সাম্প্ৰতিক অসমৰ ৰাজনৈতিক পৰিৱেশ

Share This Article

হৰেকৃষ্ণ ডেকা

২০২৬ চনৰ নিৰ্বাচন-পৰৱৰ্তী সময়ত অসমৰ ৰাজনৈতিক পৰিস্থিতিয়ে এক উল্লেখনীয় বৈপৰীত্য ডাঙি ধৰিছে। এফালে, ৰাজ্যখনে এক অতি স্পষ্ট নিৰ্বাচনী জনাদেশ প্ৰদান কৰিছে—হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিয়ে (বিজেপি) ২০২১ চনতকৈও অধিক সংখ্যাগৰিষ্ঠতা লাভ কৰি পুনৰ শাসনৰ গাদী দখল কৰিছে। আনফালে, এই বাহ্যিক ৰাজনৈতিক সুস্থিৰতাৰ আঁৰত আছে এক গভীৰভাৱে মেৰুকৃত সমাজ, য’ত জনগোষ্ঠীয় মেৰুকৰণ, ভাষা, প্ৰব্ৰজন, ধৰ্ম, ভূ-সম্পত্তি আৰু খিলঞ্জীয়াৰ অধিকাৰৰ প্ৰশ্নই আজিও মানুহৰ ৰাজনৈতিক চেতনা নিয়ন্ত্ৰণ কৰি আছে।

​২০২৬ চনৰ বিধানসভা নির্বাচনে অসমৰ ৰাজনৈতিক ভাৰসাম্য মৌলিকভাৱে সলনি কৰি দিলে। ৰাজ্যৰ ১২৬ খন বিধানসভা আসনৰ ভিতৰত বিজেপিয়ে এককভাৱে ৮২ খন আসনত বিজয় সাব্যস্ত কৰে। ইয়াৰ বিপৰীতে, মিত্ৰদল অসম গণ পৰিষদ (অগপ) আৰু বড়োলেণ্ড পিপলছ ফ্ৰণ্ট (বিপিএফ)-এ ১০ খনকৈ আসন লাভ কৰে। ফলত সমগ্ৰ এনডিএ (NDA) মিত্ৰজোঁটে মুঠ ১০২ খন আসনেৰে এক বিশাল সংখ্যাগৰিষ্ঠতা লাভ কৰে। বিপৰীতে, ভাৰতীয় জাতীয় কংগ্ৰেছ মাত্ৰ ১৯ খন আসনলৈ অৱনমিত হয় আৰু বদৰুদ্দিন আজমলৰ এআইইউডিএফ (AIUDF) নাটকীয়ভাৱে হ্ৰাস পাই মাত্ৰ ২ খন আসনতে সীমাবদ্ধ হৈ পৰে। এই নিৰ্বাচনী ফলাফল কেৱল বিজেপিৰ আন এক বিজয় নহয়; ই অসমত এক নতুন ৰাজনৈতিক সমীকৰণক প্ৰতিফলিত কৰে।

​মিত্ৰজোঁটৰ ৰাজনীতিৰ পৰা বিজেপিৰ একক আধিপত্যলৈ

​সাম্প্ৰতিক অসমৰ ৰাজনীতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল বিজেপিৰ একাধিপত্য। দলটো ৰাজ্যৰ এক অন্যতম গুৰুত্বপূৰ্ণ ৰাজনৈতিক শক্তিৰ পৰা এতিয়া নিৰ্বাচনী ব্যৱস্থাৰ এক কেন্দ্ৰীয় নিয়ন্ত্ৰক শক্তিলৈ ৰূপান্তৰিত হৈছে। ২০২১ চনৰ ৬০ খন আসনৰ পৰা বৃদ্ধি পাই ২০২৬ চনত বিজেপিয়ে ৮২ খন আসন পালেগৈ আৰু মিত্ৰজোঁটে সৰ্বমোট ১০২ খন আসন পালে—যি চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় ৬৪ খন আসনতকৈ বহু বেছি।

​এই বিশাল সফলতা কেৱল পৰম্পৰাগত হিন্দুত্বৰ ধাৰণাৰে ব্যাখ্যা কৰিব নোৱাৰি। বিজেপিৰ এই জয়ৰ আঁৰত কেবাটাও উপাদানৰ জটিল সমন্বয় আছে:

১. ​হিন্দু মেৰুকৰণ আৰু অনুপ্ৰৱেশৰ বিপৰীতে খিলঞ্জীয়া অসমীয়া পৰিচয়ৰ সুৰক্ষাৰ প্ৰতিশ্ৰুতি। ইয়াৰ আঁৰত আছে প্ৰব্ৰজন আৰু জনগাঁথনিৰ পৰিৱৰ্তনক লৈ সৃষ্টি হোৱা ঐতিহাসিক উদ্বেগ।

