালিথিক বা ‘লংএ’ (শ্মহানত পুতা শিল) সম্পৰ্কে সবিস্তাৰে বৰ্ণনা কৰিছে।
আহোম আৰু বৃটিছ শাসনৰ আলি-দোমোজাত বিভিন্ন ঘটনা প্ৰবাসৰ ইতিহাস পোৱা যায়। আহোমসকলে নামনি অসমত ৰাজ্য সম্প্ৰসাৰণ কৰিবলৈ আহি মধ্য অসমৰ এই বিশাল ভূ-খণ্ডত কাৰবিসলৰ সৈতে মুখামুখি হৈছিল। অস্ত্ৰ-সস্ত্ৰৰে সু-সঞ্জিত আহোম শক্তিৰ সন্মোখত অসংগঠিত কাৰবি শক্তিয়ে হাৰ মানিছিল। এইদৰে ধনে ধানে ঐচৰ্য্যশালী কাৰবিসকল আৰু কাৰবি অঞ্চল আহোমৰ ৰাজশাসন চলিল। স্বৰ্গদেউ প্ৰতাপ সিংহৰ (১৬০৩-১৬৪১) কালত মোমাই তামুলী বৰবৰুৱাই কলিয়াবৰত আদৰ্শ গাওঁ স্থাপন কৰিছিল। সেই সময়ত অশান্ত হৈ পৰা পৰ্বতীয়া কাৰবিলোকক ভেটিবলৈ কলঙৰ বাকৰিত আহোম প্ৰশাসনে ন’কৈ গাওঁ পাতিছিল। সেই ন’কৈ গঢ়া গাওঁৰ নামানুসাৰে পিছলৈ ঠাইখনৰ নাম ‘নগাওঁ’ হ’ল ( ‘নগাওঁৰ বুৰঞ্জী’- ড° ৰাজেন শইকীয়া)।
পৰবৰ্তীত ভূটীয়া, অকা, দফলা, নগাৰ ‘উপদ্ৰৱ’ ( এডৱাৰ্ড গেইডৰ ‘অসম বুৰঞ্জী’ত উল্লেখ কৰা দৰে) ৰোধ কৰিবলৈ আৰু ৰাজহ সংগ্ৰহ কৰিবলৈ চিহ্নিত কৰা দোৱাৰৰ দৰে মধ্য অসমতো আহোম প্ৰশাসনে দোৱাৰ সৃষ্টি কৰিলে। মধ্য অসমৰ এই দোৱাৰ পৰ্বতীয়া কাৰবিলোকৰ দোৱাৰ। দোৱাৰ শালনা, দোৱাৰ বামুনী, দোৱাৰ বাগৰি, দোৱাৰ আমলা, দোৱাৰ দিখাৰু, হাৰ্লুক পৰ্বত, মিকিৰ মহল আদি।
বৃটিছ বিষয়া মেজৰ জন বাটলাৰ নামৰ বগা চাহাবে লিখা ‘ট্ৰেভেল এণ্ড এডভেন্সাৰ অৱ নৰ্থ-ইষ্টাৰ্ণ প্ৰভিন্স’ নামৰ গ্ৰন্থত উল্লেখ থকা তথ্য অনুসৰি আহোম প্ৰাশাসনে ‘খেলৱাৰী’ প্ৰথা প্ৰৱৰ্তন কৰি কাৰবিসকলৰ পৰা প্ৰতিবছৰে তিনিশ নুৰা সুগন্ধি নলুকা- মুল্য- ১৬ টকা, তিনিশ সাচিপাত মুল্য- ১২ টকা, তিনিশখন ঢাৰি- মুল্য ১০ টকা, তিনিশ টোপোলা কপাঁহ- মুল্য ৩০০ টকা মুঠ ৩৩৮ টকা কৰ হিচাপে লৈছিল ( ট্ৰেভেল এণ্ড এডভেন্সাৰ অৱ নৰ্থ-ইষ্টাৰ্ণ প্ৰভিন্স- জন বাটলাৰ, পৃষ্ঠা-১২৭)। দোৱাৰ শালনাৰ নিকতবৰ্তী ‘বৰজুৰি’ত আহোম যুগৰ বিখা কানবুঢ়া সমাধি আজিও বৰ্তমান। ১৮৪০ খৃষ্টাব্দত বিখা কানবুঢ়াৰ (বাটলাৰৰ গ্ৰন্থৰ মতে) মৃত্যু লগে লগে আহোমৰ খেলৱাৰী প্ৰথাও লোপ পায়।
