Discourses From the East
“Human consciousness is a tragic misstep in human evolution.”
এজন স্মৃতিকাতৰ মানুহৰ বুকুৰ পৰা তুমি এদিন উলিয়াই আনিলা এখন চহৰ
চহৰখনৰ গোটেইবোৰ গছ কাটি তুমি প্ৰথমেই বন্ধ কৰি দিলা চহৰখনলৈ জীৱন অহা বাটটো
চহৰখনৰ মাজেৰে বৈ যোৱা নৈখনৰ পাৰত বহি থকা কালিদাসৰ কাণত তুমি জোৰেৰে চিঞৰি দিলা পৃথিৱী ভুৱা বুলি
বৰ নিষ্ঠুৰতাৰে তুমি বুলডজাৰ চলালা চহৰখনৰ মানুহৰ ভাগ্যৰ চকৰীত
তুমি যি আদৱ কায়দাৰে চহৰখন উলিয়াই নিলা স্মৃতিকাতৰ মানুহজনৰ বুকুৰ পৰা,
মই কেৱল চাই থাকিলোঁ
পাহৰি গ’লোঁ যে তুমি এজন কবি আৰু প্ৰত্যেক কবিয়ে মনে সজা কথাৰে খান্দিব পাৰে কাৰোবাৰ নহয় কাৰোবাৰ বুকু
হতাশাত মাজৰাতি ঘৰৰ পৰা ওলাই গ’লোঁ
বিৰাট কোহলীৰ চেঞ্চুৰীত জপিয়ালোঁ
মেছিৰ গ’লত চিঞৰিলোঁ
গালি দিলোঁ ফেচিষ্ট নেতাক
কিন্তু শান্তি নাই
নৈৰ কাষলৈ গ’লোঁ, চুই চালোঁ পানীৰ বুকু, বুজিবলৈ জীৱনৰ তুচ্ছতাক
তথাপিও বুজি নাপাওঁ ক’ত আৰম্ভণি এই একো নাই একো নাই ভাৱৰ
ব্ৰেইনৰ’টত গেলি যোৱা এটা অৱচেতন প্ৰজন্ম
এতিয়া ব’হাগ
আমেৰিকাৰ আক্ৰোশ কেতিয়া শেষ হ’ব নাজানোঁ
এদিন গাওঁৰ ল’ৰা-ছোৱালীজাককলৈ ওলাই যাম
আৰৱ সাগৰৰ তীৰত খোজ কাঢ়ি কাঢ়ি সিহঁতক গৈ থাকিবলৈ দিম
ইলোৰাৰ বেৰত থকা ছবিবোৰ দেখুৱাম আৰু ক’ম যে মানুহ নহয় ভগৱানৰ সন্তান
পেলেষ্টাইন, আফগানিস্তান নতুবা মণিপুৰত সিহঁতক শিকাম চুমা খাবলৈ
উপকূল ৰেখাত এটা শূন্য আঁকিম আৰু বালিত বহি বুজিবলৈ চেষ্টা কৰিম জীৱন কি শতিকাৰ সৰ্বশ্ৰেষ্ঠ লিংগুৱা ফ্ৰাংকা আমাৰ শূন্যতা
ভ্ৰুণৰ আকাৰ শূন্য
মৃত শৰীৰৰ এটা জ্বলাই দিলে আকাৰ লয় শূন্য
যুদ্ধৰ ধোঁৱাই কুণ্ডলি পকাই আকাশত আকাৰ লয় শূন্য
আমি শিশুবোৰৰ কথাবোৰ শুনিম
তোমালোকে নুশুনিলা কাহানিও
আমি সিহঁতক প্ৰশ্ন কৰিবলৈ সুবিধা কৰি দিম
তোমালোকে নিদিলা কাহানিও
সেয়ে, সিহঁতে ভাবি থাকিলে যে, চকাৰ আৱিষ্কাৰ কৰিলে কেৱল পুৰুষে
জুইৰ আৱিষ্কাৰ কৰিলে কেৱল পুৰুষে
চুমা খাব পাৰে কেৱল পুৰুষে মহিলাক, মহিলাই পুৰুষক
লাহে লাহে বসন্ত শেষ হ’ব
তাৰপিছত আমি ক’ত
মোৰ ভিতৰলৈ এতিয়াই সোমাই আহা : সামুদ্ৰিক চৰাই, টিপচী, বালিমাহী, শিশুৰ হাঁহি, পাহাৰীয়া ফৰকাল শিল, সেউজ শেলাই, উৎসৱৰ ধ্বনি, পানীৰ কুল কুল, আকুল উষ্ণতা, মাটি-বালি-পানী, চুমাৰ সঁচা পৰশ
মোক মুক্ত কৰা দৈনন্দিন তিক্ততাৰ পৰা
সামূহিক তুচ্ছতাৰ পৰা
মোক বনৰীয়া কৰা, পৃথিৱী








