এই জিঘাংসাক প্ৰেম বোলে কোনে?

Share This Article

~ হিমাক্ষী বৰা

এইকেইদিন প্ৰেমৰ নামত হত্যা আৰু হিংসাৰ খবৰবোৰে ভিতৰে-বাহিৰে কঁপাই তুলিছে। প্ৰতিটো ঘটনাৰ পাছতে বাৰে বাৰে নিজকে প্ৰশ্ন কৰিছোঁ—প্ৰেম জানো এনে?

এনে হোৱাৰ কথা আছিল জানো এটা সম্পৰ্কৰ?

কাৰোবাক ভাল পোৱা মানে জানো তেওঁক জোৰ কৰি নিজৰ কৰি লোৱা? তেওঁক নিজৰ ইচ্ছামতে চলাবলৈ চেষ্টা কৰা? তেওঁ আঁতৰি যাব বিচাৰিলে তেওঁক হিংসাৰে বাধা দিয়া?

সেই বিচ্ছেদৰ উত্তৰ যদি হিংসা হয়, তেন্তে আমি যিটোক প্ৰেম বুলি কৈ আছিলোঁ, সেয়া আচলতে প্ৰেম আছিলনে—নে তাৰ আঁৰত লুকাই আছিল অধিকাৰবোধ, নিয়ন্ত্ৰণ আৰু মালিকীস্বত্ব?

প্ৰেমৰ নামত “মই তোমাৰ বাবে ইমানখিনি কৰিলোঁ”, “মই তোমাক ইমান ভাল পালোঁ”, “মই তোমাৰ কাৰণে ইমান ত্যাগ কৰিলোঁ”—এই কথাবোৰ কেতিয়া অদৃশ্য ধাৰলৈ পৰিণত হৈছে, আমি হয়তো নিজেও গম নাপাওঁ। তাৰ পিছত সেই ঋণৰ বিনিময়ত আহে এটা দাবী—

“তেন্তে তুমি মোক এৰি যাব নোৱাৰা।”

কিন্তু প্ৰেম জানো বিনিয়োগৰ return?

কাৰোবাক ভাল পোৱা মানে কেৱল তেওঁক নিজৰ কৰি লোৱা নহয়। তেওঁৰ ইচ্ছা, স্বাধীনতা, অসন্মতি আৰু আনকি আপোনাৰ পৰা আঁতৰি যোৱাৰ অধিকাৰকো সন্মান কৰিব পৰা ক্ষমতা প্ৰেমৰ অংশ।

প্ৰেমে কয়—“তুমি সুখী হোৱা।”

মালিকীস্বত্বই কয়—“মোৰ সৈতে থকা মানেহে তুমি সুখী হ’ব পাৰিবা।”

এই দুয়োটাৰ মাজৰ পাৰ্থক্য বুজি পোৱাটো আজিৰ সময়ত হয়তো বেছিকৈয়ে জৰুৰী। কাৰণ কোনোবাই সম্পৰ্ক এৰি যাব বিচাৰিলে আমি প্ৰথমে প্ৰশ্ন কৰোঁ—“মই কিহত কম?”

কিন্তু হয়তো সঠিক প্ৰশ্নটো হ’ব লাগিছিল—

“তেওঁ কি বিচাৰিছিল, যিটো মই বুজিব নোৱাৰিলোঁ?”

এইখিনিতেই হয়তো প্ৰেম আৰু মালিকীস্বত্বৰ মাজৰ সীমাৰেখাডাল।

সেয়ে প্ৰশ্নটো প্ৰেম নহয়। প্ৰেমৰ নামত নিয়ন্ত্ৰণ, নিয়ন্ত্ৰণৰ পৰা হিংসা—এই মানসিকতা আমাৰ মাজত ইমান সহজে জন্ম ল’লে কেনেকৈ? এজন মানুহে আন এজন মানুহৰ ওপৰত নিজৰ অধিকাৰক ইমান স্বাভাৱিক বুলি ভাবিবলৈ শিকিলে কেনেকৈ?