১৮৩৪ চনত বামুনী, কন্দলী কঠিয়াতলি হৈ ডবকাৰে বৃটিছ বিষয়া জন বাটলাৰ দুৰ্গম নগা পৰ্বত উঠিছিল। যোৱাৰ পথত বামুনীৰ পৰা কন্দলী, কঠিয়াতলি, ৰংবং (বৰ্তমান ৰেংবেং) হৈ ডবকা, যমুনা নদীৰ পাৰে পাৰে আৰু ধনশিৰি নদী পৰ্য্যন্ত বৃহৎ সংখ্যক কাৰবিলোকৰ অৱস্থিতিৰ কথা ‘দ্যা ট্ৰেভল এণ্ড এডভেন্সাৰ অৱ নৰ্থ-ইষ্টাৰৰ্ণ প্ৰভিন্স’ নামৰ গ্ৰন্থত বাটলাৰে সবিস্তুাৰে বৰ্ণনা কৰিছে। গ্ৰন্থখনৰ ১৩১ পৃষ্ঠাত ১৮৩৭-৩৮ খৃষ্টাব্দৰ ৰাজহ সংগ্ৰাহক মৌজাদাৰৰ নাম, গাঁৱৰ সংখ্যা আৰু কৰ বা ৰাজহৰ পৰিমাণ দেখুৱাই থৈ গৈছে। সেই মৰ্মে কঠিয়াতলী- টিনা, ঘৰৰ সংখ্যা-৮৩, আদায় দিবলগা ৰাজহৰ পৰিমান- ১৭৮ টকা/ বামুনী- ছানহাবে- মুঠ ঘৰৰ সংখ্যা- ৯২, দিবলগা ৰাজহৰ পৰিমান- ২২৪ টকা ৮ অনা/ শালনা- হাবে, মুঠ ঘৰৰ সংখ্যা- ২২৯, দিবলগা ৰাজহৰ পৰিমান- ৫৬০ টকা ৮ অনা/ দেহোৱা- মেঈ, মঠ ঘৰৰ সংখ্যা- ২৬৭, দিবলগা ৰাজহৰ পৰিমান- ৮৫৬ টকা/ মৰোং- হাবে, মুঠ ঘৰৰ সংখ্যা ৫৭, দিবলগা ৰাজহৰ পৰিমান- ১৩৭ টকা। ইয়াৰ ওপৰিও কলং নদীৰ ঘাটসমুহৰ বাবেও কাৰবিসকলে কৰ দিবলগা হৈছিল। কলং নদীৰ ডিফলু ঘাট, শেনচোৱা ঘাট, মিকিৰহাত, আউনিআটি, নিকালমুটি আদি। প্ৰতিটো ঘাটৰ পৰা ২ টকা ৮ পইছা কৈ মুঠ ১২ টকা ৮ পইছা দিছিল।
একে দৰে মৰিকলং, মাহৰোল, পাঠৰি, জামগুৰি বিলৰ বাবেও কৰ দিছিল(পৃষ্ঠা ১২৯)। পুবে ধনশিৰি নৈ, পশ্চিমে কলং-কপিলী-যমুনা, উত্তৰে কাজিৰঙা দক্ষিণে খাছিয়া-জয়ন্তীয়া পাহাৰ হৈছে বৃটিছ আমোলৰ ‘মিকিৰ ট্ৰেক্ট’। সেই চিৰাচৰিত সত্য স্বীকাৰ কৰিয়ে ১৮৫৫ চনত বাটলাৰে তেখেতৰ গ্ৰন্থত কাৰ্বি সকলৰ বাসস্থানৰ বিৱৰণ দাঙি ধৰিছে- The tract of country situated in the Nowgong district, colled the meekir Hills, extends from the Kuleanee river to the Jammoonah river west of Dubboka, about sixty miles in lengh, or seven days journey. On the north, the Meekir hills are bounded by the plains of the Meekirpar Mehal, the Mongahs of Rongobegur, Kageerunga, and Bokakhat. From north to south, to the Jammoonah river the distance in a straight line may be thirty-five or fourty miles. The meekir village and the cultivation extend eastward only as far as Kauleanee river in Murung…..(Butler 1855; 126).
