Discourses From the East
~ কমল নয়ন মিশ্ৰ
এই কথাটোত কোনো সন্দেহ নাই যে অসমীয়াৰ দৰে ক্ষুদ্ৰ আধুনিক জাতিসত্ত্বাৰ বিকাশৰ বাবে এক প্ৰয়োজনীয় ৰাজনৈতিক মতাদৰ্শ হৈছে জাতীয়তাবাদ। এই জাতীয়তাবাদৰ সম্পৰীক্ষাৰ ইতিমধ্যে কেইবাদশক পাৰ হৈ গ’ল। এই সুদীৰ্ঘ পৰিৱৰ্তনৰ পৰিক্ৰমাৰ পিছত আমি জাতীয়তাবাদৰ দুটা পৰিণাম লক্ষ্য কৰিছো- এক জাতীয়তাবাদে জাতিৰ ধাৰণাটোক বহল আৰু গণতান্ত্ৰিক কৰাৰ সলনি জাতিৰ পৰিসৰক অতিশয় সংকুচিত কৰি পেলালে, জাতীয়তাবাদ হৈ উঠিল পাৰস্পৰিক বিশ্বাসহীনতা আৰু বিভেদৰ আন এক নাম। জাতীয়তাবাদী চিন্তাৰ পৰিধি সংকুচিত হৈ পৰাৰ লগে লগে তাৰ মাজত থকা গণতান্ত্ৰিকতাৰ স্থান পূৰাবলৈ ল’লে প্ৰতিক্ৰিয়াশীল চিন্তা-আদৰ্শই,যাৰ অৱধাৰিত পৰিণতি হৈ উঠিল এক ধৰণৰ উগ্ৰতা আৰু ফেঁচীবাদী ৰাজনীতিৰ উত্থান ।
দ্বিতীয়তে,অসমৰ দৰে ৰাজ্যত জাতীয়তাবাদে বৃহৎ পুঁজিৰ নিয়ন্ত্ৰণত চলা দিল্লী কেন্দ্ৰিক ৰাজনীতিৰ বিকল্প হিচাপে এক স্বতন্ত্ৰ আঞ্চলিক শক্তিৰ বিকাশ সাধন কৰিব নোৱাৰিলে। ওলোটাই অসমীয়া জাতীয়তাবাদে দিল্লী, গুজৰাট অথবা নাগপুৰৰ পৰা চলা ধৰ্মীয় সাংস্কৃতিক তথা অৰ্থনৈতিক আদৰ্শগত আধিপত্যবাদৰ চেপা খুন্দাত ইয়াৰ নিজৰেই স্বকীয় পৰিচয় হেৰুৱাই পেলালে।
প্ৰখ্যাত মাৰ্ক্সবাদী চিন্তানায়ক আইজাজ আহমেদে তেওঁৰ Lineages of the Present: Ideology and Politics in Contemporary South Asia শীৰ্ষক এক গ্ৰন্থত ভাৰতৰ দৰে উত্তৰ ঔপনিৱেশিক ৰাষ্ট্ৰত উদিত আঞ্চলিক জাতীয়তাবাদৰ এক বিশেষ শ্ৰেণীগত চৰিত্ৰক লক্ষ্য কৰিছিল। যিবোৰ প্ৰান্তীয় অঞ্চলত পুঁজিবাদৰ পলমকৈ বিকাশ হৈছে, সেইবোৰ অঞ্চলত জাতীয়তাবাদ অথবা আঞ্চলিকতাৰ আদৰ্শৰ ধ্বজা উৰুৱাই একোটা নতুন শ্ৰেণীৰ উদ্ভৱ হৈছে। কাজেই সেই শ্ৰেণীয়ে নিজস্ব উদ্ভাৱন, উৎপাদনী ক্ষমতাৰ বিকাশ সাধনৰ পৰিৱৰ্তে বৃহৎ ৰাষ্ট্ৰীয় পুঁজিৰ দালালিৰে কয়লা, বালি খননকে ধৰি প্ৰাকৃতিক, বনজ সম্পদৰ ওপৰত প্ৰতিষ্ঠিত যি লুণ্ঠনকাৰী সাম্ৰাজ্য তাৰ ওপৰত ভেজা দি চলিব লগা হয়। উল্লেখ কৰাটো নিষ্প্ৰয়োজন যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বেছিভাগ জাতীয়তাবাদ অথবা নৃঃগোষ্ঠীবাদেই ওপৰোক্ত কেটেগ’ৰীৰ। জাতীয়তাবাদৰ এনে বহু সীমাৱদ্ধতাৰ পিছতো ভাষা- সাহিত্য,কলা -সংস্কৃতিৰ বিকাশ তথা আত্মনিয়ন্ত্ৰণৰ অধিকাৰ, সম্পদৰ সমবিতৰণ, পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষা আৰু এক আঞ্চলিক সামাজিক পুঁজিৰ বিকাশৰ লক্ষ্যৰে জাতীয়তাবাদে এক নতুন গণতন্ত্ৰ প্ৰতিষ্ঠাৰ উদ্যোগ গ্ৰহণ কৰিব পাৰে। মাৰ্ক্সবাদী বিচাৰত জাতীয়তাবাদৰ এনে ভূমিকাক প্ৰগতিশীল বোলাত অসুবিধা নাই। কিন্তু প্ৰগতিশীল জাতীয়তাবাদৰ সাংগঠনিক পৰিসৰ আৰু নেতৃত্ব যেতিয়া এজন বা দুজন নেতাৰ কেৰিজমা তথা কেৰিকেচাৰতেই আৱদ্ধ হৈ পৰে,তেতিয়াই জাতীয়তাবাদে তাৰ প্ৰাণশক্তি হেৰুৱাই পেলায়। একোটা সংগঠনৰ সমস্ত গুৰি বঠা যেতিয়া এগৰাকী বা এমুঠিমান নেতাৰ ভৰষাত এৰি দিয়া যায় তেতিয়া সি অপৈণত চিন্তা আৰু মতাদৰ্শগত ভ্ৰান্তিৰ ৰাহুগ্ৰাসত পৰে। বহুক্ষেত্ৰত সামাজিক মাধ্যমৰ জনপ্ৰিয়তাবাদী তৰলতাই চুড়ান্ত ৰূপ ধাৰণ কৰে। দৰাচলতে প্ৰগতিশীল জাতীয়তাবাদৰ পৰাও আইজাজ আহমেদ কথিত জাতীয়তাবাদলৈ পথ তেনেই চুটি।
অসমত অখিল গগৈৰ নেতৃত্বত গঢ়ি উঠা প্ৰগতিশীল জাতীয়তাবাদী ৰাজনৈতিক দলটোৱে ইয়াৰ লক্ষ্য আদৰ্শৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কাম নকৰি অপ্ৰয়োজনীয় ভাৱে সৰ্বাধিক সমষ্টিতে প্ৰাৰ্থী থিয় কৰোৱাৰ এক পপুলিষ্ট সংসদীয় লাইন গ্ৰহণ কৰে। ফলত অৱধাৰিতভাৱে আসনক লৈ দলটোৰ নিৰ্বাচনীতন্ত্ৰৰ সংঘাত আৰম্ভ হয় বিৰোধী দল কংগ্ৰেছৰ পৰম্পৰাগত নিৰ্বাচনী তন্ত্ৰটোৰ সৈতে। এই সংঘাতে এক ব্যক্তিগত আক্ৰমণ প্ৰত্যাক্ৰমণৰ পৰ্যায়ত উপনীত হয়গৈ, শেহতীয়াকৈ কংগ্ৰেছৰ পক্ষৰ পৰা ৰাইজৰ দলৰ সৈতে মিত্ৰতা ভংগৰ ঘোষণা কৰা হয়। এই নিৰ্বাচনী সংঘাত কেইজনমান নেতাৰ মাজৰ উষ্মা,খেয়াল খুচিৰ পৰা উদ্ভুত বাবেই ইয়াৰ মাজত মতাদৰ্শগত বিতৰ্কতকৈও ব্যক্তিগত গালি গালাজৰ পয়োভৰ বেছি হৈ পৰা দেখা যায়।
