পৰিবেশ হওক আমাৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু

Share This Article

উজনি অসমৰ তিনিখন জিলাত অলপতে (প্ৰধানকৈ শিৱসাগৰ, লগতে চৰাইদেউ আৰু যোৰহাট জিলা; জুলাই, ২০২৬) যি প্ৰলয়ংকৰী বানপানী হৈ গ’ল সেয়া আছিল এক নোহোৱা-নোপজা ঘটনা৷ বানপানীটোৱে যি নাটকীয় ক্ষিপ্ৰতা আৰু প্ৰাবল্যৰে ধ্বংসলীলা চলাই গোটেই অঞ্চলটো উচ্ছন্ন কৰি থৈ গ’ল সেইটোৱে গোটেই অসমখনকে স্তম্ভিত কৰি তুলিছে৷ এই ধ্বংসলীলা এনেকুৱা সৰ্বাত্মক আৰু অকল্পনীয় যে তাক ভাষাৰে বৰ্ণনা কৰাটো সম্ভৱ নহয়৷ ক’বলৈ গ’লে, এখন সমাজ থিতাতে নাইকিয়া হৈ গ’ল৷ কিছুমান মানুহ মৰি গ’ল, কিছুমান বাচি থাকিল৷ কিন্তু মানুহবোৰে নিৰ্মাণ কৰি লোৱা জীৱনৰ আন্তঃগাঁথনিবোৰ, জীৱ-জন্তু, চৰাই-চিৰিকতি, গছ-বন সকলোৰে আন্তঃসম্পৰ্কৰ ভিত্তিত যুগ যুগ ধৰি গঢ় লৈ উঠা যিটো পৰিস্থিতিতন্ত্ৰই মানুহবোৰক জীয়াই ৰাখে আৰু সমাজখনক লালন-পালন কৰে, সেই সমগ্ৰ তন্ত্ৰটো এই বানপানীয়ে তচনচ কৰি থৈ গ’ল৷ মানুহে বাস কৰা ঘৰখন, সেই চোতালৰ ঘাঁহ-বন, তাৰ চৌপাশৰ বায়ু-পানীৰ সৈতে মানুহৰ গঢ় লয় এক নাড়ীৰ সম্বন্ধ৷

সেই আত্মিক আৰু মিষ্টিকেল সম্বন্ধই বহন কৰে মানুহৰ বহু প্ৰজন্মৰ স্মৃতি আৰু জীৱন সংগ্ৰামৰ ইতিহাস, আৰু তাৰ মাজতেই লুকাই থাকে আমাৰ সংস্কৃতিৰ শিপা৷ শেহতীয়া কালান্তক বানে হয়তো সেই নাড়ীডাল আঁজুৰি ছিঙি পেলালে, সেই শিপাডাল উভালি লৈ গুচি গ’ল৷ জীয়াই থকা মানুহবোৰে ধ্বংসস্তূপৰ মাজত পুনৰ নিজৰ ঘৰখন বান্ধিব, পুনৰ জীয়াই থাকিবলৈ শিকিব৷ কিন্তু নিজৰ হেৰোৱা জীৱনটো, হেৰোৱা সমাজখন বিচাৰি তেওঁলোকে হাহাকাৰ কৰি উঠিব; জীৱনৰ চিনাকি ছন্দ ঘূৰাই আনিবলৈ, সমাজখন পুনৰ্জীৱিত কৰি তুলিবলৈ তেওঁলোকে বহু কষ্ট কৰিব লাগিব৷

মানুহে চলাই থকা প্ৰকৃতিৰ অবাধ লুণ্ঠন আৰু শোষণৰ বিৰুদ্ধে এই বানপানী আছিল প্ৰকৃতিৰ প্ৰতিশোধ৷ এটা কথা ইতিমধ্যে স্পষ্ট হৈ পৰিছে যে কিছুমান ধূৰ্ত ৰাজনীতিক আৰু সিহঁতৰ সংগী দালালচক্ৰই দীৰ্ঘদিন ধৰি ব্যাপক হাৰত নাগালেণ্ডৰ পাহাৰত চলাই অহা কয়লা খনন তথা দিখৌ নদীত চলাই অহা শিল-বালিৰ খননেই হৈছে এই অভূতপূৰ্ব বানপানীৰ কাৰণ৷ বাকী ৰাইজে কম-বেছি পৰিমাণে কথাবোৰ জানিছিল যদিও ৰাজনৈতিক কাৰণত বিষয়টো ইমান দিনে ৰাজহুৱা চিন্তা তথা আতংকৰ কাৰণ হৈ উঠা নাছিল৷

কিন্তু এই বানপানীয়ে আমাৰ সকলোৰে সন্মুখত জলজল পটপট ৰূপত দেখুৱাই দিলে, ইয়াৰ বিৰুদ্ধে প্ৰকৃতিৰ প্ৰতিক্ৰিয়া কেনে বিধ্বংসী হ’ব পাৰে৷ এতিয়া আমি ইতিহাসৰ এটা চূড়ান্ত বিন্দুত উপনীত হ’লোহি, য’ৰপৰা উভতি যাব নোৱাৰি আৰু উভতি যোৱাৰ কথা নাহে৷ আমি হাড়ে-হিমজুৱে উপলব্ধি কৰা উচিত যে এই বানপানী হ’ল আমাৰ প্ৰতি প্ৰকৃতিৰ শেষ সকীয়নি৷ ইয়াৰ পাছত আৰু আন এটা সকীয়নিৰ বাবে অলসভাৱে বাট চোৱাটো হ’ব আমাৰ চৰম মূৰ্খামি৷ আনহাতে, এই বানপানীয়ে যেনেকৈ বিভীষিকাৰ সৃষ্টি কৰিলে তেনেকৈ সি মানুহৰ মানৱীয় একতাৰ শক্তিও উন্মোচন কৰিলে৷ বানৰ ধ্বংসলীলাৰ পাছত গোটেই অসমৰপৰা আহি মানুহে জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে সকলোৱে মিলি-জুলি উদ্ধাৰ তথা সাহায্যৰ কামত জোৰদাৰভাৱে নামি পৰিল৷ ইয়াৰ মাজত এফালে এখন অন্তৰ্ভুক্তিবাদী আৰু শান্তি-সম্প্ৰীতিৰ অসমীয়া সমাজৰ ধাৰণা উদ্ভাসিত হৈ উঠিল, আনফালে প্ৰাকৃতিক দুৰ্যোগৰ বিৰুদ্ধে মানুহৰ সন্মিলিত সংগ্ৰামৰ ছবি প্ৰতিভাত হৈ উঠিল৷ এই স্বতঃস্ফূৰ্ত একতা, প্ৰশ্নহীন নৈতিক দায়বদ্ধতা আৰু অপৰাজেয় সংগ্ৰামী চেতনাই আমাক যে কেৱল শিৱসাগৰৰ দুৰ্যোগৰ সময়তে বচাইছে তেনে নহয় – আমাৰ জাতিটোৰ তথা সমাজখনৰ বাবে অনিশ্চিত-সংশয়াচ্ছন্ন ভৱিষ্যতৰ বুকুত লুকাই থকা সম্ভাব্য বিপদৰ সময়তো ইয়েই হ’ব আমাৰ সম্বল৷ হিন্দু জাতীয়তাবাদৰ সামাজিক-ৰাজনৈতিক প্ৰভুত্বৰ মাজত আৰু বিশ্বায়নী অৰ্থনীতিৰ নাগপাশত পিষ্ট মৃতপ্ৰায় অৰ্থনৈতিক পৰিবেশত ই হ’ল আমাৰ প্ৰধান শক্তি আৰু পুনৰ্জীৱনৰ প্ৰধান আধাৰ৷ এই শক্তিক আমি সযত্নে লালন কৰা দৰকাৰ, আৰু লগতে ইয়াক ৰাজনৈতিকভাৱে অধিক তীক্ষ্ণ আৰু কেন্দ্ৰীভূত কৰি তোলা দৰকাৰ৷

সমান্তৰালভাৱে অসমত বহু দিন ধৰি ঘটি থকা আৰু সম্প্ৰতি তীব্ৰতা লাভ কৰা আন কিছুমান সম্পৰ্কিত ঘটনাৰ প্ৰতিও চকু দিয়া দৰকাৰ৷ নিত্য-নতুন প্ৰাকৃতিক দুৰ্যোগ তথা ঔদ্যোগিক বিপৰ্যয় ঘটিব লাগিছে; আনহাতে, চৰকাৰী পৃষ্ঠপোষকতাত বাহিৰা পুঁজিপতি-ব্যৱসায়ী তথা সিহঁতৰ থলুৱা সহযোগীবিলাকে অসমৰ ভূমি-সম্পদৰ দখল অভিযান পূৰ্ণ্যোদ্যমে চলাব ধৰিছে৷ কাজিৰঙাৰ ইংলে পথাৰত হায়াট গোষ্ঠীৰ হোটেলৰ বাবেই হওক, মিকিৰ বামুণীত সৌৰশক্তিৰ প্লাণ্টৰ বাবেই হওক, কাৰ্বি আংলঙত আদানীৰ সৌৰ প্ৰজেক্টৰ বাবেই হওক – সকলোফালে মাথোন ভূমি-সম্পদৰ অবাধ আগ্ৰাসন৷ সকলোতে উচ্ছেদিত হৈছে মানুহ – কেতিয়াবা সাম্প্ৰদায়িক ৰাজনীতিৰ বাবে, কেতিয়াবা উন্নয়নৰ নামত, কেতিয়াবা প্ৰকৃতিৰ সুৰক্ষাৰ নামত; কেতিয়াবা ছিপাঝাৰত, কেতিয়াবা সিন্ধিশৰত, কেতিয়াবা আমচাঙত৷ সকলোতে ভুক্তভোগী ৰাইজে প্ৰতিবাদ আৰু প্ৰতিৰোধী আন্দোলনত নামি পৰিছে৷ কেতিয়াবা প্ৰতিবাদ হৈছে দিহিং পাটকাই বৰ্ষাৰণ্যত চলা অবৈধ কয়লা খননৰ বিৰুদ্ধে, কেতিয়াবা প্ৰতিবাদ হৈছে কুলশী নদীৰ ওপৰত বন্ধাব খোজা নদীবান্ধৰ বিৰুদ্ধে৷ কেইবছৰমান পূৰ্বে জ্বলা বাঘজানৰ জুইকুৰা নুমাল হয়, কিন্তু সেই জুইত দগ্ধ হোৱা তাৰ পুৰণি পৃথিৱীখন আজিও মূৰ দাঙি উঠিব পৰা নাই৷ বাঘজানৰ বুকু দহি নিয়া ঘটনাই যিটো প্ৰশ্ন উত্থাপন কৰিছিল সেই প্ৰশ্নটো বিবিধ ৰূপত বাৰংবাৰ আমাৰ সন্মুখলৈ আহি আছে – বিপৰ্যয়ৰ সমস্ত পৰিণাম যদি ভুগিব লাগে আমাৰ মানুহ আৰু প্ৰকৃতিয়ে, যাৰ হাতত উদ্যোগৰ মুনাফা কাহানিও নিগৰি নপৰেহি, তেনেহ’লে তেনে উদ্যোগ আৰু উন্নয়নৰ অৰ্থ কি? সি যি নহওক, শিৱসাগৰৰ বানপানীৰপৰা বাঘজান তৈলখাদৰ বিস্ফোৰণলৈকে এই সমস্ত ঘটনাৰাজি আচলতে একেডাল এনাজৰীৰে বান্ধ খাই থকা, একেটা কাহিনীৰে বিভিন্ন বিন্দু মাত্ৰ৷ শেহতীয়া বানপানীৰ মহাপ্ৰলয়ে আমাক সেয়ে অৱশ্যম্ভাৱীভাৱে আগ বঢ়াই লৈ যায় সেই মূল কাহিনীটো অভিমুখে – যিটো হ’ল পৰিবেশৰ কাহিনী৷