পৰবৰ্তীত বৃটিছ প্ৰশাসনে ঢুকি পোৱা (যিমানৰ পৰা ৰাজহ সংগ্ৰহৰ সামৰ্থ হৈছিল) অঞ্চলক সামৰি জিলা গঠণ কৰিছিল। ১৮৩৩ চনত নগাওঁ, ১৮৬১ চনত শিৱসাগৰ জিলা গঠণ হৈছিল। পিছলৈ জিলা পুনৰগঠণ প্ৰক্ৰিয়াৰে যোৰহাত আৰু গোলাঘাট জিলা গঠণ হৈছিল। এই জিলা গঠণৰ সময়ত বৃহৎ কাৰবি বসতি অঞ্চল সামৰি লৈছিল। ফলস্বৰূপে কাৰবি বসতি অঞ্চল বহুধা বিভক্ত হৈ পৰিল। বৰ্তমানৰ ৰাজনৈতিক মানচিত্ৰ কেৱল বৃটিছ প্ৰশাসনে চিহ্নিত কৰা ‘আংশিক বহিৰ্ভূত’ৰ ভৌগলিক পৰিসীমাৰ অৱশেষ মাত্ৰ। এইবোৰ হ’ল উপনিবেশিক শাসনৰ ইতিহাসৰ কথা।
বামুনীৰ পৰা চাৰি কিলোমিটাৰ পুবলৈ ঐতিহাসিক “হায়ংথল” অঞ্চল আৰু সু-উচ্চ ‘মিছ’লংজন’ পাহাৰ। ইয়াৰ নামনিত ঐতিহাসিক কন্দলী অঞ্চল।
এই কদলি বা কন্দলী ১৪ শতিকাৰ জ্ঞানৰ পৃষ্ঠভূমি আছিল। অনন্ত কন্দলী, মাধৱ কন্দলী, মহেন্দ্ৰ কন্দলীয়ে মহিয়ান কৰা কদলী বা কন্দলীত মাধৱ কন্দলীয়ে সাত কাণ্ড ৰামায়ণ অনুবাদ কৰি অসমীয়া সাহিত্যলৈ অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে।
শ্ৰীমন্ত শঙ্কৰদেৱে এই কন্দলী অঞ্চল থকা মহেন্দ্ৰ কন্দলীৰ টোলত শিক্ষা গ্ৰহণ কৰি অসমীয়া জাতিক দি গৈছে কৃষ্টি-সংস্কৃতি, সাহিত্য আৰু ভক্তি ৰসৰ অমৃতবাণী। বাহুল্য যে শঙ্কৰদেৱে ধৰ্ম প্ৰচাৰৰ বাবে এই হায়ংথললৈ আহি দৈবাৎ এগৰাকী কাৰবিলোকক লগ পায়। পিছলৈ তেওঁ বৰদোৱালৈ গৈ মহাপুৰুষৰ ওচৰত শৰণ লয়। তেওঁক পিছলৈ জয়হৰি ভকত বা জয়হৰি আতা নামে জন যায়।
প্ৰাগ-ঐতিহাসিক কালত কাৰবি সভ্যতাৰ পোখা মেলিছিল এই অঞ্চলতে। লোকগীত, প্ৰবাদ, লোকগাথা, সাংস্কৃতিক পৰম্পৰা আদিত ইয়াৰ উমান পোৱা যায়। কলং-কপিলীৰ পাৰত আদিতে প্ৰবাদপুৰুষ ৰূকাছেন লংকিয়ে হাজাৰ পৰিয়ালেৰে গাওঁ পাতি ঠাইখন মানুহৰ বসতি উপযোগী কৰিছিল। লোক পৰম্পৰা অনুযায়ী আজিও কাৰবিসকলে ন’কৈ গাওঁ পতা অনুষ্ঠানত অতীতক সোঁৱৰি সেই গীতবোৰ পৰিবেশন কৰে। পৰবৰ্তীত মিছাং মিজি ক্ৰ ফুফ্লাক, চাৰ’কাৰা, ছাৰ’ৰৰে, ছাৰ’নকে, বাম্পকৱাং, নপাক’চিন্দাই আদি কাৰবি পুৰ্বপুৰুষে অঞ্চলটোক মহীয়ান কৰিছিল। প্ৰবাত আছে- ‘দিক্ৰোম’ (কঠিয়াতলিৰ ওচৰত)ত কাৰবিসকলৰ জ্ঞান বুদ্ধি বিকাশৰ উচ্ছমানৰ আছিল।
