উজনিৰ মহাপ্ৰলয়ৰ বাবে জবাবদিহি কোন হ’ব

Share This Article

অসমৰ কেবাখনো বাতৰি কাকতত প্ৰকাশ পাইছে যে উজনিৰ চৰাইদেউ, শিৱসাগৰ,যোৰহাট, ডিব্ৰুগড়, গোলাঘাটকে ধৰি ১২ খন জিলাৰ ৮৫৬ খন গাঁৱৰ প্ৰায় ৭ লাখ লোক বানত ক্ষতিগ্ৰস্ত হৈছে আৰু জিলা প্ৰশাসনে এতিয়াও প্ৰায় আশী হাজাৰ বানাক্ৰান্তৰ ওচৰ চাপিব পৰা নাই৷ স্বয়ং অসমৰ মুখ্যমন্ত্ৰীজনে অসহায়ভাৱে স্বীকাৰ কৰিছে যে নাজিৰা বিধানসভা সমষ্টিৰ ৩০ শতাংশ আৰু শিৱসাগৰ সমষ্টিৰ ২০ শতাংশ বান প্ৰভাবিত অঞ্চললৈ প্ৰশাসন যাব পৰা নাই৷ চৰকাৰে এই লোকসকলক স্পৰ্শ কৰিব পৰা নাই৷ পানী কমিছে যদিও পথৰ ওপৰত বালি আৰু পলসৰ তৰপ থকা বাবে কোনো যাব পৰা নাই৷ এই লোকসকল সংযোগৰ বাহিৰত আছে৷ মুখ্যমন্ত্ৰীজনৰ এই স্বীকাৰোক্তি আৰু বিশেষকৈ চৰাইদেউ, শিৱসাগৰ জিলাত হোৱা অভূৰ্তপূৰ্ব প্ৰলয়কংৰী বানৰ প্ৰসংগত আমি এই লেখাত কেইটামান প্ৰশ্নৰ উত্থাপন কৰিবলৈ বিচাৰিছো৷ যি সময়ত নাগালেণ্ড ৰাজ্যৰপৰা নামি অহা বানৰ ঢলে অসমৰ থলুৱা মানুহৰ মূল আবাসস্থলীস্বৰূপ অঞ্চলবোৰৰ লাখ-লাখ লোকৰ ঘৰ-দুৱাৰ, খেতিপথাৰ, জীৱন-জীৱিকা তচ্‌নচ্‌ কৰি দিছে সেই সময়ত অসমীয়া মানুহৰ সামগ্ৰিক অস্তিত্বৰ প্ৰসংগত এই প্ৰশ্ন কেইটা আমি অতি জৰুৰী বুলি বিবেচনা কৰিছো৷


১] প্ৰথমত, নাজিৰাৰ ৰজাপুল এলেকাত নিজ ঘৰত কেবাদিনো জলাবদ্ধ হৈ কোনোমতে প্ৰাণ বচাই অহা এগৰাকী বৃদ্ধাক আমি গুৱাহাটীত লগ ধৰিছিলো৷ এই লেখকৰ লগত আত্মীয়তা থকা মানুহগৰাকীয়ে সদৰি কৰিছিল যে সন্ধিয়া পৰলৈ বাঢ়নী পানী তেওঁলোকৰ গাঁৱৰ পথ চুইছিল যদিও পানী যে তাতকৈ বাঢ়িব পাৰে সেইটো কথা তেওঁলোকে কল্পনাও কৰা নাছিল৷ কাহানিও বানপানীৰ মুখামুখি নোহোৱা, বানপানীৰ স’তে সহৱস্থান কৰাৰ কৌশল নিশিকা মানুহগৰাকীয়ে কৈছিল যে নিশাৰ ভাতসাজ ৰান্ধি থকাৰ সময়ত পানী আহি ঘৰৰ ভিতৰত ইমান দ্ৰুতবেগত সোমাল যে পলকতে ঘৰৰ ভিতৰত পানী বাঢ়ি তিনি-চাৰিফুট উচ্চতা পালেগৈ৷ আটোম-টোকাৰিকৈ সজা নিজ ঘৰখনত অৱসৰী জীৱন কটোৱা মানুহগৰাকীয়ে ক’লে – ‘‘ ঘৰৰ সা-সামগ্ৰী, কাপোৰ-কানি, অলংকাৰ, টকা-পইচা ৰক্ষা কৰাৰ কোনো সুযোগেই নাপালো৷ আমি ভঁৰাল ঘৰটোত আশ্ৰয় লৈ কোনোমতে পানীত ডুবি নমৰাকৈ থাকিলো৷ গোটেই ঘৰখন, চোতালখন, ফুলনি বাৰীখন বোকাই-পলসে পুতি পেলালে৷ এতিয়া এই বয়সত আমি পুনৰাই ঘৰখন কেনেদৰে সজাম বাৰু! আমাৰ নিচিনাকৈ হাজাৰ-বিজাৰ মানুহৰ ঘৰ-দুৱাৰ, খেতিপথাৰ, ভঁৰাল ঘৰ, গৰু-ছাগলী, গাহৰি আৰু মূৰ্গীৰ ফাৰ্ম বোকাপানীয়ে ধবংস কৰিলে৷ এতিয়া এই মানুহবোৰে জীৱন আৰম্ভ কৰিব কি দৰে! ’’


