পাঁচদিনীয়া বেংকিং ব্যৱস্থা : নিৰীক্ষণৰ আওতাত

Share This Article

সপ্তাহত পাঁচদিনীয়া কৰ্মসূচীৰ দাবীত চলিত বৰ্ষৰ ২৭ জানুৱাৰী আৰু ১১ ছেপ্টেম্বৰৰ দিনা বেংক কৰ্মচাৰীসকলে দেশব্যাপি ধৰ্মঘট কৰিছিল৷ কৰ্মচাৰীসকলৰ মাজত বৃদ্ধি পোৱা মানসিক চাপ প্ৰশমনৰ বাবে, কৰ্মজীৱনত ভাৰসাম্য আনিবৰ কাৰণে আৰু কামৰ হেঁচাত অহা হতাশা, ক্লান্তি, অৱসাদ আদি নোহোৱা কৰিবৰ বাবে RBI আৰু LICৰ দৰে অন্যান্য খণ্ডসমূহৰ কৰ্মচাৰীৰ নিচিনাকৈ সপ্তাহত পাঁচদিন কৰ্মদিনৰ দাবীত এই ধৰ্মঘট তেওঁলোকে কৰিছিল৷ দক্ষতা বৃদ্ধিৰ বাবে জিৰণিৰ প্ৰয়োজন আৰু পৰ্যাপ্ত জিৰণিৰ দ্বাৰা কৰ্ম শক্তি বৃদ্ধি পায়৷ কিন্তু এইক্ষেত্ৰত ছদিনৰ কাম পাঁচদিনত সামৰি ল’বলৈ হ’লে কৰ্মচাৰীৰ মানসিক চাপ আৰু কাৰ্যকৰী চাপ বেছি হৈ কাৰ্যক্ষমতা হ্ৰাস কৰিব নেকি – এইটো বিষয়ৰো পৰ্যালোচনাৰ প্ৰয়োজন৷ ২৮, ২৯ আৰু ৩০ ছেপ্টেম্বৰত ঘোষণা কৰা আৰু পৰৱৰ্তী সময়ত প্ৰত্যাহাৰ কৰা একেধৰণৰ ধৰ্মঘটৰ সৈতে পাঁচদিনীয়া কৰ্মসূচীৰ বিষয়টো বেংক আৰু চৰকাৰৰ মাজৰ বিবাদৰ দৃষ্টিকোণতকৈ জনস্বাৰ্থৰ দৃষ্টিভংগীৰে বিবেচনা কৰিব লাগিব৷
ভাৰতীয় বেংকিং খণ্ডটো হৈছে আমাৰ দেশৰ অৰ্থনীতিৰ মেৰুদণ্ড স্বৰূপ৷ ধন জমা ৰখা বা পৰিচালনা কৰাতকৈ বেংক ব্যৱস্থাটোৱে মানুহৰ জীৱিকা সুৰক্ষিত কৰে, অৰ্থনৈতিক দিশসমূহৰ উন্নয়নত সহায় কৰে আৰু ব্যৱসায়-বাণিজ্যসমূহ ফাৰ্মসমূহৰ পৰা পৰিয়াললৈ আৰু পৰিয়ালৰ পৰা সমগ্ৰ বিশ্বলৈ সম্প্ৰসাৰিত কৰে৷ ইয়াৰ ফলত প্ৰতিজন ব্যক্তিৰ সপোনে সাকাৰ ৰূপ লাভ কৰে৷ তদুপৰি বেংকসমূহে ঋণ সৃষ্টি কৰি বিনিয়োগ বৃদ্ধি কৰে আৰু কল-কাৰখানা, উদ্যোগ প্ৰতিষ্ঠান আদি গঢ়ি তোলাত সহায় কৰি ৰাষ্ট্ৰীয় উন্নয়নত প্ৰভূত বৰঙণি যোগায়৷ আধুনিক অৰ্থনীতিৰ ফলপ্ৰসূ ব্যৱস্থাসমূহ বেংকে সৃষ্টি কৰে আৰু কৰ্মচাৰীসকলৰ মাজত আস্থা, দক্ষতা আৰু বিশ্বাসৰ ভাব জগাই তোলে৷