এই দিক্ৰোমৰ পৰা নামনিমূৱা হৈ ককা থেৰেছ’ তিমুঙে কলঙৰে ভটীয়াই ‘ডিমৰু খ্ৰেংখ্ৰং’ বা বৰ্তমানৰ ডিমুৰীয়া অঞ্চল, বেলতলা, ৰাণী আদি অঞ্চললৈ পৰ্য্যৱহিত হৈছিল। মিছাং মিজিয়ে কলঙেৰে উজাই বৰ্তমানৰ পুৰণিগুদাম, চামগুৰি দিশে পৰ্য্যৱহিত হৈছিল। প্ৰবাদ মতে ‘চাম’ নামৰ জ্ঞাতি গাওঁবুঢ়াৰ পত্নী আৰু তেওঁৰে বিয়ৈনী দুয়ো শাক বুটলিবলৈ গৈ বিলত ডুবি মৰিছিল। পিচলৈ ‘চাম’ নামৰ লোকজনৰ নাম অনুসাৰে বিলখনক ‘চামৰ আবি’ বুলিছিল। এই ‘চামৰ আবি’ অৰ্থাৎ ‘চামৰ বিল’ৰ পৰাই পিছলৈ ‘চামগুৰি’ নাম পাইছিল বুলি কাৰবিলোকে বিশ্বাস কৰে। কথাবোৰ লোকগীত, প্ৰবাদ আদিত আজিও সজীৱ হৈ আছে।
এই অঞ্চলত আমাৰ পুৰ্বপুৰুষৰ আধিপত্য যে আছিল তাৰ বৰ্ণাধ্য দীঘলীয়া ইতিহাস আছে। এই অঞ্চলৰ ভূমি বিদীৰ্ণ কৰি আমাৰ পুৰ্বপুৰুষে সভ্যতাৰ সোনালী যুগ গঢ়িছিল। সেই ইতিহাসৰ পৰিক্ৰমা লিপিবদ্ধ হৈছে বিভিন্ন গ্ৰন্থ, লোককথা আৰু লোক-সংস্কৃতিত। চাৰ এডৱাৰ্ত গেইট, ডি ডি কৌচাম্বিৰ দৰে প্ৰখ্যাত ইতিহাসবিদ সকলেও লোক সংস্কৃতিত নিহিত থকা ইতিহাস সমলৰ কথা স্বীকাৰ কৰি গৈছে। সেয়েহে ডি ডি কৌচাম্বীয়ে An Introduction to the Study of Indian History (1956) ত আখ্যান বিহিন ভাৰতীয় ইতিহাস ৰচনাৰ অঙ্গীকাৰ কৰি ইউৰোপীয় ইতিহাসবিদৰ ভূল ধাৰণাক প্ৰত্যাহবান জনাইছিল।
লোককথা, আখ্যান, লোকগীত, পৰম্পৰাই অসমৰ আদিমতম কাৰবিসকলৰ ইতিহাস অধ্যয়নৰ একমাত্ৰ পথ। অৱশ্যে এই লোকসংস্কৃতিৰ কাহিনীবোৰৰ সৈতে মোকাবিলা কৰাৰ আগতে আমি মানুহৰ প্ৰাচীন গতিবিধিৰ সম্পৰ্কে কিছুমান সাধাৰণ ইংগিত জনা দৰকাৰ। অৰ্থনীতিয়ে ইতিহাসৰ ভেটি নিৰ্মান কৰে আৰু এই অৰ্থনৈতিক বিকাশে মানৱ সভ্যতাক গতি দিছে। কাৰবি সকলৰ হয়তু অৰ্থনৈতিক বিকাশৰ ধাৰা কোনো ঐতিহাসিক কাৰণত স্থবিৰ হৈ পৰিছিল অথবা উৎপাদন আহিলাৰ বাবে ধাতুৰ ব্যৱহাৰো বিকাশ ঘটা নাছিল, যাৰ বাবে উন্নত হাতিয়াৰ উদ্ভাৱন নহল।