আমাৰ প্ৰথম প্ৰশ্নটো এই প্ৰসংগতে কৰিবলৈ বিচাৰিছো৷ যোৱা ২০ জুলাইত ‘Down to Earth’ ত ‘Climate Change : Nine Dead, five injured in landslide triggered by extreme weather in Nagaland, Say officials’ শীৰ্ষক এক প্ৰতিবেদন প্ৰকাশ পাইছিল৷ এই প্ৰতিবেদনখনত মন জিলাত ১৩৭মিঃ মি বৰষুণ (আমি জনাত অসমত জুলাই মাহত বৰষুণ পৰাৰ সৰ্বোচ্চ সময়ত গড়ে প্ৰতিদিনে ২৩ মিঃ মি ৰ পৰা ২৫ মিঃ মি বৰষুণ হয়) হোৱাৰ কথা সদৰি কৰা হৈছিল৷ প্ৰশ্ন হৈছে, সীমান্তৱৰ্তী মন জিলাত যদি ইমান বেছি পৰিমাণৰ বৰষুণ ধাৰাসাৰভাৱে কেবাদিনো ধৰি দি আছিল তেন্তে বিশেষকৈ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগ এই বিষয়ত কিয় সতৰ্ক থকা নাছিল? ব্যাপক বৰষুণৰ ফলত নাগালেণ্ডৰপৰা বৈ অহা নৈ কেইখনৰ জলপৃষ্ঠৰ উচ্চতা কিমান বৃদ্ধি হ’ব, সেই বানৰ গতিবেগ কিমান হ’ব আদি তথ্য জনাৰ কিবা প্ৰযুক্তিগত ব্যৱস্থা অসমৰ জিলা কেইখনৰ প্ৰশাসনৰ হাতত বা ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ হাতত মজুত আছেনে? পৃথিৱীৰ বিভিন্ন দেশত দুৰ্যোগ ব্যৱস্থাপনাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কামটোৱে হৈছে মানুহক সমাগত দুৰ্যোগ এটাৰ বিষয়ত সতৰ্ক কৰি দিয়া যাতে মানুহে অন্ততঃ এনে দুৰ্যোগৰপৰা নিজৰ প্ৰাণ বচাব পাৰে৷ পৃথিবীৰ বহু স্থানত এনে দুৰ্যোগৰ প্ৰাকক্ষণত কতৃৰ্পক্ষৰদ্বাৰা মানুহক দ্ৰুতভাৱে নিৰাপদ স্থানলৈ স্থানান্তৰ কৰাৰ অলেখ উদাহৰণ আছে৷ যদিহে নাগালেণ্ডৰ উল্লিখিত জিলাখনত অসমৰ তুলনাত পাঁচ-ছয়গুণ পৰ্যন্ত বৰষুণ ধাৰাসাৰে দি আছিল তেন্তে সেই বিষয়ক তথ্য অসমৰ দুৰ্যোগ ব্যৱস্থাপনা কতৃৰ্পক্ষৰ হাতত মুঠেই নাছিল কিয়? আজিৰ এই তথ্য-প্ৰযুক্তিৰ যুগত জিলা কেইখনৰ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ হাতত সংহাৰী বানৰ আগতীয়া কোনোধৰণৰে খবৰ নাছিল নেকি? প্ৰশাসনৰ ফালৰপৰা কোনোধৰণৰ সতৰ্কতা বা আগজাননী নোপোৱাৰ বাবে লাখ-লাখ মানুহে যে ঘৰ-দুৱাৰ, জীৱন-জীৱিকা, সমগ্ৰ সা-সম্পদ হেৰুৱালে তাৰ বাবে নৈতিকভাৱে কোন দায়ী হ’ব? ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অদক্ষতা, অকৰ্মণ্যতা আৰু প্ৰযুক্তিগত সমন্বয়ৰ অভাৱতহে শতাধিক মানুহৰ (এতিয়ালৈ কিমান মানুহ মৰিল তাৰ সঠিক তথ্য কাৰো হাতত মজুত নাই) মৃত্যু ঘটিল নেকি? এটা চৰকাৰী কৰ্তৃপক্ষৰ অৱহেলাৰ বাবে শ-শ নাগৰিকে যে প্ৰাণ হেৰুৱাৱ লগা হ’ল তাৰ বাবে ৰাজ্যখনৰ মুৰব্বীজনে নৈতিক দায়িত্ব স্বীকাৰ কৰিবনে?


