Discourses From the East
পাঠশালা চহৰৰ পৌৰসভাৰ কাৰ্যালয়ৰ পথত আমাৰ ঘৰ। পাঠশালা পৌৰসভাৰ কাৰ্যালয়টোৰ গাতেলাগি থকা পূৰ্বৰ নগৰ সমিতিৰ পথাৰখনক পাঠশালাবাসীয়ে ‘কহিনুৰ ফিল্ড’ বুলিয়েই জানিছিল (আমাৰ নিচিনা শ-শ ল’ৰা-ছোৱালীক বতাহত উৰিবলৈ, খেল খেলিবলৈ যিখন পথাৰে অকৃপণ পৰশ প্ৰদান কৰিছিল সেই পথাৰখনক নিঃশেষ কৰি সম্প্ৰতি তাত এটা অট্টালিকা সজোৱা হৈছে। )। কহিনুৰ ফিল্ডৰ দক্ষিণ দিশৰ পূব-পশ্চিমমুৱা দীঘল মাটিডৰাতে কহিনুৰ থিয়েটাৰৰ স্থায়ী আখৰা শিবিৰ। অৰ্থাৎ আমাৰ ঘৰৰপৰা মাত্ৰ এশ মিটাৰ নিলগত অৱস্থিত কহিনুৰ থিয়েটাৰৰ আখৰা শিবিৰৰ নৃত্য নাটিকা বা নাটকৰ আখৰাৰ প্ৰতিটো সাংগিতীক ঝংকাৰ,প্ৰতিটো ডায়লগ বাধাহীনভাৱে কহিনুৰ ফিল্ডৰ মাজেৰে ঢপলিয়াই আহি আমাৰ কাণত পৰিছিল আৰু আমি মা-দেউতাৰ চকুত ধূলি মাৰি সাউৎকৰে আখৰা শিবিৰলৈ বুলি পলাই গৈছিলো। আমাৰ শৈশৱ, যৌৱনৰ প্ৰায় প্ৰতিটো মুহুৰ্ত আৱৰি ৰাখিছিল কহিনুৰ থিয়েটাৰে। পাঠশালাৰ চাৰিওটা পট্টি যেতিয়া নটৰাজ, আৰাধনা, অনিৰ্বাণ, আৱাহন আৰু কহিনুৰ থিয়েটাৰৰ সাধাৰণ আখৰা আৰু পূৰ্ণ আখৰাই (ষ্টেজ পাতি কৰা আখৰা) উত্তাল কৰি ৰাখিছিল সেই সময়ত আমাৰ নিজৰ ঘৰৰ থিয়েটাৰখন বুলি কহিনুৰক লৈ গৌৰৱ কৰিছিলো। নিশা পূৰ্ণ পৰ্যায়ৰ আখৰা শেষ নোহোৱালৈকে আমি শুব পৰা নাছিলো। নিশা এটা বা দুটামান বজাত বজাত যেতিয়া কহিনুৰৰ আখৰা শেষ হয় তেতিয়া ঠাইখন নিজান হৈ পৰে আৰু আমাৰ চকুত তেতিয়াহে টোপনিয়ে ভৰ দিয়েহি। মেট্ৰিক পৰীক্ষা পাছ কৰাৰ পাছত যেতিয়া কলেজীয়া জীৱনত প্ৰৱেশ কৰিলো তেতিয়াৰেপৰা প্ৰতিনিশা পূৰ্ণ পৰ্যায়ৰ আখৰাত বহি নাটক চোৱাৰ এক অভ্যাস গঢ় লৈ উঠিল । কহিনুৰৰ দ্বাৰপালকজনে কহিনুৰ ফিল্ডত পতা পেণ্ডেলৰ ভিতৰতপ্ৰৱেশ কৰাত বাধা দিলে প্ৰতিবাদ ক’ৰো, – ‘‘ ঘৰত শুব নোৱাৰো যেতিয়া কি কৰো! সেয়েহে ৰিহাৰ্ছেল চাবলৈ আহিছো। ’’ পাছলৈ কহিনুৰ থিয়েটাৰ আমাৰ ঘৰৰে যেন অংশ হৈ পৰিল। যেতিয়া পাঠশালাত