Discourses From the East
~ মানসী গোহাঁই
থুপুকৰ কথা সোধা নহয়। নামটোও যেন ঘৰৰ ভিতৰত নিষিদ্ধ। এই নিষিদ্ধতা কোনেও জাৰি কৰা নহয়।
থুপুক ঘৰৰে আছিল।
দহ দিনীয়া দুখৰ পাছত মানুহকেই বা কেইজনে হিচাপত ৰাখে? তেনেস্থলত থুপুক কোন কূটা?
দূৰৈৰপৰা চালে পাহাৰখনো মসৃণ লাগে, অথচ বাস্তৱিকতে তেনে নহয় – কথাবোৰ ঠিক যেন তেনেকুৱা।
ভৈৰৱীৰ দৃঢ় বিশ্বাস, কিশোৰৰ মাকেও জানে। ভালদৰেই। থুপুক নোহোৱা হোৱাৰ আগদিনা মাকে বহুসময় থুপুকৰ সৈতে কথা পাতিছিল। গোপনীয়তা ৰক্ষা কৰি। অন্যথা থুপুকৰ সৈতে তেওঁৰ এনে কি কথা ওলাল যে বন্ধ দুৱাৰৰ ভিতৰত নাপাতিলে নহয়। কিশোৰৰ মাকৰ থুপুকক লৈ কোনো আপত্তি নাছিল। তাইৰ কাম ভাল। বিশ্বাসী। আৰু কি লাগে? কিন্তু থুপুকো থন ধৰি উঠা প্ৰস্ফুতিত যুৱতীহে! চহৰৰ আদব-কায়দা নতুনকৈ আয়ত্ত কৰাত পিছ পৰি থকা নাছিল।
থুপুকে সিহঁতৰ গাঁৱৰ মাজেৰে বৈ যোৱা নৈখনৰ কথা কৈছিল। উত্তৰ পাৰত থুপুকহঁতৰ গাঁও, ভাটিফাল। দক্ষিণে আগফাল। নৈখন গাঁওখনৰ জীৱন। যদিও গাঁওখনক দুখন গাঁৱৰ ৰূপ দিছে। গাঁও দুখন একেই। একে ডাকঘৰ, একে বৰ নামঘৰ , একে সংঘ, একে বিদ্যালয়, একে চিকিৎসাকেন্দ্ৰ। ভাটিফাল, আগফালৰ আৰু একে স্বকীয়তা আছে – দুইপাৰৰ বহু মহিলাই সপোনবোৰ নৈখনৰ বুকুলৈ দলিয়ায়। থুপুকহঁতৰ আজো আইতাকৰ, আইতাকৰ দিনৰেপৰা। হয়তো, তাতকৈও আগৰেপৰা। হয়তো, নৈখনক বুকুত লৈ মানুহৰ বসতি গঢ়ি উঠাৰো বহু পূৰ্বে। সেয়েহে, নৈখন হেনো তাইৰ নিজৰ দৰে লাগিছিল। নাৰীৰ অন্তৰহে ইমান বহল হ’ব পাৰে। পুৰুষে অতবোৰ নাৰীৰ ভগ্ন সপোন, আশা, আকাংক্ষাক বোৱাই নিব পাৰিব জানো? নৈখনক গাঁৱৰ সকলো মাইকী মানুহৰ মাকজনীৰ দৰে লাগিছিল। হয়তো সেয়েহে গাঁওখনৰ মাজেৰে নৈখন নিৰলে নীৰৱে বৈ গৈছিল।
থুপুকে কৈছিলে, দুখিনী, বিধৱা মাকে বায়েকক একপ্ৰকাৰৰ বিক্ৰী কৰি দিছিল দুটা সন্তানৰ বাপেক মানুহ এটাক। আগৰজনী পত্নীৰ মৃত্যু হৈছিল। ঘৰত থকা হ’লে হয়তো থুপুকৰ লগতো তেনেকুৱাই কিবা হ’লহেঁতেন। থুপুকে কাম বিচাৰি ঘৰৰ পৰা ওলাই আহিল যি আহিছিল, মাকলৈ মাহেকে পষেকে টকা পঠিয়াই থাকিছিল। নিজেও ইটো-সিটো চখ পূৰণ কৰিছিল। থুপুকৰ কথাবোৰ ভৈৰৱীৰ ‘সুবালা’ৰ আগজীৱনৰ দৰে লাগিছিল। সময়ৰ কিমান তফাৎ, অথচ এতিয়াও আছে একে কাহিনীৰ ‘সুবালা’ একোজনী। ভৈৰৱীয়ে ভাবিছিল। থুপুকৰ আগমনে ঘৰৰ সচৰাচৰ গাম্ভীৰ্যতাত কিছু তল পেলাইছিল। গানৰ কলি এটা তাইৰ ওঁঠত ফুলোঁ ফুলোঁকৈ থাকেই। তাই কৈছিলে, বেবি আহিলে তাইৰ গানৰ কেছেটবোৰ অটোমেটিক বন্ধ হৈ যাব। তাইৰ মুখত ভুলে-শুদ্ধই ইংৰাজী শব্দ আখৈ ফুটাদি ফুটিছিল।
