Discourses From the East
খাচী ছাত্ৰ সন্থা (কে এচ ইউ)-এ চৰকাৰক ১৫ দিনৰ সময়সীমা দি পাঁচটা দাবীৰ সমাধান বিচাৰিছিল। দাবীসমূহৰ ভিতৰত আছিল শ্ৰী চিমেণ্টৰ পূৱ জয়ন্তীয়া পাহাৰৰ প্ৰস্তাৱিত চূণশিল প্ৰকল্পটো-ৰ ৰাজহুৱা শুনানি বাতিল, মেঘালয়ৰ বাসিন্দাসকলৰ সুৰক্ষা আৰু নিৰাপত্তা আইন, ২০১৬” কাৰ্যকৰী কৰা, বহিৰাজ্যৰ পৰিভ্ৰমী শ্ৰমিকৰ ওপৰত নিয়ন্ত্ৰণ শক্তিশালী কৰা আৰু চৰকাৰী নিযুক্তি ব্যৱস্থাৰ সংস্কাৰ। চৰকাৰৰ পৰা সন্তোষজনক সঁহাৰি নোপোৱাৰ অভিযোগত ১৯ আগষ্টত শ্বিলঙত কে এচ ইউ-এ “ক’লা পতাকা মটৰ চাইকেল সমদল” উলিয়ায়।
সেই সমদলৰ মাজতে পৰিস্থিতি হিংসাত্মক হৈ পৰে; বাহন আৰু চৰকাৰী সম্পত্তিৰ ক্ষতি সাধন হয় আৰু পিছত কে এচ ইউ-ৰ তিনিজন শীৰ্ষ নেতাক গ্ৰেপ্তাৰ কৰা হয়। ফলত বিষয়টো এতিয়া মেঘালয় আৰু অসমৰ উত্তেজনালৈও বিস্তৃত হৈছে; শ্বিলঙত অসমৰ লোক/ বাহনক লক্ষ্য কৰি আক্ৰমণ কৰাৰ পিছত অসমৰ -ৰ টেক্সি আৰু পৰিবহণ সংস্থাসমূহে মেঘালয়ৰ বাহন চলাচল বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। ফলত এটা স্থানীয় আন্দোলন ধীৰে ধীৰে দুয়োখন ৰাজ্যৰ মাজৰ উত্তেজনাৰ ৰূপ ল’বলৈ আৰম্ভ কৰে। উল্লেখযোগ্য যে বাহিৰৰ পৰা অহা লোকৰ প্ৰৱেশ আৰু বসতি নিয়ন্ত্ৰণৰ বাবে মেঘালয়ত ইনাৰ লাইন পাৰ্মিট ৰ দাবী সাম্প্ৰতিক আন্দোলনৰ এটা পুৰণি আৰু গুৰুত্বপূৰ্ণ অংশ।
কোনো সমাজৰ ওপৰৰ স্তৰত যি ৰাজনৈতিক বা জাতিগত সংঘাতে দেখা দিয়ে, তাৰ তলত প্ৰায়ে বস্তুগত স্বাৰ্থৰ সংঘাত লুকাই থাকে। অৰ্থাৎ মানুহে কেৱল পৰিচয়ৰ বাবে সংঘাত নকৰে। বহু সময়ত পৰিচয়ৰ ৰাজনীতিৰ আঁৰত থাকে মাটি, সম্পদ, কাম আৰু জীৱিকাৰ ওপৰত নিয়ন্ত্ৰণৰ প্ৰশ্ন।সেয়ে মেঘালয়ৰ বৰ্তমানৰ অস্থিৰতাক কেৱল জাতিগত উত্তেজনা বা আইন-শৃংখলাৰ সমস্যা বুলি চালে ছবিখন যেন আধৰুৱা হৈ ৰ’ব। ইয়াৰ গভীৰতাত আছে ভূমি, প্ৰাকৃতিক সম্পদ, স্থানীয় লোকৰ অধিকাৰ, চাকৰি আৰু বাহিৰাগত পুঁজিৰ প্ৰৱেশৰ প্ৰশ্ন।