প্ৰশ্নটো এই কাৰণে তুলিছো যে অসম চৰকাৰে ৰাজ্যখনৰ দুৰ্যোগ ব্যৱস্থাপনাক অতিকৈ দক্ষ আৰু কাৰিকৰীভাৱে সক্ষম কৰি তোলা বুলি বহুবাৰ দম্ভ মাৰিছে৷ ২০১৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশ সমিতিৰপৰা যিখন Assam Vision Document ২০১৬-২৫ প্ৰকাশ কৰা হৈছিল তাত বিজেপিয়ে বানপানী আৰু গৰাখহনীয়া নিয়ন্ত্ৰণৰ বাবে মূলত নিম্নোক্ত প্ৰতিশ্ৰুতি সমূহ দাঙি ধৰিছিল -ক] মাজুলীক বেছি অগ্ৰাধিকাৰ দিব লগা অঞ্চল হিচাপে চিনাক্ত কৰি পুনৰ যাতে মাটিৰ খহনীয়া নহয় তাৰ বাবে বিশেষ কাৰ্যসূচী লোৱা৷খ] শদিয়াৰপৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰৰ পৃষ্ঠ খনন৷ গেদ পৰাৰ সমস্যা চিনাক্ত কৰি শিপাতে তাৰ সমাধান ৷ গ] বানপানী আক্ৰান্ত এলেকাৰ লোকৰ জীৱিকাৰ সুৰক্ষাৰ ব্যৱস্থা কৰা, বানপানী আৰু খহনীয়াত আক্ৰান্তসকলৰ বাবে ৰাজ্য চৰকাৰৰ উদ্যোগত বীমা আৰু পুনৰ্বাসন আঁচনিৰ সূচনা৷


