Discourses From the East
কাৰবিসকলৰ ‘নৰন’ আৰই’ অৰ্থাৎ নৰন’ নদীক অসমীয়ালোকে ননৈ বুলিলে। এতিয়া নৈখন ‘ননৈ নদী’ হিচাপে পৰিচিত হ’ল। নৈ খন মাছ পুঠিৰ বাবে বিখ্যাত। এই নদীত পোৱা মাছৰ জুতি যাৰ জিভাত এবাৰ লাগিল, তেওঁ আৰু পাহৰিব নোৱাৰে। নৈখন সৰু কিন্তু দ’, বাৰিষাত পানীৰ সোত বেছি হয়। বাৰিষাৰ বাঢ়নি পানীয়ে নৈৰ উপকণ্ঠ অঞ্চলৰ পথাৰবোৰ বুৰাই পেলাই। ৰৌ, বৰালি, ঢেকেৰা, আৰি, শিঙৰা, পাভ, ভেদেঙী, কাৱৈ, শিঙী, মাগুৰ, চেলেকণা, গৰৈ, শ’ল, চেঙেলি, পুঠি, খলিহনা, কান্ধুলি, ত’ৰামাছ, মিচামাছ, কাছ’ ইত্যাদি প্ৰচুৰ পৰিমানে পোৱা যায়। খৰালিত মাছমৰা সজুলি নোলোৱাকৈ আধা ঘণ্টামান সময় ডুবমাৰি খেপীয়ালে খালৈ ভৰ্তি মাছ পোৱা গৈছিল। আমাৰ সময়ত ভেদেঙি মাছৰ প্ৰতি বৰ হেপাহ আছিল। নৈত খেপিয়াবলৈ গলে এইবিধ মাছ হে খালৈ ভৰিছিল, অন্য মাছ সাধাৰণতে এৰি দিছিল। বহল মুখ, কলা ৰঙৰ ভেদেঙী এবিধ মঙহাল মাছ। কাইট কম, খাবলৈ বৰ সোৱাদ। সৰিয়হ পাত, দুফুটামান নহৰু, নিমখ, হালধি দি উহোৱালেও সু-স্বাদু হয়, অথবা অঙঠাত পুৰি কেচা কণজলকীয়া আৰু নহৰু কেইফুতামানৰ সৈতে পিটিকা কৰি সামান্য নেমু ৰস চেপি দিলে খাবলৈ বৰ মজা হয়। বৰালি মাছ, শ’ল মাছবোৰ কাটি বাচি খৰিকাত দি জুইত হেকি অথবা ৰ’দত দি শুকুৱাই। কোনোয়ে আকৌ ডাঙৰ শ’লমাছটো মুঢ়ৰ পৰা দিঘে দিঘে নেগুৰলৈকে ফালি জুহালৰ ওপৰত ওলমাই থয়। এনেকৈ শুকুৱালে মাছৰ মঙহ টান আৰু ৰঙচুৱা হয়। সাধাৰণতে মাটিমাহত খাৰ দি প্ৰস্তোত কৰা আঞ্জাত এইবিধ শুকান মাছ দিয়া হয়। কিঞ্চিৎ ধোঁৱা ধোঁৱা লগা খাৰৰ আঞ্জাবিধ মোৰ বৰ প্ৰিয়। সেই তাহানিত সততে খাই পোৱা ব্যঞ্জণ হ’ল পুঁৱাৰ সাজলৈ বুলি আয়ে সন্ধ্যাতে আদা, নহৰু দি উহোৱাই থোৱা তেলাল বৰালি মাছৰ বিশেষ ব্যঞ্জণ। এনেকৈ উহোৱাই থলে ৰাতিপুৱালৈ গোট মাৰি মাখনৰ দৰে ৰঙচুৱা হয়।