এই প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ হ’লে আমি অলপ পিছলৈ ঘূৰি চাব লাগিব—আমাৰ পৰিয়াললৈ, সমাজলৈ, সংস্কৃতিলৈ, ধৰ্মীয় ব্যাখ্যালৈ, অৰ্থনীতি আৰু ৰাজনীতিলৈ; আনকি আজিৰ ভোগবাদী আৰু social media-নিয়ন্ত্ৰিত জীৱনলৈও।

কাৰণ আমি বাস কৰোঁ এনে এখন সমাজত, য’ত যোগাযোগৰ বাবে মানুহৰ হাতত প্ৰযুক্তিৰ অপৰিসীম ক্ষমতা আছে, কিন্তু বাস্তৱ পৃথিৱীৰ সৈতে মানুহৰ সংযোগ ক্ৰমাৎ দুৰ্বল হৈ আহিছে। কথা ক’বলৈ মানুহৰ অভাৱ নাই, কিন্তু মন খুলি ক’ব পৰা, অথবা একো নক’লেও বুজিব পৰা মানুহৰ সংখ্যা যেন কমি আহিছে। সম্পৰ্কৰ সংখ্যা বাঢ়িছে, কিন্তু বহু ক্ষেত্ৰত কমি আহিছে সম্পৰ্কৰ গভীৰতা।

আমি একেলগে আছোঁ, অথচ বহু সময়ত একাকী।

আৰু এই একাকীত্বৰ মাজতেই এটা ডাঙৰ সামাজিক প্ৰশ্ন উত্থাপিত হৈছে—

আমি আচলতে কোনখন সমাজত বাস কৰোঁ?

থাউকতে কাৰোবাক সুধিলে, কোনোবাই হয়তো পুৰুষতন্ত্ৰকে জগৰীয়া কৰিব। জগৰীয়া কৰিব সমগ্ৰ পুৰুষ জাতিক।

কিন্তু প্ৰশ্নটো হৈছে এই পুৰুষতান্ত্ৰিক গোড়ামী পুৰুষ মহিলা নিৰ্বিশেষে আমাৰ মনত ইমান দকৈ শিপাইছে কেনেকৈ? আমাৰ অলক্ষিতে ইয়াৰ আঁৰৰ সামাজিক, ৰাজনৈতিক প্ৰেক্ষাপট কিদৰে নিৰ্মাণ হৈছে?

পুৰুষতন্ত্ৰ মানে কেৱল পুৰুষৰ আধিপত্য নহয়। ই এক মানসিকতা—য’ত আন এজন মানুহৰ ওপৰত নিজৰ জাপি দিয়া অধিকাৰক স্বাভাৱিক বুলি গণ্য কৰা হয়। সেই মানসিকতা যিদৰে পুৰুষে বহন কৰিব পাৰে, মহিলায়ো কৰিব পাৰে। কেতিয়াবা যিগৰাকী মহিলা নিজেই বৈষম্যৰ সন্মুখীন হৈছে, তেৱোঁ আন এগৰাকী মহিলাৰ ওপৰত একে বৈষম্যৰ নিয়ম জাপি দিব পাৰে।

World Bank-ৰ এক বিশ্লেষণতো কোৱা হৈছে যে, পিতৃতান্ত্ৰিক সামাজিক নীতি আৰু কঠোৰ gender role-এ নাৰীৰ শিক্ষা, চাকৰি, ব্যৱসায় আৰু অৰ্থনীতিৰ সুযোগ সীমিত কৰে।

পুৰুষতন্ত্ৰ কোনো এটা ধৰ্মৰ একচেটিয়া সৃষ্টি নহয় সঁচা, কিন্তু বিভিন্ন ধৰ্মীয় ব্যাখ্যাৰ পুৰুষ-প্ৰধান সামাজিক ব্যৱহাৰে বহু সময়ত পুৰুষতান্ত্ৰিক নিয়মক বৈধতা দিব পাৰে।

সেয়ে প্ৰশ্নটো হৈছে ধৰ্মীয় মূল্যবোধৰ ব্যাখ্যা কোনে কৰিছে, কোনে সেয়া সামাজিক নিয়ম হিচাপে প্ৰয়োগ কৰিছে আৰু তাৰ পৰা ক্ষমতা কাৰ হাতলৈ গৈছে, লাভ কাৰ হৈছে?