২০২১ৰ ‘সংকল্প পত্ৰ’ ত ‘বানমুক্ত অসম’ শীৰ্ষক অনুচ্ছেদত দলটোৱে দিয়া প্ৰতিশ্ৰুতিসমূহৰ কেইটামান থোৰতে আছিল এনেধৰণৰ -ক] ৰাজ্যৰ বান আৰু গৰাখহনীয়াৰ কাৰণসমূহ বুজি উঠাটো আৰু তাৰ বিশ্লেষণ অতি প্ৰয়োজনীয় বাবে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনদী তথা আন নদ-নদীৰ গতি-বিধি অধ্যয়ন কৰিবলৈ গঠিত কেন্দ্ৰীয় সমিতিলৈ অতিৰিক্ত ১০০ কৌটি টকা মঞ্জুৰ কৰা৷ খ] ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনদীসমূহ তথা অন্যান্য নদীৰ নিৰীক্ষণৰ বাবে এছ ডি আৰ এফ [SDRF] ক উচ্চ প্ৰযুক্তিৰ ড্ৰোণেৰে শক্তিশালী কৰা৷ গ] ব্ৰহ্মপুত্ৰ নদীৰ অতিৰিক্ত পানী সঞ্চয় কৰিবলৈ বৃহৎ জলাশয় নিৰ্মাণৰ উপযোগী স্থান চিনাক্ত কৰিবলৈ উন্নত উপগ্ৰহ চিত্ৰ ব্যৱহাৰ কৰা৷ এই জলাশয়বোৰক পৰ্যটন কেন্দ্ৰত ৰূপান্তৰিত কৰা হ’ব৷ ঘ] ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনদীসমূহৰ পাৰত থকা সকলো অবৈধ দখলকাৰীক উচ্ছেদ কৰিবলৈ বিশেষ অভিযান চলোৱা হ’ব৷ নতুনকৈ গঠন হোৱা চৰত ভূমি জৰীপ কৰা হ’ব যাতে তাত কোনো বেদখল নহয়৷ ঙ] ব্ৰহ্মপুত্ৰ নদীত পৰা গেদৰ সমস্যাৰ সমাধান কৰি নদীখনত পানীৰ প্ৰবাহ বৃদ্ধি কৰিবলৈ শদিয়াৰপৰা ধুবুৰীলৈ খনন কাৰ্য আৰম্ভ কৰা৷


লাজৰ কথাটো হৈছে পূৰ্বৰ সোণোৱাল চৰকাৰখনে ৰাজ্যখনৰ বানপানী সমস্যা সমাধান কৰাৰ বাবে যিমানবোৰ প্ৰতিশ্ৰুতি দিছিল তাৰে এটা প্ৰতিশ্ৰুতিও পূৰণ কৰিব নোৱাৰিলে৷ ৰাজকোষৰ ৩৬ কৌটি টকাৰ শৰাধ কৰি নমামি ব্ৰহ্মপুত্ৰ, বৰাক আদিৰ আয়োজন কৰা চৰকাৰখনে মাজুলীৰ গৰাখহনীয়া ৰোধত চূড়ান্ত ব্যৰ্থতা প্ৰদৰ্শন কৰিলে৷ আটাইতকৈ ডাঙৰ কথাটো হ’ল কোনোধৰণৰ বিজ্ঞান সন্মত অধ্যয়ন আৰু গৱেষণা নকৰাকৈ ‘ভুকুতে কল পকোৱা’ ধৰণে দিয়া ব্ৰহ্মপুত্ৰ খননৰ প্ৰতিশ্ৰুতিটোও এক চূড়ান্ত মিথ্যাচাৰ হিচাপে প্ৰমাণিত হ’ল৷ ব্ৰহ্মপুত্ৰ খনন আৰু নদীৰ দুয়োপাৰে ‘এক্সপ্ৰেছ হাইৱে’ৰ কথা কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰিয়ে মুখ্যমন্ত্ৰী সোণোৱালৰ উপস্থিতিত ২০১৬ চনৰ ২৪ অক্টোবৰতে ঘোষণা কৰিছিল৷ গাডকাৰিয়ে অসমত ১ লাখ কৌটি টকা বিনিয়োগ কৰাৰ প্ৰতিশ্ৰুতি দিছিল৷ সেই প্ৰতিশ্ৰুতি কেৱল এক প্ৰতিশ্ৰুতি হৈ ৰ’ল৷ সোণোৱাল চৰকাৰৰ দিনত ব্ৰহ্মপুত্ৰ খন্দাৰ বাবে কোনো পদক্ষেপেই লোৱা নহ’ল৷ ২০২০ ৰ ২ ছেপ্টেম্বৰত জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই বিধানসভাত প্ৰকাশ কৰিছিল যে ব্ৰহ্মপুত্ৰ খননৰ বাবে চৰকাৰে কোনো ধৰণৰ ড্ৰেজাৰ ক্ৰয় নকৰিলে৷ একেদৰে গেদৰ উৎস বিচাৰ বা তাৰ সমাধানৰ বাবে কোনো বৈজ্ঞানিক অনুসন্ধান ভাৰত বা অসম চৰকাৰৰ দ্বাৰা কৰা নহ’ল৷ তাৎপৰ্যপূৰ্ণভাৱে ২০২১ চনৰ ৮ ফেব্ৰুৱাৰিত কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীয়ে স্পষ্ট কৰি দিছিল যে ব্ৰহ্মপুত্ৰ খনন আৰু দুয়োপাৰে এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ কোনো প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰৰ হাতত নাই৷


