blank

জুবিন গাৰ্গৰ মৃত্যুঃ অনুশাসন, চৰিত্ৰহণন, আৰু গৰিমা

Share This Article

ঋষিৰাজ সেন আৰু দিব্যশ্ৰী মহন্ত

()

১৯২৭ চনত তিনি হাজাৰ মহিলাৰ এক সমাৱেশৰ সন্মুখত বাবা চাহেব আম্বেদকাৰে কৈছিল যে তেওঁ এটা সম্প্ৰদায়ৰ প্ৰগতি নাৰীয়ে লাভ কৰা প্ৰগতিৰ মাত্ৰাৰেহে জোখে। তৎসত্ত্বেও আজিকোপতি ভাৰত, বিশেষকৈ অসম, পাশ্চাত্যৰ তুলনাত লিংগ সমতাৰ সকলো সূচাংকত বহু পাছ পৰি ৰৈছে। ২০২১ বৰ্ষৰ নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ’ৰ এক প্ৰতিবেদন মতে ভাৰতৰ ভিতৰত অসমতে নাৰীজনিত অপৰাধৰ হাৰ সৰ্বোচ্চ।হত্যা, হিংসা, ধৰ্ষণৰ দৰে অপৰাধৰ সমান্তৰালভাৱে অসমত নাৰী দৈনন্দিন জীৱনত মৌলিক অধিকাৰৰ পৰা বঞ্চিত, অপমানিত, আৰু অৱদমিত হয়। অসমৰ বিভিন্ন সামাজিক আন্দোলনত নাৰীৰ উল্লেখনীয় অংশগ্ৰহণ পৰিলক্ষিত হোৱাৰ পিছতো লিংগ সমতাৰ প্ৰসংগ প্ৰায়ে পশ্চাদপটতে থাকিল। আনকি আলফাৰ দৰে এটা সংগঠনতো মহিলা কেদাৰসকলে লিংগ বৈষম্যৰ সনমুখীন হ’বলগীয়া হৈছিল। অসমৰ সমাজ-ৰাজনৈতিক পৰিকাঠামো নিৰ্মাণ কৰা এই আন্দোলনসমূহত নাৰীৰ সক্ৰিয় ভূমিকা থকা সত্তেও সমাজত নাৰীৰ সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক, আৰু পাৰিবাৰিক স্থিতি বৰ-বিশেষ সলনি হোৱা নাই। ইয়াৰ এক অন্যতম উদাহৰণ হৈছে জীৱনসংগীৰ মৃত্যুৰ লগে লগে সমাজত নাৰীয়ে সন্মুখীন হোৱা পৰিস্থিতি।

ইন্দিৰা মিৰিৰ পৰা ইন্দিৰা গোস্বামীলৈ অসমীয়া নাৰীয়ে বৈধৱ্যৰ নামত সন্মুখীন হ’বলগীয়া সামাজিক বৈষম্য সৰ্বজনবিদিত। বহুতো মহিলা সংগঠন আৰু নাৰীবাদী নেতৃত্বৰ প্ৰচেষ্টাৰ পাছতো এই পৰিস্থিতিলৈ কোনো অভাৱনীয় পৰিৱৰ্তন অহা নাই। সমগ্ৰ অসম জুবিন গাৰ্গৰ অকাল বিয়োগৰ শোকত ম্ৰিয়মান হৈ থকা সময়তেই অনুৰাগীসকলৰ এটা শ্ৰেণী ব্যস্ত হৈ পৰিছিল তেওঁৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ চৰিত্ৰ হণনত। জুবিন গাৰ্গৰ আকস্মিক মৃত্যুক কেন্দ্ৰ কৰি শোকপালন আৰু শ্ৰদ্ধাঞ্জলী জ্ঞাপনৰ সমান্তৰালভাৱে প্ৰৰোচনাৰ সন্দেহ কৰি তদন্তৰ দাবীও উত্থাপিত হৈছিল। এই সকলোবোৰৰ মাজত গৰিমা শইকীয়া গাৰ্গক কেন্দ্ৰবিন্দুলৈ পৰিৱৰ্তিত কৰা হ’ল। তেওঁক নিজৰ স্বামীৰ হত্যাৰ প্ৰৰোচনাৰ সৈতে জৰিত থকাৰ সন্দেহ কৰাৰ উপৰি এই মৃত্যুত পত্নী হিচাপে তেওঁৰ প্ৰতিক্ৰিয়াক প্ৰত্যেক ক্ষণত তদাৰক কৰা হ’ল। এই প্ৰবন্ধটোত সামাজিক মাধ্যমৰ ডিজিটেল এথন’গ্ৰাফীৰ জৰিয়তে গৰিমা শইকীয়া গাৰ্গ কিদৰে একাংশ জুবিন অনুৰাগীৰ নাৰীবিদ্বেষী আৰু নাৰীবাদ বিৰোধী অশোভনীয় অপবাদৰ পাত্ৰী হ’ল তাক অনুসন্ধান কৰাৰ চেষ্টা কৰা হৈছে। 

()

ইতিহাসৰ পাতত, জাতি নিৰ্বিশেষে, পুৰুষতান্ত্ৰিক কাঠামোত খাপ খুৱাবলৈ নাৰীৰ শৰীৰক অনুশাসন কৰাৰ অহৰহ প্ৰচেষ্টা প্ৰত্যক্ষ কৰা যায়। এই বিষয়ে গৱেষকসকলৰ মাজত এক বৃহৎ সৰ্বমত আছে যে সমাজে নাৰী এগৰাকীৰ শাৰীৰিক অৱয়ৱ, সাজ-সজ্জা, খাদ্য, আচৰণৰ পৰা আদি কৰি যৌনতালৈকে প্ৰায়বোৰ ক্ষেত্ৰতে সামাজিক আদৰ্শ অনুসৰি নাৰীক অনুশাসিত কৰাৰ চেষ্টা কৰে। অনুশাসনৰ তত্ত্ব প্ৰস্তুত কৰোঁতে ফুক’এ কৈছিল যে কাৰ্যকলাপ নিয়ন্ত্ৰণৰ জৰিয়তেহে এগৰাকী ব্যক্তিক অনুগত কৰি তুলিব পাৰি । সমাজত কেৱল নাৰীৰ বাবে সাধাৰণভাৱে প্ৰচলিত কিছুমান বাধ্যবাধকতা যেনে ছাত্ৰাৱাসত প্ৰৱেশ-প্ৰস্থানৰ সময়ৰ বান্ধোন, সাজ-পোছাকৰ শালীনতাৰ মানদণ্ড, ঋতুস্ৰাৱজনিত প্ৰতিবন্ধকতা ইত্যাদিবোৰত ইয়াৰ প্ৰতিফলন দেখা যায়। বৰ্তমান সমাজ, বিশেষকৈ সামাজিক মাধ্যমবোৰে, সৰ্বদৰ্শী পেন’পটিকন(panopticon)ৰ ৰূপ ধাৰণ কৰি সকলো সময়তে নিৰীক্ষণ কৰি থকা অথবা নিৰীক্ষণ কৰি থকাৰ ধাৰণাৰ দ্বাৰা নাৰীৰ স্বায়ত্ততা (agency) নিয়ন্ত্ৰণাধীন কৰি ৰখাৰ চেষ্টা চলাইছে। একেটা প্ৰক্ৰিয়াই বৰ্তমান সামাজিক মাধ্যমত গৰিমা শইকীয়া গাৰ্গৰ ক্ষেত্ৰত পৰিলক্ষিত হৈছে।  

