Discourses From the East
ঘৰ
খালাং-খিছিং খালী ঘৰ এটাত
এদিন মই ঘৰখন সাজিলো
অ’ত ত’ত সিঁচৰতি হৈ থকা
মন আৰু স্মৃতিৰ
জাবৰবোৰ চাফা কৰি
ঘৰটোত সানিলো নতুন ৰঙ
যি ৰঙত ধাক খাই পৰিল
কিছু পুৰণি ছবি,কবিতা,গান
নাটক,কাহানি কিম্বা
পুৰা-কাহিনী
ঘৰটো গঢ়িলো একেবাৰে নকৈ
উন্মুক্ত দৰজা-খিৰিকীত উৰিল
ৰঙ-বিৰঙী স্বাধীনতাৰ পতাকা
খালী চোতাল কেইখনত লহপহকৈ গজি উঠিল
অলেখ ফুল,গান,জোনাক,ৰাগ
আৰু সপোনৰ
ঘৰটোত থিতাপি লোৱাৰ পাছত
মোৰ লাহে লাহে ওজন বাঢ়িল
শিকিলো
আকাশ-তৰাৰ স’তে কথা পতাৰ নতুন ভাষা
সুলকি পৰিল দেহৰ অলেখ মেদ-ৰঙৰ,জাতৰ
হাজাৰ বছৰ ধৰি বুকুত দাঙি ফুৰা বেৰবোৰ
ঠনঠনকৈ খহি পৰিল
সুযোগ পালেই ঘৰ দখল কৰিবলৈ বিচৰা
প্ৰাচীন দেৱতাবোৰেও পলাই-পত্ৰং দিলে
দৰজা-খিৰিকীবোৰত উৰি থকা
পতাকাৰ সশব্দ গৰ্জনত
মই আমি হ’লো
লিখিলো নিযুত গান-কাহিনী
আকিঁলো কলা-বগা ৰঙা-নীলা এসাগৰ ছবি
গালো গান
আন্ধাৰ নাশি পোহৰৰ
আজি বহুদিন ধৰি
আমি ঘৰটো বিচাৰি পোৱা নাই
প্ৰতিনিয়ত ঘৰটো বিচাৰিছো
দিনত নাইবা ৰাতি
আকাশ বতাহ আৰু অৰণ্যত
বুজি পোৱা নাই
বাট হেৰুৱালো নে
অবাটে গ’লো
ক’ত হেৰাল বাৰু
আমাৰ ঘৰটো