বেংকৰ সফলতা বা লাভ অৰ্জনৰ ক্ষেত্ৰত বেংকৰ কৰ্মচাৰীসকলৰ কাৰ্যক্ষমতা আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰক৷ বেংকসমূহত নতুন প্ৰযুক্তি ব্যৱহাৰ কৰাৰ পাচতো বেংকৰ লগত শ্ৰম নিবিড়ভাৱে জড়িত হৈ আছে আৰু ভৱিষ্যতলৈও থাকিব৷ প্ৰতিযোগিতামূলক ক্ষেত্ৰখনত বেংকবোৰে গ্ৰাহকসকলৰ বাবে মূল্য সংযোজিত অনেক সুবিধা প্ৰদান কৰিছে৷ কিন্তু কাৰ্যক্ষেত্ৰত বেংক কৰ্মচাৰীসকল অনেক অসুবিধাৰ সন্মুখীন হয়৷ যেনে– কামৰ দীঘলীয়া সময়, গ্ৰাহকৰ অসন্তুষ্টি আৰু খং-ৰাগ, বৈষম্য, পক্ষপাতিত্ব, স্বায়ত্ত শাসনৰ অভাৱ, সঘন আৰু দূৰণিবটীয়া বদলি, কাৰিকৰী অসুবিধা আদি৷ PSU Bank লৈ অভিযন্তাৰ আগমনে কৰ্মশক্তিৰ ক্ষেত্ৰত ভিন্ন প্ৰত্যাশা আৰু বিভিন্ন গোটসমূহৰ মাজত সংঘাত বৃদ্ধি পাইছে৷
বেংকৰ কৰ্মচাৰীসকলৰ বাবে মানসিক চাপ নিয়ন্ত্ৰণ কৰাৰ আটাইতকৈ উত্তম উপায় হৈছে দায়িত্ব ভালদৰে লোৱা আৰু পালন কৰা৷ কৰ্মচাৰীসকলে তেওঁলোকৰ সীমাবদ্ধতা চিনি পাই তাক গ্ৰহণ কৰিব পাৰিব লাগিব৷ সাধাৰণতে সুস্থ শৰীৰত সহজে মানসিক চাপে প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে৷ সেয়ে সু-স্বাস্থ্যৰ বাবে তেওঁলোকে সুষম খাদ্য বা ভাল খাদ্য গ্ৰহণ কৰিব লাগিব আৰু ব্যায়াম কিছুমানক দৈনন্দিন ৰুটিনত স্থান দিব লাগিব৷ হাস্যৰসে মানুহৰ স্মৃতি শক্তি বৃদ্ধি কৰে আৰু মানসিক চাপ সৃষ্টিকাৰী হ’ৰমনৰ মাত্ৰা কমাই দিয়ে৷ সেয়ে বেংক কৰ্মচাৰীসকলৰ বাবে দৈনন্দিন হাঁহি-স্ফুৰ্তিৰ আড্ডা কিছুমান হ’ব লাগে৷ তদুপৰি আচ্‌বাবসমূহ আৰামদায়ক, শৌচাগাৰ-প্ৰস্ৰাৱগাৰ আদিবোৰ স্বাস্থ্যসন্মত হ’ব লাগে আৰু পৰিবেশ নিৰিবিলি হ’ব লাগে৷ একেদৰে স্বাস্থ্যসন্মত আহাৰৰ ব্যৱস্থা কৰিব লাগে আৰু নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ লগতে মানসিক চাপ নিয়ন্ত্ৰণৰ প্ৰয়োজনীয় আৰু ফলপ্ৰসূ কিছুমান কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব লাগে৷
সপ্তাহত ৫ দিনীয়া বেংকিং ব্যৱস্থাই কিছুমান ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি কৰিব৷ বিশেষকৈ জ্যেষ্ঠ নাগৰিক, ক্ষুদ্ৰ উদ্যোগ আৰু গাঁও তথা সৰু সৰু নগৰীয়া অঞ্চলৰ কৃষকসকল অসুবিধাৰ সন্মুখীন হ’ব৷ LIC আৰু RBIৰ কৰ্মচাৰীৰ সৈতে এইক্ষেত্ৰত তুলনা কৰাটো উচিত নহয়৷ তদুপৰি ই কৰ্মজীৱনৰ ভাৰসাম্যতাৰ নিশ্চিতি প্ৰদান