পৰিবেশ বুলি ক’লে সাধাৰণতে আমাৰ মনলৈ আহে আমাৰ জীৱনৰ তথা সকলো কৰ্মকাণ্ডৰ পটভূমি হিচাপে প্ৰাকৃতিক পৰিবেশ (environment) আৰু পৰিস্থিতিতন্ত্ৰৰ (ecosystem) কথা৷ এই অৰ্থত পৰিবেশ আমাৰ বাবে স্বতঃসিদ্ধ আৰু চিৰন্তন; আমি চাওঁ বা নাচাওঁ, ভাবো বা নাভাবো, সি সদায় আছিল আৰু আছে৷ মানুহে গছ-বন কাটিছে হয়, প্ৰদূষণ বাঢ়িছে হয়, কিন্তু সামগ্ৰিক অৰ্থত পৰিবেশ বস্তুটোৱেই বিধ্বস্ত হৈ যাব বুলি, স্বয়ং তাৰ অস্তিত্বয়েই সংকটত পৰিব বুলি আমি ভাবি পোৱা নাই৷ ওপৰৰ নীলা আকাশখন যেনেদৰে আছে আৰু থাকিব, তেনেদৰে নদীবোৰ, পাহাৰবোৰ, অৰণ্যবোৰ থাকিব বুলি আমাৰ সামূহিক অৱচেতন মনত এক গভীৰ বিশ্বাস শিপাই আছে৷ প্ৰকৃতিৰ অক্ষয় পাত্ৰৰপৰা অলপ জল ল’লো বুলিয়েই, অলপ জল ছটিয়াই পেলালো বুলিয়েই পাত্ৰটো খালী হৈ যাব নেকি? সেয়ে পৰিবেশ আমাৰ চিন্তা আৰু কৰ্মৰ কেন্দ্ৰীয় বিষয় হৈ উঠা নাই৷ পৰিবেশক লৈ চলি থকা কথা-বাৰ্তা আৰু এক্টিভিজমক আমি দৰকাৰী আৰু ভাল কাম বুলিয়েই ভাবো, কিন্তু তাৰ গুৰুত্ব আমাৰ বাবে গৌণ৷

দেশখনত বহু সমস্যা আছে, বহু কৰিবলগীয়া কাম আছে; পৰিবেশ তাৰ ভিতৰৰে এটা বিষয় মাথোন৷ আনহাতে, চৰকাৰে পৰিবেশকৰ্মীসকলক সদায় উন্নয়নৰ বিৰোধী বুলি নস্যাৎ আৰু দমন কৰিব খোজে৷ গতিকে এই লৈও সন্দেহ হয় যে পৰিবেশৰ নামত উন্নয়নৰ কাম-কাজ বন্ধ ৰখাটো সমীচীন হ’ব জানো? সদ্যহতে আমি উপৰোক্ত প্ৰথম প্ৰশ্নটোৰ উত্তৰ বিচাৰো, দ্বিতীয় প্ৰশ্নটোলৈ পাছত আহিম৷ একে আষাৰে ক’বলৈ হ’লে, এতিয়া আমি এক পাৰিবেশিক ইমাৰ্জেন্সিৰ মাজত বাস কৰিছো৷ এনেয়েও অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাকৃতিকভাৱে অস্থিৰ আৰু আঘাতপ্ৰৱণ পৰিবেশৰ মাজত আমাৰ অৱস্থান৷ ভূতৰ ওপৰত দানহ পৰাদি চৌপাশে বৃহদাকাৰ ঔদ্যোগিক আন্তঃগাঁথনি সাজি আৰু সম্পদৰ বাবে প্ৰকৃতিৰ লুণ্ঠন চলাই প্ৰাকৃতিক সন্তুলন নিঃশেষ কৰি পেলোৱা হৈছে, যাৰ পৰিণামত গোটেই পৰিবেশটো দুৰ্বল, ফোঁপোলা আৰু বিপদজনক হৈ পৰিছে৷ এনে অৱস্থাত কেতিয়া কোনটো নদীবান্ধ ভাগি পানী আহি বা অন্য প্ৰাকৃতিক বিপৰ্যয় ঘটি আমাৰ জীৱন আৰু সভ্যতা বৰবাদ কৰি থৈ যাব তাৰ কোনো ইয়ত্তা নাই৷ যদি তেনে কোনো নাটকীয় পৰিঘটনা নঘটেও, এই লৈ কোনো সন্দেহ নাই যে ধীৰে ধীৰে আমাৰ পৰিবেশটো অস্তিত্বজনিত সংকটত পৰিছে আৰু আমি ক্ৰমাৎ ভৰিৰ তলৰ মাটিখিনি হেৰুৱাবলৈ আৰম্ভ কৰিছো৷

গতিকে পৰিবেশক লৈ হীন-দেৰি কৰাৰ কোনো অৱকাশ আমাৰ হাতত নাই৷ আমাৰ চিন্তা-চৰ্চা, জীৱন-চৰ্যা, সমাজ আৰু ৰাজনীতি – পৰিবেশক কেন্দ্ৰ কৰি আমি এই সকলোখিনিৰে পুনৰ্চিন্তন আৰু পুনৰমূল্যায়ন কৰাটো অতিকে জৰুৰী হৈ পৰিছে৷ পৰিবেশ কোনো এটা বিষয় নহয়, সিয়েই হ’ল প্ৰধান বিষয়৷ পৰিবেশৰ বুকুতেই আমাৰ জন্ম, পৰিবেশৰ সৈতে বিনিময় কৰিয়েই আমি জীয়াই আছো৷ পৰিবেশ কোনো নিশ্চল পটভূমি নহয় – পৰিবেশেই আমাৰ জীৱন, পৰিবেশেই আমাৰ অস্তিত্ব৷ গতিকে আমাৰ ৰাজনীতিত পৰিবেশ এটা ইচ্ছ্যু হ’ব নোৱাৰে – বৰং পৰিবেশেই হোৱা উচিত ৰাজনীতিৰ কেন্দ্ৰবিন্দু৷ তাৰ বাবে আমি প্ৰচলিত ৰাজনীতিক পুনৰসংজ্ঞায়িত কৰাটো, আমাৰ ৰাজনৈতিক অন্তৰ্দৃষ্টিক তাত্ত্বিকভাৱে সুস্পষ্ট কৰি তোলাটো আৰু আমাৰ ৰাজনৈতিক ভাষাটোক পুনৰাৱিষ্কাৰ কৰাটো দৰকাৰী৷ চমুকৈ ক’বলৈ গ’লে, এইটোৱে আমাৰ ৰাজনীতিৰ এক বুনিয়াদী ৰূপান্তৰ দাবী কৰে৷

শেহতীয়া সময়ত গোলকীয় জলবায়ু পৰিবৰ্তনৰ প্ৰক্ৰিয়াটো আৰু তাৰ পৰিণামসমূহ ক্ৰমবৰ্ধমানভাৱে স্পষ্ট হ’বলৈ ধৰিছে৷ পৃথিৱীজুৰি মানুহৰ মাজত আশংকা হৈছে যে আমি সকলোটি জলবায়ুজনিত মহাপ্ৰলয়ৰ দিশে আগ বাঢ়ি গৈ আছো৷  খনিজ ইন্ধন, নিৰ্বনানীকৰণ আদি মানৱ-পৰিচালিত কাৰ্যপ্ৰণালীয়ে পৃথিৱীখনৰ জলবায়ু ব্যৱস্থাটোক ধ্বংসৰ মুখলৈ ঠেলি দিব লাগিছে৷ সেউজগৃহ গেছসমূহ অধিক পৰিমাণে সৃষ্টি হৈছে, গোলকীয় তাপমাত্ৰা ভয়ংকৰভাৱে বৃদ্ধি পাইছে৷ ইয়াৰ পৰিণামস্বৰূপে গ্ৰীষ্মপ্ৰৱাহ, ধুমুহা, বানপানী আদি চৰম প্ৰাকৃতিক পৰিঘটনা অহৰহ ঘটিবলৈ ধৰিছে, দুই মেৰুত বৰফ গলিবলৈ ধৰিছে, সাগৰপৃষ্ঠৰ উচ্চতা বাঢ়ি গৈ আছে, জৈৱবৈচিত্ৰ্যৰ বিলোপ হ’ব লাগিছে৷ যদি এই প্ৰক্ৰিয়াটোৰ বিৰুদ্ধে তাৎক্ষণিক আৰু ব্যৱস্থাগত প্ৰতিকাৰ গ্ৰহণ কৰা নহয়, তেনেহ’লে সমগ্ৰ মানৱ জাতিয়েই সোনকালে মৰণৰ দিন গণিব লাগিব৷

সি যি নহওক, পৰ্যাপ্ত নহ’লেও এই লৈ আন্তঃৰাষ্ট্ৰীয় স্তৰত তথা পাশ্চাত্যৰ বিভিন্ন দেশত চিন্তা-চৰ্চা আৰু কৰ্মতৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ ইয়াক কেন্দ্ৰ কৰি সমগ্ৰ মানৱ-চিন্তাৰ পুনৰ্চিন্তনৰ যো-জা চলিছে৷ Anthropocene ধাৰণাটোৱে তেনে প্ৰচেষ্টাৰে স্বাক্ষৰ বহন কৰে৷ মানৱ (anthropo) আৰু নতুন (cene) বুজোৱা গ্ৰিক ভাষাৰপৰা অহা দুটা শব্দৰে এই পৰিভাষাটো নিৰ্মাণ কৰা হৈছে৷ এন্থ্ৰ’প’চিন হ’ল এটা প্ৰস্তাৱিত ভূতাত্ত্বিক যুগ, য’ত মানুহৰ কৰ্মকাণ্ডই পৃথিৱীখনৰ জলবায়ু, পৰিস্থিতিতন্ত্ৰ আৰু ভূতত্ত্বৰ গুণগত পৰিবৰ্তন সাধন কৰিছে৷ পূৰ্বতে ভূতত্ত্বৰ জগতখন আৰু মানুহৰ জগতখনৰ মাজত কোনো সম্পৰ্ক নাই বুলি ভবা হৈছিল৷ ভূতাত্ত্বিক ইতিহাস চলে ধীৰে ধীৰে মিলিয়ন-বিলিয়ন বছৰৰ হিচাপত; আনহাতে, মানুহৰ ইতিহাস মাত্ৰ কেইহাজাৰমান বছৰতে সীমাবদ্ধ, য’ত ক্ষিপ্ৰ সামাজিক-অৰ্থনৈতিক-প্ৰাযুক্তিক বিকাশ দেখিবলৈ পোৱা যায়৷

