Discourses From the East
হিমাক্ষী বৰা
ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ। কেৱল এজন মহান শিল্পীৰ জন্মৰ এশ বছৰ পূৰ্ণ হোৱাৰ উপলক্ষ নহয়। এয়া অসমীয়া সমাজে নিজৰ সাংস্কৃতিক স্মৃতি, বৌদ্ধিক পৰম্পৰা আৰু মূল্যবোধৰ সন্মুখত থিয় হৈ নিজকে পুনৰ প্ৰশ্ন কৰাৰ এক ঐতিহাসিক সুযোগ।
শতবৰ্ষ একোটা বাৰে বাৰে নাহে। বিশেষকৈ ভূপেন হাজৰিকাৰ দৰে এজন ব্যক্তিসত্তাৰ ক্ষেত্ৰত এই সময়ৰ তাৎপৰ্য কেৱল স্মৃতিচাৰণ বা সাংস্কৃতিক অনুষ্ঠানৰ মাজত সীমাবদ্ধ থাকিব নোৱাৰে। কাৰণ ভূপেন হাজৰিকা কেৱল এজন শিল্পী নাছিল; তেওঁ আছিল অসমীয়া সমাজ জীৱনৰ এক সাংস্কৃতিক চেতনা।
তেওঁৰ সৃষ্টিৰ মাজত আছে মানুহৰ দুখ, প্ৰেম, প্ৰতিবাদ, নদী, মাটি, শ্ৰমজীৱী জীৱন আৰু এখন অধিক মানৱীয় সমাজৰ সপোন। আছে এখন সমাজৰ ইতিহাস, এটা জাতিৰ ৰাজনৈতিক চেতনা আৰু সময়ক প্ৰশ্ন কৰাৰ সাহস।
কিন্তু তেওঁৰ জন্মৰ এশ বছৰ পূৰ্ণ হোৱা উপলক্ষে আমি কি উদযাপন কৰিলোঁ?
সুধাকণ্ঠৰ কণ্ঠক?
তেওঁৰ অসাধাৰণ সুৰক?
নে তেওঁৰ সৃষ্টিৰ ভিতৰত লুকাই থকা সেই প্ৰখৰ, আধুনিক আৰু অসাধাৰণ চিন্তাশীল মানুহজনক?
এই প্ৰশ্নটোৱেই হয়তো ভূপেনদাৰ জন্ম শতবৰ্ষৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন।
“জ্যোতি ককাইদেউৰ সান্নিধ্য মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ টাৰ্নিং পইণ্ট”—ভূপেন হাজৰিকাৰ এই কথাষাৰৰ মাজতেই হয়তো তেওঁৰ শিল্পীসত্তাৰ গঠনৰ এক গুৰুত্বপূৰ্ণ ইতিহাস লুকাই আছে।
জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে ব্যক্তিসত্তাৰ সান্নিধ্যই তেওঁক কেৱল সংগীতৰ জগতখনৰ সৈতে পৰিচয় কৰাই দিয়া নাছিল। গঢ়ি তুলিছিল তেওঁৰ সমাজচেতনা, তেওঁ ব্যক্তিত্ব। সেই সান্নিধ্যৰ মাজতেই হয়তো তেওঁ শিকিছিল—শিল্পী কেৱল সুৰ সৃষ্টিকৰ্তা নহয়।
শিল্পী সময়ৰ সাক্ষী, সমাজৰ বিবেক, শিল্পী প্ৰশ্নকৰ্তা। প্ৰয়োজন হ’লে শিল্পী সময়ৰ নিৰ্মোহ সমালোচক।
ভূপেন হাজৰিকাৰ সৃষ্টিৰাজি লক্ষ্য কৰিলে দেখা যায়, তেওঁ শিল্পক সমাজৰ পৰা কেতিয়াও বিচ্ছিন্ন কৰি চোৱা নাছিল। তেওঁৰ বাবে শিল্প কেৱল বিনোদনৰ সামগ্ৰী নাছিল।
শিল্প আছিল মানুহৰ হৈ কথা কোৱাৰ ভাষা।
অন্যায়ৰ বিৰুদ্ধে প্ৰশ্ন তোলাৰ মাধ্যম।
আৰু এখন উন্নত সমাজৰ গঢ়াৰ শক্তি।
সেইবাবেই তেওঁৰ গানত কেতিয়াবা সমাজৰ ইতিহাস, অন্তৰাত্মাৰ বাণী শুনা যায়। কেতিয়াবা নিপীড়িত মানুহৰ নীৰৱ কান্দোন, কেতিয়াবা প্ৰেম, কেতিয়াবা বিদ্ৰোহ। কেতিয়াবা শক্তিশালী ৰাজনৈতিক বক্তব্য আৰু কেতিয়াবা এখন নতুন পৃথিৱীৰ সপোন।