উদ্বোধনী দৰ্শনী আৰম্ভ হয় তেতিয়া বজালীৰ ভিন্ন প্ৰান্তৰপৰা মানুহে আমাৰ ঘৰৰ সমুখৰ পথটোৰে কহিনুৰ ফিল্ডত নাটক চাবলৈ হিলদল ভাঙি আহে। আমি দৰ্শনী শেষ হোৱাৰ পাছত গেটৰ কাষত ৰৈ মানুহবোৰৰ মুখলৈ চাই এক পৰম তৃপ্তি অনুভৱ ক’ৰো। দুই-এক দৰ্শকে আমালৈ বুলি ডায়লগ মাৰি যায়- ‘‘ ইহঁতৰে ভাল। আমাৰ নিচিনা দূৰৰপৰা গাড়ী-মটৰ ভাৰা কৰি থিয়েটাৰ চাবলৈ আহিব নালাগে। ঘৰৰ কাষতে থিয়েটাৰ চাবলৈ পায়। ’’

আগষ্ট মাহৰ শেহৰফালে কহিনুৰ থিয়েটাৰে যেতিয়া পাঠশালাত নাট্য প্ৰদৰ্শনীৰ পৰ্ব শেষ কৰি যাবলৈ ওলায় তেতিয়া অন্তিম দৰ্শনী শেষ হোৱাৰ পাছত পেণ্ডেলটো নিশাৰ ভিতৰতে ভাগি পেলোৱা হয়। পৰৱৰ্তী যি ডোখৰ স্থানত প্ৰদৰ্শনী হয় তালৈ বুলি নিশা দুপৰত এখন ট্ৰাকে সা-সামগ্ৰী ভৰ্তি কৰি ওলায় যায়। বুকুখনৰ কোনো অংশত যেন একঅপৰিচিত বিষে হেঁচা মাৰি ধৰি। পাছদিনাখন অতি দুখী মন লৈ আমি লগ-সমনীয়াবোৰে কহিনুৰ ফিল্ড, কহিনুৰৰ নিজান হৈ পৰা আখৰা গৃহবোৰৰ মাজত পিট্পিটাই ঘূৰি ফুৰো। নিজ ঘৰৰ চোতালৰ পৰা কইনাক বিদায় দিয়াৰ পাছত কইনাগৃহৰ মানুহবোৰে যেনেদৰে এক অচিন দুখত নিমজ্জিত হয় ঠিক একেদৰে কহিনুৰ থিয়েটাৰে পাঠশালাৰপৰা বিদায় লোৱাৰ পাছত বহুদিনলৈ এক বুজিব নোৱৰা দুখত যেন ম্ৰিয়মান হৈ পৰিছিলো। সন্ধিয়াৰ পৰত আখৰা শিবিৰৰপৰা ভাহি অহা সাংগিতীক লয়, মহানন্দ শৰ্মা বা সুৰেন মহন্তৰ গলগলীয়া কণ্ঠৰ ডায়লগবোৰ বহুদিনলৈ আমাৰ মন-মগজুত যেন প্ৰতিধবনিত হৈছিল ।
এই লেখকৰ জন্মৰ মাথো দুটা বছৰ পাছত কৃষ্ণ ৰয় আৰু প্ৰয়াত ৰতন লহকৰৰ যৌথ প্ৰযোজনাত গঢ় লৈউঠিছিল কহিনুৰ থিয়েটাৰৰ । জন্মৰ বছৰটোত অৰ্থাৎ ১৯৭৬-৭৭ বৰ্ষৰ নাটৰ আখৰা হৈছিল আমাৰ ঘৰৰপৰা প্ৰায় পাঁচশ মিটাৰ মান নিলগত অৱস্থিত জ্যোতিনগৰৰ প্ৰয়াত হৰেন্দ্ৰ নাথ ডেকাৰ চৌহদত। বজালী মহাবিদ্যালয়ৰ শিক্ষক প্ৰয়াত হৰেন্দ্ৰ নাথ ডেকা কৃষ্ণ ৰয় আৰু প্ৰয়াত ৰতন লহকৰ দুয়োজনৰে শিক্ষক আছিল বাবে তেখেতৰ মাটিত