সাম্প্ৰতিক বিশ্বৰ গোলকীয় অৰ্থব্যৱস্থাত ককবকাই থকা স্থানীয় সৰু সৰু জনগোষ্ঠীৰ সমূহৰ মাজত এই আশংকাই বিৰাজ কৰিছে যে বাহিৰৰ মানুহৰ প্ৰৱেশ বৃদ্ধি পালে ভূমি, চাকৰি,ব্যৱসায় আৰু ৰাজনৈতিক প্ৰভাৱৰ ক্ষেত্ৰত স্থানীয় লোকসকল পিছ পৰি ৰ’ব। নিজৰ ভূমি আৰু পৰিচয়ৰ ওপৰত নিয়ন্ত্ৰণ হেৰুওৱাৰ আশংকাৰ পৰা এনে দাবীৰ জন্ম হ’ব ধৰিছে যিয়ে পৰিচিতি সত্তাৰ ৰাজনীতিৰ পথ প্ৰশস্ত কৰিছে।
সাধাৰণ মানুহৰ বাবে “ভূমি” কেৱল কিনা-বেচা কৰিব পৰা এটা বস্তু (commodity) নহয়। ভূমিৰ সৈতে জড়িত আছে তেওঁৰ পৰিয়াল, গাঁও, পৰম্পৰা আৰু জনগোষ্ঠীৰ সামাজিক অস্তিত্ব। মাটি স্থানীয় সাধাৰণ মানুহৰ বাবে ঘৰ আৰু জীৱন। কিন্তু আগ্ৰসী পুঁজিৰ বাবে সেই মাটি হয় কেৱল মূল্য সৃষ্টি কৰাৰ উপাদান ।দুয়োৰে মাজৰ এই দৃষ্টিভংগীৰ পাৰ্থক্যই মূলত সংঘাতৰ বীজ সিঁচে।
মেঘালয়ৰ যি কোনো আৰ্থ-সামাজিক ঘটনালৈ দৃষ্টি নিক্ষেপ কৰাৰ সময়ত আমি এই ৰাজ্যত প্ৰযোজ্য ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচিৰ আলোচনা এৰাই চলিব নোৱাৰোঁ। ষষ্ঠ অনুসূচিৰ মূল উদ্দেশ্য আছিল সাধাৰণ প্ৰশাসনিক কাঠামোৰ ভিতৰতে জনজাতীয় সমাজক সম্পূৰ্ণৰূপে আত্মসাৎ নকৰি তেওঁলোকৰ ভূমি, সামাজিক ৰীতি-নীতি, পৰম্পৰাগত প্ৰতিষ্ঠান আৰু স্থানীয় স্বায়ত্তশাসনক সাংবিধানিক সুৰক্ষা দিয়া। মেঘালয়ত আজি তিনিখন স্বায়ত্তশাসিত জিলা পৰিষদ আছে—খাচী, গাৰো আৰু জয়ন্তীয়া পাহাৰ। কিন্তু প্ৰধান সমস্যা হ’ল—ষষ্ঠ অনুসূচিয়ে স্বায়ত্তশাসনৰ সাংবিধানিক কাঠামো প্ৰদান কৰিছে যদিও সেই স্বায়ত্তশাসন সম্পূৰ্ণ অৰ্থনৈতিক আৰু প্ৰশাসনিক ক্ষমতালৈ ৰূপান্তৰিত হোৱা নাই। বৰং এক অদ্ভুত দ্বন্দ্বৰ সৃষ্টি হৈছে।