১৫ সংখ্যক বিত্ত আয়োগে অসম চৰকাৰৰ এক পত্ৰৰ সঁহাৰিত নদীৰ গৰাখহনীয়াক এক প্ৰাকৃতিক দুৰ্যোগৰহে মান্যতা দিবলৈ অনুমোদন তথা খহনীয়াৰ দ্বাৰা ক্ষতিগ্ৰস্ত লোকক যথাযথ ক্ষতিপূৰণ আৰু পুনৰ্বাসন দিয়াৰ উপদেশ দিছিল৷ ৰাজ্যিক দুৰ্যোগ সাহায্য পুঁজি (এছ ডি আৰ এফ) আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সাহায্য পুঁজি (এন ডি আৰ এফ) ৰ অধীনত এনে ক্ষতিপূৰণ আৰু পুনৰ্বাসনৰ ব্যৱস্থা কৰাৰ প্ৰস্তাৱ লোৱা হৈছিল৷ আশ্বৰ্যকৰ কথাটো হ’ল অসমে প্ৰতি বছৰে বানপানীৰ কৱলত পৰি দুৰ্যোগ ভুগি আহিছে যদিও ২০১২ চনৰ পৰা ২০২০ চনলৈ ৰাষ্ট্ৰীয় দুৰ্যোগ সাহায্য পুঁজিৰ অধীনত কেন্দ্ৰীয় চৰকাৰে ফুটা কড়ি এটাও ৰাজ্যখনলৈ আগবঢ়োৱা নাছিল৷ বানমুক্ত অসমৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰখনে অসমৰ চিৰকলীয়া এই সমস্যাটোক কিমান আওহেলা কৰে তাৰ এক উদাহৰণ দাঙি ধৰিছো৷ ২০২৪ বৰ্ষৰ বানত অসমৰ মুঠ ক্ষতিৰ পৰিমাণ আছিল ৫৩৪.৪৫ কৌটি টকা৷ এই ক্ষয়-ক্ষতিৰ সাহায্য বিচাৰি হিমন্ত বিশ্ব শৰ্মাৰ অসমৰ ডাবল ইঞ্জিন চৰকাৰে কেন্দ্ৰলৈ বাৰম্বাৰ পত্ৰ প্ৰেৰণ কৰিছিল যদিও কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে ২০২৪-২৫ বৰ্ষত অসমক ৰাষ্ট্ৰীয় দুৰ্যোগ পুঁজিৰপৰা ক্ষতিপূৰণ হিচাপে আগবঢ়াইছিল মাত্ৰ ২৯.০২ কৌটি টকা৷ অথচ উক্ত বছৰত ঘূৰ্ণী বতাহত বিধবস্ত কৰ্ণাটকক কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় দুৰ্যোগ পুঁজিৰপৰা ক্ষতিপূৰণ হিচাপে আগবঢ়াইছিল ৩৫২৮.৪৫ কৌটি টকা৷ সেই বছৰটোত ভাৰত চৰকাৰে তামিলনাডুক ৩৬০ কৌটি, ত্ৰিপুৰাক ১৮৬ কৌটি, নাগালেণ্ডক ১৮১ কৌটি আৰু উত্তৰ প্ৰদেশক ১৭২ কৌটি টকা আগবঢ়াইছিল৷ ২০২৪ চনৰ কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে অসমক বান সমস্যাৰ বাবে সাহায্য আগবঢ়োৱাৰ আশ্বাস দি কৈছিল – ‘‘ অসম সৰ্বত্ৰে বানপানীৰ সৈতে যুঁজি আছে৷ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ উৎপত্তিস্থল ভাৰতৰ বাহিৰত৷ অসমৰ বান ব্যৱস্থাপনা আৰু ইয়াৰ সৈতে সম্পৰ্কিত প্ৰকল্পসমূহৰ বাবে সাহায্য আগবঢ়োৱা হ’ব৷ ’’ পৰিতাপৰ কথা যে কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ সাহায্য আগবঢ়োৱাৰ আশ্বাস আজি পৰ্যন্ত এক আশ্বাস হৈয়ে থাকিল৷