২০২৫ চনৰ ২১ ছেপ্টেম্বৰৰ পুৱা জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্ৰাষ্ট্ৰীয় বিমানবন্দৰ আহি পাওঁতে, গৰিমা শইকীয়া গাৰ্গে শিৰত সেন্দুৰ লৈ পৰিপাতিকৈ এযোৰ বেঙুনীয়া পাৰীৰ বগা মেখেলা-চাদৰ পৰিধান কৰি সদ্যপ্ৰয়াত স্বামীৰ নশ্বৰ দেহ আনিবলৈ গৈছিল। নিউজ পৰ্টেলসমূহে তুলি ৰখা সেই সময়ৰ ভিদিঅ’ৰ তলত তেওঁৰ সেইদিনাৰ সাজ-পোছাকক লৈ সমালোচনাৰ সৃষ্টি হ’বলৈ ধৰে। এগৰাকী মহিলা (ক) এ মন্তব্য কৰে, “যিমান ধনী হওক আপুনি নিজৰ হাজবেণ্ড নাইকিয়া হৈ গৈছে বগা কাপোৰযোৰ কেইদিনমানতো থাকক”। আন এটা ভিদিঅ’ৰ তলত আন এগৰাকী মহিলা (খ)এ মন্তব্য কৰে, “ইমান দুখত মেকআপ কৰি যোৱাটো হে আচৰিত লাগিছে।” এগৰাকী পুৰুষ (গ)ৰ মন্তব্য আছিল আকৌ এনেধৰণৰ— “ইমান ষ্টাইল কৰি যায় নেকি?” এইধৰণৰ আলোচনাৰ পৰা দুটা কথা স্পষ্টকৈ অনুধাৱন কৰিব পাৰি।। প্ৰথমেই, সমাজত পুৰুষৰ সমান্তৰালভাৱে মহিলাও পুৰুষতান্ত্ৰিকতাৰ বাহক ৰূপে কাৰ্যকৰী হৈ আছে। দ্বিতীয়তে, সমাজে নাৰীৰ পিন্ধন-উৰণত প্ৰতিবন্ধকতা আৰোপ কৰি পৰ্যবেক্ষণৰ দ্বাৰা তেওঁলোকক অনুশাসিত কৰি ৰখাৰ চেষ্টা কৰে।

নাৰীয়ে স্বইচ্ছাৰে নিজৰ সাজ-পোছাক বাছনি কৰাৰ অধিকাৰ লাভেনাৰী মুক্তিৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তাৰ বিপৰীতে, বহুক্ষেত্ৰত, নাৰীৰ বিৰুদ্ধে ঘটা অপৰাধত পীড়িত নাৰীগৰাকীৰ সাজ-পোছাকক দোষাৰোপ কৰি অপৰাধটোক ন্যায্যতা প্ৰদান কৰাও দেখা যায়। গৰিমা শইকীয়া গাৰ্গে তথাকথিত বিধৱাৰ উকা বগা সাজ পিন্ধিবলৈ অপাৰগ হোৱা বাবেই তেওঁৰ সাজ-সজ্জাক প্ৰত্যক্ষভাৱে তেওঁৰ শোকৰ সৈতে সংপৃত্ত কৰি সমাজুৱাকৈ তেওঁক অপমানিত কৰা হ’ল। এই পৰিঘটনাই সমাজত কিদৰে নাৰীৰ শৰীৰক শক্তি আৰু নিয়ন্ত্ৰণৰ এক প্ৰতিদ্বন্দ্বিতাস্থলী ৰূপে গণ্য কৰা হয় তাক উদঙাই দিয়ে।অৱশ্যে এয়া কেৱল সাজ-সজ্জাৰ ক্ষেত্ৰতে সীমিত নাথাকি নাৰীৰ আচৰণ তথা গতিবিধিলৈও বিস্তাৰিত হৈ পৰে। গৰিমা শইকীয়া গাৰ্গে পৰৱৰ্তী দিনকেইটাত ৰাজহুৱাভাৱে সমাজৰ আশানুৰূপ এগৰাকী অসহায় শোকত ম্ৰিয়মান বিধৱা নাৰীৰ ৰূপ ধাৰণ কৰাৰ বিপৰীতে অতি সংযমশীল আৰু নিয়ন্ত্ৰিত আচৰণ প্ৰদৰ্শন কৰিলে। তেওঁ শোক-সন্তপ্ত অনুৰাগীসকলক কৃতজ্ঞতা জনাই প্ৰদান কৰা চমু ভাষণৰ প্ৰতিক্ৰিয়াৰূপে এগৰাকী পুৰুষ (ঘ)এ মন্তব্য কৰে, “এনে মুহুৰ্তত এনেদৰে ইমান সুস্থিৰ ভাষণ দিবলৈ হয় মানুহগৰাকী অত্যন্ত সাহসী হ’ব লাগিব নহয় প্ৰৰোচনাত জড়িত হৈ আছে।” অৰ্থাৎ তেওঁৰ সংযম তথা শোকৰ প্ৰকাশভংগীৰ ভিত্তিতেই তেওঁৰ চৰিত্ৰৰ ওপৰত প্ৰশ্ন উত্থাপন কৰা হ’ল।