ভূমিৰ ওপৰত স্থানীয় অধিকাৰ আছে, কিন্তু সেই ভূমিৰ পৰা উৎপন্ন হোৱা বৃহৎ অৰ্থনৈতিক মূল্যৰ ওপৰত স্থানীয় সমাজৰ নিয়ন্ত্ৰণ সীমিত। জিলা পৰিষদ আছে, কিন্তু পৰ্যাপ্ত আৰ্থিক ক্ষমতা নাই।জনজাতীয় লোকসকলক সুৰক্ষাৰ দিয়াৰ সাংবিধানিক ব্যৱস্থা আছে, কিন্তু নিয়োগ, অভিবাসন (migration) আৰু সম্পদ-ব্যৱস্থাপনাৰ প্ৰশ্নসমূহ আজিও অমীমাংসিত। মেঘালয়ৰ ৰাজহ বিভাগে নিজেই স্বীকাৰ কৰিছে যে ষষ্ঠ অনুসূচিৰ অধীনত ভূমিৰ সামগ্ৰিক ব্যৱস্থাপনা জিলা পৰিষদৰ সৈতে জড়িত যদিও ৰাজ্য চৰকাৰৰ ক্ষমতাও একেলগে বিদ্যমান আৰু ৰাজহ বিভাগৰ বিধিবদ্ধ দায়িত্বসমূহ চলি থাকে।
যি ভূমি আৰু সমাজৰ ওপৰত স্থানীয় স্বায়ত্তশাসন স্বীকৃত, সেই ভূমি-সম্পদৰ ওপৰত শেষ সিদ্ধান্তৰ ক্ষমতা বিভিন্ন সময়ত ৰাজ্য চৰকাৰ, ৰাজ্যপাল, কেন্দ্ৰীয় আইন আৰু আদালতৰ মাজত বিভক্ত । তদুপৰি জিলা পৰিষদসমূহৰ নিজস্ব ৰাজহৰ উৎস অতি সীমিত। ২০১৮ চনৰ বিত্ত আয়োগৰ সন্মুখত মেঘালয়ৰ জিলা পৰিষদসমূহে জনাইছিল যে তেওঁলোকৰ ৰাজহ দৈনন্দিন প্ৰশাসনিক দায়িত্ব পালন কৰিবলৈও অতি কম আৰু উন্নয়নমূলক কামৰ বাবে প্ৰায় কোনো ধন নাথাকে।যদি কোনো স্বায়ত্ত্ব শাসন পৰিষদৰ সিদ্ধান্ত লোৱাৰ ক্ষমতা থাকে কিন্তু পৰ্যাপ্ত ধন নাথাকে, তেন্তে সেই স্বায়ত্তশাসন বাস্তৱত অসম্পূৰ্ণ।
উল্লেখনীয় যে, মেঘালয়ৰ ভূমি ব্যৱস্থা ভাৰতৰ বহু অংশৰ পৰা পৃথক। ২০১৯ চনৰ উচ্চতম ন্যায়ালয়ৰ ৰায়ত মেঘালয়ৰ ব্যক্তিগত মালিকানাধীন ভূমিৰ খনিজ অধিকাৰ আৰু খনন নিয়ন্ত্ৰণ সম্পৰ্কীয় বিষয় গভীৰভাৱে বিবেচনা কৰা হৈছিল। আদালতে স্পষ্ট কৰিছিল যে ষষ্ঠ অনুসূচি অঞ্চল হ’লেও খনন সম্পৰ্কে খনি আৰু খনিজ পদাৰ্থ (উন্নয়ন আৰু নিয়ন্ত্ৰণ) আইনৰ বিধান প্ৰযোজ্য আৰু খনন লিজৰ প্ৰয়োজনীয়তা আছে।অৰ্থাৎ—ভূমিৰ মালিকানা স্থানীয় হ’ব পাৰে, কিন্তু খনিজ উলিয়াবলৈ জাতীয় আইন আৰু পৰিৱেশ আইন মানিব লাগিব।