কহিনুৰৰ অস্থায়ী শিবিৰটোৰ নিৰ্মাণ কৰাৰ অনুমতি দিয়া হৈছিল। কহিনুৰৰ স্থায়ী চৌহদ আমাৰ ঘৰৰ একেবাৰে কাষলৈ অহাৰ পাছত আমাৰ মন সীমাহীন আনন্দৰে ভৰি পৰিল। সেই মাটিডৰাৰ মাজেৰে আমি প্ৰাথমিক বিদ্যালয়লৈ বাট পোন কৰিছিলো বাবে কহিনুৰ চৌহদ নিগাজিকৈ বহাৰ পাছতো আমি সেই বাটটো এৰা নাছিলো আৰু বিশেষকৈ স্কুল ছুটীৰ পাছত বাট চমু কৰাৰ স্বাৰ্থত আমি কহিনুৰৰ চৌহদৰ মাজেৰে ঘৰলৈ উভতিছিলো। স্কুলৰ সময়খিনিৰ বাদে বাকী সময়খিনি আমি জ্যোতিনগৰ কলিতাচুপাৰ সৰু ল’ৰা-ছোৱালীবোৰে বেছিভাগ সময় পাৰ কৰিছিলো নৃত্য-নাটিকাৰ আখৰা কৰা ঘৰটোত। আমাৰ বাবে মূল আকৰ্ষণ আছিল আখৰা শিবিৰত থকা বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ আৰু প্ৰায়বোৰ বাদ্যযন্ত্ৰ বজাব জনা শিল্পী প্ৰয়াত নন্দ বেনাৰ্জী। নাটকৰ আখৰা য’ত হৈছিল তালৈকো আমি যাও যদিও একেখিনি অভিনয় বাৰে বাৰে কৰি থাকে বাবে আমি তাত সৰহপৰ নাথাকি পুনৰ নৃত্যৰ আখৰালৈ গুচি আহো। সন্ধিয়াপৰত কহিনুৰৰ আখৰা শিবিৰত সমবেত প্ৰাৰ্থনা গোৱা হৈছিল আৰু সেই সময়ত আমিও দাবি-ধমক খাই চৌহদ এৰি গৃহ প্ৰৱেশ কৰিবলৈ বাধ্য হৈছিলো। জনা হোৱাৰ দিনৰেপৰা ৰতন লহকৰক আমি খুড়া বুলিয়েই মাতিছিলো। একেবাৰে নিকট প্ৰতিবেশী হোৱাৰ বাবে শৈশৱৰপৰাই কহিনুৰ থিয়েটাৰ চৌহদটো আমাৰ বাবে যেন আছিল ঘৰৰ চোতালখনৰে এক পৰিবৰ্দ্ধন। আমাৰ নিচিনা জ্যোতিনগৰৰ অজস্ৰ ল’ৰা-ছোৱালীৰ বাবে কহিনুৰ ফিল্ড আৰু থিয়েটাৰখন আছিল জীৱনৰ অভিন্ন অংগ।
এক অনন্য আৰু সাহসী পৰিক্ৰমা
দুই বন্ধু ৰতন লহকৰ আৰু কৃষ্ণ ৰয়ৰ শৈশৱৰে পৰা নাট্যজগতখনৰ লগত থকা এৰাব নোৱৰা সম্পৰ্ক, কেৱল নাটকৰ জৰিয়তে জীৱনত কিবা এটা কৰাৰ দুৰ্বাৰ ইচ্ছা আৰু সৰ্বোপৰি নিজাববীয়াকৈ ভ্ৰাম্যমাণ দল এটা আৰম্ভ কৰাৰদুৰ্বাৰ বাসনাৰ বাবেই দুয়োজনে