২. ​ব্যাপকভাৱে প্ৰসাৰিত সামাজিক কল্যাণকামী আঁচনি। আন্তঃগাঁথনিমূলক আৰু আঞ্চলিক উন্নয়ন।

৩.  শাসকদলৰ ​সুদৃঢ় সাংগঠনিক ভেটি।

৪. ​মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শক্তিশালী প্ৰভাৱ।

৫. ​বিৰোধী শিবিৰৰ চৰম দুৰ্বলতা আৰু বিভাজন।

​এই কাৰকবোৰ অত্যন্ত তাৎপৰ্যপূৰ্ণ। অসমৰ বিজেপিয়ে কেৱল উত্তৰ ভাৰতৰ ৰাজনৈতিক মডেলটো ইয়াত প্ৰয়োগ কৰা নাই; বৰঞ্চ হিন্দু জাতীয়তাবাদৰ সৈতে অসমৰ ভূ-সম্পত্তি, প্ৰব্ৰজন, ভাষা আৰু খিলঞ্জীয়াৰ ৰাজনৈতিক অধিকাৰ সম্পৰ্কীয় স্বকীয় চিন্তাসমূহৰ এক কৌশলপূৰ্ণ সংযোজন ঘটাইছে। শেহতীয়া শৈক্ষিক গৱেষণাত এই কৌশলটোক এক প্ৰকাৰৰ “জনগোষ্ঠীয় লেনদেনবাদ” (ethnic transactionalism) বুলি অভিহিত কৰা হৈছে—য’ত হিন্দু ৰাজনৈতিক একত্ৰীকৰণৰ লগতে স্থানীয় জনগোষ্ঠীয় স্বাৰ্থৰ সমাহাৰ ঘটোৱা হৈছে। এই গৱেষণাই স্পষ্ট কৰিছে যে কেৱল ধৰ্মীয় মেৰুকৰণৰ ওপৰত নিৰ্ভৰ কৰা এআইইউডিএফৰ ৰাজনীতি চূড়ান্তভাৱে ব্যৰ্থ হৈছে।

​​অসম ৰাজনীতিৰ দ্বিতীয়টো প্ৰধান বৈশিষ্ট্য হ’ল, ৰাজনৈতিক প্ৰক্ৰিয়াত হিমন্ত বিশ্ব শৰ্মাৰ অপ্ৰতিহত প্ৰভাৱ। তেওঁৰ ৰাজনৈতিক ব্যক্তিত্ব এতিয়া অসমৰ বিজেপিৰ পৰিচয়ৰ সৈতে একাকাৰ হৈ পৰিছে। তেওঁ প্ৰশাসনিক সক্ৰিয়তা, আক্ৰমণাত্মক ৰাজনৈতিক বক্তব্য, কল্যাণকামী আঁচনি আৰু সৰ্বজনীন ৰাজনৈতিক সজাগতাৰ জৰিয়তে নিজৰ ক্ষমতা সুদৃঢ় কৰিছে।

​ধাৰাবাহিকভাৱে তেওঁৰ দ্বিতীয়টো কাৰ্যকাল কেৱল চৰকাৰ সলনিৰে বিষয় নহয়, বৰঞ্চ ই এক ব্যক্তি-কেন্দ্ৰিক শাসন ব্যৱস্থাৰ স্থায়িত্বৰ সূচনা কৰে, য’ত মুখ্যমন্ত্ৰীয়েই চৰকাৰ আৰু জনগণৰ মাজৰ মূল সংযোজক হৈ পৰিছে। ইয়াৰ কিছু যোগাত্মক দিশ আছে—এক শক্তিশালী চৰকাৰে দ্ৰুত নিৰ্ণয় ল’ব পাৰে, ডাঙৰ আন্তঃগাঁথনি প্ৰকল্প বাস্তৱায়িত কৰিব পাৰে আৰু কেন্দ্ৰীয় চৰকাৰৰ সৈতে কাৰ্যকৰীভাৱে আলোচনা কৰিব পাৰে।

​কিন্তু ইয়াৰ এটা গণতান্ত্ৰিক বিপদো আছে। যেতিয়া ৰাজনৈতিক প্ৰতিযোগিতা অত্যাধিক ব্যক্তি-কেন্দ্ৰিক হৈ পৰে, তেতিয়া ব্যক্তিজনৰ জনপ্ৰিয়তাৰ তুলনাত গণতান্ত্রিক প্ৰতিষ্ঠানসমূহ দুৰ্বল হৈ পৰে। লাহে লাহে প্ৰশ্নটো “আমি কেনেকুৱা অসম গঢ়িব খোজো?” ৰ পৰা সলনি হৈ “কোনে অসমক অধিক দক্ষতাৰে শাসন কৰিব পাৰিব?” লৈ সংকীৰ্ণ হৈ পৰে। গতিকে, শাসকীয় দৃষ্টিকোণৰ পৰা বৰ্তমান চৰকাৰৰ প্ৰকৃত পৰীক্ষা কেৱল নিৰ্বাচন জিকাতেই সীমাবদ্ধ নাথাকিব; বৰঞ্চ ৰাজনৈতিক ব্যক্তি সলনি হ’লেও তিষ্ঠি থাকিব পৰাকৈ গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহক কিমান শক্তিশালী কৰিব পাৰে, তাৰ ওপৰতহে নিৰ্ভৰ কৰিব।