সেয়ে হয়তু জনগোষ্ঠীটোৰ জীৱন পদ্ধতিৰ মৌলিক পৰিবৰ্তন নঘটিল। ১৯ শতিকা লৈকেও তেওঁলোকৰ হাতত সামান্য এখন দাৰ বাহিৰে অন্য সম্বল নাছিল। অৱশ্যে ইয়াৰ বিভিন্ন বিশ্লেষণ দেখা যায়। ভাৰতীয় সমাজ উত্তৰণ ঐতিহাসিক প্ৰক্ৰিয়া সম্পৰ্কত কৌচাম্বিয়ে কিছুমান গভীৰ সত্য অৱতাৰণা কৰিছে। ঐতিহাসিক প্ৰৱাহৰ পৰা গভীৰ ৰহস্যবাদী দৰ্শন, নিপিড়িত, মুল ধৰ্ম, জটিল ভাস্কৰ্য্য সম্বলিত কীৰ্তি-স্তম্ভ, সুক্ষ্ম ভাৰতীয় সঙ্গীত আৰু অলঙ্কাৰপূৰ্ণ সাহিত্যৰ সৃষ্টি হৈছে। সেই একে প্ৰৱাসৰ পৰাই গাওঁলীয়া মানুহৰ দুৰ্ভিক্ষজনিত অনীহা, সংস্কৃতিবান শ্ৰেনীৰ অৰ্থহীন সুবিধাবাদ আৰু মৰ খক, বনুৱাসকলৰ অসংৱদ্ধ আৰু ক্ৰোধপূৰ্ণ অসন্তুস্তি, মানুহৰ মাজত দেখা দিয়া সাধাৰণ মনোবলশূণ্যতা, বিপন্ন অৱস্থা, মলিনতা আৰু অৱমাননাকাৰী অন্ধবিশ্বাস- এইবিলাকৰ জন্ম হৈছে; এটাৰ পৰা আনটোৰ উৎপত্তি ঘটিছে; এটাই আনটোত আত্মপ্ৰকাশ ঘটিছে।
আদিম হাতিয়াৰৰ সহায়ত মানুহে যিখিনি সামান্য ৰাহি উৎপন্ন কৰিছিল, সেইখিনি প্ৰাচীন যুগৰ আদিম সামাজিক যন্ত্ৰৰ সহায়েৰে আত্মসাৎ কৰা হৈছিল। এনে ধৰণেৰে আত্মসাৎ কৰাৰ ফলত এমুঠি মানুহৰ সংস্কৃতি চৰ্চাৰ বাবে আজৰিৰ সৃষ্টি হৈছিল। এই সাংস্কৃতিক আজৰিকে তেওঁলোকে স্বাভাৱিক শ্ৰেষ্ঠত্বৰ চিন স্বৰূপে গ্ৰহণ কৰি, হীন অৱস্থাত পতিত সংখ্যাগৰিষ্ঠ জনতাতকৈ শ্ৰেষ্ঠত্ব দাবী কৰিবলৈ ধৰিলে। এই সত্য অনুভৱ নকৰিলে বুৰঞ্জী কিছুমান বিচ্ছিন্ন ঘটনাৰ ক্ৰম বুলিহে অনুমান হব; আচলতে মানুহে দৈনন্দিন অভাৱ পূৰণৰ কাৰণে চেষ্টা কৰাৰ লগে লগেই বুৰঞ্জী ৰচনা কৰে। এতেকে সেই কালত এই গৰিষ্ঠসংখ্যক গ্ৰাম্যসমাজৰ স্থিতি কি আছিল? তেওঁলোকৰ উৎপাদনৰ আহিলা কি আছিল?? তেওঁলোকৰ হাতিয়াৰ বোৰ কি ধাতুৰে নিৰ্মিত??? লো, তাম নে শিল, জন্তুৰ হাড় নে বাঁহ-কাঠৰ আছিল!!!