তেওঁৰ সৃষ্টিত থকা প্ৰেমো কেৱল দুজন মানুহৰ ব্যক্তিগত সম্পৰ্কৰ মাজত সীমাবদ্ধ নহয়। সেই প্ৰেম মানুহৰ পৰা সমাজলৈ, সমাজৰ পৰা সমগ্ৰ মানৱতালৈ বিস্তৃত।
সেইবাবেই ভূপেন হাজৰিকাৰ গান কেৱল গান নহয়।
সেইবোৰ একো একোটা সময়ৰ নিৰ্মোহ দলিল। সমাজক নতুনকৈ ভাবিবলৈ বাধ্য কৰা এক শক্তিশালী সাংস্কৃতিক ভাষা।
ভূপেন হাজৰিকাক বহু সময়ত আমি আধুনিক শিল্পীসত্তা বুলি কওঁ। কিন্তু তেওঁৰ আধুনিকতাৰ অৰ্থ কি?
তেওঁৰ আধুনিকতা কেৱল পোছাকৰ আধুনিকতা নাছিল। কেৱল নগৰীয়া জীৱনবোধ অথবা পশ্চিমীয়া সংস্কৃতিৰ প্ৰভাৱো নাছিল। তেওঁৰ আধুনিকতা আছিল চিন্তাৰ আধুনিকতা।
প্ৰশ্ন কৰাৰ সাহস।
প্ৰচলিত ধাৰণাক যুক্তিৰে পৰীক্ষা কৰাৰ মানসিকতা।
সময়ৰ বাস্তৱক সমালোচনা কৰাৰ সততা।
আৰু নতুন বাস্তৱতাৰ সৈতে নিজকে নকৈ গঢ়ি তোলাৰ সাহস।
ভূপেন হাজৰিকা প্ৰচলিত সামাজিক স্থিতাৱস্থাক নিৰ্বিবাদে মানি লোৱা মানুহ নাছিল।
তেওঁ সংকীৰ্ণতাৰ বিপৰীতে মুক্ত চিন্তাৰ কথা কৈছিল।
অন্ধবিশ্বাসৰ বিপৰীতে মানুহৰ বিবেকক জাগ্ৰত কৰিব বিচাৰিছিল, ঘৃণাৰ বিপৰীতে মানৱতাক প্ৰতিষ্ঠা কৰিব বিচাৰিছিল। সেইবাবেই তেওঁৰ আধুনিকতা আজিও প্ৰাসংগিক।
আজিৰ সময়ত যেতিয়া সমাজৰ একাংশ ক্ৰমাৎ সংকীৰ্ণ পৰিচয়, বিভাজন, অসহিষ্ণুতা আৰু অযুক্তিৰ ফালে আগবাঢ়ি যোৱা দেখা যায়, তেতিয়াই অধিক প্ৰাসংগিক হৈ উঠে ভূপেন হাজৰিকাৰ চিন্তাক নতুনকৈ উপলব্ধি কৰাৰ প্ৰয়োজনীয়তা। তেওঁৰ বিশ্বজনীনতাও আছিল নিজৰ ভাষা, নদী, মাটি আৰু মানুহৰ মাজত দৃঢ়ভাৱে থিয় হৈ সমগ্ৰ পৃথিৱীখনক নিজৰ চেতনাৰ সৈতে সংযোগ কৰাৰ বোধ।
ব্ৰহ্মপুত্ৰ তেওঁৰ বাবে কেৱল এখন নদী নাছিল; ই আছিল মানুহৰ জীৱন, সভ্যতা আৰু ইতিহাসৰ এক প্ৰতীক।
তেওঁৰ অসম কেতিয়াও এখন বন্ধ ভূখণ্ড নাছিল। অসমৰ পৰা পৃথিৱীলৈ যোৱা আৰু পৃথিৱীৰ পৰা পুনৰ অসমলৈ উভতি অহা এক সাংস্কৃতিক যাত্ৰা আছিল। আৰু এয়ৈ হৈ উঠিছিল তেওঁৰ জীৱন আৰু সৃষ্টিৰ অন্যতম বৈশিষ্ট্য।
সেইজন ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে বিভিন্ন অনুষ্ঠান হ’ল। তেওঁৰ গান গোৱা হ’ল, স্মৃতিচাৰণ হ’ল, তেওঁৰ নামত সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হ’ল।
কিন্তু শতবৰ্ষৰ মূল্যায়ন কেৱল অনুষ্ঠানৰ সংখ্যাৰে কৰিব পাৰি নে? এইখিনিতেই আমাৰ সন্মুখত কিছুমান প্ৰশ্ন আহি পৰে।
তেওঁৰ সৃষ্টিৰাজিৰ ওপৰত কিমানখিনি নতুন গৱেষণা হ’ল?