এই দুই ইতিহাসে সময়ৰ দুটা সম্পূৰ্ণ ভিন্ন ধাৰণাক প্ৰতিনিধিত্ব কৰিছিল, আৰু দুইটাৰ মাজত কোনোধৰণৰ বিনিময় পৰিলক্ষিত নহৈছিল৷ মানুহে নিজৰ বিকাশৰ বাবে দীৰ্ঘ সময় জুৰি এখন উপযুক্ত সুস্থিৰ পৃথিৱী লাভ কৰিছিল৷ কিন্তু এন্থ্ৰ’প’চিন যুগত মানুহ নিজেই এক ভূতাত্ত্বিক কৰ্তাত (geological agent) পৰিণত হৈছিল, যাৰ প্ৰভাৱে ধীৰে ধীৰে পৃথিৱীৰ ভূতাত্ত্বিক পৰিবৰ্তন সাধন কৰিছিল৷ এই যুগটোৰ আৰম্ভণি কেতিয়া হৈছিল সেই লৈ বিদ্বান মহলত বিতৰ্ক আছে যদিও সাধাৰণভাৱে ক’ব পাৰি যে অষ্টাদশ শতিকাৰ ঔদ্যোগিক বিপ্লৱে ইয়াৰ সূচনা কৰিছিল, কিন্তু বিংশ শতিকাৰ মধ্যভাগত (বিশ্বযুদ্ধ-পৰৱৰ্তী জনসংখ্যা বৃদ্ধি, ঔদ্যোগীকৰণ, উপভোগৰ প্ৰসাৰ আদি কাৰণত) এই প্ৰক্ৰিয়াটো ত্বৰান্বিত হৈছিল৷

মানুহে পৃথিৱীৰ ভূতত্ত্বত ঘটোৱা অপৰিবৰ্তনীয় আৰু সংশোধনাতীত সালসলনিৰ অৱধাৰিত পৰিণাম হ’ল জলবায়ু পৰিবৰ্তন৷ সি যি নহওক, এন্থ্ৰ’প’চিন ধাৰণাটোৱে চিন্তাজগতত নতুন আলোড়নৰ সৃষ্টি কৰিছে৷ তাৰ ফলত নৃতত্ত্ব, সমাজতত্ত্ব, দৰ্শন, ইতিহাস, অৰ্থনীতিবিজ্ঞান, ৰাজনৈতিক তত্ত্ব আদি সকলো মানৱ বিজ্ঞানতে এক ৰেডিকেল পুনৰ্কল্পনাৰ সূচনা হৈছে৷ পৃথিৱীত মানুহৰ কেন্দ্ৰীয় তথা ব্যতিক্ৰমী স্থান (anthropocentrism & human exceptionalism), মানৱ জাতিৰ ধাৰাবাহিক প্ৰগতি, প্ৰকৃতি আৰু সংস্কৃতিৰ পৃথকতা-দ্বৈতবাদ আদি পুৰণি সাৰ্বজনীন ধাৰণাসমূহ ভাঙি পেলোৱা হৈছে৷ উদাহৰণস্বৰূপে, মানৱ-কেন্দ্ৰিক গোলকীয়ৰ (global) পৰিবৰ্তে গ্ৰহীয় ইতিহাসৰ (planetary history) কথা কোৱা হৈছে, য’ত সাম্প্ৰতিক জলবায়ু পৰিস্থিতিৰ প্ৰেক্ষাপটত ইতিহাসক নতুনধৰণে ব্যাখ্যা কৰা হৈছে৷ ইয়াত ইতিহাস আৰু আধুনিকতাৰ প্ৰচলিত ধাৰণাক প্ৰত্যাহ্বান জনাই মানুহক ইতিহাসৰ কেন্দ্ৰবিন্দুৰপৰা বিস্থাপিত কৰা হৈছে; নিজৰ লজিক তথা সময় (‘গভীৰ’ ভূতাত্ত্বিক সময়) অনুসৰি চলা পৃথিৱী নামৰ গতিশীল ব্যৱস্থাটোৰ মাজত ৰাখি মানুহক বিচাৰ কৰা হৈছে৷

বহু-প্ৰজাতি নৃকুলবিদ্যাৰ (multispecies ethnography) কথা কোৱা হৈছে, য’ত মানুহৰ লগতে অনা-মানৱ জীৱপ্ৰজাতিসমূহকো সাঙুৰি লোৱা হয়; মানুহ, জীৱ-জন্তু, উদ্ভিদ, অণুজীৱ আদি সকলোৱে মিলি সক্ৰিয়ভাৱে কেনেকৈ জীৱনৰ বিভিন্ন ৰূপ গঢ় দিছে আৰু মানুহৰ সমাজ-অৰ্থনীতি-সংস্কৃতিৰ সৈতে কেনেকৈ এই অনা-মানৱ প্ৰজাতিসমূহৰ জীৱন-কৰ্মও অবিচ্ছেদ্যভাৱে বান্ধ খাই আছে সেই বিষয়ে আলোচনা কৰা হয়৷ সি যি নহওক, গোলকীয় জলবায়ু পৰিবৰ্তনে কঢ়িয়াই অনা প্ৰত্যাহ্বান আমিও উপলব্ধি কৰাটো জৰুৰী৷ একেদৰে, এন্থ্ৰ’প’চিনৰ ধাৰণাই সূচনা কৰা এই গ্ৰহীয় আৰু বহু-প্ৰজাতি চেতনাক আমাৰ পাৰিবেশিক ৰাজনীতিৰ মূল গঠনকাৰী উপাদান হিচাপে গ্ৰহণ কৰা উচিত৷

এইখিনিতে আমি গোলকীয় জলবায়ু পৰিবৰ্তন আৰু স্থানীয় পৰিবেশ বিনষ্টকৰণৰ মাজত ধাৰণাগত পাৰ্থক্য সূচিত কৰা দৰকাৰ৷ ভাৰতত এতিয়ালৈকে যি পৰিবেশ বিনষ্টকৰণ ঘটিছে আৰু তাৰ ফলত যি পাৰিবেশিক বিপৰ্যয়ৰ সৃষ্টি হৈছে, তাৰ মূল কাৰণ হ’ল প্ৰচলিত উন্নয়নৰ মডেল – জলবায়ু পৰিবৰ্তন নহয়৷ জলবায়ু পৰিবৰ্তন নঘটিলেও স্থানীয় পাৰিবেশিক কাৰণত ভাৰতত মানুহৰ জীৱন আৰু সমাজ ভিন ভিনধৰণে বিপদাপন্ন হোৱাটো অৱধাৰিত৷ বায়ু প্ৰদূষিত হৈ মানুহে উশাহ ল’ব নোৱৰা পৰিস্থিতি হৈছে, নগৰে-চহৰে কৃত্ৰিম বানপানী হৈছে, মাটিৰ তলৰ পানীৰ ভাণ্ডাৰ ক্ৰমাৎ শুকাই আহিছে, নদীবোৰ বিষাক্ত হৈ পৰিছে, অৰণ্যবোৰ টকলা হৈছে, জৈৱবৈচিত্ৰ্য হ্ৰাস পাই গৈ আছে, পাহাৰবোৰ ফোঁপোলা হৈছে – এইবোৰৰ সৈতে গোলকীয় জলবায়ু পৰিবৰ্তনৰ বিশেষ সম্পৰ্ক নাই৷

ভুল পলিচিৰে, ভুল অভ্যাসেৰে পৰিচালিত হৈ প্ৰাতিষ্ঠানিক- আৰু সামূহিকভাৱে ভাৰতত পৰিবেশটো ধ্বংসৰ গৰাহলৈ ঠেলি পঠোৱা হৈছে৷ জলবায়ু পৰিবৰ্তন অহাৰ আগতেই আমি আমাৰ পৰিবেশটো বিধ্বস্ত কৰি ৰাখিছো৷ গতিকে ভাৰতৰ ক্ষেত্ৰত জলবায়ু পৰিবৰ্তন হ’ল এটা অতিৰিক্ত সংযোজন, এক বৰ্ধিত বোজা৷ এনে অৱস্থাত ভাৰতবাসীৰ বাবে অনাগত দিনত জলবায়ু পৰিবৰ্তনৰ পৰিণামসমূহ যে অধিক ভয়াৱহ আৰু মাৰাত্মক হ’ব সেইটো ধুৰুপ৷

ইমান পাৰিবেশিক দুৰৱস্থাৰ পাছতো যে ভাৰতত পৰিবেশৰ প্ৰশ্নটো ৰাজনীতি তথা ৰাজহুৱা বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ উঠা নাই সেইটো বৰ আশ্চৰ্যৰ কথা৷ ইউৰোপত (লগতে কম পৰিমাণে আমেৰিকা, অষ্ট্ৰেলিয়াতো) গ্ৰিন পাৰ্টিসমূহে সেউজ আন্দোলনৰ ধ্বজা উৰুৱাই ৰাখিছে, লগতে চৰকাৰত অংশগ্ৰহণ কৰি পলিচি নিৰ্ধাৰণতো প্ৰভাৱ বিস্তাৰ কৰিছে৷ জাৰ্মানি এইক্ষেত্ৰত সবাতোকৈ উজ্জ্বল দৃষ্টান্ত৷ এনেকুৱা এটা গ্ৰিন পাৰ্টিৰ কল্পনাও আমি ভাৰতত কৰিব নোৱাৰো৷ বিভিন্ন প্ৰাকৃতিক তথা ঔদ্যোগিক দুৰ্যোগৰ বিৰুদ্ধে ভুক্তভোগী ৰাইজ তথা সচেতন মহলে প্ৰতিবাদ সাব্যস্ত কৰে আৰু তাক লৈ কিছুদিন চৰ্চা চলে৷ কিন্তু সেইটোৱে সামাজিক-ৰাজনৈতিকভাৱে কোনো ব্যাপক আৰু স্থায়ী প্ৰভাৱ বিস্তাৰ কৰা দেখিবলৈ পোৱা নাযায়৷

ৰাজহুৱা পৰিসৰত চিন্তা-চৰ্চাৰ এটা সাধাৰণ আৰু গুৰুত্বপূৰ্ণ বিষয় হিচাপে পৰিবেশৰ উপস্থিতি নাই বুলিবই পাৰি৷ মূলসুঁতিৰ ৰাজনৈতিক দলবিলাকৰ কোনোটোৱেই পৰিবেশক নিজৰ ধাৰাবাহিক চৰ্চা আৰু অনুশীলনৰ ইচ্ছ্যু হিচাপে গ্ৰহণ কৰা পৰিলক্ষিত নহয়৷ দুদিনমান কোনোবাই উত্থাপন কৰিলেও তাৰ পাছতে সচৰাচৰ চিনাকি ৰাজনৈতিক ইচ্ছ্যুবিলাক চৰ্চাৰ মাজলৈ পুনৰ উভতি আহে৷ ভাৰতৰ আৱেগপ্ৰধান আৰু নিৰ্বাচনকেন্দ্ৰিক হ্ৰস্বম্যাদী হিচাপত চলা ৰাজনৈতিক সংস্কৃতিত পৰিবেশৰ দৰে দীৰ্ঘম্যাদী বিষয় এটাই ঠাই নোপোৱাই স্বাভাৱিক৷ পৰিবেশৰ কথাই ভোট আনিব নোৱাৰে৷ তদুপৰি ইয়াৰ কিছুমান কাঠামোগত প্ৰতিবন্ধকো দেখা যায়৷