()

২০ ছেপ্টেম্বৰ ২০২৫ তাৰিখে গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গৰ ফেচবুক একাউণ্টৰ পৰা লাইভৰ জৰিয়তে অসমৰ ৰাইজক উদ্দেশ্যি কেতবোৰ বক্তব্য তুলি ধৰে। পোনপ্ৰথমেই তেওঁ জুবিন গাৰ্গৰ অনুৰাগীসকলক এনে কঠিন সময়তো তেওঁৰ কাষত থকা বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ লগতে সকলোকে এনে বিপন্ন সময়ত বিৰূপ পৰিস্থিতিৰ সৃষ্টি নকৰি শান্তি-শৃংখলা বজাই ৰাখিবলৈ অনুৰোধ কৰে আৰু সদ্যপ্ৰয়াত গায়কগৰাকীৰ প্ৰবন্ধক সিদ্ধাৰ্থ শৰ্মাক ক্ষমা কৰি দিবলৈ আহ্বান জনায়। তেওঁ কয় যে শৰ্মা বহু বছৰৰ পৰা তেওঁলোকৰ অতি ঘনিষ্ঠ আৰু জুবিন গাৰ্গৰ ভাতৃপ্ৰতীম। সিদ্ধাৰ্থ শৰ্মাৰ প্ৰতি তেওঁ প্ৰদৰ্শন কৰা সহানুভূতিয়ে জুবিন গাৰ্গৰ একাংশ অনুৰাগীক জাঙুৰ খোৱাই তোলে। সেইসকল অনুৰাগীয়ে জুবিন গাৰ্গৰ অকাল মৃত্যুৰ বাবে সিদ্ধাৰ্থ শৰ্মাক দোষাৰোপ কৰি কৰ্তৃপক্ষক উচিত শাস্তি প্ৰদানৰ বাবে হেঁচা প্ৰয়োগ কৰি আছিল। তাৰে একাংশই অৱশ্যে কেংগেৰু কৰ্টৰ দ্বাৰাহে ন্যায় প্ৰদানৰ পোষকতা কৰি আছিল। গৰিমা শইকীয়া গাৰ্গৰ এই বক্তব্যই কেতবোৰ ধাৰাবাহিক প্ৰতিক্ৰিয়াৰ সূচনা কৰে য’ত তেওঁৰ কৰ্তৃত্বক উলাই কৰাৰ উপৰি সিদ্ধাৰ্থ শৰ্মাৰ সৈতে তেওঁৰ অবৈধ প্ৰেমৰ ষড়যন্ত্ৰমূলক তত্ত্ব কিছুমান গঢ় ল’বলৈ ধৰে। এগৰাকী পুৰুষ (ঙ)এ মন্তব্য কৰে, “জুবিনতকৈ সিদ্ধাৰ্থক বেছি ভাল পায় আৰু তাক বেছি মৰম লাগে তাইৰ।”