এই সামাজিক, অৰ্থনৈতিক কাৰণ প্ৰতিফলিত অবিহনে বুৰঞ্জী সম্পূৰ্ণ নহব। জীৱিকাৰ বাবেই মানুহে ভূ-কৰ্ষণ কৰিছে। কৰ্ষণৰ পৰাই মানুহৰ কৃষ্টি হৈছে। কৃষ্টি বিকাশ ঘটিয়ে সংস্কৃতি হৈছে। এই সংস্কৃতিত আমাৰ জীৱন জীৱিকা, বিকাশৰ বিভিন্ন স্তৰ, উত্থান, পতন আদি ইতিহাসৰ উপাদানবোৰ কৰাল বান্ধিছে। এই ইতিহাসৰ সমলবোৰ সংস্কৃতিৰ আহেঁ আহেঁ সোমাই আছে। কলং-কপিলীৰ পাৰত বহু শতিকাজুৰী কাৰ্বিসকলে বসতি কৰা প্ৰমান লোকগীতে এইদৰে দিছে-
ইৰু কাজেং ছাৰ জাংফং
ইৰুকে জুদেৎ আছন-ছন,
চিফংকে তাং পালাৰনাং বন
মেকাৰকে ছাৰ ৰিছ লাংপং,
চিফংকে তাংদাম জেংপন ৰণ
তাংদাম কিহুইপি আংলং,
চিফং কে নাংকিমচেং দনথম
মেকাৰকে নাংবাতদুন বম
আফিকে দনছুৰি প্লেংচং
কপ্লি পালাংহে কলং
অৱে থুৰমি চিংদন-দন
ক্লিমছকে তাং আবলন দঅং।।
অৰ্থাৎ ককা চাৰ জাংফঙে গঞাক পৰামৰ্শ দিলে -একেখন ঠাইত থাকি আমুৱাইছে। গতিকে অন্য নতুন ঠাইত গাওঁ পাতো গৈ ব’লা। ককাৰ কথামতে গাৱঁৰ ডেকা বুঢ়া সকলো নতুন ঠাইৰ সন্ধানত ওলাল। কিহুইপি নামৰ টিলা এটি পাই তাতে গাওঁ পতাৰ সিদ্ধান্ত ললে। আৰাম্ভনিত তিনিঘৰ, তাৰ পাছত হাজাৰ পৰিয়াল হ’ল। কপিলী আৰু কলং নদীক ঘাট কৰিলে। যৌৱনৰ দলদুপ হেন্দুল-দুপ আৰু শিশুৰ কলৰৱত জাতিষ্কাৰ হ’ল গাওঁ।
খৃষ্টীয় ১৩ শতিকাত অসম ভুখণ্ডত আহোমৰ আগমনৰ ঘটিল। ১৪ শতিকাত কছাৰী ৰাজ্যৰ ৰাজধানী আছিল ডিমাপুৰত। আহোম সৈন্যৰ আক্ৰমনত কছাৰী ৰজা খুনাকৰৰ মৃত্যুৰ পিছত খৰাফাৰ পুত্ৰ ডেৰচংফাৰাজপাতত বহে। খৃষ্টীয় ১৫৩৬ ত পুনৰ আহোমৰ আক্ৰমনত কছাৰী ৰজা ডেৰচংফাৰ মৃত্যু হয়। সেই যুদ্ধৰ পৰিণতিত ডেৰচংফাৰ নাবালক পুত্ৰই ডিমাপুৰৰ পৰা মাইবঙলৈ ৰাজধানী তুলি নিয়ে (ড° সুৰ্য্য কুমাৰ ভূঞা- ‘দেওধাই অসম বুৰঞ্জী’-২৪-২৬)। কছাৰীৰ ৰাজত্বকালত কলং-কপিলী, যমুনা আৰু ধনশিৰি নদীৰ পাৰত কাৰবিসকলৰ বসতি আছিল।