পৰিচয়ৰ ৰাজনীতিৰ সংকট:

​অসম সদায় এক পৰিচয়-সচেতন সমাজ। ঐতিহাসিকভাৱে অসম আন্দোলনৰ মূল উদ্দেশ্য আছিল অসমীয়া ভাষা, সংস্কৃতি আৰু জনগাঁথনিগত সুৰক্ষা। ১৯৮৫ চনৰ অসম চুক্তিয়ে ১৯৭১ চনৰ ২৪ মাৰ্চক বিদেশী চিনাক্তকৰণৰ ভিত্তি বৰ্ষ হিচাপে গ্ৰহণ কৰি নাগৰিকত্বৰ বিষয়টো অসমৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দুলৈ আনিছিল।

​কিন্তু বৰ্তমানৰ ৰাজনীতিয়ে এই ঐতিহাসিক চিন্তাক এক বহল ব্যৱহাৰিক ৰাজনৈতিক ৰূপ প্ৰদান কৰিছে। আজিকালি খিলঞ্জীয়া আৰু প্ৰব্ৰজনকাৰী, অসমীয়া আৰু বাঙালি, আইনী নাগৰিক আৰু অবৈধ অনুপ্ৰৱেশকাৰী, তথা হিন্দু আৰু মুছলমান—এই পাৰ্থক্যসমূহক ৰাজনৈতিকভাৱে একাকাৰ কৰি পেলোৱা হৈছে। এইটো বিপজ্জনক, কাৰণ এই শ্ৰেণীসমূহ একে নহয়। প্ৰতিজন বাঙালিভাষী ভাৰতীয় নাগৰিকেই অনুপ্ৰৱেশকাৰী নহয়। ​প্ৰতিজন মুছলমান ধৰ্মাৱলম্বী মানুহেই বিদেশী নহয়। প্ৰতিজন খিলঞ্জীয়া অসমীয়া হিন্দুই স্বয়ংক্ৰিয়ভাৱে কোনো এক নিৰ্দিষ্ট ৰাজনৈতিক দলৰ সমৰ্থক নহয়।

​জনগাঁথনিৰ বৈচিত্ৰ্যক কেৱল অবৈধ প্ৰব্ৰজনৰ ফল বুলি ক’ব নোৱাৰি। যেতিয়া এই পাৰ্থক্যসমূহক উদ্দেশ্যপ্ৰণোদিতভাৱে বিলুপ্ত কৰা হয়, তেতিয়াই ৰাজনৈতিক সমস্যাৰ সৃষ্টি হয়। বিজেপিয়ে ভূমি, প্ৰব্ৰজন আৰু জনগাঁথনিৰ চিন্তা সম্বলিত এই বাৰ্তাক কৌশলেৰে ব্যৱহাৰ কৰিছে। ২০২৬ চনৰ নিৰ্বাচনৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছিল, নিৰ্বাচনৰ পাছত ব্যাপক বেদখল উচ্ছেদ অভিযান চলোৱা হ’ব আৰু বিষয়টোক বাংলাদেশী অনুপ্ৰৱেশৰ সৈতে সম্পৰ্কিত কৰিছিল। অৱশ্যেই, ​অবৈধ দখল আৰু প্ৰব্ৰজন ৰোধ কৰাটো ৰাজ্যখনৰ বৈধ দায়িত্ব। কিন্তু এই কাৰ্য প্ৰমাণ, আইনী প্ৰক্ৰিয়া আৰু নিয়মৰ সমান প্ৰয়োগৰ জৰিয়তে হ’ব লাগিব। নহ’লে খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষাৰ ৰাজনীতি লাহে লাহে সামূহিক সন্দেহৰ ৰাজনীতিলৈ অৱনমিত হ’ব, যি কেৱল সংখ্যালঘুক নহয়, বৰঞ্চ অসমৰ নিজৰ গণতান্ত্ৰিক সংস্কৃতিকেই আঘাত কৰিব।

সংখ্যালঘু ভোটাৰৰ ৰাজনৈতিক দৃশ্যপট:

​২০২৬ চনৰ নিৰ্বাচনৰ অন্যতম উল্লেখনীয় ঘটনা হ’ল এআইইউডিএফ (AIUDF)ৰ পতন। ২০২১ চনত ১৬ খন আসন লাভ কৰা দলটোৱে ২০২৬ চনত মাত্ৰ ২ খন আসনহে পালে। ইফালে কংগ্ৰেছে ১৯ খন আসনৰ বেছিভাগেই মুছলিম সংখ্যাগৰিষ্ঠ সমষ্টিসমূহত জয়লাভ কৰে। ​বহু বছৰ ধৰি অসমৰ ৰাজনীতি বিজেপি বনাম এআইইউডিএফ—অৰ্থাৎ হিন্দু মেৰুকৰণ বনাম মুছলমান মেৰুকৰণৰত আবদ্ধ আছিল। এতিয়া সেই সূত্ৰ দুৰ্বল হৈ পৰিছে। এআইইউডিএফৰ পতনে ইংগিত দিয়ে যে সংখ্যালঘু ভোটাৰসকলে ধৰ্মভিত্তিক দলক নিজৰ অধিকাৰ ৰক্ষাৰ একমাত্ৰ কাৰ্যকৰী মাধ্যম বুলি আৰু গণ্য কৰা নাই। কংগ্ৰেছেও এআইইউডিএফৰ সৈতে কোনো মিত্ৰতা নকৰাকৈ এই ভোট পুনৰ কিছুদূৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

​ইয়াৰ দুটা সম্পূৰ্ণ বিপৰীত পৰিণাম হ’ব পাৰে:

যোগাত্মক দিশ: মুছলমান নাগৰিকসকলে কেৱল ধৰ্মীয় দলৰ পৰিৱৰ্তে মূলসুঁতিৰ বহু-সম্প্ৰদায়ভিত্তিক গণতান্ত্ৰিক প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত হ’ব, যিয়ে অসমৰ ধৰ্মনিৰপেক্ষ গাঁথনি শক্তিশালী কৰিব।

ঋণাত্মক দিশ: যদি মুছলমান ভোটাৰসকল কেৱল বিৰোধী শিবিৰত সীমাবদ্ধ থাকে আৰু হিন্দু ভোটাৰসকল শাসকীয় মিত্ৰজোঁটৰ পিছফালে একত্ৰিত হয়, তেন্তে অসমৰ নিৰ্বাচনী মানচিত্ৰখন সম্পূৰ্ণ ধৰ্মভিত্তিক বিভাজনত পৰিণত হ’ব। গণতন্ত্ৰ তেতিয়াহে সুস্থিৰ হয় যেতিয়া ৰাজনৈতিক দলসমূহে সকলো সম্প্ৰদায়ৰ ভোটৰ বাবে প্ৰতিযোগিতা কৰে।

বিৰোধী শিবিৰৰ বিফলতা:

​বিজেপিৰ অপ্ৰতিহত আধিপত্য বুজিবলৈ বিৰোধী পক্ষৰ দুৰ্বলতা পৰীক্ষা কৰাটো অপৰিহাৰ্য। কংগ্ৰেছ ১৯ খন, ৰাইজৰ দল ২ খন, এআইইউডিএফ ২ খন আৰু তৃণেমূল কংগ্ৰেছ ১ খন আসনতে সীমিত হৈ পৰিছে। ই এক ডাঙৰ গণতান্ত্ৰিক অসন্তুলনৰ সৃষ্টি কৰিছে।

​এক সুস্থ গণতন্ত্ৰত কেৱল শাসন কৰিব পৰা চৰকাৰেই নহয়, চৰকাৰক প্ৰশ্ন কৰিব পৰা আৰু বিকল্প চৰকাৰ গঠনৰ ক্ষমতা থকা বিৰোধী দলৰ প্ৰয়োজন। কিন্তু বৰ্তমানৰ বিধানসভাত বিৰোধীৰ স্থিতি অতি দুৰ্বল। কংগ্ৰেছৰ সংগঠনটো কেবাটাও মৌলিক সমস্যাত ভুক্তভোগী, যেনে, সমগ্ৰ ৰাজ্য সামৰি লোৱা সৰ্বগ্ৰহণযোগ্য নেতৃত্বৰ অভাৱ, খিলঞ্জীয়া অসমীয়া আৰু সংখ্যালঘু ভোটাৰক একেলগে আকৰ্ষণ কৰাৰ প্ৰত্যাহ্বান, আৰু সাংগঠনিক ভেটি শিথিল হৈ পৰা।

​ইয়াৰ উপৰি, অসম আন্দোলনৰ পৰা জন্ম লাভ কৰা আঞ্চলিক দল অগপ এতিয়া বিজেপিৰ মিত্ৰদল। ফলত, জাতীয়তাবাদী ৰাজনীতিৰ বিপৰীতে এক স্বতন্ত্ৰ আঞ্চলিক বিকল্পৰ অভাৱ স্পষ্ট হৈ পৰিছে। ৰাষ্ট্ৰীয় দলৰ প্ৰভাৱৰ পৰা মুক্ত হৈ অসমৰ আঞ্চলিকতাবাদক এতিয়া কোনে প্ৰতিনিধিত্ব কৰিছে তাৰ কোনো স্পষ্ট উত্তৰ নাই।