২০২১-২২ বৰ্ষত ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন মন্ত্ৰীসভাৰ বিত্তমন্ত্ৰীজনে প্ৰথমখন বাজেট উত্থাপন কৰি ‘ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ’ শিতানত বানপানী সন্দৰ্ভত কেইটামান প্ৰতিশ্ৰুতি বিধানসভাত প্ৰকাশ কৰিছিল৷ তেওঁ বিধানসভাত এনেদৰে কৈছিল – ‘‘ মহোদয়, আমাৰ চৰকাৰে দুৰ্যোগ ব্যৱস্থাপনা পদ্ধতি শক্তিশালী কৰিবৰ বাবে প্ৰগতিশীলৰূপত সম্পদসমূহৰ ব্যৱহাৰ কৰি তলত উল্লেখ কৰা ধৰণে প্ৰতিকাৰমূলক ব্যৱস্থা গ্ৰহণ কৰিছে –

i) বানপানীৰ ভয়াবহতাৰ সৈতে মোকাবিলা কৰিবলৈ দূৰ সংবেদন প্ৰযুক্তিত বিনিয়োগ৷

ii) ভয়াবহ বতৰৰ আগজাননী ব্যৱস্থা আৰু

iii) জৰুৰীকালীন পৰিচালনা কেন্দ্ৰসমূহ শক্তিশালী কৰা আৰু ৰাজহ চক্ৰ ভিত্তিত দ্ৰুত সহাঁৰি বাহিনী গঠন ’’

২০২৫-২৬ ৰ বিত্তমন্ত্ৰীৰ বাজেট ভাষণত ‘ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগঃ জীৱনৰ নিৰাপত্তা,ভূমিৰ সুৰক্ষা’ শিতানত দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত চৰকাৰে কেনেধৰণৰ পদক্ষেপ লোৱা বুলি কৈছে তালৈ লক্ষ্য কৰক –
‘‘১৮৫ ) দুৰ্যোগ ব্যৱস্থাপনাকো অগ্ৰাধিকাৰ দিয়া হৈছে৷ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে সামূহিক প্ৰশিক্ষণ, মকড্ৰিল আৰু স্পৰ্শকাতৰ শ্ৰেণীৰ লোকসমূহৰ বাবে গ্ৰহণ কৰা কাৰ্যসূচীৰ ওপৰত কাম কৰি আছে৷ জিলা দুৰ্যোগ উদ্ধাৰ বাহিনী (DDRF)আৰু চক্ৰ দ্ৰুত সহাঁৰি দল (CQRT)ক শক্তিশালী কৰা হৈছে তথা দুৰ্যোগৰ সময়ত উন্নত সহাঁৰিৰ ডি আৰ আই এম এছ আৰু আই ডি এছ ডি আৰ আৰৰ দৰে নতুন টেক প্লেটফৰ্ম ব্যৱহাৰ কৰা হৈছে
১৮৬) জলবায়ু প্ৰত্যাহবানৰ সৈতে মোকাবিলা কৰিবলৈ অসম সংহত নদী অৱবাহিকা ব্যৱস্থাপনা কাৰ্যসূচী (AIRBMP)মুকলি কৰা হৈছে৷ ’’


১)যদিহে অসম চৰকাৰে দুৰ্যোগ ব্যৱস্থাপনাৰ বিষয়ত ইমানবোৰ প্ৰযুক্তি ব্যৱহাৰ কৰি আছে, চক্ৰই প্ৰতি দ্ৰুত সহাঁৰি দল গঠন কৰিছে তেন্তে শিৱসাগৰ-চৰাইদেউৰ মানুহে ভয়াবহ বতৰাৰ আগজাননী কিয় লাভ নকৰিলে? অসম চৰকাৰৰ মুৰব্বী মুখ্যমন্ত্ৰীজনে এনে ব্যৰ্থতাৰ নৈতিক দায়িত্ব ল’ব নে নলয়?