এনে বিতৰ্কৰ প্ৰহসনে আমাক নিশ্চিতভাৱে এই প্ৰশ্নৰ মুখামুখি কৰায় যে আজিৰ ঐতিহাসিক পৰিস্থিতি সাপেক্ষে কংগ্ৰেছ আৰু বিজেপি একেটা মুদ্ৰাৰেই ইপিঠি সিপিঠি বোলা প্ৰক্ষেপিত তত্ত্বৰ আৰত প্ৰগতিশীল জাতীয়তাবাদৰ কাণ্ডাৰী এচাম নেতাৰ উচ্চাকাংক্ষা আৰু নিজকে নায়ক সজোৱাৰ বাসনাইহে মুখ্যতঃ কাম কৰি আছে নেকি? আজিৰ সময়ত ভাৰতৰ মুখ্য বিৰোধী দল কংগ্ৰেছৰ যি সংকট সেয়া কোনো দুৰ্নীতিগ্ৰস্ত, বিশেষ পৰিয়ালতান্ত্ৰিক এলিট ৰাজনীতিৰ সংকট নে তাৰ আৰত আছে সামগ্ৰিকভাৱে বিশ্বজোৰা লিবাৰেলিজিম বা উদাৰতাবাদৰেই সংকটৰ বিপদঘন কলীয়া ডাৱৰ? এই প্ৰশ্নটোৰ গভীৰলৈ সোমাই গ’লে আমি নিশ্চয় ভাৰতীয় সমাজ আৰু ৰাজনীতিৰ বিশেষ পটভূমি তথা পট পৰিৱৰ্তনৰ ইতিহাসৰ বিষয়েও সমানেই সচেতন হ’ব লাগিব।
এই কথাত কোনো সন্দেহ নাই যে একালত ভাৰতবৰ্ষৰ বুৰ্জোৱা ৰাজনীতিৰ কেন্দ্ৰস্বৰূপ কংগ্ৰেছৰ ক্ষেত্ৰত সংঘটিত হোৱা পৰিৱৰ্তন অৰ্থাৎ ব্যাপক হাৰত ঘটা সাংগঠনিক স্খলন নব্য উদাৰবাদী ভাৰতবৰ্ষৰ সামাজিক শ্ৰেণী সমূহৰ অৱস্থানগত আমূল পৰিৱৰ্তনৰেই (paradigm shift) এক অৱধাৰিত পৰিণতি। স্বাধীনতাৰ পূৰ্বে ৰক্ষণশীল উচ্চবৰ্ণ তথা বৃহৎ বুৰ্জোৱা শ্ৰেণীৰো প্ৰতিনিধি হিচাপে কাম কৰা কংগ্ৰেছে মণ্ডল আন্দোলনৰ পিছৰে পৰা ইয়াৰ উচ্চবৰ্ণৰ ভোটবেংক হেৰুৱাবলৈ ধৰে। জনতা ৰাজনীতিৰ পিছৰে পৰা হিন্দীবলয়তো কংগ্ৰেছে পিছপৰা, দলিত সমাজৰ সমৰ্থন ইতিমধ্যে হেৰুৱাইছিল। পূৰ্বৰ ক্ষমতাৰ কেন্দ্ৰস্বৰূপ কংগ্ৰেছৰ পৰা হোৱা এই অপসাৰণে আনটো মূৰত বিজেপিৰ হিন্দুত্বক শক্তিশালী কৰে । নব্বৈৰ দশকৰ পিছৰে পৰা উচ্চবৰ্ণ ব্ৰাহ্মণ, ঠাকুৰ,যাদৱ ভিন্ন অন্যান্য পিছপৰা শ্ৰেণী তথা দলিত/SC ৰ এক নিখুঁত জাতিগত