কছাৰী ৰজাৰ শোষণ, নিস্পেষণত সেই অঞ্চলৰ পৰা তেওঁলোক বিতাড়িত হৈছিল। এইদৰে ধনশিৰি, লামডিং, লাংছ’লিএৎ অঞ্চল ত্যাগ কৰি একাংশ কাৰবি মাহুৰ, লাংতিং অঞ্চলত বসতি স্থাপন কৰিছিল। মাইবঙত ৰাজধানী থকাৰ সময়ত কছাৰীৰ পৰা পুনৰ নিৰ্য্যাতিত হৈ লাবাং, লাংলাই, লংকু-লংতাৰ (বৰ্তমানৰ উমৰাংছ’ৰ অঞ্চল) আদি অঞ্চলত থিতাপি লয়। ১৭০৬ খৃষ্টাব্দত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ আক্ৰমনত কছাৰী ৰজা তাম্ৰধ্বজসিংহ মাইবঙৰ পৰা পলাই কাছাৰৰ খাচপুৰত ৰাজধানী পাতে। কিন্তু নগাওঁ, কলং, যমুনা, ডিমাপুৰত থকা কছাৰী প্ৰজাসকলে নিজৰ জাতীয় ৰজাকেই ৰজা হিচাপে স্বীকৃতি দি কৰ-কাটল দিছিল।
তাম্ৰধ্বজসিংহ ৰুদ্ৰসিংহৰ হাতত বন্দি থকা অৱস্থাত মৃত্যু হোৱাত তেওঁৰ পুত্ৰ সুৰদৰ্পনাৰায়ণক আহোমে কৰতলীয়া ৰজা পাতে। কিন্তু ৰজা হৈয়ে তেওঁ নিজকে স্বাধীন হিচাপে ঘোষণা কৰে। ১৭৯০ খৃষ্টাব্দত কাছাৰৰ ৰজা আছিল কৃষ্ণচন্দ্ৰ। আহোম ৰাজ্যত মোৱামৰীয়া বিদ্ৰোহৰ সময়ত বহু আহোম প্ৰজা কাছাৰলৈ পলাই গৈছিল। ১৮০২ খৃষ্টাব্দত কমলেশ্বৰ সিংহই কছাৰী ৰাজ্যৰ পৰা নিজৰ প্ৰজা বিছাৰি পঠাইছিল। তেতিয়া নগাওঁৰ কলং, কপিলী, যমুনা, ডিমাপুৰ, মহংদিজুৱা আদি পাৰ্বত্য অঞ্চলৰ কছাৰি প্ৰজাৰ পৰা কৰ সংগ্ৰহ কৰা বিষয়া আছিল কোহিদান।
কোহিদান কৃষ্ণচন্দ্ৰৰ বিশ্বাসী লিগিৰা আছিল। ১৮১৩ খৃষ্টাব্দত কৃষ্ণচন্দ্ৰৰ মৃত্যুৰ পিছত তেওঁৰ ভায়েক গোবিন্দচন্দ্ৰ ৰজা হয়। এই চেগতে কোহিদানে নিজক স্বাধীন ঘোষণা কৰে। পিছত গোবিন্দ্ৰচন্দ্ৰই ডবকাৰ ওচৰত শিলধৰমপুৰত মানুহ লগাই ধৰাই কোহিদানক বধ কৰে(তুলাৰাম সেনাপতি- ৰাজমোহন নাথৰ ৰচনাৱলী)। সেই সময়লৈকে কোহিদানৰ পুত্ৰ তুলাৰাম খাচপুৰত গোবিন্দ্ৰচন্দ্ৰৰ লিগিৰা হৈ আছিল। দেউতাকৰ মৃত্যুৰ খবৰ পাই খাচপুৰৰ পৰা পলাই কাছাৰত দেউতাকৰ দলৰ মানুহ সংগ্ৰহ কৰি গোবিন্দ চন্দ্ৰৰ বিৰোদ্ধে থিয় হৈ স্বাধীন ঘোষণা কৰিছিল। কছাৰিসকলৰ এই দীঘলীয়া অৱদমন, শোষণ-নিস্পেষণ আৰু কাৰবি গ্ৰাম্যসমাজৰ নিষ্ক্ৰিয়তাৰ আধাৰত বৃহত্তৰ অঞ্চলত কছাৰি সাম্ৰাজ্য গঢ়ি উঠাত সম্ভৱ হৈছিল।