তেওঁৰ গানৰ সামাজিক আৰু ৰাজনৈতিক প্ৰেক্ষাপটক লৈ কিমানখিনি নতুন দৃষ্টিৰে আলোচনা হ’ল?
তেওঁৰ চলচ্চিত্ৰ, সাহিত্য, বক্তৃতা আৰু সাক্ষাৎকাৰসমূহক নতুন প্ৰজন্মৰ বৌদ্ধিক আলোচনাৰ অংশ হিচাপে কিমানখিনি উপস্থাপন কৰা হ’ল?
তেওঁৰ জীৱনদৰ্শনক বিশ্ববিদ্যালয় আৰু শিক্ষানুষ্ঠানসমূহত কিমানখিনি নতুনকৈ পঢ়া হ’ল?
তেওঁৰ সৃষ্টিৰ মাজত থকা সাম্য, মানৱতা, সামাজিক ন্যায় আৰু বিজ্ঞানমনস্ক চিন্তাক জনসাধাৰণৰ মাজলৈ কিমানখিনি লৈ যোৱা হ’ল?
আমি ভূপেন হাজৰিকাক ভাল পাওঁ। তেওঁক নিজৰ বুলি দাবী কৰোঁ। তেওঁৰ গান আমাৰ আবেগৰ অংশ।
কিন্তু তেওঁৰ চিন্তাৰ সৈতে আমাৰ সম্পৰ্ক কিমান গভীৰ?
সুধাকণ্ঠৰ কণ্ঠ আমাৰ চিৰ চিনাকী, চিৰ আপোন।
কিন্তু সিমান আত্মীয়তাৰে তেওঁৰ চিন্তাবোৰ আমাৰ চেতনাৰ মাজত প্ৰবাহিত হৈছেনে?
সম্ভৱতঃ ইয়াতেই জন্ম লয় আমাৰ অপৰাধবোধ।
এইখিনিতেই আহে সংবাদমাধ্যমৰ ভূমিকাৰ প্ৰসংগ।
মই নিজেও এই সমালোচনাৰ বাহিৰত নহওঁ।
সংবাদমাধ্যমৰ নিজা কিছু ক্ষমতা আছে— সংবাদ মাধ্যমে কেৱল খবৰ নিদিয়ে। কোনটো ঘটনা দিনটোৰ মুখ্য খবৰ হ’ব? কোনটো বিষয় সন্ধিয়াৰ প্ৰাইম টাইমত আলোচনাৰ কেন্দ্ৰবিন্দু হ’ব? কোনটো ব্যক্তিসত্তা অথবা বিষয় জনস্মৃতিত স্থায়ীভাৱে থাকিব? সেয়াও নিৰ্ধাৰণ কৰে। এই সিদ্ধান্তবোৰ কেৱল সম্পাদকীয় অথবা ব্যৱসায়িক সিদ্ধান্ত নহয়। ইয়াৰ সৈতে জড়িত থাকে এখন সমাজৰ সাংস্কৃতিক দায়িত্ববোধ। আজিৰ সংবাদমাধ্যমৰ অন্যতম সংকট হয়তো তথ্যৰ অভাৱ নহয়। সংকট হৈছে বাতৰিৰ অগ্ৰাধিকাৰৰ।
সমাজত অসংখ্য ঘটনা ঘটে, অসংখ্য আলোচনা চলি থাকে। কিন্তু সংবাদমাধ্যমে কি বিষয়ক অধিক গুৰুত্ব দিব, কোনবোৰ বিষয়ক লৈ মানুহক চিন্তা কৰিবলৈ আহ্বান জনাব আৰু কোনবোৰ বিষয়ক সাময়িক উত্তেজনাৰ তলত হেৰাই যাবলৈ দিব—সেই নিৰ্বাচনে সমাজৰ বৌদ্ধিক পৰিৱেশক প্ৰভাৱিত কৰে।
সংবাদমাধ্যম কেৱল জানো সমাজৰ দাপোন?