নগাওঁ চহৰৰ পৰা পুবলৈ ১৫ কিলোমিটাৰ দুৰত এই নদী অৱস্থিত। চাপানালাৰ পৰা বামুনীহৈ ননৈৰে প্ৰায় ত্ৰিশ কিলোমিটাৰ দুৰত কপিলীত পৰিছে। নদীৰ পাৰত ত’ৰাগছ, পেটি, ইকৰা, মচলা, এজাৰ, কুটোহা বাঁহৰ দৰে বিবিধ গছ পোৱা গৈছিল। এতিয়া সেইবোৰ কাটি তহিলং কৰিলে। নদীৰ তলিখন আলতীয়া বোকা। কিছু কিছু অংশত টান মাটি আৰু বালিচহিয়া। বাৰিষাত কপিলীয়ে দি এই নদীত শিশু সোমায়। চকামকাকৈ এবাৰ ওলাই আকৌ ডুপ মাৰি বহু দূৰত ফুচ কৈ শব্দ কৰি ওলোৱা শিশু চাবলৈ নদীৰ পাৰত মানুহ ভিৰ কৰিছিল। বাৰিষাৰ প্ৰথমটো ঢলত উঠা উজান মাছেৰে কাষৰ পথাৰবোৰ ভৰি পৰে। উজানত উঠা মাছ ধৰিবলৈ আমিবোৰ পথাৰৰ আলি কাটি চেপা, খকা পাতো। মুৰ্গীয়ে ডাক দিয়েহে, সন্ধ্যা পথাৰত পাতি থৈ অহা খকা, চেপাত লগা মাছ আনিবলৈ ল’ৰ দিয়ো। যেতিয়া চেপা, খকাত পুঠি, গৰৈ, চেলেকণা, কেকুঁৰা, ত’ৰামাছ, কেতিয়াবা কুঁচীয়া পাওঁ, তেতিয়া আনন্দত আত্মহাৰা হওঁ।
কাৰবিলোকে বানেৰে ভেটা বান্ধি মাছ ধৰে। কোনোটো বছৰত ছল্লিচ, পঞ্চাছজনকৈ পাহোৱাল ডেকাই ভেটাত তিনিমাহলৈ বাহৰ পাতি মাছ মাৰিছিল। গুৰা মাছখিনি ৰ’দত দি অথবা জাক দি শুকুৱাই ভেটা উঠাৰ আগে আগে প্ৰতিঘৰে ভগাই লৈছিল। সাধাৰণতে মাছ বিক্ৰি নকৰিছিল। কাৰণ কাৰবিসকলৰ মাছ বিক্ৰি নীতি বিৰুদ্ধ আছিল আৰু এই কাৰ্য্যক হীন দৃষ্টিৰে চাইছিল। আনকি জালেৰে মাছ ধৰাও অপৃশ্য বুলিয়ে গণ্য কৰিছিল। অৱশ্যে কোনোয়ে ভেটাত গৈ মাছ বিচাৰিলে এনেই দিয়ে। কোনোয়ে তাত থকা লোকৰ তেল নিমখৰ বাবদ পইছা দিলে লয়। ভেটাত থকা সকলে আজৰি সময়ত বাঁহ বেতৰ কাম কৰিছিল। সেইবোৰ সাপ্তাহিক দেওবৰীয়া বজাৰত বিক্ৰি কৰি তেল, নিমখ, চাধা চুন, কেৰাচিন তেল কিনিছিল। ৮০ দশকৰ পৰা সেই নিয়ম শিথিল হৈ পৰা আমি নিজ চকুৰে দেখিছো। বেছিকৈ মাছ উঠা নিশাৰ তৃতীয় প্ৰহৰত শিঙা ফুকে। শিঙাৰ মাত শুনিলে গাওঁৰ ৰাইজে ভাৰবান্ধি মাছ আনিবলৈ সাজো হয়। আমাৰ গাওঁৰ পৰা ভেটাৰ দুৰত্ব আছিল ডেৰ কিলোমিটাৰ বাট। গাওঁ আৰু ভেটাৰ মাজত এখন বহল পথাৰ। পথাৰখনক কাৰবিসকলে ‘জেংখেন্দা’ বুলি কয়। গাওঁখনৰ সোমাজেৰে বৈ যোৱা ‘পচিচান’ জুৰিও এই জেংখেন্দাৰ কাষেৰে গৈ ভেটা নৌপাওতে ননৈ নদীত পৰিছে। ননৈ নদীৰ সৈতে সংযোগ হোৱা ঠাইৰ নাম ‘লংকাম’। জুৰিৰ সিপাৰৰ পথাৰখনক ‘ৰুপি আথাই’ কাষত আছে বি’পি আৰু বিছ’। ৰুপি আথাইৰ শিতানত আছে ‘মেজেং আহ’লা’। নিয়ৰ পৰি পিচল হৈ পৰা জেংখেন্দাৰ ধাননিৰ মাজেৰে ভাৰবান্ধি মাছ অনা কষ্ট হয় যদিও আনন্দও লাগে। কোনোটো দিনত ঘৰে প্ৰতি ৮০/৯০ টা কৈ বৰালি মাছ ভাগত পৰিছিল।
ভেটা উঠিবৰ হলে অঞ্চলৰ ৰাইজক প’ল’ মাৰিবলৈ অনুমতি দিছিল। কঠিয়াতলি, শগুণবাসী, কন্দলী, লাংএৎছ, ৰংতাৰা, আৰলং দংকি, মুৰ্গীলড়াই, বালিয়াধিপা, বৰলালুং গাওঁ, বৰবাৰী আদি গাওঁৰ ৰাইজে প’ল, জালেৰে মাছ মাৰে। নদীৰ গৰাত গাইগটীয়াকৈ খন্দা পুখুৰীবোৰ প’ল মৰা এমাহমানৰ পিছত সিচা আৰাম্ভ কৰে। পানী শুকাই যেতিয়া এককাল হয়, তেতিয়া আমিবোৰ চাইকেলৰ ষ্পকেৰে সৰু সৰু শেল বনাই বোকাত খুচি ত’ৰামাছ ধৰো। পলহ পৰি ডাঠ হৈ পৰা গৰাত শেলেৰে হানি ডাঙৰ ডাঙৰ কুঁচীয়া ধৰা হ’য়। পানী কমিলে মাছৰোকা, চিলনী, বগলীৰ কলৰৱত নৈ খন সৰৱ হৈ পৰে।
ভেটাৰ পাৰা এক ফাৰ্লং পশ্চিমত ‘ফাকুলি’ জলাহ। বাৰিষাত পানীৰে ভৰি থাকে জলাহটো। সেয়েহে ৰাইজে তাত বাওঁধানৰ খেতি কৰে। সাধাৰণতে জেঠ মাহতে হালবাই বাওঁধান সিঁচে। পানীয়ে বাওঁধান মাৰিব নোৱাৰে, পানী উঠাৰ লগে লগে ধান বাঢ়ি গৈ থাকে। অৱশ্যে এই ধান চপোৱা কষ্টকৰ। বাওঁধানৰ দীঘল দীঘল হুং থাকে, এই ধানৰ চাউল ৰঙা কিন্তু খাবলৈ বৰ মিঠা। পিছে চেঁচা পৰিলেহে বৰ টান হয়। সেয়েহে মানুহে এই ভাত গৰমে গৰমে খায়। ফাকুলী জলাহৰ ধান কাটিবলৈ গলে আমি ‘হানচেৰং টেঙা’ পাত বা গুটি লৈ যাওঁ। পাছ ছয় মুৰীয়া ধান কাটি হলেই দুজনমান নৈত মাছ খেপিয়াবলৈ যাওঁ। মাছখিনি হানছেৰং টেঙাৰে সৈতে সিজুৱা হয়। নহৰু, কেচা জলকীয়া সৰহকৈ দি লোৱা এই টেঙা আঞ্জা প্ৰখৰ ৰ’দত পথাৰৰ মাজত ঘামি জামি খোৱা সাজলৈ বৰকৈ মনত পৰে। নৈৰ পাৰে পাৰে বানপানী ভেটিবলৈ চৰকাৰে তাহানিত মথাউৰি