Discourses From the East
প্ৰখ্যাত সংগীতজ্ঞ আৰু লেখক T M Krishna ৰ ৩০ অক্টোবৰৰ The Telegraph কাকতত প্ৰকাশিত The other Ashoka শীৰ্ষক লেখাটোৰ জেৰ টানি অসমৰ পৰিপ্ৰেক্ষিতত ছায়া দত্তই যুগুত কৰা এটি লেখা—
ট্ৰাইবেল বুলিলে যাৰ যি মন যায় তাকে বুজে। একেবাৰে বেলৰ পৰা অসভ্য,জানোৱাৰ সদৃশ,অজলা, হোজা,আকৌ নোমটেঙৰ, শিয়াল আৰু যে কি নহয়। আনকি বিষ্ণু ৰাভাকো ট্ৰাইবেল মানে লেতেৰা,মদপী, সংস্কাৰহীন আদি অভিধা মুক্তহস্তে দান কৰা হৈছিল। ভীমবৰ দেউৰী, ইন্দিৰা মিৰি,কমলা মিৰি, শংকৰদেৱৰ মিচিং শিষ্য পৰমানন্দৰ কথা নকলোৱেই বা !
ট্ৰাইবেল যে মানৱ সভ্যতাৰ বিকাশৰ এক স্তৰ সেইকথা মগজুৰ পৰা কেতিয়াবাই বিসৰ্জন দিয়া হৈছে। সেই হিচাবে আমি সকলো এদিন ট্ৰাইবেল আছিলোঁ।
সুদীৰ্ঘ বত্ৰিশটা বছৰ মিচিংসকলৰ লগত কটালোঁ। সকলো মানুহ দোষে গুণে বিভূষিত। মিচিংসকলো। সকলোতে বৈপৰীত্যৰ সমাহাৰ।
যোৱা ৩০/১০ ৰ টেলিগ্ৰাফত টি এম কৃষ্ণৰ এক মৰ্মস্পৰ্শী লেখা পঢ়িলোঁ। শিৰোনাম অন্য এক অশোক: কৰুণাময় ৰাষ্ট্ৰ এক অলীক কল্পনা। টি এম কৃষ্ণ আগশাৰী পুৰোৱা সংগীতজ্ঞ হোৱাৰ লগতে প্ৰভাৱশালী জনহিতৈষী (ডঃ হীৰেন গোহাঁই চাৰৰ উদ্ভাৱন) বুদ্ধিজীৱী।
সম্ৰাট অশোকে কলিংগ যুদ্ধৰ বিষয়ে এক ৰাজহুৱা স্বীকাৰোক্তিত কৈছিল যে এক লাখ পঞ্চাশ হাজাৰ মানুহক দেশান্তৰিত কৰাৰ লগতে এক লাখ লোকৰ প্ৰাণ লোৱা হৈছিল। নতুন ৰাজ্য জয় কৰি উল্লাসিত হোৱাৰ পৰিবৰ্তে অশোকে প্ৰজাক জনালে যে তেওঁ এনে অপৰাধ কৰি অনুতপ্ত। এক বিৰল দৃষ্টান্ত। কিন্তু একেটা ৰাজ ঘোষণাতে অশোকে পাভ লুটিও মাৰিছে। তেওঁ একেসময়তে বনবাসী অৰ্থাৎ ট্ৰাইবেললৈ এক সতৰ্কবাণীও প্ৰেৰণ কৰিছে।অহিংসাক জীৱনৰ ব্ৰত হিচাবে লৈয়ো অশোকে সদম্ভে ঘোষণা কৰিছে যে তেওঁৰ ৰজা হিচাবে শাস্তি দিয়াৰ ক্ষমতাধিকাৰী।হিংসা এতিয়াও তেওঁৰ অস্ত্ৰ ভাণ্ডাৰৰ অংগাংগী। সম্ৰাট হিচাবে নিজৰ স্থান পুনৰ্স্থাপন কৰাৰ লগতে প্ৰজাৰ বশ্যতাৰ দাবীদাৰ।
অশোকৰ ট্ৰাইবেলক সাৱধান বাণী শুনোৱাৰ মূল আৰু একমাত্ৰ কাৰণ অৰণ্যজাত সম্পদ। অৰণ্যৰ পৰাই কাঠ,হস্তীৰ লগতে অন্যান্য মূল্যৱান সম্পদ আহৰণ কৰা হয়। ট্ৰাইবেলে নিশ্চয় অশোকৰ আক্ৰমণ বিনা যুদ্ধে মানি নলৈ প্ৰতি আক্ৰমণো কৰিছিল। আলোচনা ফলপ্ৰসূ নহ’লে শক্তি প্ৰয়োগেৰে চিধা কথাত হিংসাত্মক উপায়েৰে লগা বস্তু কাঢ়ি লোৱাৰ উপৰিও দমনো কৰা হৈছিল।