সেই অনুৰাগীৰ গোটটোৱে তেওঁক জুবিন গাৰ্গৰ হত্যাৰ সহ-ষড়যন্ত্ৰকাৰী ৰূপেও অভিযুক্ত কৰে। এগৰাকী মহিলা (চ)ৰ মন্তব্য, “জুবিনক মাৰিলে গৰিমাই।” আন এগৰাকী পুৰুষ (ছ)এ মন্তব্য কৰে, “গৰিমাই বৈদ্য নাটক কৰি আছে, তাই নিজে কৰিলে এইবোৰ।” তেওঁলোকৰ এইধৰণৰ তত্ত্ব দুটা কথাৰ ভিত্তিত গঢ় লৈ উঠিছিল : প্ৰথমতে, সিদ্ধাৰ্থ শৰ্মাৰ সুৰক্ষাৰ বাবে গৰিমাৰ ৰাজহুৱা আবেদন; আৰু দ্বিতীয়তে, পূৰ্বতে কোৱাৰ দৰে তেওঁলোকে ভাবিছিল যে জুবিনৰ মৃত্যুৰ খবৰ পোৱাৰ পিছত গৰিমাই পৰ্যাপ্ত আৱেগ প্ৰকাশ কৰা নাছিল আৰু সেয়েহে তেওঁ হয়তো জুবিন গাৰ্গৰ হত্যাৰ পৰিকল্পনাৰ বিষয়ে জানিছিল।

এইধৰণৰ অভিযোগৰ কোনো সাক্ষ্য-প্ৰমাণ নথকা সত্ত্বেও অনুৰাগীৰ দলটোৱে অহৰহ এনেধৰণৰ তিৰ্যক মন্তব্য প্ৰচাৰ কৰে আৰু এক অবৈধ সম্পৰ্কৰ সন্দেহ কৰি তেওঁৰ চৰিত্ৰ হণনৰ প্ৰচেষ্টা অব্যাহত ৰাখে। চৰিত্ৰ হণন হৈছে কোনো ব্যক্তিৰ সুনাম বা বিশ্বাসযোগ্যতা ধ্বংস কৰাৰ ইচ্ছাপ্ৰণোদিত প্ৰচেষ্টা । দৰাচলতে ই চৰিত্ৰৰ ক্ষতি নকৰে, বৰঞ্চ কাৰোবাৰ চৰিত্ৰৰ প্ৰতি থকা আনৰ দৃষ্টিভংগীহে সলনি কৰে। এই প্ৰক্ৰিয়াৰ দ্বাৰা সৰ্বাধিক ক্ষতি নাৰীয়ে ভোগ কৰিব লগা হয়। গৰিমা শইকীয়া গাৰ্গৰ ক্ষেত্ৰত এই চৰিত্ৰ হণন দুটা আন্তঃসংযোগী ৰূপত সংঘটিত হোৱা দেখা গৈছে – প্ৰথমেই, তেওঁৰ যৌনতাক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হ’ল, আৰু দ্বিতীয়তে, তেওঁক এগৰাকী হত্যাকাৰী সজোৱা হ’ল। এইক্ষেত্ৰত চৰিত্ৰ হণন এক ধৰণৰ শাস্তিলৈ ৰূপান্তৰিত হৈছে যাৰ দ্বাৰা তেওঁকঅনুশাসিত কৰি আধিপত্যবাদী পুৰুষতান্ত্ৰিক চিন্তাৰ অধীন কৰাৰ চেষ্টা কৰা হৈছে। জুবিন গাৰ্গৰ জীৱনকালত গৰিমা শইকীয়া গাৰ্গে লাভ কৰাসন্মানীয় ‘বৌ’ৰ অৱস্থানৰ পৰা গায়কগৰাকীৰ মৃত্যুৰ দ্বিতীয়দিনাই তেওঁৰ বিধৱা পত্নীক স্বামীহত্যাকাৰী এক নষ্ট চৰিত্ৰৰ নাৰীলৈ অৱনমিত কৰা হ’ল।