ধৰ্ম, সমাজ, পৰিয়াল, সংস্কৃতি, ৰাজনীতি—এই সকলোবোৰে মানুহক মূল্যবোধ শিকাব পাৰে। কিন্তু একে সময়তে, ভুল ব্যাখ্যা আৰু ক্ষমতাৰ ব্যৱহাৰৰ জৰিয়তে মানুহক নিয়ন্ত্ৰণ কৰাৰ অস্ত্ৰও হৈ পৰিব পাৰে।

‘ভাল ছোৱালী’ কেনেকুৱা হ’ব লাগে?

 ‘ভাল ল’ৰা’ কেনেকুৱা হ’ব লাগে?

 কোনে কাক বিয়া কৰাব?

 কোনে কাক ভাল পাব?

 কোনে কেতিয়া গুচি যাব পাৰিব?

 কোনে কাক ক্ষমা কৰিব লাগিব?

সমাজে যেন সকলো কথাৰ বাবে একোটা নিয়ম লিখি বান্ধি থৈছে। সেই নিয়মে একোজন মানুহক এনেকৈ চেপি খুন্দি আনিছে যে মানুহজন এটা শ হৈ ঘূৰি ফুৰিছে মাত্ৰ।

এই নিয়মবোৰৰ মাজত, ‘সংস্কাৰ’বোৰৰ মাজত আমি জানিবলৈ পাহৰি যাওঁ

‘মানুহগৰাকী আচলতে সুখী নে?’

এইখিনিতেই আহে ৰাজনীতিৰ প্ৰসংগ। পুৰুষতন্ত্ৰ কেৱল ঘৰৰ ভিতৰৰ সমস্যা নহয়, ই ৰাজনৈতিক ক্ষমতাৰো সমস্যা।

 প্ৰশ্নটো ৰাজনীতিত মহিলাৰ অংশগ্ৰহণ নহয়, সিদ্ধান্তগ্ৰহণকাৰী ৰূপত কিমান সংখ্যক নাৰী আছে তাতহে। beneficiary হিচাপে নাৰী আৰু decision-maker হিচাপে নাৰী—এই দুটা একে কথা নহয়।

আনকি বহুসময়ত নাৰীৰ ‘সুৰক্ষা’ও কেতিয়াবা নিয়ন্ত্ৰণৰ ৰাজনীতি হৈ পৰে।

নাৰীক সুৰক্ষা লাগে সঁচা কিন্তু ‘নাৰীক সুৰক্ষিত ৰাখিবলৈ নাৰীৰ স্বাধীনতা সীমিত কৰা’

আৰু

‘নাৰীক সুৰক্ষিত ৰাখিবলৈ সমাজৰ হিংসাত্মক পৰিৱেশ সলনি কৰা’ একে নহয়।

পুৰুষতন্ত্ৰ ভাঙিবলৈ কেৱল ‘পুৰুষক দোষী’ সাজিলেই সমাধান নোলায়। প্ৰকৃত পৰিৱৰ্তনৰ বাবে একেলগে কেইবাটাও স্তৰত কাম কৰিব লাগিব—

পৰিয়ালত – ছোৱালী-পুত্ৰৰ মাজত সমান স্বাধীনতা,

অৰ্থনীতিত নাৰীৰ নিজৰ আয়, সম্পত্তি আৰু financial decision-makingৰ অধিকাৰ

শিক্ষাত gender equality কেৱল পাঠ্যপুথিৰ chapter নহয়—বাস্তৱ সামাজিক শিক্ষা হোৱা।

আইনত অধিকাৰ থাকিলেই নহয়, enforcement লাগিব।

ৰাজনীতিত মহিলাৰ সংখ্যা নহয়, সিদ্ধান্ত গ্ৰহণৰ ক্ষমতাও বৃদ্ধি কৰিব লাগিব

 আৰু

সংস্কৃতিত ‘ভাল নাৰী’ আৰু ‘ভাল পুৰুষ’ৰ পুৰণি সংজ্ঞা পুনৰীক্ষণ কৰিব লাগিব।

আমি প্ৰায়ে সোধো, জ্বলি উঠোঁ – ‘পুৰুষে নাৰীক কিয় নিয়ন্ত্ৰণ কৰে?’