থুপুকৰ আগমনে ভৈৰৱীৰ একাকিত্বতো জীৱনতো কিছু জীপালতা আনিছিল। সম্ভ্ৰান্ত, চৰকাৰী বিষয়া ঘৰৰ বোৱাৰী হোৱাৰ পাছত বেচৰকাৰী হায়াৰ ছেকেণ্ডাৰী কলেজৰ ‘ফিজিক্স টিচ্ছাৰ’ৰ চাকৰি মনৰ বিৰুদ্ধে এৰিব লগীয়া হৈছিল। আচলতে আৰাম বদহজমী নহয়। কিন্তু আজিকালি আৰামৰ স্বস্তি আগৰণুৱা লোকৰ হজম নহয়। সেয়েহে। ফুটাই ক’বলগীয়া হয় – শহুৰেকৰ ঘৰৰ হেঁচাত চাকৰি এৰিবলগীয়া হোৱাৰ যাতনা। এনেই মানুহনো কাৰ পৰাধীন।
নহয়, ঘৰৰ কোনো লোক কৌটিকলীয়া চিন্তাধাৰাৰ নহয়। কিন্তু বেচৰকাৰী চাকৰি নহ’ব। চৰকাৰী হাইস্কুলৰ হ’লেও বেলেগ কথা। অভাৱ নাই ঘৰৰ। গতিকে তেনে চাকৰি অপ্ৰয়োজনীয়।
কিশোৰে দুবছৰ কছিং কৰি চাৰিবাৰ মেডিকেলৰ প্ৰৱেশ পৰীক্ষা দিছিল। মাক-দেউতাক, পৰিয়ালৰ লোকৰ সকলো চৰকাৰী ক্ষমতা মিছা, তেতিয়াই তেওঁলোকে প্ৰমাণ পাইছিল। তিনি নম্বৰ বাৰত বিফল হোৱাৰ পাছত চেন্নাইৰ বেচৰকাৰী প্ৰতিষ্ঠান এখনৰ পৰা বি.টেক ডিগ্ৰী লৈছিল, তাৰপাছত বেচৰকাৰী প্ৰতিষ্ঠান এখনতে এমবিএ কৰি বৰ্তমান কোম্পানিৰ মাৰ্কেটিং কনচাল্টেণ্ট পদত প্ৰতিষ্ঠিত। অৱসৰৰ পাছতে বয়জ হোষ্টেল দুটা খুলি দেউতাকে চম্ভালি আছে।
কিশোৰৰ মাক সামাজিকভাৱে বেছ সক্ৰিয়। নামঘৰ সমিতিৰ পৰা ফেইচবুকৰ কবিতা গ্ৰুপৰ এডমিনৰলৈকে। বান্ধৱীহঁতৰ লগত বছৰত দুবাৰকৈ ৰাজ্যৰ বাহিৰত নতুবা ভিয়েটনাম, মালেছিয়া আদিলৈ ভ্ৰমণলৈ যায়েই। ব্যস্ত জীৱন তেওঁ। থুপুকে তেওঁক বেছ সকাহ দিছিল। কিমান যে ছোৱালী আহিলে! থুপুকক এটা কথা দোহাই কোৱাৰ নজিৰ নাই। ঘৰখন এসপ্তাহতে চম্ভালি ল’লে। গৰ্ভৱতী বোৱাৰীয়েকক ঘৰত অকলে থৈ যোৱা চিন্তাৰ পৰা তেওঁ মুক্ত হৈছিল।
স্ফীত উদৰৰ থুপুক দুইপাৰৰ বহুতো নাৰীৰ মাক হোৱা নৈখনৰ পাৰলৈ উভতি গৈছিল নে শাহুৱেকে চাকৰিৰ বদন্যতাত বিচাৰি দিয়া আশ্ৰয় গৃহলৈ গুছি গৈছিল জানিবলৈ ভৈৰৱীৰ আগ্ৰহ নাছিল।
ক’ত নাক কাটি আহিল, এনে ছোৱালীক ঘৰত ৰাখিব পাৰি নেকি? কিমান বিশ্বাস দিছিল, ঘৰখনেই তাইৰ হাতত গতাইছিল! – কিশোৰৰ মাকৰ কথাবোৰেৰে ভৈৰৱীয়ে পতিয়ন যাবলৈ গৈ বেয়াকৈ বিফল হৈছিল।
থুপুক ভৈৰৱীৰ কাষতে আছিল। প্ৰতি মুহূৰ্ততে বুলিলেও বঢ়াই কোৱা নহ’ব। সাতমাহত তাই এটা দিনো ঘৰ এৰি যোৱা নাছিল। যাবই বা ক’ত? গাঁৱৰ ঘৰত এনেও তাইৰ মন নবহিছিল হেনো। গৰ্ভৱতী ভৈৰৱীৰ দায়িত্ব তাই স্বইচ্ছাৰে খুব গুৰুত্ব সহকাৰে লৈছিল। কম ৰচকী আছিল নে মুখে কামে?