১৯৭৬ চনত কহিনুৰ থিয়েটাৰৰ শুভাৰম্ভ ঘটাব পাৰিছিল। ভ্ৰাম্যমাণ থিয়েটাৰৰ ইতিহাসত কহিনুৰৰ উত্থান আন এক দিশৰ পৰাও তাৎপৰ্যপূৰ্ণ। আৰ্থিক দিশৰ পৰা এই দলটি আছিল এক সু-গংগঠিত ৰূপত আত্মপ্ৰকাশ কৰা প্ৰথমটো ভ্ৰাম্যমাণ নাট্যদল। গুৱাহাটীস্থ ‘চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়া’ ৰ আৰ্থিক সহায়েৰে গঢ়ি উঠা এই দলটিয়ে প্ৰথমবাৰৰ বাবে এক সংগঠিত মূলধনী প্ৰক্ৰিয়াৰ বাট দেখুৱাই দিছিল। ইয়াৰ আগলৈকে অসমত যিমানবোৰ ভ্ৰাম্যমাণ দল গঠন হৈছিল তেওঁলোকে হয় বিভিন্ন জনৰপৰা ঋণ লৈ অথবা আৰ্থিক সহায়ত দলবোৰ গঢ়ি তুলিছিল আৰু এনে ব্যৱস্থাই প্ৰায়েই দলবোৰক আহুকালত পেলাইছিল। অচ্যুত লহকৰৰ প্ৰযোজনাত ১৯৬৩ চনত গঠিত হোৱা ‘নটৰাজ থিয়েটাৰ’ৰ পাছত দুই বন্ধুৰ যুটীয়া প্ৰচেষ্টাত আৰম্ভ হোৱা কহিনুৰ থিয়েটাৰে ভ্ৰাম্যমাণৰ নাটকৰ ক্ষেত্ৰত এক ৰূপান্তৰৰ সূচনা কৰিলে। কহিনুৰে ভ্ৰাম্যমাণলৈ বোৱালে দৰ্শকৰ নতুন সোঁত। ইয়াৰ আগলৈ ভ্ৰাম্যমাণৰ দৰ্শক সমাজৰ এটি অংশৰ মাজতে সীমাবদ্ধ আছিল। অসমৰ বিভিন্ন ঠাইত বসবাস কৰা কামৰূপ জিলাৰ লোকসকলেই আছিল মূলত ভ্ৰাম্যমাণৰ দৰ্শক। ভ্ৰাম্যমাণে মধ্যবিত্ত আৰু উচ্চবিত্তৰ দুৱাৰত তেতিয়ালৈ টোকৰ মাৰিবলৈ সক্ষম হোৱা নাছিল। কহিনুৰ থিয়েটাৰে এই দৰ্শক পৰিবৃত্তৰ ব্যাপক সম্প্ৰসাৰণ ঘটাই ভ্ৰাম্যমাণক সমাজৰ সকলো স্তৰৰ মাজলৈ লৈ গ’ল। অসমীয়া নাট্যকাৰৰ নাটক সূচনা কৰাৰ লগে লগে কহিনুৰে স্থায়ীভাৱে আন এটা কামো কৰিলে। অসমীয়া কেবাজনো লব্ধপ্ৰতিষ্ঠ নাট্যকাৰে ভ্ৰাম্যমাণৰ বাবে বাবে নাটক ৰচনা কৰাৰ প্ৰক্ৰিয়া এটা আৰম্ভ হ’ল বাবে অসমৰ বৌদ্ধিক জগতৰ শীৰ্ষমহলক ভ্ৰাম্যমাণলৈ চকু দিবলৈ কহিনুৰে বাধ্য কৰালে। কহিনুৰৰ জৰিয়তে ভ্ৰাম্যমাণলৈ চলচ্চিত্ৰ অভিনেতা-অভিনেত্ৰী অহাৰ প্ৰক্ৰিয়াটো ত্বৰান্বিত হোৱাৰ লগে লগে চলচ্চিত্ৰ শিল্পীসকলৰ বাবে বিকল্প ক্ষেত্ৰ এখনৰো জন্ম হ’ল। একেদৰে অসমৰ বিভিন্ন প্ৰান্তৰ অপেছাদাৰী নাট্যগোষ্ঠীবোৰৰ অভিনেতা-অভিনেত্ৰী সকলৰ বাবে ভ্ৰাম্যমাণ এক আৰ্থিক জীৱিকাৰূপে পৰিগণিত হ’বলৈ ধৰিলে আৰু কহিনুৰে এই প্ৰক্ৰিয়াক