খাচী সমাজৰ সামাজিক সংগঠন, গোত্ৰ ব্যৱস্থা আৰু পৰম্পৰাগত ৰাজনৈতিক প্ৰতিষ্ঠানৰ সৈতে ভূমিৰ সম্পৰ্ক অতি গভীৰ। ভূমি যদি ধীৰে ধীৰে বাণিজ্যিক পণ্যত পৰিণত হয়, তেন্তে কেৱল সম্পত্তিৰ মালিকানাই সলনি নহয়, বৰং সামাজিক গাঁথনিও সলনি হয়। লগতে বৃহৎ পৰিসৰৰ প্ৰব্ৰজন আৰু নগৰীকৰণে স্বাভাৱিকভাৱেই ভাষা আৰু সাংস্কৃতিক পৰিৱেশ সলনি কৰে। এই পৰিৱৰ্তন নিজে ‘বিপদ’ নহয়; কিন্তু স্থানীয় ভাষা, শিক্ষা আৰু সংস্কৃতিক যদি প্ৰাতিষ্ঠানিকভাৱে দুৰ্বল কৰা হয়, তেতিয়া ক্ষুদ্ৰ জনগোষ্ঠীৰ সমূহৰ সাংস্কৃতিক বিস্তাৰ দূৰৈৰে কথা অস্তিত্ব বৰ্তাই ৰখাও কঠিন হৈ পৰে।
খাচী যুৱ সমাজৰ মাজত আন এটা জ্বলন্ত প্ৰশ্ন হৈছে— শিক্ষা লাভৰ পাছত নিজ ৰাজ্যত চাকৰি আৰু অৰ্থনৈতিক সুযোগ কিমান? এই প্ৰশ্নটো খাচী ছাত্ৰ সন্থাৰ সাম্প্ৰতিক পাঁচ দফীয়া দাবীৰ মাজতো দেখা গৈছে। বিশেষকৈ নিয়োগ সংস্কাৰ আৰু প্ৰব্ৰজিত শ্ৰমিকসকলৰ নিয়ন্ত্ৰণ সম্পৰ্কে। প্ৰাপ্ত তথ্য অনুসৰি মুঠ কৰ্মক্ষম জনসংখ্যাত বেকাৰত্বৰ হাৰ, ২০১৭- ১৮ চনত ১.৬% পৰা ২০২২-২৩ ত ই ৬% আৰু ২০২৩- ২৪ ত ৬.৬% লৈ বৃদ্ধি হয়। স্বাভাৱিকভাৱে প্ৰশ্ন হ’য় – কিয় স্থানীয় যুৱক-যুৱতীৰ বাবে পৰ্যাপ্ত উৎপাদনশীল চাকৰি সৃষ্টি হোৱা নাই?
পাহাৰৰ তলত কয়লা, চূণশিল আৰু অন্যান্য সম্পদ আছে, কিন্তু সেই সম্পদৰ পৰা সৃষ্টি হোৱা বৃহৎ মূল্যৰ নিয়ন্ত্ৰণ খনন কোম্পানী, চিমেণ্ট কোম্পানী, ব্যৱসায়ী আৰু বৃহৎ পুঁজিৰ হাতত, সেয়ে স্থানীয় সমাজ ভৰপুৰ সম্পদ থকা সত্ত্বেও সমৃদ্ধ হ’ব পৰা নাই। অৰ্থাৎ সম্পদৰ সুফল তেওঁলোকে ভোগ কৰিব পোৱা নাই, অথচ সম্পদ লুণ্ঠনৰ আটাইতকৈ দীৰ্ঘম্যাদী মূল্য পৰিশোধ কৰিব তেওঁলোকেই—পাহাৰ, মাটি, নদী, কৃষি, পানী আৰু জীৱবৈচিত্ৰ্যৰ ক্ষতিৰ ৰূপত। এয়া হৈছে ‘সম্পদ-অভিশাপ’ৰ এক স্থানীয় ৰূপ। কিন্তু এই কাহিনী কেৱল মেঘালয়ৰ নহয়।