ভাৰতত first past the post নিৰ্বাচনী ব্যৱস্থা প্ৰচলিত য’ত প্ৰতিটো সমষ্টিতে অধিকাংশ ভোট লাভ কৰা প্ৰতিনিধিজনক নিৰ্বাচিত কৰা হয় আৰু বাকীসকল প্ৰতিনিধি বাহিৰ হৈ যায়৷ এনেকুৱা নিৰ্বাচনী ব্যৱস্থাত গ্ৰিন পাৰ্টি প্ৰতিষ্ঠা কৰিলেও সি বিশুদ্ধ সেউজ ৰাজনীতিৰে কেতিয়াও ভাৰতৰ আইনসভাত স্থান লাভ কৰিব নোৱাৰে৷ ইয়াৰ বিপৰীতে proportional representation ব্যৱস্থাত লাভ কৰা ভোটৰ অংশ অনুসৰি দল এটাই আইনসভাত আসন লাভ কৰে৷ এই ব্যৱস্থাই ইউৰোপত গ্ৰিন পাৰ্টিসমূহক সংখ্যাগৰিষ্ঠ সমৰ্থন লাভ নকৰা সত্ত্বেও আইনসভাত স্থান লাভ কৰাত সহায় কৰিছে৷ আনহাতে, ভাৰতত সেউজ ৰাজনীতি কৰিবলৈ হ’লে পোনতে নব্য উদাৰতাবাদী উন্নয়নৰ মডেলটোক বিচাৰৰ কাঠগড়াত থিয় কৰাব লাগিব৷ পুঁজিপতিৰ টকাৰ ওপৰত পোনপটীয়া নিৰ্ভৰশীলতা আন এটা কথা, কিন্তু সেইটো নহ’লেও আৰু সদিচ্ছা থাকিলেও এই কাম কৰাটো ৰাজনৈতিক দলসমূহৰ বাবে সহজ নহয়৷

কেন্দ্ৰতে হওক বা ৰাজ্যতে হওক চৰকাৰ গঠন কৰিবলৈ হ’লে বৰ্তমান অৱস্থাত সকলো দলেই একেটা প্ৰাতিষ্ঠানিক ফ্ৰেমৱৰ্কৰ মাজত থাকিয়েই, পুঁজিৰ একেই হেঁচা আৰু নেটৱৰ্কৰ সৈতে মোকাবিলা কৰিয়েই কাম কৰিব লাগিব৷ বাঁওপন্থী দলবিলাকে নীতিগত স্তৰত নব্য উদাৰতাবাদক সমালোচনা কৰিলেও কাৰ্যতঃ সিবিলাকে একেই দ্বন্দ্ব আৰু প্ৰশ্নৰ সন্মুখীন হোৱা দেখা গৈছে৷ যেনে, বৃহৎ পুঁজিপতিক ৰাজ্যলৈ আমন্ত্ৰণ কৰিব নে নকৰিব? গতিকে সদ্যহতে কোনো দলেই এটা ৰেডিকেল বিশ্বদৃষ্টিৰে সেউজ ৰাজনীতিক আঁকোৱালি লোৱাৰ সম্ভাৱনা ক্ষীণ৷ এনে অৱস্থাত ৰাজনৈতিক দলবিলাকে নিজ ইচ্ছাৰে পৰিবেশৰ বাবে ডাঙৰ কিবা কৰিব বুলি আশা কৰিব নোৱাৰি৷ কেৱল গণ আন্দোলন আৰু নাগৰিক সমাজৰ প্ৰতিবাদৰ সন্মিলিত হেঁচাইহে দলবিলাকক পৰিবেশৰ প্ৰশ্নটোক গুৰুত্ব দিবলৈ আৰু পথ পৰিবৰ্তন কৰিবলৈ বাধ্য কৰিব পাৰে৷ গতিকে আমাৰ পাৰিবেশিক ৰাজনীতিয়েও ধাৰাবাহিক, দীৰ্ঘম্যাদী আৰু ধৈৰ্যশীল সংগ্ৰামৰ বাবে তাত্ত্বিক-ৰণনৈতিক আধাৰ গঠন কৰিব লাগিব৷

স্বাধীন ভাৰতত উন্নয়নৰ নীতি কাহানিও পৰিবেশৰ প্ৰতি সংবেদনশীল নাছিল আৰু সেই নীতিৰ পৰিণাম আমি ক্ৰমাৎ দেখিবলৈ পাই আহিছো পাৰিবেশিক বিপৰ্যয়ৰ ৰূপত৷ উন্নয়নৰ প্ৰক্ৰিয়া এটা প্ৰকৃতাৰ্থত জনমুখী আৰু দীৰ্ঘস্থায়ীভাৱে কল্যাণকামী হৈ উঠিবলৈ হ’লে সি সমান্তৰালভাৱে দুটা চৰ্ত পূৰণ কৰিব লাগিব – প্ৰথমটো পাৰিবেশিক বহনযোগ্যতা আৰু দ্বিতীয়টো প্ৰভাৱিত জনগোটৰ সামাজিক ন্যায়৷ উন্নয়নৰ প্ৰক্ৰিয়া এটা পৰিবেশৰ বাবে বহনযোগ্য হ’বই লাগিব; অন্যথা ই পোনতে ফলপ্ৰসূ হ’লেও কালক্ৰমত অভিশাপলৈ পৰ্যবসিত হোৱাৰ সম্ভাৱনা প্ৰবল৷ আনহাতে, উন্নয়নৰ প্ৰক্ৰিয়াই যিখিনি মানুহক প্ৰভাৱিত কৰিব সেই জন সমুদায়টোৰ সামাজিক ন্যায় নিশ্চিত হ’বই লাগিব৷ এই দুটা চৰ্ত পূৰণ নহ’লে উন্নয়নৰ কোনো প্ৰক্ৰিয়াই জনসাধাৰণৰ দীৰ্ঘম্যাদী কল্যাণ সাধন কৰিব নোৱাৰে৷ কিন্তু স্বাধীন ভাৰতত উন্নয়নৰ যি নীতি গ্ৰহণ কৰা হৈছিল সি ইয়াৰ এটাও চৰ্ত সাৰ্থকভাৱে পূৰণ কৰিব পৰা নাছিল; বিশেষকৈ পাৰিবেশিক বহনযোগ্যতাৰ প্ৰশ্নটোক চূড়ান্তভাৱে অৱহেলা কৰা হৈছিল৷ পৰৱৰ্তী সময়ত সেই পৰিস্থিতিৰ কোনো উন্নতি নঘটিলেই, বৰং অধিক ভয়ানকভাৱে গণবিৰোধী আৰু পৰিবেশবিৰোধী ৰূপহে পৰিগ্ৰহ কৰিবলৈ ধৰিলে৷

উন্নয়নৰ এই কাহিনীটো আমি তিনিটা বিন্দুৰে চিহ্নিত কৰিব পাৰো : স্বাধীনতাৰ পাছত নেহৰুৰ উন্নয়নবাদী নীতি, নব্বৈৰ দশকত উদাৰীকৰণ-ব্যক্তিগতকৰণ-বিশ্বায়নৰ নীতি, মোদীৰ আগমনৰ পাছত নতুন ৰূপৰ আক্ৰমণাত্মক উন্নয়নবাদৰ নীতি৷ ব্ৰিটিছে ঔপনিবেশিক শোষণৰ স্বাৰ্থত ভাৰতত ঔদ্যোগীকৰণৰ যিটো মডেল প্ৰতিষ্ঠা কৰিছিল, সি আছিল পুঁজি-কেন্দ্ৰিক, সম্পদ-প্ৰধান, কেন্দ্ৰীভূত আৰু প্ৰদূষণকাৰী৷ স্বাধীন ভাৰতে সেই মডেলটো নাকচ কৰি তাৰ ঠাইত ভাৰতৰ ভৌগোলিক-প্ৰাকৃতিক বাস্তৱতাৰ সৈতে খাপ খোৱাকৈ এটা থলুৱা বহনক্ষম আৰু গণমুখী উন্নয়নৰ মডেল গঢ়ি তোলাটো অধিক সমীচীন আছিল৷ কিন্তু তাৰ সলনি জোৰদাৰ গধুৰ ঔদ্যোগীকৰণৰ পথ বাছি লোৱা হৈছিল৷ ভাৰতক যিমান পাৰি সোনকালে আগ বঢ়াই নি পাশ্চাত্যৰ উন্নত ৰাষ্ট্ৰবিলাকৰ সৈতে একে শাৰীত থিয় কৰোৱাৰ কথা ভবা হৈছিল; কিন্তু পাশ্চাত্যৰ ৰাষ্ট্ৰবিলাকে নিজৰ ঔদ্যোগীকৰণৰ প্ৰক্ৰিয়াত উপনিবেশসমূহৰ ওপৰত যেনেদৰে নিৰ্ভৰ কৰিছিল (উপনিবেশসমূহে কেঁচামালো দিছিল, শ্ৰমিকো দিছিল, বজাৰো দিছিল, পাৰিবেশিক ক্ষতিসমূহো বহন কৰিছিল), ভাৰতে তেনেদৰে কাৰো ওপৰত নিৰ্ভৰ কৰাৰ কথা নাছিল৷ স্বাভাৱিকতেই ক্ষিপ্ৰ আৰু বৃহৎ ঔদ্যোগীকৰণৰ ক্ষতিকৰ পাৰ্শ্বক্ৰিয়াসমূহ ভাৰতৰ মানুহ আৰু প্ৰকৃতিয়েই ভুগিবলগীয়া হৈছিল৷

ৰাষ্ট্ৰ-পৰিচালিত অৰ্থনৈতিক ৰূপান্তৰৰ এই মতাদৰ্শ তথা ৰণনীতিক উন্নয়নবাদ (developmentalism) হিচাপে অভিহিত কৰা হয়৷ এই অনুসৰি পৰিকল্পনাৰ আধাৰত গধুৰ উদ্যোগ আৰু আন্তঃগাঁথনি নিৰ্মাণৰ ওপৰত গুৰুত্বাৰোপ কৰা হয়, আৰু ৰাষ্ট্ৰই দেশখনৰ আধুনিকীকৰণ, জাতীয় পুনৰ্নিৰ্মাণ তথা অৰ্থনৈতিক আত্মনিৰ্ভৰশীলতা অৰ্জনৰ হকে সক্ৰিয় দায়িত্ব কান্ধ পাতি লয়৷ খুব চমুকৈ ক’বলৈ হ’লে, নেহৰুৰ নেতৃত্বত পৰিচালিত উন্নয়নবাদী নীতিয়ে (যাক আমি উন্নয়নবাদৰ ধ্ৰুপদী পৰ্যায় বুলিব পাৰো) আধুনিক ভাৰতৰ অৰ্থনৈতিক ভেটি গজগজীয়াকৈ প্ৰতিষ্ঠা কৰিছিল; ঔপনিবেশিক যুগৰ পিছপৰা-স্থবিৰ অৰ্থনীতিটোৱে মূৰ দাঙি উঠি বহুমুখী বিকাশৰ পথত খোজ দিবলৈ আৰম্ভ কৰিছিল, যদিও সৰ্বসাধাৰণ ৰাইজৰ মাজত তাৰ প্ৰভাৱ কমেই পৰিছিল৷