কিন্তু কথাটো হৈছে ইজনে সিজনক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰা এই চিষ্টেমৰ পৰা লাভ হৈছে কাৰ?

এই লাভ কেৱল পুৰুষ এজনেই কৰে জানোঁ? নে পৰিয়াল, সম্পত্তি, সামাজিক প্ৰতিষ্ঠান, ধৰ্মীয় ক্ষমতা, ৰাজনৈতিক দল, অৰ্থনৈতিক network—সকলো মিলি লাভৰ ভাগ বতৰা হয়?

পুৰুষতন্ত্ৰৰ বিৰুদ্ধে যুঁজখন পুৰুষ বনাম নাৰী কেতিয়াও নাছিল, কেতিয়াও নহয়। ই অ-সম ক্ষমতা বনাম সমতাৰ যুঁজ।

এই দৃষ্টিকোণৰ পৰা চালে ধৰ্ম, ৰাজনীতি, জাতি, মধ্যবিত্তীয় নৈতিকতা, social media, family honour, election strategy আৰু ‘women empowerment’ৰ commercialisation—এই সকলোকে একেটা কাঠামোৰ ভিতৰত বিশ্লেষণ কৰিব লাগিব। যাৰ ভুক্তভোগী সুখী হৈ সৰলকৈ থাকিব খোজা বহু সহজ সৰল পৰিয়াল।

প্ৰত্যাখ্যান সহ্য কৰিব নোৱাৰা, বিচ্ছেদ মানি ল’ব নোৱাৰা, আনজনৰ স্বাধীনতাক নিজৰ অপমান বুলি ভবা—এই মানসিকতাৰ চৰম পৰিণতি কেতিয়াবা হত্যা, আত্মহত্যা আৰু হিংসাৰ ৰূপ লয়।

এগৰাকী মানুহ গুচি যাব বিচাৰিছে মানে সেইগৰাকী মানুহে ইতিমধ্যে মানসিকভাৱে সেই সম্পৰ্ক ত্যাগ কৰিছে।

তাৰ উত্তৰত আমি প্ৰশ্ন কৰোঁ—’মই তেওঁক নাপালোঁ কিয়?’

হয়তো প্ৰশ্নটো হ’ব লাগিছিল—’তেওঁ নিজৰ জীৱনটো কেনেকৈ জীয়াব বিচাৰে? মই বুজি নাপালোঁ কিয়?’

প্ৰযুক্তিয়ে আমাক বহু কিবা কিবি দিছে। হাতৰ মুঠিত বিকল্প এখন ভৰপূৰ বজাৰ।মানুহৰ ব্যক্তিগত জীৱন বুলি অলপ নিৰিবিলি নোহোৱা হৈছে ।যেন এখন অঘোষিত প্ৰতিযোগিতা। আধুনিক হোৱাৰ নতুন পৰিভাষাৰে মিলিবলৈ গৈ নিজক হেৰুওৱাৰ অদ্ভুদ অনুশীলন।

Social media-ত সকলো সুখত থাকে, সকলোৰে প্ৰেম থাকে, থাকে সুন্দৰৰ শৰীৰ, বিলাসিতা, ভ্ৰমণ, ফিল্মী ডাইলগ। সেইখন আধিপত্যৰ এখন বজাৰ, advertising ৰ দোকান।

কিন্তু সেই ছবিখনৰ বাহিৰত থকা মানুহগৰাকী?

তেওঁৰ ভয় ক’ত?

 তেওঁৰ ব্যৰ্থতা ক’ত?

 তেওঁৰ একাকীত্ব ক’ত?