কেতিয়াবা ই সমাজৰ স্মৃতি গঢ়ি তোলা এক শক্তিশালী মাধ্যম।
সেই দায়িত্বৰ পৰা চালে ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষক লৈ আমাৰ ব্যস্ততা আৰু বহুগুণে বেছি হ’ব লাগিছিল।
তেওঁৰ চিন্তাৰ সন্দৰ্ভত আলোচনা হ’ব লাগিছিল।
তেওঁৰ সৃষ্টিৰ সামাজিক প্ৰাসংগিকতা বিশ্লেষণ হ’ব লাগিছিল। নতুন প্ৰজন্মক তেওঁৰ সৃষ্টিৰ সৈতে নতুন ভাষা আৰু নতুন মাধ্যমত সংযোগ কৰোৱাৰ চেষ্টা হ’ব লাগিছিল। কাৰণ সাংস্কৃতিক স্মৃতি নিজে নিজে সংৰক্ষিত হৈ নাথাকে। তাক সংৰক্ষণ, পুণৰ চৰ্চা, পুনৰ বাখ্যাৰ প্ৰয়োজন।
যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত আমি জুবিন গাৰ্গক হেৰুৱালোঁ। অসমৰ সাংস্কৃতিক জীৱনত তেওঁৰ অনুপস্থিতিয়ে সৃষ্টি কৰা শূন্যতা সহজে পূৰণ হোৱাৰ নহয়। তেওঁৰ প্ৰতি থকা ভালপোৱা আৰু আবেগ স্বাভাৱিকভাৱেই অসমীয়া সমাজৰ অন্তৰত থাকিব।
কিন্তু জুবিন গাৰ্গৰ প্ৰতি থকা আমাৰ ভালপোৱা আৰু ভূপেন হাজৰিকাৰ দৰে মহীৰূহৰ প্ৰতি আমাৰ সাংস্কৃতিক দায়বদ্ধতাক আমি একেলগে আগবঢ়াই নিব নোৱাৰিলোঁ?
এজন শিল্পীক ভালপোৱা মানেই আন এজন শিল্পীৰ প্ৰতি থকা দায়িত্ব কমি যোৱা নহয়।
সংস্কৃতি কোনো প্ৰতিযোগিতা নহয়। জুবিন গাৰ্গৰ প্ৰতি আমাৰ অগাধ আবেগ আৰু ভূপেন হাজৰিকাৰ দৰে এক মহীৰূহৰ শতবৰ্ষৰ প্ৰতি আমাৰ দায়বদ্ধতা একে সময়তে বহন কৰাটো অসম্ভৱ নাছিল। বৰঞ্চ দুয়োটা সত্তাক নিজ নিজ স্থানত বুজি লোৱাৰ সাংস্কৃতিক পৰিপক্বতাইহে এখন সমাজক অধিক সমৃদ্ধ কৰে।
সাংস্কৃতিক অগ্ৰাধিকাৰ নিৰ্ধাৰণ কৰাৰ সেই অক্ষমতাৰ বাবে আমি হাৰি থাকিলোঁ।
আমি ক্ষণিকৰ আবেগত উথলি উঠোঁ ঠিকেই। কিন্তু দীৰ্ঘদিন ধৰি এটা সাংস্কৃতিক আলোচনাক জীয়াই ৰাখিব পৰাকৈ আমাৰ ধৈৰ্য আৰু প্ৰাতিষ্ঠানিক উদ্যোগ কিমান শক্তিশালী—সেই প্ৰশ্নটো সোধাৰ সময় সমাগত।
ভূপেন হাজৰিকাক স্মৰণ কৰাৰ অৰ্থ কেৱল তেওঁৰ গান গোৱা নহয়। ‘মানুহে মানুহৰ বাবে’ গোৱাতকৈ কঠিন গানটোৰ ভিতৰত নিহিত দায়বদ্ধতাক জীৱনৰ অংশ কৰি লোৱা।