কিন্তু একে সময়তে নদীবান্ধ, ষ্টিল প্লাণ্ট আদি বৃহৎ উদ্যোগসমূহৰ বাবে বৃহৎসংখ্যক মানুহক (যাৰ ভিতৰত গাঁওবাসী, জনজাতীয় আৰু নিম্নবৰ্ণ সমুদায়ৰ মানুহেই আছিল বেছি) উচ্ছেদিত-স্থানচ্যুত কৰা হৈছিল; তেওঁলোকে নিজৰ পৃথিৱীখনতো হেৰুৱাইছিলেই, ক্ষতিপূৰণ আৰু পুনৰ্বাসনৰ যথোপযুক্ত ব্যৱস্থাও কৰা হোৱা নাছিল৷ তেওঁলোকৰ কষ্ট-যন্ত্ৰণাক দেশৰ মহান বেদীত কৰা আত্মবলিদান হিচাপে অভিহিত কৰা হৈছিল; জাতিৰ উন্নতিৰ বাবে এই ত্যাগ কৰাটো প্ৰয়োজনীয় আৰু অপৰিহাৰ্য বুলি ব্যাখ্যা কৰা হৈছিল৷ মন কৰিবলগীয়া যে উদ্যোগ তথা আন্তঃগাঁথনিসমূহৰ বিষয়ে কওঁতে নেহৰুৱে স্পষ্টভাৱে ধৰ্মীয় ব্য়ঞ্জনাপূৰ্ণ ভাষাৰ আশ্ৰয় লৈছিল আৰু তাৰ জৰিয়তে সিবোৰৰ পৱিত্ৰকৰণ (sacralization) ঘটাইছিল৷ উদাহৰণস্বৰূপে, ভাক্ৰা নাংগল প্ৰজেক্টক তেওঁ একে সময়তে ‘জাগি উঠা ভাৰতৰ নতুন মন্দিৰ’ তথা ‘ভাৰতৰ প্ৰগতিৰ প্ৰতীক’ বুলি অভিহিত কৰিছিল৷ তেওঁ কৈছিল যে নদীবান্ধটো পূজা-অৰ্চনাৰ যোগ্য বস্তু; মন্দিৰ, মছজিদ বা গুৰুদ্বাৰৰ নিচিনাকৈয়ে সি মনটো প্ৰশংসা আৰু ভক্তিৰে ওপচাই পেলায়৷ আনহাতে, ঔদ্যোগীকৰণৰ পৰিণামস্বৰূপে পৰিবেশৰ যি ক্ষতি হৈছিল (হাবি, নদী, জৈৱবৈচিত্ৰ্যৰ ক্ষতি; প্ৰদূষণ) তাকো উন্নয়নৰ বাবে অৱশ্যেই ভৰিবলগীয়া নধৰ্তব্য মূল্য হিচাপে গণ্য কৰা হৈছিল৷

পাৰিবেশিক ক্ষতিৰ প্ৰতিকাৰ বা লাঘৱ কৰিবলৈ কোনোধৰণৰ প্ৰাতিষ্ঠানিক-পলিচিগত ব্যৱস্থা লোৱা হোৱা নাছিল৷ পৰৱৰ্তী সময়ত ইন্দিৰা গান্ধীৰ দিনত পৰিবেশ সম্পৰ্কীয় বিভিন্ন আইন-কানুন প্ৰবৰ্তন কৰা হৈছিল, যাৰ ফলত পৰিবেশৰ সুৰক্ষাৰ বাবে এটা সবল ৰেগুলেটৰি ফ্ৰেমৱৰ্ক গঢ় লৈ উঠিছিল৷ কিন্তু এই সুৰক্ষাৰ ধাৰণাটো আমোলাতান্ত্ৰিক আৰু বহিষ্কৰণবাদী হোৱাৰ বাবে সি পূৰ্বৰপৰা বৰ্তি থকা প্ৰকৃতি আৰু মানুহৰ সম্বন্ধটোক অপৰাধীকৰণ কৰি ভাঙি দিবলৈ বিচাৰিছিল৷ অৰণ্যৰ সুৰক্ষাৰ নামত অৰণ্যবাসী মানুহে যুগ যুগান্তৰ ধৰি ভোগ কৰি অহা পৰম্পৰাগত অধিকাৰ খৰ্ব কৰা হৈছিল আৰু তেওঁলোকক অৰণ্যৰ কাষৰপৰা উচ্ছেদ কৰি আঁতৰাই পঠাবলৈ চেষ্টা কৰা হৈছিল৷ ৰাষ্ট্ৰৰ এই সকলো অন্যায়ৰ বিৰুদ্ধে ১৯৭০-১৯৮০ৰ দশকত তৃণমূল স্তৰৰপৰা পৰিবেশ আন্দোলন আৰম্ভ হৈছিল৷

গাঁৱলীয়া মহিলা কিছুমানে সূচনা কৰা চিপকো আন্দোলনে ভৱিষ্যতৰ পৰিবেশ আন্দোলনৰ বাবে এক যুগমীয়া আৰু উচ্চ আদৰ্শ প্ৰতিষ্ঠা কৰিছিল৷ পৰৱৰ্তী সময়ত নৰ্মদা বাচাও আন্দোলনে ৰাষ্ট্ৰ-পৰিচালিত অন্ধ উন্নয়নবাদৰ বিৰুদ্ধে এক শক্তিশালী প্ৰতিৰোধ গঢ়ি তুলিছিল৷ ইমানলৈকে আলোচনাৰপৰা আমি দেখিলো যে উন্নয়নবাদে অৱধাৰিতভাৱে সামাজিক আৰু পাৰিবেশিক অপকাৰ কৰিছিল যদিও সিবিলাকৰ প্ৰতিকাৰৰ কোনো যথাযথ প্ৰাতিষ্ঠানিক ব্যৱস্থা ৰাষ্ট্ৰৰ হাতত নাছিল৷ কিন্তু সাধাৰণভাৱে কল্যাণকামী নীতিৰে ৰাষ্ট্ৰ দায়বদ্ধ আছিল বাবে আৰু ৰাষ্ট্ৰৰ নিজৰ সাম্পদিক-প্ৰাযুক্তিক সীমাবদ্ধতাৰ বাবে এই প্ৰক্ৰিয়াটো আছিল নিয়ন্ত্ৰিত আৰু ভৌগোলিকভাৱে সীমাবদ্ধ৷ গোটেই ভাৰতৰ চুকে-কোণে উন্নয়নবাদৰ বলিয়া হাতী মেলি দিয়া হোৱা নাছিল৷

নব্বৈৰ দশকত উদাৰীকৰণ-ব্যক্তিগতকৰণ-বিশ্বায়নৰ নীতিৰ জৰিয়তে ভাৰতে নব্য উদাৰতাবাদী উন্নয়নৰ মডেলটো গ্ৰহণ কৰে৷ ইয়াক আমি এক নব্য উন্নয়নবাদ বা নব্য উদাৰতাবাদী উন্নয়নবাদ বুলি অভিহিত কৰিব পাৰো৷ আজি আমি এই মডেলটোৰ মাজতে জীয়াই আছো, আৰু আমাৰ সাম্প্ৰতিক পাৰিবেশিক সংকটৰ মূল কাৰণ ইয়েই৷ এই মডেলটোৱে এক আগ্ৰাসী, ৰাষ্ট্ৰ-পৰিচালিত আদিম সঞ্চয়নৰ (primitive accumulation) প্ৰক্ৰিয়া সূচনা কৰিলে৷ আদিম সঞ্চয়নৰ সাধাৰণ অৰ্থ হ’ল স্থানচ্যুতকৰণ বা উৎপাটন (dispossession) : অধিগ্ৰহণ, উচ্ছেদ, দমন আদি বিভিন্ন পদ্ধতিৰে ভূমি তথা সম্পদৰ পুঁজিপতিৰ হাতলৈ হস্তান্তৰকৰণ৷

নব্বৈৰ দশকৰপৰা আজিলৈকে সমগ্ৰ ভাৰতজুৰি কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰবিলাকৰ পৃষ্ঠপোষকতাত ক্ৰমবৰ্ধমানভাৱে এই প্ৰক্ৰিয়াটো চলিব লাগিছে৷ এই প্ৰক্ৰিয়াটো অন্তৰ্নিহিতভাৱেই চূড়ান্ত গণবিৰোধী আৰু পৰিবেশবিৰোধী৷ ইয়াৰ ভয়ানক সামাজিক তথা পাৰিবেশিক পৰিণামসমূহ ইতিমধ্যেই জলজল পটপট ৰূপত দেখিবলৈ পোৱা গৈছে৷ সি যি নহওক, তুলনামূলকভাৱে বিচাৰ কৰিলে নব্য উদাৰতাবাদী উন্নয়নৰ দুটা পৰ্যায় আমি দেখিবলৈ পাওঁ : প্ৰথমটো হ’ল ইউ পি এ’ আমোলৰ কল্যাণকামী স্পৰ্শ থকা কোমল আৰু অন্তৰ্ভুক্তিবাদী নব্য উদাৰতাবাদ, দ্বিতীয়টো হ’ল মোদীৰ আমোলৰ উগ্ৰ কৰ্তৃত্ববাদী আৰু সংখ্যাগৰিষ্ঠবাদী নব্য উদাৰতাবাদ (আন ভাষাত, ফেছিবাদী চৰিত্ৰৰ উন্নয়নবাদ)৷ আইন, পলিচি, নীতি-নিয়ম তথা সিবিলাকৰ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত নব্বৈৰ দশকৰপৰা এতিয়ালৈকে কম-বেছি পৰিমাণে ধাৰাবাহিকতা পৰিলক্ষিত হয়; কিন্তু সেয়া দ্বিতীয়টো পৰ্যায়ত অধিক আক্ৰমণাত্মক আৰু দমনমূলক হৈ পৰা দেখা গৈছে৷ ১৯৯১ চনৰ অৰ্থনৈতিক সংস্কাৰৰ মূল কাৰণ আছিল বিত্তীয় দুৰৱস্থা আৰু সংকটে আনি দিয়া বাধ্যবাধকতা৷ গতিকে তাৰ তাৎক্ষণিক লক্ষ্য আছিল বিপদৰপৰা উদ্ধাৰ পোৱা; কিন্তু মুহূৰ্তটোৰ সুযোগ গ্ৰহণ কৰি চৰকাৰে কাঠামোগত সংস্কাৰৰ বাবেও সুদূৰপ্ৰসাৰী নীতি নিৰ্ধাৰণ কৰিছিল৷

ইয়াৰ বিপৰীতে বিজেপি চৰকাৰে কঠোৰ আদৰ্শগত অংগীকাৰেৰে নিজৰ মূলগত নীতি হিচাপে নব্য উদাৰতাবাদী উন্নয়নক গ্ৰহণ কৰিছিল৷ ভাৰতৰ ৰাজনৈতিক কল্পনাত বিজেপি আৱিৰ্ভূত হৈছিল হিন্দু জাতীয়তাবাদ আৰু নব্য উদাৰতাবাদৰ সমন্বিত প্ৰতিমূৰ্তি ৰূপত৷ গতিকে নব্য উদাৰতাবাদ হ’ল সম্প্ৰতি বিজেপিৰ মজ্জাগত উপাদান৷ সেয়ে সি নব্য উদাৰতাবাদী উন্নয়নবাদৰ সাৰ্থক ৰূপায়ণৰ বাবে চৰম প্ৰতিশোধপৰায়ণতাৰ আশ্ৰয় লৈছে আৰু তাক এক ধৰ্মত পৰিণত কৰিছে৷ বিকাশে লাভ কৰিছে এক ধৰ্মীয় আয়তন আৰু সি হৈ পৰিছে বহিষ্কৰণবাদী ৰাজনীতিৰ দ্বিতীয়টো আধাৰ (প্ৰথমটো হিন্দুত্ব)৷

