Discourses From the East
দুই খলপীয়া গুৱাহাটীখন দেখিছে নে?
চুলিৰ আগটোৰ পৰা ভৰিৰ নখলৈকে
ফ্লাইঅ’ভাৰেৰে ভৰ্তি,
উন্নয়নৰ নজিৰ
এই দুই খলপীয়া গুৱাহাটীখন!
এইখন গুৱাহাটীত নাই কোনো সমস্যা
কোনো উৎপীড়ন, কোনো ক্লিষ্টতা
অলাগতিয়াল ঠাইত সীমাহীন ফ্লাইঅ’ভাৰবোৰ থকা
এইখন গুৱাহাটীত নহয় কোনো ট্ৰেফিক জাম
এজাক দুঘণ্টীয়া বৰষুণত
বুৰ নাযায় সমগ্ৰ মহানগৰী
এক কঁকাল পানী খচি খচি
ইউনিফৰ্ম পিন্ধা সন্তানক কান্ধত উঠাই
থ’ব যাব নালাগে বিদ্যালয়লৈ
কোনো এগৰাকী মহিলাই নাভাবে
নিজৰ সমগ্ৰ সঞ্চয়ৰ জমাপুঁজিত পুহি ৰখা
একমাত্ৰ আশাটোৰ ফলস্বৰূপ গাড়ীখন
বিক্ৰী কৰি নাও এখন কিনাৰ কথা
কোনো এজন পুৰুষে নাভাবে
এই মায়াৱী নগৰীৰ ৰুজি-বৃত্তি এৰি
নিজৰ পিতৃৰ শেষ চিহ্নসদৃশ
মাটিবিঘা দুনাই চহোৱাৰ কথা
আৰু কোনো এজন নাগৰিকে নিজকে প্ৰশ্ন নকৰে
যে নিজৰ শৈশৱ আৰু কৈশোৰ জীপাল কৰা
আদৰৰ নৈপৰীয়া গাওঁখনৰ সন্মোহ এৰি
সপোনৰ জীৱন এটা গঢ়াৰ এই উদং চেষ্টাটোৰ
কি অৰ্থ আছিল!
কি অৰ্থ আছিল
সেই ভুৱা প্ৰতিশ্ৰুতিটোত ভোল যোৱাৰ
যে এটা আদৰ্শ জীৱন
মাথোঁ আৰু মাথোঁ
মহানগৰ এখনৰ কোলাত হে পোৱা যায়
এইখন গুৱাহাটীত
প্ৰতিখন অসম টাইপ ঘৰৰ মৃতদেহৰ
অশ্ৰুকণাৰ ওপৰত নাচি থাকে
গগনচুম্বী অট্টালিকাবোৰ
আৰু এই অট্টালিকাৰ বাহুল্যতাৰ আঁৰত
লুকাই পৰে
সেই অট্টালিকাৰেই খিৰিকীৰ ফাঁকেৰে জুমি চোৱা
বাটৰ প্ৰতিজন বাসিন্দাৰ প্ৰকৃত সমস্যাবোৰ
এইখন গুৱাহাটীত
প্ৰতিজোপা শ-বছৰীয়া বৃক্ষৰ
উঘালি দিয়া শিপাই
শাপ দিয়ে নতুন নতুন ফ্লাইঅ’ভাৰৰ
প্ৰতিডাল খুঁটাক
লগতে শাপ দিয়ে
উন্নতি নামৰ ভেকোভাওনাত
ডুব যোৱা সমগ্ৰ চহৰ এখনৰ
ভৱিষ্যতটোৱে
এইখন গুৱাহাটীত
খোজোঁ বুলিলেই লৈ ল’ব পাৰি
দীঘলী পুখুৰীৰ পাৰৰ
নিগাজি গছবোৰ কটাৰ সিদ্ধান্ত
কৰোঁ বুলিলেই বিলুপ্ত কৰি পেলাব পাৰি
দীপৰ বিলৰ ঐতিহ্য
আৰু মন গ’লেই জেলত ভৰাব পাৰি
ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰা প্ৰতিজনক
এইখন দুই খলপীয়া গুৱাহাটীত
ন ন দলঙৰ আঁচনিৰ
জোলোঙাত ভৰাই
প্ৰতি দিনে আমাক মিছা সপোন একোটা বেচা হয়
আৰু সেই দলঙৰ
সাতোৰঙী ষ্ট্ৰীটলাইটৰ চমকত অন্ধ হোৱা
আমি জধামূৰ্খবোৰে
তাকেই চিৰসত্য বুলি
দুবাহু মেলি আদৰি লওঁ