এই গোটেই ঘটনা প্ৰক্ৰিয়াৰ সমসাময়িক সমগ্ৰ ভাৰতৰ ট্ৰাইবেল,দলিত আৰু মৎস্যজীবীৰ শোচনীয় অৱস্থাৰ লগত সাংঘাতিক অনুৰণন আছে। এই তিনি শ্ৰেণীৰ কৃষি ভূমি বলেৰে কাঢ়ি লোৱা, আটক, ন্যায়ালয় অনুমোদিত সীমা লংঘন,পাহাৰ পৰ্বতৰ অৰণ্য ভাঙি মুকলি কৰি পেলোৱা, গাঁও বুৰাই পেলোৱা(নদীবান্ধৰ যোগে), জীৱন,জীৱিকা অৰ্জন কৰা ঠাই,উপাসনাৰ স্থলী সকলো নিঃশেষ কৰাৰ খবৰ নিৰন্তৰ পায়েই থাকোঁ। আৰু আমি আমাৰ অক্ষুণ্ণ থকা নিৰাপদ বাসস্থানৰ পৰা এইবোৰ উন্নয়নৰ বাবে জৰুৰী বুলি উন্নাসিক মন্তব্য কৰোঁ। ট্ৰাইবেলৰ জীৱন মৃত্যু সংগ্ৰামক দেশদ্ৰোহিতা সজাওঁ। কান্ধত কান্ধ মিলাই সংগ্ৰাম কৰাসকলক অপৰাধী, ধৰ্মান্তকাৰী, বিদেশীৰ দালাল আখ্যা দিওঁ। এনেকৈয়ে আমি ৰাষ্ট্ৰৰ চক্ৰান্ত সহজ কৰি দিওঁ।
শেহতীয়া উদাহৰণ প্ৰণৱ দলে। যি ট্ৰাইবেলৰ অধিকাৰৰ কাৰণে যুঁজ দি এন এছ এৰ দৰে জঘন্য আইনৰ ধাৰাত অভিযুক্ত হৈ জেলৰ ভাত খাব লগা হ’ল । আজি জানিবা প্ৰণৱ মুকলি আকাশৰ তললৈ।
আমিবোৰে ট্ৰাইবেলসকলেই যে ভাৰতৰ আদিম অধিবাসী সেইকথা গন্তাই নকৰোঁ। বৃটিছে আমাক যিদৰে হেয়জ্ঞান কৰিছিল সেই একেধৰণে আমিও ট্ৰাইবেলক হেয়জ্ঞান কৰোঁ। একেবাৰে ৰেগিঙ কৰাৰ নিচিনা। আমেৰিকাৰ আদিম বাসিন্দা সকলৰ প্ৰতি দখলদাৰী বগা মানুহৰ সেই একেই আচৰণ। আমেৰিকা দখল কৰা বগা ছালৰ মানুহে আমেৰিকাৰ আদিম বাসিন্দাক কৰাৰ দৰে আমি ট্ৰাইবেলক মষিমূৰ নকৰিলেও,যোৱা এশটা বছৰত আমি ট্ৰাইবেলৰ ভাষা,কৃষ্টি,মাটি,পৰিচিতি সকলো প্ৰণালীবদ্ধভাৱে ধ্বংস কৰি পেলাইছোঁ। সাংস্কৃতিক বৈচিত্ৰ জগতক দেখুওৱাৰ সময়ত ট্ৰাইবেল আমাৰ বুকুৰ কুটুম।
অৰুন্ধতী ৰয়ে কৈছিল ট্ৰাইবেলক ক্ষতিপূৰণ দিবলৈ হ’লে ৰাষ্ট্ৰপতি ভৱন থকা ৰাইচিনা পাহাৰকে প্ৰথমে ট্ৰাইবেলক ওভতাই দিব লাগিব। ন্যায়পালিকা কেনেকৈ ট্ৰাইবেল বিৰোধী জানিবলৈ অৰুন্ধতী ৰয়ৰ এখন ৰচনা অৱশ্যে পঠনীয়। Scandal in the palace ।
আজিৰ উৰিষ্যাই অতীতৰ কলিংগ। উৰিষ্যা চহকী বিচিত্ৰ ট্ৰাইবেলৰ বাসভূমি। কেইসপ্তাহমানৰ আগেয়ে Randall Sequeira আৰু Laxman Naik ক গেপ্তাৰ কৰা হৈছে।অপৰাধ উৰিষ্যাৰ চিজিমালি পাহাৰৰ আদিবাসী আৰু দলিতৰ ভূমিৰ অধিকাৰৰ হকে দুইজনে তৰা যুঁজ। ঠিক আমাৰ প্ৰণৱ দলেৰ দশা। সকলো প্ৰকাৰৰ ক্ৰিমিনেল চাৰ্জ দুয়োৰে ওপৰত জাপি দিয়া হৈছে। কৰ্পৰেটৰ মাটি দখলৰ বিৰুদ্ধে ট্ৰাইবেল আৰু দলিতে তৰা যুঁজখনত তেওঁলোক দুয়ো সহযাত্ৰী।