Discourses From the East
বালিৰ তলত পোত যোৱা
মৰাশবোৰে গম নাপালে
কিমানখন পাহাৰ খালে
উদৰ পূৰ হয়
দৰবাৰ দখল কৰা ৰাক্ষসৰ
বালিৰ তলত পোত যোৱা
মৰাশবোৰে নুশুনিলে
ৰাক্ষসবোৰৰ সেই অট্টনিনাদ
যি নিনাদে গিলি খায়
বোৱতী নৈ
গান গোৱা জুৰি
আৰু ফুল ফুলা পথাৰবোৰ
বালিৰ তলত পোত যোৱা
মৰাশবোৰে আচলতে দেখা নাপালে
ৰাক্ষসবোৰৰ মুখাহীন মুখবোৰ
লেলিহান জিভা
পাহাৰ কুটা লোহাৰ দাঁত
আৰু সেউজক ছাই কৰিব পৰা চকুবোৰ
বালিৰ তলত পোত যোৱা
মৰাশবোৰক নক’লে কোনোৱে
ৰাক্ষসৰ সেই সাধুকথা
যি সাধুত
ফুলি থকা ফুলবোৰ হয়
একো একোটা ৰাক্ষস
আৰু
ৰাক্ষসবোৰ হৈ পৰে
একো একোটা ফুলি থকা ফুল
Author
-
Kishor Kumar Kalita is a well-known public intellectual and prominent writer who has authored several books in both English and Assamese. He writes regularly for Assamese dailies on key issues concerning the state, and his poetry and short stories have appeared in numerous journals, magazines, and newspapers. In addition to his literary work, he is a practicing advocate at the Gauhati High Court in Guwahati.
Kishor Kumar Kalita