কিশোৰৰ লগত সঘনে হোৱা তৰ্কাতৰ্কিৰ পাছত থুপুকৰ লগত কথা পাতিয়ে মন পাতলাইছিল। তাই কৈছিল সিহঁতৰ গাঁৱৰ নৈখনৰ জীয়েকবোৰৰ কথা। সিহঁতৰ গাঁৱৰ নৈখনৰ বহুতো জীয়েকে কামৰ শাৰীত নপৰা ‘মাইকীৰ কাম’খিনিৰ উপৰিও পৰস্পৰৰ ‘বৰমতাৰ কামখিনি’ কৰে। নিমখ আজোখা, মঙহ অকণমান কাঁহিৰ কাষত দিব নোৱাৰাৰ ভুল মৰিষণ কেনেকৈ কৰে? ‘বৰমতাৰ কাম’বোৰ নকৰিলেও বৰমতাৰ হাতবোৰ ধমনা হয় – চৰ, ভুকু, চুলিত ঘটালিবোৰ।
সিহঁতৰ গাঁৱত এইবোৰ সাধাৰণ কথা।
থুপুকে টাউনলৈ আহি এইখন ঘৰতহে বেলেগ ছবি দেখিছে। প্ৰথমে তাই আচৰিতহে পাইছিল। এনেকুৱা মতা মানুহো থাকেনে, এনেকুৱা ঘৰো থাকেনে? হাই নাই, কাজিয়া নাই।
থুপুকে সুধিছিল তাই যে কলেজত পঢ়ুৱাইছিলোঁ, ‘ফিজিক্স’ মানেনো কি? ভৈৰৱীয়ে হাঁহি উঠিছিল। থুপুক ভেলেঙীজনী হৈছিল। বৰ এক লাভজনক বৃত্তি নোহোৱাত কলেজতে এৰি অহা ‘ফিজিক্স’ক পুৰণি প্ৰেমিকলৈ মনত পেলোৱাৰ দৰে থুপুকক কৈ থাকিছিল। তাইনো কি বুজিছিল। ভৈৰৱীৰ কিন্তু কিবা এটা ভাল লাগিছিল। জীৱনত নুশুনা শব্দবোৰত তাইৰ মেল খোৱা মুখখন উপভোগ কৰি কিবা এক ভাল পাইছিল। তাই কৈছিলে, শ্ৰডিংগাৰৰ মেকুৰী মৰিল নে বাচিল তাইৰ দৰকাৰ নাই। পিছে মেকুৰী মতা নে মাইকী আছিল বাৰু?
চল পাই থুপুকে কৈছিল, ভৈৰৱীৰ ‘ফিজিক্স পঢ়া-শুনা’বোৰো শ্ৰডিংগাৰ মেকুৰীৰ নিচিনা। আছে, অথচ প্ৰয়োগ নাই। কোনোবাই জানিব বিচাৰিলেহে উত্তৰ পায়।
ঢল বাৰিষাৰ নৈখনৰ দৰে জীৱনোদীপ্ত, ৰাংঢালী থুপুক শুকান দিনৰ শান্ত সমাহিত নৈখনৰ ৰূপ লৈছিল। গা বেয়া নেকি, ঘৰলৈ বা মাকলৈ মনত পৰিছে নেকি? তাই নঞৰ্থত মূৰ লৰাইছিল। অন্তঃসলীলাৰ দৰে লাগিছিল নেকি, ভৈৰৱীয়ে এতিয়াও মাজেমাজে ভাবে।
খোৱাবোৱাৰ প্ৰতি অনীহা কৰিছিল। সেইজনী থুপুকে বাহি দাইল বা ভাজিকণো তাই নেপেলাইছিল। সিহঁতৰ ঘৰত হেনো ভাতৰ মাজেৰে সৰকি যোৱা শাক-পাতৰ জোল প্ৰায় প্ৰতিসাঁজত আছিল। দাইল সপ্তাহ-পষেকে। দুফাল হয়হে দাইল।
সলসলাই বমি কৰা দ্বিতীয় দিনা থুপুকক কিশোৰৰ মাকে বন্ধ কোঠাৰ ভিতৰত ভালদৰে খবৰ লৈছিল – কি হৈছিল থুপুকৰ?