Sequeira এজন ডাক্টৰ। তেখেতে স্থানীয় মানুহলৈ স্বাস্থ্য সেৱা আগবঢ়ায়। চিজিমালি,কুট্ৰুমালি আৰু নিয়ামগিৰি পাহাৰৰ তলত লুকাই থকা বক্সাইটৰ ওপৰত আদানি আৰু বেদান্তৰ শেনচকু। দলিত আৰু আদিবাসীৰ ওপৰত তেওঁলোকে প্ৰতিবাদ কৰাৰ বাবে হৰক ৰকমৰ কেচ জাপি দিছে ৰাষ্ট্ৰই।২২০০ বছৰৰ আগেয়ে অশোকৰ দৰেই সমকালীন ৰাষ্ট্ৰইয়ো আদিবাসীক সৰ্বস্ব ত্যাগ কৰিবলৈ বাধ্য কৰে। আৰু মান্তি নহ’লে ৰাষ্ট্ৰই ইয়াৰ সকলো হাথিয়াৰ আদিবাসীক নিৰস্ত আৰু নিমাত কৰিবলৈ ৰাং কুকুৰৰ দৰে মেলি দিয়ে।
যিসকলক নক্সাল বোলা হয় তেওঁলোকেই ট্ৰাইবেলৰ হৈ যুঁজ দি থাকে। সেইসূত্ৰে Randal Sequeira আৰু Laxman Naikও নক্সালেই। আৰু তাৰ পৰাই আৰবান নক্সাল। অৰ্থাৎ যিসকলে নাগৰিকৰ জীৱন জীৱিকাৰ হৈ মাত মাতে সেইবোৰেই আৰবান নক্সাল। ডঃ হীৰেন গোহাঁই চাৰো নক্সালেই চাবলৈ গ’লে। কিয়নো এই বয়সতো মানুহজনে অসমীয়াক বচাবলৈ আৰ এছ এছ বিজেপিৰ বিৰুদ্ধে যুঁজ দি আছে। মনমোহন সিঙে নক্সালবিলাকক অৰ্থাৎ ৰাইজৰ হৈ যুঁজ দিয়াসকলক দেৱৰ আটাইতকৈ ডাঙৰ আভ্যন্তৰীণ শত্ৰু আখ্যা দিছিল। পুনৰ অৰুন্ধতী ৰয়ৰ এখন ৰচনালৈ মনত পৰিল, Walking with the comrades ।
ৰাষ্ট্ৰই কেতিয়াও অকলে নকৰে,যিকৰে বৃহৎ কৰ্প’ৰেটক লগত লৈহে কৰে। ৰাষ্ট্ৰ আৰু কৰ্পৰেট যুগলবন্দীয়ে সিহঁতৰ লক্ষ্যৰ গোলপ’ষ্ট সঘনাই সলাই থাকে,জনমত তৈয়াৰ কৰে, দেশৰ আইন কানুন ভৰিৰে মোহাৰি পেলায় আৰু শেষত এনে এক পৰিস্থিতিৰ সৃষ্টি কৰে যে সকলোৱে ভাৱিবলৈ ধৰে ইয়াৰ বিকল্প নাই। যাৰ ইংৰাজী শব্দটো হ’ল fait accompli অৰ্থনৈতিক গোলকীকৰণো একপ্ৰকাৰ fait accompli য়েই। গোলকীকৰণ বিকল্পহীন বুলি মানুহ পতিয়ন যায়। কিন্তু ইয়াতকৈ এখন উন্নততৰ পৃথিৱীযে সম্ভৱ সেইকথা সকলোৰে অগোচৰে ৰখা হয়। এইটো অকল উৰিষ্যাৰে নহয়, ভাৰতৰ আন ৰাজ্যৰো। বিহাৰতো পাহাৰীয়া আৰু চাওঁতালীৰ মাটি আদানিক গতাই দিয়া হৈছে তাপ বিদ্যুৎ কেন্দ্ৰ স্থাপন কৰিবলৈ।
আমাৰ অসমতো কাৰ্বি পাহাৰৰ,য’ৰ কাৰ্বিসকলক অসমৰ কলম্বাছ আখ্যা দিয়া হয়,মাটিও আদানিক দিয়া হোৱা নাইনে? ধুবুৰীৰ মাটিও আদানিক দিয়া হৈছে। অসমত চলি থকা উচ্ছেদৰ উদ্দেশ্যও কৰ্প’ৰেটক মাটি দিয়া।
ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাহানাত নিকোবৰ দ্বীপপুঞ্জৰ ট্ৰাইবেলক বাকৰুদ্ধ কৰা হৈছে। চেন্নাইৰ মৎস্যজীবীয়ে তেওঁলোকৰ স্বাস্থ্য আৰু জীৱিকা ধ্বংসকাৰী তাপ বিদ্যুৎ প্ৰকল্প আৰু তেওঁলোকৰ কৰ্মস্থলীৰ সোঁমাজেৰে যোৱা বিয়াগোম ৰাষ্টাৰ বিৰুদ্ধে মৰণপণ যুঁজ তৰিব লগাত পৰিছে। সুবিধাভোগী শ্ৰেণীৰ অৱসৰ বিনোদনৰ বাবে পাৰ্ক আৰু খেলাধূলাৰ সুবিধা উপলব্ধ হোৱাৰ বিপৰীতে প্ৰান্তীয় শ্ৰেণীয়ে সাগৰতীৰৰ বলুকাৰ ওপৰতো অধিকাৰ সাব্যস্ত কৰিব নোৱাৰে।
আদিবাসী,দলিত, মৎস্যজীবীসকলে প্ৰকৃতিৰ বুকুতে সহাৱস্থান কৰি শতিকাজুৰি জীৱন যাপন কৰি আহিছে। গতিকে তেওঁলোকৰ কথা নভৱাকৈ আৰু তেওঁলোকক যথাযোগ্য সন্মান নযচাকৈ পৰিৱেশ তন্ত্ৰৰ কথা কোৱা এক প্ৰতাৰনা আৰু বাতুলতা।
ট্ৰাইবেল বা প্ৰান্তীয় শ্ৰেণীৰ ওপৰত উপৰ্যুপৰি আক্ৰমণ ৰাজনৈতিক দল মত নিৰ্বিশেষে হয়। যিটো ৰাজনৈতিক দলে দলিত ট্ৰাইবেলৰ হৈ চিঞৰত গগন ফালে,সেই একেটা দলে ক্ষমতা পালে কোকলোঙাৰ দৰে ৰঙ সলাই কৰ্পৰেটৰ পক্ষ লয়। কৰ্পৰেটৰ স্বাৰ্থত ট্ৰাইবেলক শোষণ কৰাত কংগ্ৰেছ বিজেপিৰ পাৰ্থক্য নাই। অৱশ্যে কংগ্ৰেছ ফেচিষ্ট নহয়, কিন্তু বিজেপি ফেচিষ্ট। দেশত এতিয়া পূৰ্ণোদ্যমে ফেচিবাদৰ শাসন বাহাল থকাৰ সময়ত ৰাহুল গান্ধীৰ কংগ্ৰেছ মনমোহনৰ দিনৰ কংগ্ৰেছতকৈ বহুত সলনি হ’বলৈ বাধ্য হৈছে । আৰু ৰাহুল গান্ধীৰ চেতনাও উন্নততৰ হৈছে। ৰাহুলে বাওঁ পন্থী নেহা বৰা আৰু ককৰোছ জনতা পাৰ্টিৰ বিষয়ববীয়াৰ কান্ধত কান্ধ মিলাই আগবাঢ়ি ফেচিষ্টৰ বিৰুদ্ধে যুঁজখন তীব্ৰতৰ কৰি তুলিছে। এই মূহুৰ্তত ৰাহুল গান্ধী অগণন ভাৰতীয় শোষিত মানুহৰ প্ৰতিনিধি। হেৰুৱা গণতন্ত্ৰ উদ্ধাৰ অভিযানত ৰাহুলে যোৱা দহোটা বছৰ অকলশৰীয়াকৈ হ’লেও যুঁজি আছে।মানে যাক কোৱা হয় lone Ranger.
কৰ্পৰেট আৰু চৰকাৰে এনেকুৱা আইনী জাল পেলায় যে তাত লাগি ট্ৰাইবেল, দলিত ধৰফৰাই মৰে। যদি কোনো ব্যক্তিয়ে বা NGOই মাত মাতে তেওঁলোকক বিভিন্ন প্ৰকাৰে বাকৰুদ্ধ কৰা হয়।
সম্ৰাট অশোক হোৱা অতি দূৰহ। কৰুণাময় ৰাষ্ট্ৰ এক অলীক কল্পনা। অশোকৰ দিনৰ পৰা আজিলৈকে ৰাষ্ট্ৰ উদ্দেশ্য প্ৰণোদিতভাৱেই স্তৰীয় আৰু দমনমূলক (hierarchical and oppressive)।
মোৰ ধাৰণা ৰাষ্ট্ৰ এক কঠিন ব্যাধি।
টি এম কৃষ্ণলৈ কৃতজ্ঞতা।