সি যি নহওক, আদিম সঞ্চয়নে জনসাধাৰণৰ ওপৰত যি প্ৰণালীবদ্ধ আক্ৰমণ নমাই আনে, তাৰ পৰিণামসমূহক ৰাজনৈতিকভাৱে নিয়ন্ত্ৰণ আৰু মেনেজ কৰা দৰকাৰ৷ নহ’লে লুণ্ঠন-উৎপাটন-বঞ্চনাই সৃষ্টি কৰা নিৰাপত্তাহীনতা আৰু ক্ষোভে প্ৰান্তীয় জনসাধাৰণক এক বিপদজনক শ্ৰেণীত পৰিণত কৰিব, যিটোৱে প্ৰচলিত ৰাজনৈতিক ব্যৱস্থাটোৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব৷ এনে অৱস্থাত দাৰিদ্ৰ্য-নিবাৰণী কল্যাণকামী প্ৰগ্ৰেমবিলাকৰ জৰিয়তে কিছু ধন-সম্পদ জনসাধাৰণৰ মাজলৈ ঠেলি দিয়া হয়, যাতে আদিম সঞ্চয়নৰ পৰিণামবিলাক লাঘৱ হয় আৰু তেওঁলোক ঠাণ্ডা হৈ থাকে৷ এইখিনিতে নিৰ্বাচনী গণতন্ত্ৰৰ ভূমিকাটো আহি পৰে; কৰ্প’ৰেট পুঁজিৰ বিকাশৰ বাবে অনুকূল পৰিবেশ এটা সৃষ্টি কৰাত আৰু বৰ্তাই ৰখাত সি চৰকাৰক সহায় কৰে৷ একে সময়তে সি জনসাধাৰণৰ হাতত কিছু দূৰলৈ দৰদামৰ ক্ষমতাও প্ৰদান কৰে৷ ইউ পি এ’ চৰকাৰে আৰম্ভ কৰা বিভিন্ন দাৰিদ্ৰ্য-নিবাৰণী প্ৰগ্ৰেম বিজেপি চৰকাৰেও অটুট ৰাখিছে, তাৰ উপৰি সি বহুতো নতুন প্ৰগ্ৰেম আৰম্ভ কৰিছে৷

কিন্তু এইক্ষেত্ৰত দুইটা পৰ্যায়ৰ মাজত এক গুণগত পাৰ্থক্য দেখিবলৈ পোৱা যায়৷ ইউ পি এ’ চৰকাৰৰ প্ৰগ্ৰেমবিলাকে পূৰ্বৰ কল্যাণকামী অৰ্থনীতিৰ ঐতিহ্য বহন কৰিছিল; সিবিলাকে প্ৰায় সাৰ্বজনীনভাৱে সম্পদ পুনৰ্বণ্টনৰ নীতি অনুসৰণ কৰিছিল৷ সবাতোকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটো হ’ল এই যে সিবিলাক (এনৰেগা, তথ্য জনাৰ অধিকাৰ আইন, শিক্ষাৰ অধিকাৰ আইন, খাদ্য সুৰক্ষা আইন আদি) নাগৰিকৰ অধিকাৰৰ ওপৰত আধাৰিত আছিল৷ ভবা হৈছিল যে হিতাধিকাৰীয়ে নাগৰিকৰ অধিকাৰ হিচাপে সেই সুবিধাসমূহ পাব লাগে আৰু সিবিলাকৰ যোগান ধৰাটো ৰাষ্ট্ৰৰ কৰ্তব্য৷

সেই প্ৰগ্ৰেমবিলাকে জনসাধাৰণৰ বাবে এক প্ৰাতিষ্ঠানিক সুৰক্ষাৰ আবেষ্টনী গঢ়ি দিছিল; লগতে এই অধিকাৰবোধে গণতান্ত্ৰিক ৰাজনীতিৰ ক্ষেত্ৰখনত জনসাধাৰণক শক্তি প্ৰদান কৰিছিল৷ কিন্তু বিজেপিৰ সময়ত নাগৰিকৰ অধিকাৰৰ ধাৰণাটো হেৰাই গ’ল৷ এতিয়া সেই প্ৰগ্ৰেমবিলাকক জনসাধাৰণৰ প্ৰতি ৰাষ্ট্ৰই কৰা অনুগ্ৰহ তথা দান হিচাপে দৰ্শোৱা হ’ল; জনসাধাৰণ হৈ পৰিল ৰাষ্ট্ৰৰ কৃপাপ্ৰাৰ্থী৷ সাৰ্বজনীনতাৰ সলনি এতিয়া ক্ৰমবৰ্ধমানভাৱে বিভিন্ন কেটেগৰিৰ সৃষ্টি কৰি ভাগে ভাগে (কেতিয়াবা চৰ্ত আৰোপ কৰি) সুবিধাবিলাক দিয়া হ’ল যাতে সকলোকে সামাজিক-মনস্তাত্ত্বিকভাৱে হাতৰ মুঠিত ৰাখিব পাৰি৷ ইয়াৰ পৰিণামস্বৰূপে জনসাধাৰণৰ দৰদামৰ শক্তি তথা গণতান্ত্ৰিক ৰাজনীতিৰ পৰিসৰ হ্ৰাস পাবলৈ ধৰিলে৷ এনে অৱস্থাত সামাজিক-পাৰিবেশিক ক্ষতিৰ প্ৰতি কেৰেপ নকৰাকৈ আদিম সঞ্চয়নৰ প্ৰক্ৰিয়াটো অধিক প্ৰচণ্ডভাৱে আৰু নিৰ্বিবাদে আগ বঢ়াই নিবলৈ চৰকাৰৰ সুবিধা হৈছে৷

সি যি নহওক, নব্য উদাৰতাবাদী উন্নয়নৰ মডেল অনুসৰি বজাৰেই সৰ্বেসৰ্বা আৰু বজাৰেই অৰ্থনীতিৰ চালক, য’ত ৰাষ্ট্ৰৰ ভূমিকা বজাৰক সৰ্বতোপ্ৰকাৰে সহায় কৰাতেই শেষ৷ ৰাষ্ট্ৰই বৃহদাকাৰ আন্তঃগাঁথনি নিৰ্মাণ কৰি, বিত্তীয় নীতি-নিয়মৰ পৰিবৰ্তনেৰে পুঁজিৰ বাবে অনুকূল আৰু লোভনীয় পৰিস্থিতিৰ সৃষ্টি কৰি তথা পুঁজিৰ বিকাশত বাধা আৰোপ কৰিব পৰা যিকোনোধৰণৰ প্ৰাতিষ্ঠানিক-সামাজিক প্ৰতিবন্ধক মষিমূৰ কৰি পুঁজিক আমন্ত্ৰণ জনায়৷ ইউ পি এ’ চৰকাৰে সূচনা কৰা এই প্ৰক্ৰিয়াটো বিজেপি চৰকাৰে যুদ্ধংদেহি মনোভাবেৰে আগ বঢ়াই নিছে৷ বিভিন্নপ্ৰকাৰে সংশোধন কৰি কৰি পৰিবেশ সুৰক্ষাৰ বাবে থকা আইনসমূহক নখ-দন্তবিহীন বাঘত পৰিণত কৰা হৈছে; আইনত এতিয়ালৈকে থকা সুৰক্ষামূলক বিধানসমূহো বিভিন্ন সুৰুঙাৰে কাৰ্যতঃ কাম নাইকিয়া কৰি পেলোৱা হৈছে৷

আনহাতে, উন্নয়নৰ নাম লৈ চৰকাৰে কৰা যিকোনো কাৰ্যৰ সমালোচনা তথা তাৰ বিৰোধী প্ৰতিবাদক উন্নয়ন-বিৰোধী আৰু দেশবিৰোধী আখ্যা দি অপৰাধীকৰণ কৰা হৈছে৷ গতিকে পৰিবেশৰ সুৰক্ষাৰ বাবে গণতান্ত্ৰিক আন্দোলন কৰাটো এতিয়া মস্কিল হৈ পৰিছে৷ নব্য উদাৰতাবাদী মডেলটোৱে কঢ়িয়াই অনা আন এটা গুৰুত্বপূৰ্ণ কাঠোমোগত সংস্কাৰ হ’ল উন্নয়ন তথা দুৰ্নীতিৰ বিকেন্দ্ৰীকৰণ, যাৰ ফলত সামাজিক-পাৰিবেশিক ক্ষতি বহুগুণে বৃদ্ধি পাইছে৷ পূৰ্বতে উন্নয়ন আছিল এটা কেন্দ্ৰীয় আৰু কেন্দ্ৰীভূত কাৰবাৰ; তাত ৰাজ্যসমূহৰ ক্ষমতা আছিল কম৷ উন্নয়নৰ প্ৰচেষ্টা একোটা কেন্দ্ৰৰ আমোলাতন্ত্ৰৰ মাজেদি সৰকি যাবলগীয়া হৈছিল (যাক লাইচেন্সৰাজ বুলি অভিহিত কৰা হয়), আৰু এই প্ৰক্ৰিয়াটোতে দুৰ্নীতিও হৈছিল৷ কিন্তু সংস্কাৰৰ পাছত ৰাজ্যসমূহে নিজাববীয়াকৈ দেশৰ লগতে বাহিৰৰ পুঁজিপতি-ব্যৱসায়ীৰ সৈতে ব্যৱসায়িক ডিল কৰিব পৰা হ’ল৷ তাকে লৈ ৰাজ্যসমূহে হেতা-ওপৰা লগাবলৈ ধৰিলে আৰু নিজৰ মাজত প্ৰতিযোগিতা হ’বলৈ ধৰিলে, কোনে কিমান পুঁজি নিজৰ ৰাজ্যলৈ আনিব পাৰে৷ পুঁজিক আকৰ্ষণ কৰিবৰ বাবে ৰাজ্যসমূহে সৰ্বতোপ্ৰকাৰে চেষ্টা কৰিবলৈ ধৰিলে – বিজনেছ ছামিট পতাৰপৰা বিভিন্ন ৰেহাই দিয়াৰপৰা পৰ্দাৰ আঁৰৰ বিনিময়লৈকে৷

এই প্ৰক্ৰিয়াই পুঁজিপতিৰ লগতে সকলোতকৈ বেছি লাভান্বিত কৰিলে ৰাজনীতিকসকলক, কিয়নো এই ডিলবিলাকে বিবিধ ৰূপত তেওঁলোকলৈ লৈ আহিল বহু লোভনীয় অফাৰ৷ গতিকে যিমানেই বেছিসংখ্যক আৰু ডাঙৰ ডিল সিমানেই তেওঁলোকৰ লাভ৷ লাইচেন্সৰাজৰ দিনৰ দুৰ্নীতি আছিল তুলনামূলকভাৱে সৰুসুৰা আৰু কেন্দ্ৰীভূত৷ কিন্তু এতিয়া হোৱা দুৰ্নীতিবিলাক হ’ল অকল্পনীয়ভাৱে ডাঙৰ অংকৰ আৰু গোটেই ভাৰততে বিস্তাৰিত বা বিকেন্দ্ৰীভূত৷ লাভৱান ৰাজনীতিকসকলে নিজৰ অধিক লাভৰ খাতিৰতে ক্ৰমবৰ্ধমানভাৱে পুঁজিপতি-ব্যৱসায়ীক ৰাজ্যৰ ভূমি-সম্পদ গতাই দিবলৈ ধৰিলে৷ নিজেও বক্ৰপথেৰে বিভিন্ন কোম্পানি খোলাত নামি পৰিল যাতে সকলো ধন-সম্পদ নিজৰ হাততে ৰাখিব পাৰি৷ লগতে উদ্যোগৰ উপযোগীকৈ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে আৰু উদ্যোগৰ আনুষংগিক কাম-কাজ সমাপন কৰিবৰ বাবে স্থানীয় ঠিকাদাৰ-কৰ্মীৰ যি নেটৱৰ্কৰ প্ৰয়োজন হয়, তাৰ সৈতেও ৰাজনীতিকসকলৰ লাভৰ ভাগ-বাটোৱাৰা ঘটে৷ এনেকৈ নব্য উদাৰতাবাদী উন্নয়নৰ গোটেই প্ৰক্ৰিয়াটোকে ৰাজনীতিকসকলে সৰ্বতোপ্ৰকাৰে মেনিপুলেট কৰিবলৈ ধৰিলে, যাৰ ফলত দুৰ্নীতিৰ এটা অন্তহীন পাকচক্ৰ গঢ় লৈ উঠিল৷

