স্বাধীনতা

Share This Article

পৃথিৱীৰ আটাইতকৈ সৰল শিশুটিৰ নাম স্বাধীনতা

অকণমান দুটি চকু দূৰৰ তৰাৰ দৰে জিলমিল

নির্মল হাঁহি, বর্ষাৰ প্ৰথম ফুলপাহৰ দৰেই যাৰ সুবাস

স্বাধীনতা আইতাৰ সেলেঙি ভৰা এযুৰি তেজাল ওঁঠ…

এদিন স্বাধীনতা বহুতৰ স্বপ্নৰ নাম আছিল…

শিশুবোৰে সপোনত দেখিছে

স্বাধীনতা এটা চৰাইৰ নাম

স্বাধীনতা এজোপা গছৰ নাম

স্বাধীনতা এটা উৰণীয়া তৰাৰ নাম…

স্বাধীনতা বজাৰৰ লেলিহান শিখা

চৌকাত জ্বলি নুঠা জুইৰ স্ফূলিংগ

কাৰোবাৰ বুকুত নীৰৱে তপত হৈ থকা অঙঠা

আৰু ছাঁই হৈ পৰা সপোনৰ নামো স্বাধীনতা…

স্বাধীনতা বিয়োগৰ নেওঁতা

কিছু সপোন যোগ কৰিবলৈ

হাতত থাকি যোৱা শূন্যতা…

ভগ্নীৰ মৃতদেহ ওৰে ৰাতি কোলাত লৈ

ক্ষোভত ফাটি পৰা ভাতৃৰ অন্তিম শক্তিৰ নাম স্বাধীনতা

স্বাধীনতা সন্তানক চিতাত তুলি ঘূৰি অহা মাতৃৰ মৃত খোজৰ নাম

হঠাৎ ৰচি চিঙি যোৱা চিলাৰ দৰে

ৰাজপথত দুজনী গাভৰু বস্ত্রহীন

অসহায় ক্লান্ত সিহঁতৰ খোজ…

সেই দেশৰ পৰাজয়ৰ নাম স্বাধীনতা।

স্বাধীনতা এটি কাতৰ প্ৰাৰ্থনাৰ নাম

স্বাধীনতা এটি মূক প্ৰতিবাদৰ নাম।

Share This Article
Puspanjali Hazarika
Puspanjali Hazarika
Articles: 1

Leave a Reply

Your email address will not be published. Required fields are marked *