সমীকৰণ বিজেপিৰ গণসংগঠনৰ মূল ভিত্তি হৈ পৰে। আচলতে উত্তৰ ভাৰতৰ বৰ্ণহিন্দু সমাজৰ এই সাংগঠনিক ৰাজনীতিৰ উত্থান পতনেই দিল্লীৰ পৰা চলা ৰাজনৈতিক হেজিমনিৰো মূল আধাৰ হৈ আহিছে, কিন্তু তাৰপিছতো বিজেপি আৰু মোদীৰ উত্থানক কেৱল উত্তৰ ভাৰতীয় ৰাজনীতিৰেই বুজিব পৰা নাযাব। মোদী, ভাৰতবৰ্ষৰ এক নতুন আক্ৰোশী আৰু ভোকাতুৰ বৃহৎ বুৰ্জোৱাৰ প্ৰতিনিধি। এই বুৰ্জোৱা শ্ৰেনীক পূৰ্বৰ সমাজবাদী কাৰ্যসূচীৰ অৱশিষ্ট বচাই ৰখা অথবা নাগৰিক অধিকাৰ ভিত্তিক গণতন্ত্ৰক কিছু পৰিমাণে হ’লেও বৰ্তাই ৰখা কংগ্ৰেছৰ তুলনাত বিজেপিৰ হিন্দুত্বৰ সাংগঠনিক শক্তিৰ অধিক প্ৰয়োজন। বিজেপিৰ হিন্দুত্ব সংগঠনৰ শক্তি আৰু ভাৰতবৰ্ষৰ উল্লেখিত নতুন বুৰ্জোৱা শক্তি মিলিলেহে শেহতীয়াকৈ আমি দেখা ৰাজপথৰ ফেঁচীবাদক (Street fascism) ব্যাখ্যা কৰিব পৰা যাব। পূৰ্বৰ কংগ্ৰেছৰ আমোলত এই ফেঁচীবাদে আজিৰ দৰে এক হিংস্ৰ আৰু দানৱীয় ৰূপ পোৱা নাছিল। ভাৰতীয় ফেঁচীবাদৰ এই পৰিৱৰ্তিত শ্ৰেণী চৰিত্ৰক বুজিও নুবুজাৰ ভাও ধৰিলে আমি বিজেপিয়ে পতা ফান্দত ভৰি থোৱাত বাহিৰে আন উপায় নাথাকিব।
কংগ্ৰেছৰ বুৰ্জোৱাতন্ত্ৰৰ বিৰোধিতাৰে বিজেপিয়ে অনা প্ৰতিবিপ্লৱী ধুমুহাৰ বিপৰীতে থিয় দিব লাগিলে কংগ্ৰেছৰ পক্ষে থকা লিবাৰেল জনমতক এক নতুন পৰিৱৰ্তনৰ মঞ্চত সমবেত কৰাই লব লাগিব। সেই পৰিৱৰ্তনৰ উৰ্বৰ সম্ভাৱনাময় পৰিস্থিতিৰ সৃষ্টি নকৰাকৈ কংগ্ৰেছৰ বিৰুদ্ধে যুযুধান স্থিতি লবলৈ যোৱাটো এক মৌলিক মূৰ্খামিত বাহিৰে আন একো নহ’ব অথবা তেনে ৰাজনীতিৰ আৰত অন্য কিবা কুটিল অভিপ্ৰায় থাকিব লাগিব।
ডঃ হীৰেণ গোহাঁইৰ সমালোচনাৰ প্ৰত্যুত্তৰত অখিল গগৈয়ে অভিযোগ কৰিছে যে ডঃ গোহাঁয়ে হেনো বদৰুদ্দিন আজমলৰ সাম্প্ৰদায়িক ৰাজনীতিক হেনো সমৰ্থন কৰিছিল। বিজেপি বিৰোধী অসমীয়া জাতীয়তাবাদী সকলে বিজেপিৰ হিন্দুত্বৰ বিপৰীতে আজমলৰ মুছলমান সাম্প্ৰদায়িকতাক থিয় কৰাই আহিছে।