নিপীড়িতৰ কাষত থিয় দিয়াৰ দায়বদ্ধতা, অন্যায়ৰ বিৰুদ্ধে মাত মতাৰ সাহস। সংকীৰ্ণতাৰ বিপৰীতে মানৱতাৰ পক্ষত থিয় হোৱাৰ দৃঢ়তা।
ভূপেন হাজৰিকাৰ সৃষ্টিৰ প্ৰকৃত উদযাপন হয়তো ইয়াতেই।
তেওঁৰ গানক কেৱল স্মৃতি হিচাপে সংৰক্ষণ কৰাত নহয়, তেওঁৰ চিন্তাক সমসাময়িক সমাজৰ প্ৰশ্নৰ সৈতে সংযোগ কৰাও আমাৰেই দায়িত্ব।
আজিৰ সমাজতো বৈষম্য আছে, অসহিষ্ণুতা আছে,
বিভাজন, অন্ধবিশ্বাস আৰু অযুক্তিৰ নতুন নতুন ৰূপ আছে।
এই সকলোবোৰৰ মাজত ভূপেন হাজৰিকাৰ সৃষ্টিক কেৱল অতীতৰ সাংস্কৃতিক সম্পদ হিচাপে ৰাখিলে তেওঁৰ প্ৰাসংগিকতাকেই সীমাবদ্ধ কৰি পেলোৱা হ’ব।
ভূপেন হাজৰিকাক নতুনকৈ পঢ়াৰ অৰ্থ হৈছে আজিৰ সময়ক তেওঁৰ দৃষ্টিভংগীৰে পুনৰ প্ৰশ্ন কৰা।
অপৰাধবোধৰ বিষয়টো হৈছে,
ভূপেনদাৰ চিন্তাক আমি কিমান আলোচনা কৰিলোঁ?
তেওঁৰ সৃষ্টিৰ ওপৰত নতুন গৱেষণাৰ পৰিৱেশ গঢ়ি উঠিলনে?
তেওঁৰ জীৱনদৰ্শনক নতুন প্ৰজন্মৰ বৌদ্ধিক চেতনাৰ অংশ কৰিব পাৰিলোঁনে?
ভূপেন হাজৰিকাই আমাক কেৱল গান দি যোৱা নাই। তেওঁ আমাক এক দৃষ্টিভংগী দি গৈছে। প্ৰশ্ন কৰা,
মানুহক ভালপোৱাৰ, সংকীৰ্ণতাৰ সীমা অতিক্ৰম কৰাৰ আৰু সমাজক সদায় উন্নততৰ ৰূপত কল্পনা কৰাৰ দৃষ্টিভংগী।
যদি আমি তেওঁৰ কণ্ঠক হৃদয়ত ৰাখি তেওঁৰ চিন্তাক পাহৰি যাওঁ, তেন্তে আমাৰ উদযাপন অসম্পূৰ্ণ হৈ ৰ’ব।
যদি আমি তেওঁৰ গান গাওঁ কিন্তু তেওঁৰ প্ৰশ্নবোৰ এৰাই চলোঁ, তেন্তে আমাৰ শ্ৰদ্ধাঞ্জলিও হয়তো অৰ্থহীন হৈ পৰিব।
শতবৰ্ষৰ অনুষ্ঠান শেষ হ’ল।
কিন্তু ভূপেন হাজৰিকাৰ চিন্তাবোৰ আমাৰ সমাজত জীয়াই থাকিব পৰাকৈ আমি কিবা উদ্যোগ ল’লোনে? নে ৰাজনৈতিক কুছকাৱাজৰ বাবে তেওঁক পুনৰ ভগৱান সাজি তেওঁৰ পৰা আঁতৰি অহাৰ পথ নিৰ্মান কৰিলোঁ।
এই প্ৰশ্নৰ উত্তৰেই নিৰ্ধাৰণ কৰিব তেওঁৰ জন্ম শতবৰ্ষৰ প্ৰকৃত তাৎপৰ্য।
কাৰণ ইতিহাসে হয়তো এদিন আমাক প্ৰশ্ন কৰিব—
অসমে এদিন ভূপেন হাজৰিকাৰ দৰে এজন ব্যক্তিসত্তাক পাইছিল।
তেওঁৰ সৃষ্টি আৰু চিন্তাক নতুনকৈ বুজিবলৈ এশ বছৰৰ এক ঐতিহাসিক সুযোগো পাইছিল।
তেতিয়া আমি কি কৰিলোঁ?