পৃথিৱীৰ বহু ঠাইত মাটিৰ তলত থকা সম্পদে মাটিৰ ওপৰত মানুহৰ লগত মানুহৰ ভয়ংকৰ সংঘাতৰ জন্ম দিছে।আফ্ৰিকাৰ কংগোত কোবাল্ট, তাম আৰু সোণ; নাইজেৰিয়াৰ নাইজাৰ ডেল্টাত তেল; লেটিন আমেৰিকাৰ এণ্ডিজত লিথিয়াম আৰু তাম—সম্পদে অঞ্চলবোৰক সমৃদ্ধ কৰাৰ প্ৰতিশ্ৰুতি দিছে, কিন্তু বহু সময়ত স্থানীয় মানুহে পাইছে ভূমি, পৰিৱেশ আৰু নিজৰ সম্পদৰ ওপৰত নিয়ন্ত্ৰণ হেৰুওৱাৰ যন্ত্ৰণা। আমাজনৰ অৰণ্যতো একে প্ৰশ্ন—অৰণ্য আৰু খনিজ সম্পদৰ মালিকানা কাৰ? উন্নয়নৰ নামত সিদ্ধান্ত কোনে ল’ব? আৰু তাৰ মূল্য কোনে দিব।
এখন দেশ বা ৰাজ্যৰ বাবে প্ৰাকৃতিক সম্পদ অৰ্থনৈতিক উন্নয়নৰ ইন্ধন হ’ব পাৰে। কিন্তু সেই সম্পদৰ লাভ যদি কিছুমান বৃহৎ পুঁজি বা প্ৰতিষ্ঠানৰ হাতত কেন্দ্ৰীভূত হয় আৰু সম্পদ থকা অঞ্চলৰ মানুহে তাৰ বিনিময়ত ভূমি, পৰিৱেশ আৰু জীৱিকা হেৰুৱাবলগীয়া হয়, তেন্তে “উন্নয়ন’’ শব্দটোৱেই প্ৰশ্নৰ সন্মুখীন হয়। সেয়ে বৰ্তমানৰ মেঘালয়ৰ প্ৰশ্নটোও কেৱল “বাহিৰৰ মানুহ বনাম স্থানীয় মানুহ’’ বুলি চালে ভুল হ’ব। প্ৰকৃত প্ৰশ্নটো অধিক গভীৰ—সম্পদ কাৰ, ভূমিৰ অধিকাৰ কাৰ, আৰু সম্পদৰ পৰা আহৰণ কৰা লাভৰ বৃহৎ অংশ কাৰ হাতলৈ যায়?
যেতিয়া মাটিৰ তলৰ সম্পদৰ ওপৰত বৃহৎ পুঁজিৰ চকু পৰে আৰু সেই মাটিৰ ওপৰত যুগ যুগ ধৰি বাস কৰা মানুহে নিজৰ ভৱিষ্যৎ অনিশ্চিত বুলি অনুভৱ কৰে, তেতিয়াই মূলত অৰ্থনৈতিক অসন্তোষে জাতিগত আৰু ৰাজনৈতিক ৰূপ ল’য়। কিন্তু অৰ্থনৈতিক সংঘাত জাতিগত সংঘাতলৈ ৰূপান্তৰিত হ’লে মূল ক্ষমতাৰ কাঠামোটো প্ৰায়ে অদৃশ্য হৈ যায়। ক্ষমতাৰ মূলত থকা সকলে সেই সংঘাটক প্ৰত্যক্ষ বা পৰোক্ষ ভাবে সহাৰি জনায়,যাতে আন্দোলন যিমান তীব্ৰ নহওক কিয়,ক্ষমতা হস্তান্তৰ সম্ভাবনা নুই কৰিব পাৰি।