পিছে এই ধৰণৰ কৃত্ৰিম ছেকুলাৰবাদী কুচকাৱাজেৰে অসমৰ বৰ্ণহিন্দু সমাজত নিজৰ বাবে কিছু স্থান উলিয়াই লোৱাত বাহিৰে আন একো পৰিবৰ্তন সাধন কৰাটো সম্ভৱ নহয়।
পূৰ্ববংগীয় মুছলমানৰ স্বঘোষিত নেতা হোৱা বাবে আজমলৰ ৰাজনীতিক সাম্প্ৰদায়িক ৰাজনীতি বোলা হৈছে মানি ললো কিন্তু আজমলৰ দলটো ভংগ হৈ যোৱাৰ পিছতো তেওঁৰ মুছলমান ভোটাৰ খিনি নোহোৱা হৈ নাযায়। বিজেপিৰ সাম্প্ৰদায়িক ফেঁচীবাদৰ উত্থানক আজমলৰ প্ৰতিক্ৰিয়াৰূপে সৃষ্টি হোৱা ধৰ্মীয় মেৰুবিভাজন বোলাৰ কোনো যুক্তি নাই, কিয়নো বিজেপিৰ যুদ্ধ আজমলৰ বিৰুদ্ধে নহয়, বৰঞ্চ সমগ্ৰ মুছলমান আইডেন্টী তথা দেশৰ ধৰ্মনিৰপেক্ষ সাংবিধানিক কাঠামো আৰু সাংবিধানিক নৈতিকতাৰ আদৰ্শৰ বিৰুদ্ধে। অখিল গগৈয়ে যদি পূৰ্ববংগীয় মুছলমানক আজমলৰ প্ৰভাৱৰ পৰা মুক্ত কৰি জাতীয়তাবাদী ৰাজনীতিৰ আওতালৈও আনে , তেতিয়াও কিন্তু ন্যায়ৰ হকে এক দীঘলীয়া সংগ্ৰাম আৰু ব্যৱস্থাগত পৰিৱৰ্তনৰ অবিহনে বাংলাদেশী বুলি জধে মধে কৰা অপমান আৰু অত্যাচাৰৰ বুনিয়াদৰ অন্ত নপৰিব,বৰঞ্চ সেই ৰণক্ষেত্ৰত নতুন নতুন শক্তিয়ে পুনৰ ভুমুকি মাৰিব। বানপীড়িতৰ মাজত সাংসদ হিচাপে ননমাৰ বাবে গৌৰৱ গগৈক ককৰ্থনা কৰিবলৈ নাপাহৰা অখিল গগৈয়ে ধ্বংসস্তুপত পৰিণত হোৱা শিৱসাগৰৰ নামঘৰকে ধৰি উদ্বাস্তু মানুহৰ ঘৰ সজাই দিয়া, লগতে বহুজনক আৰ্থিক ভাৱে সহায় কৰা বদৰুদ্দিন আজমলক কি নৈতিকতা আৰু আদৰ্শৰ ভিত্তিত বাৰম্বাৰ সাম্প্ৰদায়িক আখ্যা দি আহিছে সেয়া আমাৰ বোধশক্তিৰ বাহিৰত। বংগ মূলীয় মুছলমানৰ মাজত অখিল গগৈয়েও ৰাজনীতি কৰিছে,আজমলেও কৰিছে। কিন্তু অসমীয়াৰ বিপদৰ সময়ত আজমলে উদাৰতা আৰু সম্প্ৰীতিৰ স্বাক্ষৰ ৰাখিলে।
সি যি নহওঁক গণ সংগ্ৰামৰ পথৰ পৰা ভোটৰ সংগ্ৰামত ভৰি থোৱা অসমৰ ‘প্ৰগতিশীল জাতীয়তাবাদে ’ মতাদৰ্শগত পৰিপক্কতাৰে সংগ্ৰামৰ সঠিক পথ আৰু শত্ৰু -মিত্ৰ চিনি উলিয়াব লাগিব ,অন্যথাই তাৰ পতনো অনিবাৰ্য হৈ পৰিব।








