Discourses From the East
মনি মনি সেউজীয়া পাচলি
গণি গণি খুচুৰাৰ বিননি
মোনাখন আগবঢ়াই দি ভাবো
সাৰ-কীটনাশকৰ জামানাত
বেছি বেয়াতকৈ কম বেয়াই হওক
ঘূৰাই পকাই পিটিকি
মূৰ পেট আৰু ফিছাখনি
ফৰ্মেলিনত গলি থকা মাছটো চাই ভাবো
বেছি বেয়াতকৈ কম বেয়াই হওক
চুবুৰীয়াৰ ল’ৰাই ড্ৰাগছত ধৰিছে
টকাৰ দাবীত উত্ৰাৱল হৈছে
মদ-ভাঙৰ গুণানুকীৰ্তন কৰো আৰু কওঁ
লগা হ’লে হওক
বেছি বেয়াতকৈ কম বেয়াই হওক
বিয়াত বহা মিতিৰক সান্ত্বনা দিও
বামুনে বিয়া পাতি ক্ষত্ৰিয় অনা দেখি কও
বোলো বেছি বেয়াতকৈ কম বেয়াই হওক
বেয়া-ভালৰ ৰেখাডাল যদিও আপেক্ষিক
নিজৰ ধৰণে ৰেখাডাল মোহাৰো আৰু আকোঁ
লাগিলে সকলো
বেছি বেয়াতকৈ কম বেয়া হওক
জন্মদিন বুলি পুৱা নামঘৰলৈ বাট পোনাও
সন্ধিয়ালৈ সত্যনাৰায়ণক মাতি কেক কাটো
সাষ্টাংগে প্ৰণাম কৰি মনতে ভাবো
দিনবোৰ বেছি বেয়াতকৈ কম বেয়া হওঁক
বাতৰি কাকত পঢ়া এৰিছো
সকলো বেয়া খবৰ বুলিয়ে বাদ দিছো
আঁচনিৰ নাচনীত টাকুৰিৰ দৰে ঘূৰিছো
কম বেয়াক বিচাৰি নাপাই
বেছি বেয়াক আদৰি লৈছো
কঁপালক দোষ দি ধৰফৰাইছো
বোলো কেতিয়া এজন আহিব
যি বেছি বেয়াতকৈ কম বেয়া হ’ব॥