অগপৰ ৰাজনৈতিক অৱস্থান:

​অসম গণ পৰিষদৰ (অগপ) বৰ্তমানৰ স্থিতি অসম ৰাজনীতিৰ এক ঐতিহাসিক পৰিৱৰ্তনৰ নিদৰ্শন। যিটো দল অসম আন্দোলনৰ জৰিয়তে খিলঞ্জীয়াৰ ৰাজনৈতিক স্বায়ত্তশাসন আৰু অস্তিত্ব সুৰক্ষাৰ বাবে জন্ম হৈছিল, সেই দলটো আজি বিজেপি নেতৃত্বাধীন চৰকাৰৰ এক অংশীদাৰ আৰু আজ্ঞাবহ। ​আঞ্চলিক দলসমূহে ক্ষমতা আৰু প্ৰভাৱ ধৰি ৰাখিবলৈ মিত্ৰতা কৰাটো স্বাভাৱিক। কিন্তু ঐতিহাসিক দৃষ্টিৰ পৰা এই ৰূপান্তৰ অদ্ভুত। অসম আন্দোলনৰ মূল চেতনা আছিল কেন্দ্ৰীয় প্ৰভুত্ব আৰু জনগাঁথনিগত আক্ৰমণৰ বিৰুদ্ধে আঞ্চলিক সংগ্ৰাম। বিপৰীতে, অগপৰ বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতিয়ে আঞ্চলিক পৰিচয়ক বিজেপিৰ এক সুবৃহৎ ৰাষ্ট্ৰীয় কাঠামোৰ ভিতৰত চামিল কৰি লৈছে। ​অৰ্থাৎ, ৰাজনৈতিক দৃষ্টিভংগী “কেন্দ্ৰৰ বিৰুদ্ধে অসম”ৰ পৰা “কেন্দ্ৰৰ সৈতে মিত্ৰতাৰে অসমৰ স্বাৰ্থ সুৰক্ষা”লৈ সলনি হৈছে।

সমষ্টি পুনৰ্নিৰ্ধাৰণৰ ৰাজনৈতিক ভৌগোলিকতা:

​২০২৩ চনত কৰা অসমৰ বিধানসভা সমষ্টিসমূহৰ পুনৰ্নিৰ্ধাৰণে ৰাজ্যখনৰ ৰাজনৈতিক মেপ সলনি কৰি দিলে। বিজেপি আৰু ইয়াৰ সমৰ্থকসকলৰ মতে, এই প্ৰক্ৰিয়াই খিলঞ্জীয়াৰ প্ৰতিনিধিত্ব সুৰক্ষিত কৰিলে। কিন্তু সমালোচকসকলৰ মতে, ইয়াৰ জৰিয়তে মুছলিম সংখ্যাগৰিষ্ঠ অঞ্চলসমূহৰ ৰাজনৈতিক প্ৰভাৱ হ্ৰাস কৰাকৈ সমষ্টিৰ সীমা সলনি কৰা হৈছে। ​যিয়েই ব্যাখ্যা নহওক কিয়, ২০২৬ চনৰ নিৰ্বাচনে প্ৰমাণ কৰিলে যে ভৌগোলিক পুনৰ্নিৰ্ধাৰণে জনগোষ্ঠীয় আৰু ধৰ্মীয় মেৰুকৰণত গভীৰ প্ৰভাৱ পেলাইছে। সমষ্টি পুনৰ্নিৰ্ধাৰণ এক নিৰপেক্ষ আনুষ্ঠানিক প্ৰক্ৰিয়া হোৱা উচিত, ইয়াক কোনো এক নিৰ্দিষ্ট ৰাজনৈতিক দলক স্থায়ী সুবিধা দিয়াৰ আহিলা কৰা উচিত নহয়। মানুহৰ মনত যদি ধাৰণা হয় যে নিৰ্বাচনী ফলাফল নিৰ্ধাৰণ কৰিবলৈ ভৌগোলিক সীমা সলনি কৰা হৈছে, তেন্তে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ বিশ্বাসযোগ্যতা হ্ৰাস পায়। এই সন্দেহ অমূলক নহয়।

জনকল্যাণ আৰু উন্নয়নমূলক ৰাজনীতি:

​বিজেপিৰ বিজয়ক কেৱল ধৰ্মীয় বা পৰিচয়ৰ মেৰুকৰণ বুলি ভাবিলে অসমৰ ভোটাৰসকলক অবমূল্যায়ণ কৰা হ’ব। চৰকাৰখনৰ সফলতাৰ আঁৰত আছিল:

পথ, দলং আৰু যোগাযোগ ব্যৱস্থাৰ ব্যাপক উন্নতি।

​‘অৰুণোদয়’ৰ দৰে প্ৰত্যক্ষ হিতাধিকাৰীমুখী সামাজিক সুৰক্ষা আঁচনি।

​প্ৰশাসনিক তৎপৰতা আৰু নাগৰিকৰ ওচৰত দৃশ্যমানতা।

​নগৰ উন্নয়ন আৰু নতুন বিনিয়োগ প্ৰচেষ্টা।

গতিকে​ ২০২৬ চনৰ জনাদেশ অংশতঃ শাসন আৰু উন্নয়নৰ জনাদেশ বুলি স্বীকাৰ কৰিব লাগিব। অসমৰ ভোটাৰসকলে কেৱল পৰিচয়ৰ ভিত্তিত ভোট নিদিয়ে; শিক্ষা, স্বাস্থ্য, নিয়োজিতকৰণ, পথ যোগাযোগ, বান-গৰাখনীয়া আৰু কৃষি সংকটৰ দৰে বাস্তব সমস্যাবোৰো তেওঁলোকৰ বাবে সমান গুৰুত্বপূৰ্ণ। চৰকাৰৰ বাবে বিপদ হ’ল যেতিয়া প্রতীকাত্মক ৰাজনীতিয়ে এই মৌলিক সমস্যাবোৰ ঢাকি ৰখাৰ চেষ্টা কৰে।

বানপানী, গৰাখহনীয়া আৰু জলবায়ু সংকট:

​অসমৰ ৰাজনৈতিক চৰ্চাত পৰিচয়ৰ ৰাজনীতিয়ে যিমান গুৰুত্ব পায়, ৰাজ্যখনৰ জলবায়ু আৰু প্ৰাকৃতিক দুৰ্যোগৰ প্ৰশ্নই সিমান গুৰুত্ব নাপায়। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ বানপানী আৰু খহনীয়াই প্ৰতি বছৰে হাজাৰ হাজাৰ মানুহৰ জীৱিকা, কৃষিভূমি আৰু বাসস্থান ধ্বংস কৰে। ​এক গম্ভীৰ ৰাজনৈতিক কাৰ্যসূচীত বানপানী, গৰাখনীয়া, নদী ব্যৱস্থাপনা, ভূমিৰ সঠিক ব্যৱহাৰ আৰু জলবায়ু পৰিৱৰ্তনৰ সমস্যাসমূহক একেলগে এক কৌশলগত প্ৰশ্ন হিচাপে গ্ৰহণ কৰিব লাগে। কাৰণ ই কেৱল পৰিবেশৰ সমস্যা নহয়—ই গ্ৰাম্য দৰিদ্ৰতা, খিলঞ্জীয়াৰ উচ্ছেদ, প্ৰব্ৰজন, নগৰীকৰণ আৰু সামাজিক সুস্থিৰতাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত।

​যদি নদীয়ে খহাই উচ্ছিন্ন কৰা মানুহৰ সমস্যাটোক কেৱল সাময়িক বিপৰ্যয় বুলি লয় আৰু মূল পৰিৱেশীয় সংকটটোক আওকাণ কৰে, তেন্তে মূল সমস্যাটোৰ সমাধান কেতিয়াও নহ’ব। এই ক্ষেত্ৰত এতিয়ালৈকে শাসক দলক ব্যৰ্থ হোৱা দেখা গৈছে। আনহাতে, বিৰোধী দলসমূহেও ৰাইজক আশ্বস্ত কৰিব পৰা একো বিকল্প ডাঙি ধৰিব পৰা নাই।

অৰ্থনীতি আৰু নিবনুৱা সমস্যা:

​অসমৰ ৰাজনীতি পৰিচয়(identity)ক লৈ যিমান সচেতন, নিয়োগ আৰু অৰ্থনীতিৰ ক্ষেত্ৰত সিমান পৰিপক্ক নহয়। ৰাজ্যখনত প্ৰচুৰ প্ৰাকৃতিক সম্পদ আছে—তেল, প্ৰাকৃতিক গেছ, চাহ, অৰণ্য, জৈৱ-বৈচিত্ৰ্য, জলসম্পদ আৰু দক্ষিণ-পূব এছিয়ালৈ ভাৰতৰ ব্যৱসায়িক দুৱাৰমুখ হিচাপে ভৌগোলিক স্থান। ​তথাপিও অসমে এই সম্পদসমূহক উচ্চ-উৎপাদনক্ষম নিয়োগ খণ্ডলৈ ৰূপান্তৰ কৰিব পৰা নাই। আহিবলগীয়া দশকটোৰ মূল প্ৰত্যাহ্বান হ’ লাগিছিল: কেৱল “অসম কাৰ?” বুলি তৰ্ক কৰাৰ পৰিৱৰ্তে “অসমৰ খিলঞ্জীয়া আৰু অধিবাসীসকলৰ বাবে কেনেকুৱা অৰ্থনৈতিক ভৱিষ্যত গঢ়িব পৰা যাব?” সেই প্ৰশ্ন উত্থাপন কৰা