কৰিব নোৱাৰে৷ ৫ দিনীয়া বেংকিং ব্যৱস্থাই বাস্তৱ ৰূপ লাভ কৰিলে দৈনিক ৪০ মিনিটকৈ সময় বৃদ্ধি কৰিব লাগিব আৰু ইয়াৰ ফলত অধিক মানসিক চাপৰ সৃষ্টি হোৱা কথাটো নুই কৰিব নোৱাৰি৷ এইক্ষেত্ৰত বেংক কৰ্মচাৰীসকলক অধিক পৰিমাণে শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী কৰিব পাৰিব লাগিব৷
সকলোবোৰ খালীপদ পূৰণ, কৰ্মশক্তিৰ ভাৰসাম্য, কৰ্মচাৰী বেছি থকা প্ৰশাসনিক কাৰ্যালয়ৰ পৰা কম কৰ্মচাৰী থকা শাখাসমূহলৈ কৰ্মচাৰীৰ বদলি আদিবোৰে গ্ৰাহকক সুবিধা প্ৰদান কৰাৰ লগতে কৰ্মচাৰীসকলৰো হিত সাধন কৰিব পাৰে৷ ৬ দিনীয়া কৰ্মসপ্তাহ থাকিলেও যদি কামৰ বোজাৰ বিতৰণ ন্যায়সংগত আৰু নমনীয় হয়, কৰ্মসময়ৰ পিচত কাম কৰাৰ ক্ষেত্ৰত মানৱসম্পদ বিভাগৰ নিয়ম অনুসৰি এক সুস্থিৰ কৰ্ম পৰিবেশৰ সৃষ্টি হয়, তেন্তে এয়া এক গ্ৰহণযোগ্য পথ হ’ব পাৰে৷
বৰ্তমান সময়ত বেংকাৰসকলৰ প্ৰতি জনসাধাৰণৰ ধাৰণা ‘বিশ্বাসযোগ্য ৰক্ষক’ৰ পৰা ‘বিক্ৰী আৰু শক্তিৰ মধ্যস্থতাকাৰী’লৈ ৰূপান্তৰিত হৈছে৷ শেহতীয়াভাৱে ধনী ব্যৱসায়ীসকলৰ সৈতে সংঘটিত হোৱা বিত্তীয় কেলেংকাৰীবোৰে সাধাৰণ মানুহৰ মনত এটা ধাৰণা সৃষ্টি কৰিছে যে বেংকবোৰে ক্ষমতাশালী লোকসকলক সুৰক্ষা দিব পাৰে আৰু লগতে ৰাজহুৱা ধনৰ অপচয় হ’ব পাৰে৷ বৃহৎ ঋণগ্ৰস্তসকলক বৃহৎ পৰিমাণৰ ঋণ ৰেহাই দিয়া, শক্তিশালী ধৰুৱাসকলৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা পলমকৈ লোৱা, ক্ষুদ্ৰ ঋণগ্ৰস্তসকলৰ পৰা কঠোৰভাৱে ঋণ আদায় কৰা আদিবোৰে জনসাধাৰণৰ মনত পক্ষপাতিত্বৰ ধাৰণা আনি দিয়ে৷ এনেকুৱা ধৰণৰ কথা কিছুমানেও বেংক কৰ্মচাৰীসকলৰ মাজত দীৰ্ঘকালীন মানসিক চাপৰ সৃষ্টি কৰিব পাৰে৷
কৰ্ম জীৱনৰ ভাৰসাম্য কেৱল অফিচত বা ঘৰত কাম কৰি কটোৱা ঘণ্টাকেইটাৰ মাজতে সীমাবদ্ধ নহয়৷ কৰ্ম জীৱনৰ ভাৰসাম্য ৰক্ষা কৰা এক ব্যক্তিগত দায়িত্ব, কিয়নো কৰ্ম হৈছে জীৱনৰ এটা অংশ৷ সেয়ে সকলোবোৰৰ ভাৰসাম্য বজাই ৰখা সম্ভৱ নহয়৷ কাম আৰু ব্যক্তিগত দাবীৰ স্বাভাৱিক উত্থান-পতনক আমি যেতিয়া আঁকোৱালি লওঁ, তেতিয়াই জীৱন পূৰ্ণতা প্ৰাপ্ত হয়৷ আমাৰ লক্ষ্য হ’ব লাগে যাতে ৫ দিনীয়া কৰ্ম সপ্তাহৰ ওপৰত নিৰ্ভৰ নকৰি ব্যক্তিগত সুখ-দুখৰ সমান্তৰালভাৱে বেংকৰ গাঁথনিগত সাংস্কৃতিক পৰিৱৰ্তনক অগ্ৰাধিকাৰ প্ৰদান কৰি ব্যাপক কৰ্ম পদ্ধতিৰ জৰিয়তে যাতে সমন্বয় সাধন কৰিব পাৰি৷