মনত ৰখা ভাল যে এই পাকচক্ৰটো উন্নয়ন মডেলটোৰ বাবে বাহিৰা আচহুৱা বস্তু নহয় – বৰং ই হ’ল মডেলটোৰ এটা অন্তৰ্নিহিত উপাদান, যিটোৱে মডেলটোৰ সুদৃঢ়কৰণ আৰু দীৰ্ঘায়িতকৰণত সহায় কৰে৷ গতিকে ৰাজনীতিক শ্ৰেণীটোৱে নিজৰ স্বাৰ্থতেই আদিম সঞ্চয়নৰ প্ৰক্ৰিয়াটো আগ বঢ়াই লৈ যাবলৈ সৰ্বান্তঃকৰণে চেষ্টা কৰে৷ এনে অৱস্থাত নব্য উদাৰতাবাদী উন্নয়নৰ অপ্ৰতিৰোধ্য অভিযানে জনসাধাৰণ তথা পৰিবেশৰ চূড়ান্ত আৰু ব্যাপক স্তৰত ক্ষতি কৰাটো খুবেই স্বাভাৱিক৷

প্ৰথমে কল্যাণকামী আৰু পৰৱৰ্তী সময়ত নব্য উদাৰতাবাদী উন্নয়নবাদৰ এই সৰ্বভাৰতীয় প্ৰেক্ষাপটত অসমক কেনেকৈ চিহ্নিত কৰা যায়? চমুকৈ ক’বলৈ গ’লে, অসম তথা উত্তৰ-পূৰ্বাঞ্চলত দেখিবলৈ পোৱা যায় এটা ঔপনিবেশিক চৰিত্ৰৰ নিষ্কাশনমূলক উন্নয়নৰ (colonial extractive development) মডেল৷ এইটো হ’ল অঞ্চলটোৰ অৰ্থনীতিৰ গভীৰ আৰু মৌলিক গাঁথনি৷ ইয়াৰ ওপৰত সৰ্বভাৰতীয় উন্নয়নবাদৰ প্ৰভাৱ পৰিছে আৰু তাৰ লগে লগে ইয়াৰ পৰিবৰ্তনো হৈছে৷ কিন্তু ইয়াৰ মূল গাঁথনিটো সদায় একেই আছে৷ ব্ৰিটিছৰ দিনত অসমক সীমান্ত বা ফ্ৰণ্টিয়াৰ হিচাপে গণ্য কৰা হৈছিল; আজিও ইয়াক প্ৰান্তীয় এলেকা (periphery) হিচাপেই গণ্য কৰা হয়৷

ব্ৰিটিছে প্ৰতিষ্ঠা কৰা ঔপনিবেশিক নিষ্কাশনৰ অৰ্থনীতিটো ইয়াত স্বাধীনতাৰ পাছতো অক্ষুণ্ণ ৰখা হ’ল – অসম সদায় ঔপনিবেশিক পশ্চাদভূমি (colonial hinterland) হৈয়েই থাকিল৷ এয়া হ’ল এক আভ্যন্তৰীণ উপনিবেশবাদৰ চানেকি৷ এই মডেলটোৰ সাৰবস্তু হ’ল অসমৰপৰা বিভিন্ন সম্পদ (তেল, প্ৰাকৃতিক গেছ, চাহ আদি) আহৰণ কৰা আৰু তাৰ মুনাফা অসমৰ বাহিৰলৈ পঠোৱা, যাৰ সৈতে অসমৰ থলুৱা অৰ্থনীতিৰ কোনো সম্পৰ্ক নাথাকে৷ সম্পদ আহৰণৰ এই উদ্যোগসমূহ নিৰ্দিষ্ট কিছুমান স্থানত কেন্দ্ৰীভূত-আৱেষ্টিত হৈ থাকে – সেই স্থানবিলাকৰ বাহিৰত অৱস্থিত সামগ্ৰিক অৰ্থনীতিটোৰ কোনো গুণগত উন্নতি নঘটে, চাৰিওফালে বসবাস কৰা জনসাধাৰণ উপকৃত নহয়৷

আনহাতে, নিষ্কাশনৰ প্ৰক্ৰিয়াত নিয়োজিত অধিকাংশ কৰ্মী-শ্ৰমিক হ’ল বহিৰাগত৷ এনে কাৰণতে ইয়াত প্ৰব্ৰজনক এটা ৰাষ্ট্ৰীয় পলিচি হিচাপে গণ্য কৰা হৈ আহিছে৷ ইয়াত থলুৱা লোকৰ নিয়োগৰ সুবিধা পৰ্যাপ্ত নহয়; নিয়োজিত হ’লেও তেওঁলোকৰ স্থান সাধাৰণতেই নিম্নস্তৰত; উদ্যোগসমূহৰ নিয়ন্ত্ৰণকাৰী শক্তি থলুৱা কৰ্মীসকলৰ হাতত নাথাকে৷ অসমৰ অৰ্থনৈতিক পশ্চাদপদতা, সামাজিক অনগ্ৰসৰতা আৰু নিয়োগবিহীনতাৰ প্ৰধান কাৰণ এই ঔপনিবেশিক সম্পদ শোষণৰ প্ৰক্ৰিয়াটো৷ এই প্ৰক্ৰিয়াত নিৰ্ণায়ক ভূমিকা পালন কৰি আহিছে সামৰিকীকৰণে (militarization)৷ অসম তথা উত্তৰ-পূৰ্বাঞ্চলত সামৰিক নিয়ন্ত্ৰণৰ চৰকাৰ-ঘোষিত কাৰণ হ’ল উগ্ৰপন্থী সমস্যাৰ মোকাবিলা কৰা৷ আনহাতে, বিদেশী ৰাষ্ট্ৰই আগুৰি থকাৰ বাবে ভূ-ৰাজনৈতিকভাৱে স্পৰ্শকাতৰ এই অঞ্চলটোত সামৰিক উপস্থিতি ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে অপৰিহাৰ্য বুলি ভবা হয়৷

কিন্তু সামৰিক নিয়ন্ত্ৰণৰ অঘোষিত প্ৰধান কাৰণটো হ’ল সম্পদ নিষ্কাশনৰ বাবে অনুকূল পৰিবেশৰ সূচনা কৰা৷ ইয়াৰ জৰিয়তে প্ৰতিবাদী কণ্ঠ সহজে ৰোধ কৰিব পাৰি, সম্পদত চহকী ঠাইবিলাকত যাতে কৰ্প’ৰেটৰ প্ৰবেশ সুচল হয় তাৰ বাবে পথ-কৰিড’ৰ সুৰক্ষিত কৰিব পাৰি৷ হিংসাৰ স্বাভাৱিকীকৰণ ঘটা এনে পৰিবেশত প্ৰতিবাদ-প্ৰতিৰোধ বৰ ৰিস্কি কাৰবাৰ হৈ পৰে বাবে নিষ্কাশন হৈ পৰে তেনেই সহজ৷ এটা কথা ঠিক যে শেহতীয়াভাৱে অসমত সামৰিক নিয়ন্ত্ৰণৰ প্ৰভাৱ হ্ৰাস পাইছে৷ কিন্তু এটা ভাবুকি হিচাপে সি আজিও আমাৰ মূৰৰ ওপৰত উলমি আছে; চুবুৰীয়া তিনিখন ৰাজ্যৰ লগতে অসমৰ তিনিখন জিলাত এতিয়াও নিৰাপত্তা বাহিনী বিশেষ ক্ষমতা আইন লাগু হৈ আছে৷ সি যি নহওক, বৰ্তমান নব্য উদাৰতাবাদৰ লজিক অনুসৰি বলপ্ৰয়োগৰ সলনি প্ৰলোভন (seduction instead of coercion) হ’ল উন্নয়নবাদৰ অধিক ফলপ্ৰসূ উপায়৷

বিশ্বায়নে উন্নয়ন আৰু ব্যক্তি স্বাধীনতাৰ এক মোহময় সাংস্কৃতিক স্বপ্ন সমাজত বিয়পাই দিব ধৰিছে৷ মন্ত্ৰমুগ্ধ হৈ সমাজৰ প্ৰভুত্বকাৰী মধ্যবিত্ত শ্ৰেণীটো এই স্বপ্নৰ পিছে পিছে দৌৰিছে; একে সময়তে গাঁৱে-ভূঁয়ে বিস্তাৰিত হৈছে এই স্বপ্নৰ মায়াজাল৷ আৰু এই স্বপ্নৰ আঁৰ লৈয়েই সম্প্ৰতি ৰাষ্ট্ৰ আৰু কৰ্প’ৰেটৰ যুগলবন্দীয়ে সৰ্বশক্তি প্ৰয়োগ কৰি চলাব ধৰিছে সম্পদৰ নিষ্কাশন৷ এই স্বপ্নই গণতান্ত্ৰিক ৰাজনীতিক দুৰ্বল আৰু বিভ্ৰান্ত কৰি পেলাইছে; সি আমাৰপৰা আদায় কৰি ল’ব বিচাৰিছে নিষ্কাশনৰ প্ৰতি উৎসাহপূৰ্ণ সন্মতি৷ নব্য উদাৰতাবাদী উন্নয়নবাদৰ প্ৰলোভন অধিক প্ৰবল হোৱাৰ দিন ধৰি অসমৰ ৰাজনীতিত আমি সম্পদৰ অধিকাৰ তথা শোষণৰ প্ৰসংগ নেদেখা হ’লো৷ এই ৰাজনৈতিক পৰিবৰ্তনে আমাৰ পৰিস্থিতিৰ কোনো পৰিবৰ্তন ঘটোৱা নাই – কৌটিকলীয়া ঔপনিবেশিক নিষ্কাশনৰ মডেলটো তথা কেন্দ্ৰৰ সৈতে অসমৰ সম্পৰ্কৰ চৰিত্ৰত কোনো হানি-বিঘিনি ঘটোৱা নাই৷ বৰং দৃষ্টিকটু সামৰিক নিয়ন্ত্ৰণৰ ঠাইত এতিয়া দৃষ্টিনন্দন উন্নয়নৰ স্বপ্নই ঔপনিবেশিক নিষ্কাশনৰ মডেলটোৰ হাতধৰা লিগিৰাৰ কাম কৰিছে৷ সি যি নহওক, এই মডেলটোৰ সামাজিক আৰু পাৰিবেশিক পাৰ্শ্বক্ৰিয়া স্বাভাৱিকতেই প্ৰচুৰ আৰু ভয়ংকৰ৷ অসমত ঘটি থকা পাৰিবেশিক ক্ষতি আৰু সংকটৰ প্ৰধান চালিকাশক্তি হ’ল এই মডেলটো৷