সম্ভৱত খৃষ্টীয় ১৪ শতিকাত কছাৰী ৰাজধানী ডিমাপুৰত থকোতে কলং কপিলি, যমুনা আৰু ধনশিৰি পাৰৰ বিস্তীৰ্ণ এলেকাত কাৰবিসকলৰ প্ৰবাদপুৰুষ বীৰ ৱাইছঙৰ উপস্থিতিৰ কথা প্ৰকাশ পাই। প্ৰবাদ অনুসাৰে আহোম, কছাৰী আৰু জয়ন্তীয়া ৰজাই বীৰ ৱাইচঙক এই ৰাজ্যৰ অধিপতি হিচাপে স্বীকৃতি দিছিল। স্বীকৃতিৰ চিন স্বৰূপে বীৰ ৱাইছঙৰ দাত তিনিটাত সোন খটুৱাইছিল। কাৰবিসকলৰ ‘ছেৰহংথম’ৰ তাৎপৰ্য্য ইয়ে আছিল। ‘ছেৰ’ শব্দ অৰ্থ হ’ল সোন, ‘হংথম’ অৰ্থ তিনিটা দাঁত, অৰ্থাৎ বীৰ ৱাইছঙৰ তিনিটা দাঁতত সোন খটাইছিল। ই আহোম, কছাৰী আৰু জয়ন্তীয়া ৰজাৰ মৈত্ৰীৰ স্বাক্ষৰ (ৱাইছঙৰ গীত) আছিল। সেয়েহে এই কলং কপিলী কাৰবিসকলৰ অতি হেপাহৰ, অতি চেনেহৰ। আমাৰ পূৰ্বপুৰুষে ক’ত কাল, ক’ত যুগ পাৰ কৰিছে এই বাকৰিত।
কালক্ৰমত অঞ্চলটোলৈ বিভিন্ন জাতি জনগোষ্ঠী প্ৰব্ৰজন ঘটি যুগৰ সভ্যতা ৰচনা কৰিলে। এইদৰে ঐতিহাসিক কদলি বা কন্দলি ৰাজ্য, ডবাক ৰাজ্য গঠন হৈছিল। হোজাই অঞ্চলটো অন্য এক ৰাজ্য গঠন হৈছিল। যিবোৰৰ বিষয়ে প্ৰাচীন পুৰাণ, তন্ত্ৰ, আদিত প্ৰকাশ পাইছে। ছচেংধেন্তাৰ গাতে লাগি থকা ইংলং লাংপঙত (বামুনি পাহাৰ) সদুৰ অতীতৰে পৰা কাৰবিলোকে “ৱফং ৰংকেৰ” উৎযাপন কৰি আহিছে। এই পাহাৰৰ দক্ষিণ দিশত ঐতিহাসিক ‘বাদুলি খোৰোং’ অৱস্থিত। পৰম সিদ্ধ মিননাথ কদলী ৰাজ্য ভ্ৰমণ কৰিবলৈ আহি সেই ৰাজ্যৰ অধিকাৰিণী কমলা আৰু ভনীয়েক মঙ্গলাৰ প্ৰেমত আৱদ্ধ হৈ যোগধৰ্ম পাহৰি সাংসাৰিক, দৈহিক সুখত মত্ত হৈ পৰিছিল। এই কথা জানি তেওঁৰে সুযোগ্য শিষ্য গোৰক্ষনাথে নৰ্তকীৰ বেশ ধৰি ৰাজ অন্তঃপুৰত প্ৰবেশ কৰি নটীৰ ভাও দেখুৱাৰ চলেৰে বাদ্য-যন্ত্ৰৰ তালে তালে কায়া সাধনাৰে তত্ববিলাক গুৰুৰ মনত জাগৰিত কৰি কন্দলী ৰাজ্য নাৰীসকলৰ মায়া জালৰ পৰা মুক্ত কৰি আনে। এই মিননাথ বা মসেন্দ্ৰনাথৰ অভিশাপত ৰাণী কমলাৰ ষোল-শ কদলী বাদুলী হোৱাৰ কথা গোৰক্ষ বিজয়ত উল্লেখ আছে(ৰাজমোহন নাথ ৰচনাৱলী)। মুলতঃ এই কদলি আছিল নাৰী ৰাজ্য অৰ্থাৎ জনজাতীয় ৰাজ্য আছিল।
কুৰি শতিকাৰ প্ৰথমাৰ্ধত কঠালগুৰিত কাৰবি জাতীয়তাবাদৰ প্ৰথম উন্মেষ ঘটিল। ৰূ ছেমছনছিং ইংতিয়ে কঠালগুৰিত ‘কাৰবি আদৰবাৰ’ৰ প্ৰথম অধিবেশন অনুষ্ঠিত কৰিলে। এইদৰে কাৰবিসকলে নিজক আবিস্কাৰ কৰি নতুন চিন্তা চেতনাৰে নৱযুগৰ পাতনি মেলিলে।