বান্ধিছিল। এই মথাউৰিৰ কাষে কাষে অলেখ বগৰী গছ আছে। ধান কটা সময়ত সেই বগৰী পকি টক-টকীয়া হৈ পৰে। মিঠা, টেঙা লগা বগৰী পাৰি হাতৰ পতাত নিমখলৈ খুছি খুছি খাবলৈ কিজে মজা। এই জলাহ পানীৰে উপচি পৰিলে বিবিধ চৰাই পৰেহি। টুপটুপি চৰাই, বনৰীয়া হাঁহ, পানী কাউৰী, বৰটোকুলা, সামুক ভাঙা, ডাউক চৰাই আদি। এবাৰ আমাৰ কাষৰ লালুং গাওঁৰ অমুল্য বৰদলৈ বোলাজনে এই ফাকুলি জলাহত টুপটুপি চৰাই ধৰিবলৈ ফান্দ পাতিছিল। জলাহৰ সো-মাজত বিজুলি তাঁৰৰ চাৰিডাল খুটা আছিল। সময়ত মেৰমতিৰ সুবিধাৰ বাবে বিভাগীয় কৰ্মচাৰীয়ে তাঁৰ ঢুকি পোৱা ঠাইত চাৰিডাল লোৰ পাতি বল্টুৰে ফিট কৰি থৈছিল। পোহনীয়া টুপটুপী চৰাইজনীক খুটাৰ নাতিদুৰত ফান্দ পাতি বান্ধি আমাৰ বিহঙ্গ চিকাৰৰ ওস্তাত বৰদলৈয়ে খুটাত বান্ধি থোৱা সেই লোৰ পাতিত সাৱধানে উঠি বহিল। তাৰপৰা ভালকৈ দেখি। পোহনীয়া জনীয়ে টুপ টুপ কৈ মাত দিয়াত বনৰীয়া টুপটুপি জনীও প্ৰত্যোত্তৰ দি ন-কইনাৰ খোজেৰে সন্তপৰ্ণে এখোজ দুখোজ কৈ কাষ চাপি আহিল। যেই বনৰীয়া টুপটুপী কাষ চাপি আহিল, বৰদলৈৰ উত্তেজনা বাঢ়িল। তাৰ বোধহয় হৃদপিণ্ড বৰকৈ ঢপঢপাইছিল। ফান্দত এই পৰিব, ক’ত সাৰিবি! ইত্যাদিৰে তাৰ মন মগজু চৰাইজনীৰ ওপৰত নিবদ্ধ হৈ পৰিল। মন-মগজুৰ এই অনুপস্থিতিত তাৰ শৰীৰৰ আন আন অংগ স্বয়ংক্ৰীয় হৈ সহযোগ আগবঢ়ালে। হাত ভৰি আপুনি চলিবলৈ ধৰিলে। এটা সময়ত সি কব নোৱাৰাকৈ চাপৰি থাকিব লগা ঠাইতে থিয় হৈ দিলে। লগে লগে তাঁৰত থকা অগ্নি দেৱতা খঙত অগ্নিশৰ্মা হ’ল, আৰু চকু পচাৰতে ধুম কৈ শব্দ কৰি অমুল্যৰ অস্পৃশ্য দেহাক বগৰাই দিলে। অৱশ্যে অগ্নি দেৱতাৰ কোপ দৃষ্টি পৰিলেও অমুল্যৰ মুল্য শেষ হৈ যোৱা নাছিল। তলত এককাল পানী আছিল আৰু মথাউৰিত বহি বৰষি বাই থকা ব্যক্তিচেৰেকো আছিল। ধুম কৈ উঠা শব্দ শুনি ততাতয়াকৈ অমুল্যক উদ্ধাৰ কৰি নগাওঁ চিভিল হাস্পতাল পোৱালেগৈ। এবছৰ চিকিৎসাৰ অন্তত বেচেৰা বৰদলৈ জীৱটো মুঠিত লৈ কোনোমতে ঘৰ উভতিল।