​উৎপাদনশীল ব্যক্তিগত বিনিয়োগ আৰু কৰ্মসংস্থাপন অবিহনে কেৱল চৰকাৰী অনুদান বা ছাত্ৰবৃত্তিৰে এক শক্তিশালী অৰ্থনীতি থিয় কৰাব নোৱাৰি। কৰ্মসংস্থাপনৰ অভাৱত শিক্ষিত যুৱপ্ৰজন্ম বাহিৰলৈ গুচি যাবলৈ বাধ্য হ’ব।

খিলঞ্জীয়াৰ সুৰক্ষা আৰু অধিকাৰ:

​খিলঞ্জীয়া অসমীয়াৰ অস্তিত্ব, ভূ-সম্পত্তি, ভাষা, সংস্কৃতি, ৰাজনৈতিক প্ৰতিনিধিত্ব আৰু অৰ্থনৈতিক অধিকাৰ সুৰক্ষিত কৰাৰ দাবী সম্পূৰ্ণ যুক্তিপূৰ্ণ। সমস্যাটো এই দাবীসমূহত নাই, সমস্যাটো আছে ইয়াৰ সমাধানৰ পথত।

​প্ৰত্যাহ্বানটো হ’ল সাংবিধানিক গণতন্ত্ৰৰ পৰিসৰৰ ভিতৰত থাকি খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত কৰা, স্থায়ী সাম্প্ৰদায়িক মেৰুকৰণ বা কোনো গোটক বৰ্জন কৰাৰ জৰিয়তে নহয়। অসমৰ ভৱিষ্যতে এনে এক ৰাজনৈতিক বুজাবুজি দাবী কৰে য’ত খিলঞ্জীয়া জনগোষ্ঠীসমূহে নিজকে সুৰক্ষিত অনুভৱ কৰিব, কিন্তু একে সময়তে অন্য বৈধানিক ভাৰতীয় নাগৰিকসকলৰ মনতো স্থায়ী অনিশ্চয়তাৰ সৃষ্টি কৰা নহ’ব। এই ভাৰসাম্য ৰক্ষা কৰাটো অত্যন্ত কঠিন, কিন্তু ইয়েই ৰাজনৈতিক বিচক্ষণতাৰ পৰীক্ষা।

উপৰোক্ত ক্ষেত্ৰবোৰত এতিয়ালৈকে শাসকদলে কোনো সফল আঁচনি ল’ব পৰা নাই। বিপৰীতে, বিৰোধী শিবিৰেও বিষয়টোক যুক্তপূৰ্ণভাৱে সমালোচনাৰ কেন্দ্ৰলৈ আনিব পৰা নাই।

ধাৰণাগত ৰূপান্তৰ: অসমীয়া জাতীয়তাবাদৰ পৰা হিন্দুৰাষ্ট্ৰীয় আঞ্চলিকতাবাদলৈ:

​অসমৰ ৰাজনীতিৰ আটাইতকৈ দীৰ্ঘমেয়াাদী পৰিৱৰ্তনটো হ’ল দলীয় ধাৰণাগত বা কাল্পনিক পৰিৱৰ্তন। ঐতিহাসিকভাৱে অসমীয়া জাতীয়তাবাদ গঢ় লৈ উঠিছিল ভাষা, সংস্কৃতি, ভূমি আৰু খিলঞ্জীয়া পৰিচয়ক কেন্দ্ৰ কৰি। বিজেপিয়ে এই পৰিচয়ক বিলুপ্ত নকৰাকৈ ইয়াক এক বহল হিন্দু-ৰাষ্ট্ৰীয় চিন্তাধাৰাৰ লগত একাকাৰ কৰি লৈছে।

​সেয়েহে, বিজেপিয়ে পূৰ্বে আঞ্চলিক দল বা কংগ্ৰেছৰ সমৰ্থক হৈ থকা মানুহখিনিকো নিজৰ ফাললৈ আনিবলৈ সক্ষম হৈছে। বৰ্তমানৰ ৰাজনৈতিক সূত্ৰটো হ’ল: খিলঞ্জীয়া পৰিচয় + হিন্দু পৰিচয় + বিকাশ আৰু কল্যাণকামী আঁচনি + শক্তিশালী নেতৃত্ব + অনুপ্ৰৱেশ বিৰোধী স্থিতি ই এক অত্যন্ত শক্তিশালী নিৰ্বাচনী মিত্ৰতা কিন্তু সাংবিধানিক সুস্থতাৰ কাৰণে হানিকাৰক।

অসমৰ গণতন্ত্ৰ আৰু বহুত্ববাদ:

​বৰ্তমান অসমক এক অগণতান্ত্ৰিক ৰাজ্য বুলি ক’লে ভুল হ’ব। নিৰ্বাচনসমূহ প্ৰতিযোগিতামূলক, ভোটাৰৰ উপস্থিতি অভূতপূৰ্ব আৰু ভোটাৰসকলে ২০২৬ চনতো এক স্পষ্ট সিদ্ধান্ত প্ৰদান কৰিছে। ​কিন্তু গণতন্ত্ৰ কেৱল নিৰ্বাচন জিকাতেই সীমাবদ্ধ নহয়। ইয়াৰ বাবে প্ৰয়োজন: প্ৰতিষ্ঠানিক সংহতি আৰু নিয়ন্ত্ৰণ, ​সংখ্যা লঘুগোটৰ সুৰক্ষা, ​স্বতন্ত্ৰ সংবাদ মাধ্যম, ​এক শক্তিশালী আৰু দায়িত্বশীল বিৰোধী দল, ​নিৰপেক্ষ প্ৰশাসন আৰু আইনী প্ৰক্ৰিয়া।

​গতিকে বৰ্তমানৰ মূল বিপদটো গণতন্ত্ৰৰ পতন নহয়; বৰঞ্চ শক্তিশালী শাসকীয় দলৰ উপস্থিতি আৰু দুৰ্বল বিৰোধীৰ বাবে এক প্ৰকাৰৰ “সংখ্যাগুৰুভিত্তিক গণতন্ত্ৰ” স্থায়ী হৈ পৰাৰ আশংকাহে।

কেনেকুৱা অসম নিৰ্মাণ কৰা হৈছে?

​২০২৬ চনৰ অসমৰ ৰাজনৈতিক স্থিতিক কেৱল বিজেপি বনাম কংগ্ৰেছৰ যুঁজ হিচাপে চোৱাতকৈ এক পুৰণি ৰাজনৈতিক ব্যৱস্থাৰ পৰা নতুন ব্যৱস্থালৈ ৰূপান্তৰ হিচাপে চোৱাটো অধিক সঠিক হ’ব।

​পুৰণি অসম ৰাজনীতিৰ মূল আধাৰ আছিল: অসমীয়া জাতীয়তাবাদ + কংগ্ৰেছৰ প্ৰাধান্য + আঞ্চলিক দল + বিদেশী বিৰোধী আন্দোলন।  বৰ্তমানৰ অসম ৰাজনীতিৰ মূল আধাৰ হৈছে: বিজেপিৰ বাধাহীন উথ্থান + হিন্দু একত্ৰীকৰণ + খিলঞ্জীয়া পৰিচয়ৰ বেমেজালি + উদ্দেশ্যধৰ্মী উন্নয়ন আৰু কল্যাণকামী আঁচনি + আধিপত্যবাদী কেন্দ্ৰীয় নেতৃত্ব।​

​ অসমৰ সন্মুখত এতিয়া এটা ডাঙৰ প্ৰশ্ন হ’ল: অসমে নিজৰ খিলঞ্জীয়া পৰিচয়ক সংকীৰ্ণ নকৰাকৈ সুৰক্ষিত কৰিব পাৰিবনে? ধৰ্মীয় মেৰুকৰণত লিপ্ত নোহোৱাকৈ নিজৰ বহুভাষিক আৰু বহুসাংস্কৃতিক ঐতিহ্য ৰক্ষা কৰিব পাৰিবনে? আৰ্থিক-পৰিৱেশীয় প্ৰত্যাহ্বানসমূহ সমাধান কৰি এক সুস্থিৰ ভৱিষ্যত নিৰ্মাণ কৰিব পাৰিবনে? এই প্ৰশ্নৰ উত্তৰ এতিয়াও পোৱা নাই। কিন্তু হিন্দুত্বৰ আধিপত্যবাদে যে খিলঞ্জীয়া পৰিচয়ৰ জাতীয়তাবাদক চেপি আনিছে তাৰ স্বৰূপ স্পষ্ট হৈ পৰিছে।​

Share This Article
Harekarishna Deka
Harekarishna Deka

Harekrishna Deka is an eminent Assamese poet, novelist, essayist, translator, and former Indian Police Service (IPS) officer. Born in 1943, he studied English literature before joining the IPS, eventually serving as the Director General of Police of Assam. Alongside his distinguished career in public service, he established himself as one of the foremost voices in modern Assamese literature.
Deka's writings are celebrated for their philosophical depth, lyrical elegance, and sensitive exploration of human relationships, society, and the complexities of contemporary life. His contribution to Assamese literature spans poetry, fiction, essays, and translations, earning him widespread acclaim, including the Sahitya Akademi Award and the Assam Valley Literary Award.
A respected public intellectual, Harekrishna Deka continues to inspire readers through his literary works and thoughtful reflections on culture, ethics, and society, leaving an enduring imprint on Assam's intellectual and literary landscape.

Articles: 1

Leave a Reply

Your email address will not be published. Required fields are marked *