আমি এখন দেখুৱাব পৰা জীৱন গঢ়িবলৈ এনেকে ব্যস্ত হৈ পৰিছোঁ, য’ত জীয়াব পৰা জীৱন আলফুলীয়া জীৱনটো গঢ়িবলৈ আমি হয় পাহৰিছোঁ, নহ’লে অপ্ৰয়োজনীয় বুলি ভাবিছোঁ।

আনকি শৰীৰ, ভোক, ভোগৰ কথা এতিয়া মানুহৰ পৰিচয়ৰ সলনি পণ্যলৈ পৰিণত হৈছে।

সৌন্দৰ্য, যৌৱন, শৰীৰ, যৌনতা—সকলোকে বজাৰৰ ভাষাই জুখিবলৈ আৰম্ভ কৰিছে।

মানুহক মানুহ হিচাপে চোৱাৰ আগতে আমি তেওঁৰ শৰীৰ চাওঁ।

 সম্পৰ্কক অনুভূতি হিচাপে চোৱাৰ আগতে, গভীৰতাক সন্মান কৰাৰ আগতে সুবিধা চাওঁ।

প্ৰেমক গভীৰ মানৱিক সম্পৰ্ক হিচাপে চোৱাৰ আগতে চাও চাহিদা পূৰণৰ মাধ্যম হিচাপে।

Consumer culture-এ এনেকৈ মানুহক কেৱল বস্তু কিনিবলৈ নহয়; মানুহকো ‘ব্যৱহাৰ’ কৰিবলৈ শিকাইছে।

যি ভাল নালাগে সলনি কৰা,  যি সুবিধা নিদিয়ে এৰি দিয়া,  যি নতুন লাগে গ্ৰহণ কৰা

সম্পৰ্কতো একেবোৰেই যুক্তি। ফলত সম্পৰ্ক আছে, কিন্তু স্থিৰতা নাই। ঘনিষ্ঠতা আছে, কিন্তু অন্তৰংগতা নাই।

শৰীৰ আছে, কিন্তু মনৰ কথা পাতিবলৈ কাৰোৰে সময় নাই।

আমি ভাবি থাকোঁ ৰাজনীতি সংসদত হয়, নিৰ্বাচনত হয়।

আচলতে ৰাজনীতিৰ আৰম্ভণি আমাৰ ঘৰবোৰ।

কোনে সিদ্ধান্ত ল’ব?

 কোনে উপাৰ্জন কৰিব?

 কোনে সন্তানৰ জীৱন নিৰ্ধাৰণ কৰিব?

 কোনে কাক নিয়ন্ত্ৰণ কৰিব?

 কোনে কিমান স্বাধীনতা পাব?

এইবোৰো ৰাজনীতি।

এজন পুৰুষে পত্নীক, পত্নীয়ে পুৰুষক নিয়ন্ত্ৰণ কৰা, এগৰাকী মাতৃয়ে ছোৱালীক ‘সমাজে কি ক’ব’ বুলি ভয় দেখুওৱা, সন্তানৰ পছন্দক পৰিয়ালৰ সন্মানৰ আগত গুৰুত্বহীন হোৱাৰ—এই সকলোবোৰ বৃহৎ সামাজিক ক্ষমতাৰ ক্ষুদ্ৰ সংস্কৰণ।

সেয়ে ব্যক্তিগত জীৱন আৰু ৰাজনীতি পৃথক নহয়।

সংস্কৃতি মানে কেৱল সাজ-পোছাক নহয়। ধৰ্ম মানে কেৱল আচাৰ নহয়। পৰিয়াল মানে যিদৰে কেৱল একেলগে থকা নহয়, প্ৰেম মানেও সংজ্ঞায়িত কিছু আবেগিক কুছকাৱাজ নহয়।

মূল্যবোধৰ কেন্দ্ৰ যদি মানুহ নহয়, তেন্তে সেই মূল্যবোধ যিমান পুৰণি নহওক, তাৰ অৰ্থ সদায় শূন্য।

এখন সমাজৰ সভ্যতাৰ মাপকাঠি সেই সমাজখনে আটাইতকৈ দুৰ্বল মানুহজনৰ সৈতে কেনে আচৰণ কৰে তাৰ পৰাহে।

আৰু এটা সম্পৰ্কৰ মাপকাঠি  এজনে আনজনৰ ‘না’ক কিমান সন্মানেৰে গ্ৰহণ কৰে তাৰ পৰাহে।

আমি সফল, আধুনিক, ধনী, সুন্দৰ, জনপ্ৰিয়, প্ৰভাৱশালী বহু কিবাকিবিয়েই হ’ব বিচাৰিছোঁ। ছচিয়েল মিডিয়াৰ বাহ বাহ লৈ like, Followers বঢ়াব বিচাৰিছোঁ।