হঠাতে মাকৰ ঘৰত থাকি আহিবলৈ কোৱা সপ্তাহৰ পাছত ভৈৰৱী ঘূৰি আহিছিল, থুপুক নাছিল।
নৈৰ সোঁতৰ দৰে কোনো শব্দই নহ’ল। স্তব্ধহে কৰা হ’ল যেন।
ঘৰৰ ভিতৰতো নহ’ল ইয়াৰ কোনো চৰ্চা। নামটোও উচ্চাৰণ নহ’ল। যেন নৈখন শুকাই গ’লেই পূৰ্বৰ প্লাৱনৰ কথা মানুহে পাহৰি যায়।
কিন্তু নৈ শুকাই জানো?
তাইৰ নামটোও উচ্চাৰণ হোৱা নাছিল। কিবাকৈ, এবাৰো ইজনে সিজনৰ লগত আলোচনা নকৰাকৈ, লগ নোহোৱাকৈও এটা সিদ্ধান্ত লৈছিল – থুপুক নাছিল, থুপুক নাই।
কিন্তু থুপুক আহিলে। ইতিমধ্যে খৰচ কৰা, মাকলৈ পঠিওৱা সাতমাহৰ দৰমহাৰ সমুদায় ধন তাই কৰপৰা গোটাইছিল জনাৰ অৱকাশ নাছিল। তাই থৈ গৈছিল ঘৰৰ সমুখৰ কোঠাৰ চেণ্টাৰ টেবুলখনত। টকাখিনিলৈ চাবলৈ বা হিচাপ কৰিবলৈ বা লোভৰ পানী পেলোৱাৰ অৱস্থাত নাছিল। কিশোৰৰ মাক আৰু ভৈৰৱীৰ চকু আঠা লগাদি লাগিছিল তাইৰ স্ফীত উদৰত।
ভৈৰৱীৰ সুখৰ সংসাৰখন, তাইৰ পানী কেঁচুৱাটো। কিশোৰৰ মাকৰ বিজ্ঞাপনৰ দৰে সামাজিক জীৱন, অজস্ৰ সম্পত্তি, চৰকাৰী বিষয়া পদৰ সম্ভ্ৰান্ত পৰিয়াল। আৰু দুজন মানুহ। এজনী অসহায় যুৱতীৰ গাত হাত দিব পৰা, অসৎ চৰিতাৰ্থ পূৰণ কৰিব পৰা দুজন জঘন্য পুৰুষ। কিশোৰ, আৰু তাৰ দেউতাক। এজন তাইৰ সন্তানৰ দেউতাক, এজন তাইৰ সন্তানৰ দেউতাকৰ দেউতাক।
“মাইকী মেকুৰী আছিল। গম পালোঁ মই। মাইকীয়ে হ’ব লাগিব। মৰিল নে নমৰিল মোৰ কাৰণে এতিয়াও ডাঙৰ কথা নহয়।” – থুপুকে ভৈৰৱীৰ চকুলৈ চাই স্পষ্টকৈ ক’লে।
কেৱল তাইক ক’লে। কিশোৰৰ মাকৰ দিশে নাচালে। ভৈৰৱীয়ে মজ্জালৈকে কঁপি উঠা অনুভৱ কৰিলে।
তাইৰ সুখৰ সংসাৰখন! কিশোৰৰ দৰে প্ৰেমিক জীৱনসংগী! সেই কিশোৰে? না, না অসম্ভৱ।
কিশোৰৰ দেউতাকেই হয়। থুপুকে সেয়েহে তাইক ক’লে। কিশোৰে তাইক এনে প্ৰতাৰণা নকৰে। কিশোৰে তাইৰ বিশ্বাস নাভাঙে। তাইৰ সন্তানৰ দেউতাকে কিশোৰে থুপুকৰ দৰে ছোৱালীক স্পৰ্শও নকৰে। তাৰ ষ্টেণ্ডাৰ্ড আছে।
তাৰ বাপেকটোহে হাৰামী চৰিত্ৰহীন, ধৰ্ষণকাৰী!