অধিক দৃঢ়তৰ কৰি তুলিলে। ভ্ৰাম্যমাণৰ শিল্পী, কলা-কুশলীসকলৰ বাবে ভ্ৰাম্যমাণ থিয়েটাৰ কহিনুৰে যি এক আৰ্থিক মাপকাঠী নিৰ্ধাৰণ কৰিলে সি বাকীবোৰ দলেও অনুকৰণ কৰা পৰিলক্ষিত হ’ল আৰু এনেদৰে এক ঔদ্যোগিক ৰূপান্তৰ এই থিয়েটাৰ দলটিয়ে সংঘটিত কৰিলে।

এটা অসমীয়া সপোনৰ মৃত্যু
অসমীয়া মানুহে যাতে নাটক কৰিয়েই জীৱন-জীৱিকা নিৰ্বাহ কৰিব পাৰে তাৰে আদি সপোনটো দেখিছিল অচ্যুত লহকৰে আৰু সেই সপোনটোকে সাকাৰ কৰাৰ কিছু বাস্তৱ পদক্ষেপ লৈছিল ৰতন লহকৰ, কৃষ্ণ ৰয়ৰ নিচিনা দুই চাৰিজন প্ৰযোজকে। কেনেধৰণৰ নাটকৰ জৰিয়তে ভ্ৰাম্যমাণ টিকি থাকিব পাৰে সেই বিষয়ত ৰতন লহকৰৰ আছিল এক স্পষ্ট দৃষ্টিভংগী। এক সাক্ষাৎকাৰত তেখেতে কৈছিল – “এৱছাৰ্দ ধৰ্মী নাটক আমি কৰিছো। অৰুণ শৰ্মাৰ ‘পুৰুষ’ , ‘মাটিৰ গাড়ী’ আদি নাটক কৰি আমি সফল হ’ব পৰা নাই। অসমৰ শতকৰ্ছাজ্ম ভাগ দৰ্শকে এনেকুৱা নাটক বুজিনাপায়। অসমীয়া মানুহৰ চিন্তাচৰ্চাৰ এটা লিমিটেচন আছে। বেকেটৰ ‘ Waiting for Godot ’,পিণ্টাৰৰ ‘The Care taker’ ,ছিম্পছনৰ ‘One Way Pendulum’ আদিৰ দৰে নাটক কৰিলে আমি সফল হ’ব নোৱাৰিম। আমি যি মঞ্চস্থ কৰিম সেইবোৰ সহজভাৱে বুজাই দিব বিচাৰো। আমাৰ ইয়াত ব্যৱসায়ৰ কথা জড়িত আছে। এৱছাৰ্দ ধৰ্মী নাটক কৰি আমি যদি দৰ্শক নাপাও তেতিয়া হ’লে আমি ইমানবোৰ অভিনেতা-অভিনেত্ৰীক দৰমহা দিম ক’ৰ পৰা ? ইয়াৰ উপৰি অন্যবোৰ কৰ্মচাৰী আছেই। গতিকে আমি এই ধৰণৰ নাটক কৰিছো যদিও সফল হ’ব পৰা নাই।”

দুখৰ কথা যে অসমৰ বিভিন্ন প্ৰান্তত ভ্ৰাম্যমাণ থিয়েটাৰৰ জৰিয়তে হাজাৰ-বিজাৰ অনুষ্ঠান প্ৰতিষ্ঠান গঢ় লৈ উঠিল যদিও এই কলাই আজি পৰ্যন্ত চৰকাৰৰ কোনোধৰণৰ প্ৰত্যক্ষ সহায় লাভ কৰিবলৈ সক্ষম নহ’ল। হাজাৰ–বিজাৰ শিল্পীক জীৱিকাৰ অণ্বেষণ দিয়া এই ভ্ৰাম্যমাণ যাতে কলা ধনৰ বেপাৰীৰ হাতত পৰি ধবংস হৈ নাযায় তাৰ বাবেপ্ৰয়াত ৰতন লহকৰে অধিবক্তা প্ৰয়াত নিলয় দত্তৰ সহযোগত এখন বিধেয়ক