()

সামাজিক মাধ্যমসমুহে কিদৰে নিৰীক্ষণ আৰু শাস্তিৰ জৰিয়তে নাৰীক অনুশাসন কৰে এই বিষয়ক গৱেষণা ক্ৰমাৎ বৃদ্ধি পাই আহিছে। প্ৰস্তুত প্ৰবন্ধটোৱে সেই বৰ্দ্ধমান সাহিত্যত অৰিহণা যোগায়। গৰিমা শইকীয়া গাৰ্গৰ ঘটনাটোৰ বিশ্লেষণৰ জৰিয়তে দুটা কথা প্ৰতিষ্ঠা কৰা হৈছে – ১) কেনেকৈ সমাজত নাৰীৰ শৰীৰ এতিয়াও প্ৰতিদ্বন্দ্বিতাৰ স্থান হৈয়েই আছে আৰু সেয়েহে সেই শৰীৰক অনুশাসন কৰাৰ চেষ্টা কৰা হয়, আৰু ২) কেনেকৈ নাৰীৰ অনুশাসনৰ প্ৰক্ৰিয়াত চৰিত্ৰ হণন শাস্তিৰ আহিলা হৈ পৰে। এইখিনিতেই এক প্ৰশ্নৰ উত্থাপন হয় যে ৰাজ্যখনৰ এগৰাকী অন্যতম প্ৰভাৱশালী শিল্পীৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা গৰিমা শইকীয়া গাৰ্গৰ দৰে এগৰাকী প্ৰতিষ্ঠিত মহিলাই যদি এই হাৰত নাৰীবিদ্বেষী সমালোচনাৰ সন্মুখীন হ’বলগীয়া হয়, অসমৰ চূকে-কোণে থকা প্ৰান্তীয় মহিলাসকলৰ অৱস্থা কি হ’ব পাৰে। 

অৱশ্যে উল্লেখযোগ্য যে যিকোনো গৱেষণাৰ দৰেই এই অধ্যয়নৰো নিজস্ব সীমাবদ্ধতা আছে। এই অধ্যয়নত কেৱল এগৰাকী নাৰী, গৰিমা শইকীয়া গাৰ্গকহে, অধ্যয়নৰ বিষয়বস্তু হিচাপে বাচি লোৱা হৈছে। ভৱিষ্যতৰ গৱেষণাই এই সীমাবদ্ধতা অতিক্ৰম কৰি প্ৰান্তীয় শ্ৰেণীৰ এগৰাকী মহিলাৰ প্ৰসংগ বিশ্লেষণ কৰাৰ অথবা অধ্যয়ন কৰা লোকৰ সংখ্যা বৃদ্ধি কৰাৰ অৱকাশ থাকিল।

Share This Article
Rishiraj Sen & Dibyashree Mahanta
Rishiraj Sen & Dibyashree Mahanta

ঋষিৰাজ সেন বৰ্তমান এগৰাকী স্বতন্ত্ৰ গৱেষক হিচাপে কৰ্মৰত। তেওঁ ২০২২-২৩ চনত লণ্ডন স্কুল অৱ ইকনমিক্স এণ্ড পলিটিকেল ছায়েন্স (LSE)ৰ মাৰ্গাৰেট বাছু স্ক’লাৰ আছিল।

দিব্যশ্ৰী মহন্ত দিল্লী বিশ্ববিদ্যালয়ৰ ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ গৱেষণা শিক্ষাৰ্থী।

Articles: 1

Leave a Reply

Your email address will not be published. Required fields are marked *