বাপেকতকৈ ডেঞ্জাৰ কিশোৰৰ মাকজনী। যিয়ে সকলো জানিও ঢাকিবলৈ আৰু নিজক বচাবলৈ লাগিল।
তাতোকৈয়ো ভয়ংকৰ কোন?
থুপুক গ’ল। নৈপৰীয়া গাঁৱলৈ নে অন্য কোনো আশ্ৰয়লৈ – ভৈৰৱীয়ে এতিয়াও নুসুধিলে। মুঠতে থুপুক নোহোৱা হ’ল।
কিন্তু সেইদিনাৰ পাছত শ্ৰডিংগাৰৰ মেকুৰীটো ভৈৰৱীৰ মনত সদায় মাইকী হৈয়ে থাকিল।
মাইকী মেকুৰী।
জীয়াই থকা নে মৃত সেইটো ডাঙৰ কথা নহয়।
ডাঙৰ কথা নহয়, কোনে তাইক নাইকিয়া কৰিলে।
থুপুকৰ মনত গাঁৱৰ নৈখন উঠি আহিল।
সিহঁতৰ গাঁৱত মাইকী মানুহে সপোনবোৰ নৈত পেলাই দিয়ে। অপমানবোৰো। নৈয়ে বোৱাই নিয়ে। কাৰোবাক সোধে নে, কোনে দলিয়ালে, কিয় দলিয়ালে?
কিন্তু নৈৰ বুকুত দলিয়ালেই নোহোৱা হৈ যায় নে?
কেতিয়াবা সোঁত সলনি হ’লে, ঢল উঠিলে, সেইবোৰ ওপৰলৈ উভতি আহে নেকি?
থুপুকে ভাবিছিল, ঘৰখন শান্ত নৈৰ দৰে। বিপদ কালৰ সোঁত নাই। হাই-হুলস্থুল নাই। সম্ভ্ৰান্ত নিস্তব্ধতা।
কিন্তু তলত?
সেই ৰাতিটো তাই আৱিষ্কাৰ কৰিছিল তলে তলে বোৱা ভয়ানক সোঁতক।
সেইদিনা তাই প্ৰথমবাৰ বুজিছিল, নৈৰ দৰে বহল বুলি ভাবিলেও সকলো সিহঁতৰ গাঁৱৰ নৈখন নহয়।
তাই গাঁওলৈ উভতি যাব পাৰিলেহেঁতেন। নৈৰ কাষত থিয় হৈ সপোনটো দলিয়াই দিব পাৰিলেহেঁতেন। কিন্তু এইবাৰ নৈৰ বুকুত পেলাবলগীয়া বস্তুটো সপোন নাছিল।
জীৱন আছিল।
ভৈৰৱীৰ চকুত সন্দেহৰ ঢৌ উঠি আহিছিল।
কিশোৰ?
নহয়…
থুপুক ক’ত গ’ল, কি হ’ল তাইৰ – ভৈৰৱীয়ে জানিব নিবিচাৰিলে হয় কিন্তু সেইদিনাৰ পাছত ভৈৰৱীয়ে নৈখন বুজিবলৈ আৰম্ভ কৰিলে। যেন নৈখনে গেদবোৰ তাইৰ বুকুতে জমা কৰিবলৈ ধৰিলে। নৈয়ে বোৱাই নিয়ে – সপোন, অপমান, দুখ, বেজাৰ। কেতিয়াবা নৈ নিজেই মাক হয়। তাই নোৱাৰিলে সকলোৰে নৈখন হ’বলৈ। গেদবোৰ ক্ৰমাৎ বাঢ়িবলৈ ধৰিলে।
বুকুত জমা হোৱা সত্যটো এদিন তলৰপৰা ওপৰলৈ তুলি আনি বুকুত লৈ ফুৰে। শ্ৰডিংগাৰ বাকচটো খোল খাইছিল। মেকুৰী জীয়াই আছে নে নাই স্বতঃস্ফূৰ্তভাৱে উদ্ঘাটন হৈছিল।
নৈয়ে সকলো উটুৱাই নিলেও পাপক উটুৱাই নিনিয়ে। নৈখনৰ পাৰত বহি ভৈৰৱীয়ে নিজে এদিন সুধিলে। আৰু নৈখনে চমুৱাই জনালে তাইক।