অসমত অসম আন্দোলনৰ পটভূমিতো ভূমি, জনসংখ্যাগত পৰিৱৰ্তন, ৰাজনৈতিক অধিকাৰ আৰু ঐতিহাসিক অধিবাসীৰ ভৱিষ্যৎ সম্পৰ্কীয় গভীৰ আশংকাই ব্যাপক জনসমৰ্থনৰ কাৰক আছিল। কিন্তু পাছলৈ সেই আন্দোলন উগ্ৰজাতীয়তাবাদ আৰু সংখ্যালঘু লোকৰ ওপৰত হিংসালৈ পৰিণত হৈছিল। ইয়াৰ পৰা এটা শিক্ষা স্পষ্ট-বাস্তৱ,সামাজিক-অৰ্থনৈতিক সমস্যাৰ পৰা জন্ম লোৱা আন্দোলনো যদি মানুহৰ বিৰুদ্ধে মানুহৰ ঘৃণালৈ পৰিণত হয়, তেন্তে মূল সমস্যাটো সমাধান নোহোৱাকৈয়ে থাকে। সেয়ে মেঘালয়ৰ ক্ষেত্ৰতো স্থানীয় অধিকাৰৰ ন্যায্য দাবী আৰু হিংসাত্মক কাৰ্যকলাপক একে পাল্লাত জুখিব নালাগে।
ভূমি, চাকৰি, পৰিৱেশ আৰু সম্পদৰ ওপৰত স্থানীয় লোকৰ অধিকাৰৰ দাবী গণতান্ত্ৰিকভাৱে উত্থাপন কৰাৰ অধিকাৰ আছে, কিন্তু বাহন ভাঙি, সম্পত্তি ধ্বংস কৰি বা সাধাৰণ মানুহক লক্ষ্য কৰি সেই অধিকাৰ প্ৰতিষ্ঠা কৰিব নোৱাৰি।সম্পদ আৰু স্থানীয় লোকৰ অধিকাৰৰ ন্যায্য দাবী থাকিলেও হিংসা, সম্পত্তি ধ্বংস বা সাধাৰণ মানুহক লক্ষ্য কৰা কোনো কাৰ্যই সেই দাবীৰ নৈতিক শক্তি বৃদ্ধি নকৰে। দেশৰ উত্তৰ পূৱকোণত অৱস্থিত অসম আৰু মেঘালয়ৰ জনজীৱনৰ সম্পৰ্ক কেৱল দুখন ৰাজ্যৰ সীমাৰেখাৰে নিৰ্ধাৰিত নহয় । ইয়াৰ সৈতে জড়িত আছে দুয়োৰাজ্যৰ বহু দশকৰ সহৱস্থান, ব্যৱসায়-বাণিজ্য, যাতায়াত, বন্ধুত্ব আৰু পৰস্পৰৰ ওপৰত নিৰ্ভৰশীলতা। সেয়ে আজিৰ উত্তেজনাই যেন সেই সম্পৰ্কবোৰক কোনো পধ্যে ছিন্ন নকৰে।
মেঘালয়ৰ সকলো লোকৰ স্থানীয় অধিকাৰৰ সুৰক্ষা হওক, সম্পদৰ ন্যায়সংগত ব্যৱহাৰ হওক,যুৱসমাজৰ বাবে জীৱিকাৰ সৃষ্টি হওক—কিন্তু তাৰ পথ হওক অহিংসা, সংলাপ, গণতন্ত্ৰ আৰু ন্যায়ৰ পথ। মেঘালয়ৰ মানুহৰ নিজৰ নায্য দাবী আৰু সমস্যা সমাধানৰ এই যাত্ৰাত অসমৰ সাধাৰণ জনগণ হ’ব তেওঁলোকৰ সহযাত্ৰী। সেয়ে সীমাৰ দুয়োপাৰৰ মানুহে পৰস্পৰক প্ৰতিদ্বন্দ্বী হিচাবে নলৈ শান্তি, সম্প্ৰীতি আৰু পাৰস্পৰিক সন্মান বৰ্তাই সাধাৰণ মানুহৰ জীৱন যাপনৰ অধিকাৰ আজুৰি অনাৰ দিশত ধাবমান হওক- এয়া সময়ৰ আহ্বান ।