২)আমাৰ বাবে আটাইতকৈ সংবেদনশীল প্ৰশ্নটোৱে হৈছে – এই মহাপ্ৰলয়টোত আচলতে কিমান মানুহৰ মৃত্যু হৈছে? আমি ভবাতকৈ বহু গুণ বেছি মানুহে ইতিমধ্যে প্ৰাণ হেৰুৱালে নেকি? নে খাদ্য-সামগ্ৰী, পানীৰ অভাৱত অথবা নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিব নোৱৰাৰ ফলত বহু মানুহ এতিয়াও মৃত্যুৰ মুখত পৰি আছে?এতিয়াও অলেখ মৃতদেহ বালিৰ তলত পোত খাই আছে নেকি! কেৱল অসমৰে নহয়,দেশখনৰ দুৰ্যোগ ইতিহাসৰ আটাইতকৈ ভয়ংকৰ, প্ৰাণনাশী প্ৰলয়টোৱে আচলতে উজনি অসমত সংঘটিত হ’ল নেকি যিয়ে অসমীয়া সমাজ-সংস্কৃতিক জীপাল কৰি ৰখা মানুহখিনিৰ সমগ্ৰখিনি কাঢ়ি লৈ গ’ল?


৩) মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই নাগালেণ্ডৰ মন জিলাত হোৱা ‘ডাৱৰ বিস্ফোৰণ’ ক বানৰ অন্যতম কাৰণ বুলি কৈছে অথচ ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ কহিমা আৰু গুৱাহাটী কেন্দ্ৰই নাগালেণ্ডত কাৰিকৰী অৰ্থত কোনো ধৰণৰ ডাৱৰ বিস্ফোৰণ ঘটা নাছিল বুলি সদৰি কৰিছে৷ এচাম বিশেষজ্ঞৰ মতে এই দুৰ্যোগৰ আঁৰত কেৱল অতিবৃষ্টিয়েই নহয়, নদী ব্যৱস্থাপনা, আন্তঃগাঁথনি আৰু পৰিবেশ ধবংসৰ একাধিক কাৰণ জড়িত থাকিব পাৰে৷ এচাম স্থানীয় বাসিন্দা আৰু পৰিবেশবিদৰ মতে আজি সুদীৰ্ঘ কাল ধৰি দিখৌ নৈখনৰ নাগালেণ্ড আৰু অসমৰ বিভিন্ন অংশত অবৈধ বালি আৰু শিল উত্তোলন চলি আছে৷ এইবাৰৰ বানত কাহনিও নেদেখা অভূৰ্তপূৰ্ব পলস আৰু বালি ঘৰে-পথাৰে তৰপে তৰপে জমা হোৱালৈ লক্ষ্য কৰি বহুতে পানীৰ লগত পাহাৰৰ বালি-মাটিৰ বৃহৎ অংশ খহি অহাৰ আশংকা কৰিছে৷ সেয়েহে এই বিষয়ত এক সঠিক বৈজ্ঞানিক অনুসন্ধান কৰাৰ নৈতিক সাহস অসম চৰকাৰে দেখুৱাব পাৰিবনে?


৪)শেহত, যিসকল লোকৰ ঘৰ-দুৱাৰ, পথাৰ, খেতি-বাতি, পুখুৰী, পশুপালন,দোকান-বজাৰ আদি সৰ্বস্ব এই মহাপ্ৰলয়ত শেষ হৈ গ’ল তেওঁলোকৰ জীৱন-জীৱিকা চৰকাৰে কেনেদৰে পুনৰুজ্জীৱিত কৰিব?