প্ৰস্তুত কৰি তুলিছিল যদিও সেইখন কোনোঅচিন কোণত অনাদৃত হৈ পৰি ৰ’ল। একেদৰে প্ৰয়াত ধৰণী বৰ্মনৰ বাহিৰে ভ্ৰাম্যমাণৰ মহীৰূপস্বৰূপ প্ৰয়াত অচ্যুতলহকৰ, প্ৰয়াত সদানন্দ লহকৰ, প্ৰয়াত ৰতন লহকৰ আৰু কৃষ্ণ ৰয়ৰ নিচিনা লোকক আজিলৈ কোনো ৰাষ্ট্ৰীয় পৰ্যায়ৰসন্মান যচা নহ’ল। এতিয়াও অসমৰ এচামে ভ্ৰাম্যমাণক এক গ্ৰাম্য পৰিবেশ্য কলা হিচাপে ইতিকিং কৰিবলৈ বিচাৰে।অসংগঠিত ৰূপত হ’লেও কোনোধৰণৰ চৰকাৰী পৃষ্ঠপোষকতা নোহোৱাকৈ অসমীয়া মানুহে যে পৰিবেশ্য কলাৰ জৰিয়তেএচাম শিল্পীক জীৱিকাৰ বাট দেখুৱাব পাৰে তাৰ উজ্জ্বল নিদৰ্শণ হৈছে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ। অসমীয়া জাতি আৰুসংস্কৃতিক অসামান্যভাৱে সমৃদ্ধ কৰা এই ভ্ৰাম্যমাণ থিয়েটাৰ দলৰে এক হীৰাস্বৰূপ ‘কহিনুৰ থিয়েটাৰ’ অহা বছৰৰ পৰা বন্ধ কৰা হ’ব বুলি আজি কিছুদিন আগত কহিনুৰ থিয়েটাৰৰ বৰ্তমানৰ প্ৰযোজক মোৰ ভাতৃস্বৰূপ তপন লহকৰে সামাজিকমাধ্যমত এক ঘোষণা দিছিল। তাৰ পাছতে অসমৰ বিভিন্ন প্ৰান্তৰ মানুহে কহিনুৰ বন্ধ কৰাক লৈ আৱেগিক প্ৰতিক্ৰিয়া ব্যক্ত কৰাত প্ৰযোজক লহকৰে থিয়েটাৰ দলটো সদ্যহতে বন্ধ কৰা নহ’ব বুলি পুনৰ সামাজিক মাধ্যমযোগে কৈছে। অসমীয়া জাতীয় জীৱনৰ দুৰ্ভাগ্য যে অসমীয়া মানুহে গঢ় দিয়া আৰু দীৰ্ঘদিনধৰি হাজাৰ-বিজাৰ সাংস্কৃতিক কৰ্মীক আৰ্থিক সুৰক্ষা দিয়া এই ভ্ৰাম্যমাণ উদ্যোগটোৰ মূল উদ্দীপনা স্বৰূপ পঞ্চাশ বছৰীয়া ‘কহিনুৰ থিয়েটাৰ’ এক অনিশ্চিত ভৱিষ্যতৰ পিনে আগবাঢ়িছে। মৃত্যু পৰ্যন্ত ৰতন লহকৰে এচাম কলা ধনৰ বেপাৰী আৰু তেনে বেপাৰীৰ পৃষ্ঠপোষক, পৰিবেশ্য কলাত ছিণ্ডিকেট চলাবলৈ বিচৰা মুখাধাৰী শিল্পীৰ হাতৰ পৰা ভ্ৰাম্যমাণ থিয়েটাৰক ৰক্ষা কৰাৰ বাবে চেষ্টা চলাইছিল। সম্প্ৰতি কিবোৰ কাৰণৰ বাবে আন ভ্ৰাম্যমাণৰ লেখিয়াকৈ কহিনুৰো বন্ধ কৰিব লগা এক পৰিস্থিতিৰ পিনে আগবাঢ়িছে তাক অসমৰ জনগণ তথা চৰকাৰখনে জনাতো অতিকৈ প্ৰয়োজনীয়।