নাগৰিকক সুবিধা প্ৰদান আৰু কৰ্মচাৰীৰ হিত সাধন– এই দুয়োটাই পৰিপূৰক কথা আৰু দুয়োটাই সমানে থাকিব লাগে৷ হঠাতে দেশজোৰা পৰিবৰ্তন এটা জাপি দিয়াতকৈ নিৰ্বাচিত শাখা কিছুমানত ৫ দিনীয়া বেংকিং ব্যৱস্থাৰ বাবে ৬-১২ মাহৰ কিছুমান পাইলট প্ৰজেক্ট গ্ৰহণ কৰিব লাগে৷ ৫ দিনীয়া বেংকিং ব্যৱস্থা আচলতে বেংক সেৱা ব্যাঘাত জন্মোৱাৰ পৰিৱৰ্তে স্বচ্চ প্ৰভাৱ মূল্যায়ন বিষয়ক হ’ব লাগে৷ সমগ্ৰ বিশ্বৰ দেশসমূহে বৰ্তমান অৰ্থনৈতিক চাপ আৰু মুদ্ৰাস্ফীতিৰ উদ্বেগৰ সৈতে মোকাবিলা কৰি আছে৷ আমাৰ দেশো এই প্ৰত্যাহ্বানৰ পৰা সম্পূৰ্ণৰূপে মুক্ত নহয়৷ অৰ্থনীতিৰ গতি অব্যাহত ৰখাত বেংকাৰসকলৰ এক সামাজিক দায়িত্ব আছে৷ প্ৰতিটো সিদ্ধান্তৰ কেন্দ্ৰবিন্দুত ‘ৰাষ্ট্ৰ প্ৰথম’ৰ নীতি স্থাপন কৰি বেংকাৰসকলে নাগৰিক, উদ্যোগ আৰু সম্প্ৰদায়সমূহক সৱলীকৰণৰ জৰিয়তে দেশক এখন অধিক শক্তিশালী, আত্মনিৰ্ভৰ আৰু বিকশিত ভাৰতৰ দিশে আগুৱাই নিব পাৰে৷ ন্যায্য প্ৰাপ্তিৰ বাবে কৰ্মচাৰীসকলে কৰা প্ৰতিবাদক নাগৰিকসকলে সন্মান কৰে, কিন্তু সেইবুলি অত্যাৱশ্যকীয় বেংকিং সেৱা বন্ধ কৰিব নালাগে৷ আমাৰ ৰাজ্যখন যেতিয়া বানপানীত বুৰি আছিল, তেতিয়াও বেংক সেৱা ব্যাহত হোৱা নাছিল৷ কভিডৰ সময়খিনিতো বেংকৰ কৰ্মচাৰীসকলে সন্মুখৰ যোদ্ধা (frontline personnel) হিচাপে কাম কৰি গৈছিল আৰু এতিয়াও তেওঁলোকে নিশ্চয় নাগৰিকক কোনো অসুবিধা নিদিয়াকৈ নিজৰ অধিকাৰ সাব্যস্ত কৰিবৰ বাবে আগবাঢ়ি যাব৷

Share This Article
Dr Dipankara Devebrata
Dr Dipankara Devebrata

Dr Dipankara Devebrata is a doctor by profession who practices in Guwahati. He writes on the social implications of health services, social issues, among others.

Articles: 5

Leave a Reply

Your email address will not be published. Required fields are marked *