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ফালৰ পৰা নিয়ম মাফিক যিখিনি সাহায্য দিয়া হয় তাৰ দ্বাৰা এইসকল আক্ৰান্ত লোকৰ ন্যূনতম সহায় নহ’ব৷ যদিহে দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অৱহেলা, অকৰ্মণ্যতা আৰু গাফিলতিৰ বাবেই শ-শ লোকৰ প্ৰাণ গ’ল, জীৱিকা আৰু সম্পত্তি উছন হ’ল তেন্তে সেইবোৰৰ বাবদ যথাযথ ক্ষতিপূৰণ অসম চৰকাৰে নিদিব কিয়? এই মহাপ্ৰলয়ত ধবংস হোৱা প্ৰতিখন ঘৰ নিৰ্মাণৰ বাবে;বালি-বোকাই পুতি পেলোৱা খেতিপথাৰখন পুনৰুদ্ধাৰৰ বাবে ; দোকান-বজাৰ,মীনপালন,পশুপালন আদি পুনৰাই আৰম্ভ কৰাৰ বাবে ; বালি-বোকাৰ আচ্ছাদনৰপৰা গাঁও-চহৰবোৰ পুনৰ মোকলাবৰ বাবে চৰকাৰে মানুহক পৰ্যাপ্ত আৰ্থিক সহায় দিব লাগিব৷ যদিহে কৰ্ণাটকে ২০২৪-২৫ বৰ্ষত ঘূৰ্ণিবতাহত আক্ৰান্ত হোৱাৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ সাহায্য পুজিৰ পৰা ৩৫২৮.৪৫ কৌটি টকা লাভ কৰিব পাৰে,২০১৩ চনত উত্তৰাখণ্ডত হোৱা প্ৰলয়ংকৰী বান(এই বানটোকে স্বৰাজোত্তৰ ভাৰতবৰ্ষৰ আটাইতকৈ বিধবংসী বান বুলি কোৱা হয় য’ত ৫৭০০ জনতকৈও অধিক লোকৰ মৃত্যু হৈছিল)ৰ পাছত ভাৰত চৰকাৰে যদি পুনঃনিৰ্মাণৰ বাবে ৰাজ্যখনক ৭৩৪৬ কৌটি টকা অনুমোদন দিব পাৰে তেন্তে উজনি অসমৰ মহাপ্ৰলয়ৰ বাবে অসম চৰকাৰে কেন্দ্ৰৰপৰা এক বৃহৎ ধনৰাশি কিয় দাবী কৰিব নোৱাৰে? অসম ৰাজ্যৰ দুৰৱস্থাক লৈ, ৰাজ্যখনৰ থলুৱা মানুহৰ জীৱন-জীৱিকাকলৈ কেন্দ্ৰ কিমান চিন্তিত তাৰ প্ৰমাণো আমি ক্ষতিপূৰণ প্ৰদানৰ পৰাই গম পাব পাৰিম৷ যদিহে ভাৰত চৰকাৰে পূৰ্বৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি তেনেই যৎসামান্য ক্ষতিপূৰণ আগবঢ়ায় তেন্তে অসম চৰকাৰে হাজাৰ হাজাৰ কৌটি চকা ঋণ লৈ হিতাধিকাৰী সৃষ্টি কৰাৰ লেখিয়াকৈ মহাপ্ৰলয়ত ধবংস হোৱা শিৱসাগৰ, চৰাইদেউ, যোৰহাট আদি জিলাৰ গাঁও-চহৰৰ পুনঃনিৰ্মাণ আৰু পুনৰ্বাসন তথা পুনঃৰ্সংস্থাপনৰ বাবে নিজাববীয়াকৈ এক বৃহৎ ধনৰাশিৰ ঋণ লবলৈ সাহস দেখুৱাব পাৰিবনে?

Author

  • Kishor Kumar Kalita is a well-known public intellectual and prominent writer who has authored several books in both English and Assamese. He writes regularly for Assamese dailies on key issues concerning the state, and his poetry and short stories have appeared in numerous journals, magazines, and newspapers. In addition to his literary work, he is a practicing advocate at the Gauhati High Court in Guwahati.

Share This Article
Kishor Kumar Kalita
Kishor Kumar Kalita

Kishor Kumar Kalita is a well-known public intellectual and prominent writer who has authored several books in both English and Assamese. He writes regularly for Assamese dailies on key issues concerning the state, and his poetry and short stories have appeared in numerous journals, magazines, and newspapers. In addition to his literary work, he is a practicing advocate at the Gauhati High Court in Guwahati.

Articles: 2

Leave a Reply

Your email address will not be published. Required fields are marked *