কিন্তু তাৰ মাজত এটা সৰু প্ৰশ্ন হেৰাই গৈছে—

আমি মানুহ হৈ আছোঁনে? কাষৰ মানুহগৰাকীৰ কাষত আমাৰ উপস্থিতি অনুভৱ হৈছেনে? নে বাস্তৱত যন্ত্ৰ আৰু প্ৰযুক্তিৰ পৃথিৱীত আমি দৌৰি ফুৰা একোটা অতৃপ্ত আত্মা হৈ পৰিছোঁ।

যি সমাজত প্ৰেমৰ নামত হত্যা হয়, স্বাধীনতাৰ নামত নিয়ন্ত্ৰণ হয়, ধৰ্মৰ নামত ঘৃণা হয়, সংস্কৃতিৰ নামত অসমতা হয়, ৰাজনীতিৰ নামত মানুহ বিভক্ত হয় আৰু সামাজিক মাধ্যমত সুখৰ প্ৰদৰ্শনৰ মাজতো মানুহ ভিতৰৰ পৰা অকলশৰীয়া হৈ পৰে—সেই সমাজক  আধুনিক বুলিব পাৰিনে?

আমাক নতুন প্ৰযুক্তি লাগে।

 নতুন ৰাজনীতি লাগে।

 নতুন অৰ্থনীতি লাগে।

কিন্তু তাৰো আগতে লাগে আধুনিক মানসিকতা।

য’ত প্ৰেম মানে অধিকাৰ নহয়, স্বাধীনতা মানে দায়িত্বহীনতা নহয়, সম্পৰ্ক মানে মালিকীস্বত্ব নহয়,

 সংস্কৃতি মানে মানুহক বান্ধি ৰখা শিকলি নহয়,

আৰু য’ত কোনোবাই গুচি যাব বিচাৰিলে, আমি হিংসাৰ কৰাৰ কথা নাভাবি—এবাৰ অন্ততঃ সুধিব পাৰোঁ— তুমি কিয় সুখী নোহোৱা? মই ক’ত তোমাক বুজিব নোৱাৰিলোঁ?

হয়তো সেই প্ৰশ্নটো সুধিব পৰা দিনাই আমি অলপ বেছি সভ্য হ’ম।

সভ্যতা কেৱল আমাৰ অট্টালিকা, গাড়ী বা প্ৰযুক্তিয়ে নিৰূপন নকৰে।

আমি প্ৰযুক্তিত আধুনিক হৈছোঁ। কিন্তু মনেৰে আধুনিক হ’লোনে?

প্ৰত্যাখ্যান সহ্য কৰিব পাৰিলোঁনে?

প্ৰকৃত সংকট পুৰুষ বনাম মহিলা নহয়।

এয়া অধিকাৰবোধৰ সংকট।

ই সহিষ্ণুতাৰ সংকট, একাকীত্বৰ সংকট, ভোগবাদৰ সংকট আৰু আন এজনক সম্পূৰ্ণ মানুহ হিচাপে চাব নোৱাৰাৰ সংকট।

প্ৰেমত অধিকাৰ, অভিমান, খং, বেদনা সকলো থাকিব পাৰে, কিন্তু প্ৰেমত ভালপোৱা থকাটো জৰুৰী মালিকীস্বত্ব নহয়।

এজন মানুহক ভালপোৱা মানে তেওঁঁক কেৱল নিজৰ কৰি ৰখা নহয়—তেওঁ নিজৰ হৈ থাকিবলৈ দিয়া।

আহক, অন্ততঃ নিজৰ জীৱনৰ পৰা আৰম্ভ কৰোঁ।

কাৰণ সমাজ সলনি হোৱাৰ আগতে মানুহৰ দৃষ্টিভংগী সলনি হ’ব লাগিব।

আৰু সেই পৰিৱৰ্তনৰ প্ৰথম মানুহজন—আমি নিজেই হওঁ আহক।

Share This Article
Himakshi Borah
Himakshi Borah
Articles: 2

Leave a Reply

Your email address will not be published. Required fields are marked *