ঔপনিবেশিক চৰিত্ৰৰ সম্পদ নিষ্কাশনেই হ’ল অসমৰ অৰ্থনীতিৰ বুনিয়াদী আধাৰ৷ বাকী অৰ্থনৈতিক প্ৰক্ৰিয়াবোৰ ইয়াক কেন্দ্ৰ কৰিয়েই আৰু ইয়াৰ সৈতে সম্পৰ্কিত হৈয়েই চলি থাকে৷ অসমৰ সমাজ-ইতিহাসৰ ডাঙৰ প্ৰৱাহবিলাকো ইয়াৰদ্বাৰা প্ৰভাৱিত৷ গতিকে এইটোৱেই হ’ল অসমৰ ৰাজনীতিৰ কেন্দ্ৰীয় প্ৰশ্ন৷ এই সত্য অসমৰ মানুহে বহু আগতেই আৱিষ্কাৰ কৰিছিল৷ আৰু সেইবাবে ইয়াক লৈ অসমৰ ৰাজনীতি যুগ যুগ ধৰি উত্তাল হৈ আহিছে৷ কিন্তু পৰিতাপৰ বিষয় যে বহু প্ৰতিবাদ-প্ৰতিৰোধৰ পাছতো বাৰে বাৰে ৰাষ্ট্ৰৰ হাত শক্তিশালী হৈছে আৰু তাৰ গইনা লৈ অৰ্থনৈতিক শোষণৰ প্ৰক্ৰিয়া অবাৰিতভাৱে চলি আছে৷ এই বঞ্চনা, ক্ষোভ আৰু মোহভংগ হৈ পৰিছে অসমীয়া মানুহৰ আত্মপৰিচয়ৰ অংগস্বৰূপ৷

ই যিদৰে সংগ্ৰামৰ পথাৰত আৰু বুদ্ধিজীৱীৰ কলমত নিজৰ প্ৰভাৱ বিস্তাৰ কৰি আহিছে, তেনেকৈ মানুহৰ কমনছেন্সতো এটা সাধাৰণ আৰু স্বতঃসিদ্ধ সত্য হিচাপে প্ৰতিষ্ঠিত হৈ পৰিছে৷ (অসমক কেন্দ্ৰই মাহীআইৰ চকুৰে চায় বুলি নজনা মানুহ নাই; আমি কৌতুক শুনিবলৈ পাওঁ, অসম এজনী ডাঙৰ খীৰতী গাই যাৰ আগফালটো থাকে অসমত আৰু পিছফালটো থাকে দিল্লীত৷) কিন্তু শেহতীয়াভাৱে উৱলি যোৱা জাতীয়তাবাদী বাগধাৰাত এই ঔপনিবেশিক মডেলৰ প্ৰশ্নটোৱে ৰাজনৈতিক অন্তৰ্দৃষ্টি হেৰুৱাই নিষ্প্ৰাণ আৰু চোকহীন হৈ পৰিল৷ আনহাতে, মডেলটোৰ পাৰিবেশিক প্ৰভাৱ সম্পৰ্কে পূৰ্বে কোনো সচেতনতা পৰিলক্ষিত হোৱা নাছিল৷ এই দুই কাৰণতে প্ৰশ্নটোৰ পুনৰালোচনাৰ প্ৰয়োজন আছে৷ বিশেষকৈ তাৰ সাম্প্ৰতিক চৰিত্ৰ তথা পাৰ্শ্বক্ৰিয়াসমূহ অধ্যয়ন কৰি প্ৰশ্নটোক পুনৰ ধাৰণাগতভাৱে সজীৱ আৰু ৰাজনৈতিকভাৱে তীক্ষ্ণ ৰূপত উত্থাপন কৰা উচিত৷ 

ঔপনিবেশিক শোষণৰ প্ৰশ্নটো প্ৰথমবাৰৰ বাবে ব্যাপক ৰূপত উপস্থাপন কৰিছিল ১৯৮০ৰ দশকত অসম আন্দোলনে৷ কিন্তু কালক্ৰমত আন্দোলনটো বিফল হৈছিল আৰু সি জন্ম দিয়া ৰাজনৈতিক দলটোৱে আন্দোলনৰ আদৰ্শক জলাঞ্জলি দি মূলসুঁতিৰ ৰাজনীতিত হেৰাই গৈছিল৷ পাছত নব্বৈৰ দশকত তীব্ৰতা লাভ কৰা আলফাৰ সশস্ত্ৰ সংগ্ৰামে প্ৰশ্নটোক সুস্পষ্ট আৰু তীব্ৰ ৰূপ প্ৰদান কৰিছিল৷ আলফাৰ নিজৰ প্ৰচাৰ-বক্তব্যত প্ৰশ্নটো সজোৰে উপস্থাপিত হোৱাৰ সমান্তৰালভাৱে অসমৰ বৌদ্ধিক সমাজ তথা ৰাজহুৱা পৰিসৰত ইয়াক লৈ ব্যাপক আলোচনা-বিতৰ্ক হৈছিল৷

এইবিলাকৰ মাজত অসমৰ স্বকীয় আত্মপৰিচয়ৰ লগতে সম্পদৰ ওপৰত নিজৰ অধিকাৰ, সংবিধানৰ ফেডাৰেল গাঁথনি আদি বিষয়বোৰ সজোৰে উত্থাপিত হৈছিল৷ এনেকৈ এটা জংগী চেতনাৰ সৃষ্টি হৈছিল যি ভাৰত ৰাষ্ট্ৰক বিচাৰৰ কাঠগৰাত থিয় কৰিছিল৷ সি যি নহওক, আলফাই এটা ভয়ংকৰ হিংসাৰ চাকনৈয়াত অসমখনক ডুবাই দিছিল৷ হত্যা আৰু প্ৰতিশোধৰ লজিকে সমাজখনক বিষাক্ত কৰিবলৈ ধৰিছিল, দমন-নিপীড়নৰ ফলত গণতান্ত্ৰিক বাৰ্তালাপ আৰু বিতৰ্কৰ মেজাজ অন্তৰ্হিত হৈছিল৷ এনেকুৱা পৰিবেশত লাহে লাহে সংগ্ৰামৰ মূল প্ৰশ্নসমূহ তল পৰিছিল৷ আনহাতে, উগ্ৰপন্থীক দমন কৰিবলৈ ৰাষ্ট্ৰই আক্ৰমণৰ যি অভিযান আৰম্ভ কৰিছিল তাৰ পৰিণাম আছিল অতিকে ভয়ংকৰ৷ বিভিন্ন পৰ্যায়ত চলা এই অভিযানে সন্ত্ৰাস-আতংকৰ সৃষ্টি কৰি অসমৰ সমাজজীৱনক বিধ্বস্ত কৰি পেলাইছিল৷ জনসাধাৰণৰ শোৱন-খাৱন নোহোৱা হৈছিল; চৌপাশে বিৰাজ কৰিছিল মৰিশালিৰ নিস্তব্ধতা৷ এনে এটা পৰিস্থিতিত গণতান্ত্ৰিক আন্দোলনৰ সম্ভাৱনা লোপ পাইছিল৷ ঔপনিবেশিক শোষণৰ যিটো মূল দাবী এই আন্দোলনসমূহৰ চালিকাশক্তি আছিল, সেইটো লাহে লাহে স্তিমিত হৈ গৈছিল৷

সি যি নহওক, এই সামৰিকীকৰণে নিষ্কাশনমূলক উন্নয়নৰ ধাৰাটোক অধিক সুৰক্ষিত আৰু সুদৃঢ় কৰিছিল৷ একে সময়তে ইয়াৰ ছত্ৰছায়াত শোষণ, লুণ্ঠন আৰু দুৰ্নীতিৰ এটা স্থানীয় ৰূপ বিকশিত হৈ উঠিছিল৷ আলফাই ঔদ্যোগিক-ব্যৱসায়িক মহলৰ বিৰুদ্ধে ভাবুকি-হিংসা প্ৰয়োগ কৰি পুঁজি সংগ্ৰহ কৰা তথা তেওঁলোকৰ কাৰ্যকলাপ ব্যাহত কৰাৰ কথা আমি জানো৷ কিন্তু ছালফাক কেন্দ্ৰ কৰি সূচনা হোৱা অৰ্থনৈতিক প্ৰক্ৰিয়াটো আছিল ইয়াতকৈ বেলেগ৷ ছালফা আছিল সামৰিকীকৰণৰ সন্তান, আৰু সি ৰাষ্ট্ৰ-পৰিচালনাৰ এটা অনা-ৰাষ্ট্ৰীয় উপাদান হিচাপে কাম কৰিছিল৷ সি কেৱল উগ্ৰপন্থী-বিৰোধী আৰু গণবিৰোধী অসামাজিক-হিংসাত্মক কামেই কৰা নাছিল৷ সি অসমৰ অৰ্থনীতিৰ সৰ্বস্তৰত প্ৰবেশ কৰিছিল, চৰকাৰ আৰু প্ৰশাসনৰ ভিতৰচ’ৰাত প্ৰভাৱ বিস্তাৰ কৰিছিল৷ ৰাজনীতিক শ্ৰেণীৰ আশিস তথা অনুমতি লৈ চৰকাৰী পৃষ্ঠপোষকতাত (কেতিয়াবা প্ৰত্যক্ষ সহযোগ, কেতিয়াবা নীৰৱ সন্মতি) ছালফাই শোষণ, লুণ্ঠন আৰু দুৰ্নীতিৰ এটা নতুন অধ্যায় মুকলি কৰিছিল, যাৰ মুনাফা সকলো পক্ষই লাভ কৰিছিল৷

ছালফাই বহুতো ছিণ্ডিকেট গঢ়ি তুলিছিল, ব্যৱসায়ৰপৰা গুণ্ডা টেক্স সংগ্ৰহ কৰিছিল, কাঠৰ চোৰাং ব্যৱসায় কৰিছিল, ঠিকাদাৰি কৰিছিল, চহৰে-নগৰে শই শই ডাঙৰ দালান উঠাইছিল, ইত্যাদি ইত্যাদি৷ ইয়াৰ জৰিয়তে ৰাষ্ট্ৰ, ৰাজনীতি, ব্যৱসায়, অপৰাধ সকলোবোৰ সনা-পোটোকা হৈ চিনিব নোৱৰা হৈ পৰিছিল৷ সামৰিক নিয়ন্ত্ৰণ হ্ৰাস পাই অপেক্ষাকৃত শান্তিপূৰ্ণ সময় ঘূৰি অহাৰ পাছতো এই শোষণ-লুণ্ঠন-দুৰ্নীতিৰ চক্ৰটো বিভিন্ন ৰূপত বৰ্তি থাকিল৷ নতুন পৰিস্থিতিত নতুন মানুহ সোমাল (যিসকল আলফা-ছালফাৰ সৈতে জড়িত নহয়) যদিও, ৰাজনীতিক কিছুমান অধিক সক্ৰিয়তাৰে নামি পৰিল যদিও চক্ৰটোৰ চৰিত্ৰ একেই থাকিল৷ ইয়াৰ সৈতে তাল মিলাই চলা বহিৰাগত ব্যৱসায়ীবিলাকো আছেই৷ সাম্প্ৰতিক অসমত ভূমি আৰু প্ৰাকৃতিক সম্পদৰ অবাধ লুণ্ঠন চলোৱা প্ৰধান শক্তিটো এইটোৱেই৷ এই চক্ৰটোৰ মূল চাবিকাঠি আছে ক্ষমতাশালী ৰাজনীতিকসকলৰ হাতত৷ এই স্থানীয় পৰ্যায়ৰ লুণ্ঠন আৰু সৰ্বভাৰতীয় ঔপনিবেশিক চৰিত্ৰৰ লুণ্ঠনৰ মাজত ভাৰসাম্য তথা বিনিময় বৰ্তাই ৰাখিছে ৰাজনীতিকসকলে৷ এনেকৈয়ে অসমৰ জনসাধাৰণ আৰু পৰিবেশৰ ওপৰত দ্বিগুণ আক্ৰমণ চলিছে৷

শেহতীয়াভাৱে অসমৰ ভূমি তথা প্ৰাকৃতিক সম্পদ কৰ্প’ৰেট পুঁজিৰ হাতত তুলি দিবৰ বাবে এক ব্যাপক প্ৰস্তুতিপৰ্ব দেখিবলৈ পোৱা গৈছে৷ ক্ৰমবৰ্ধমানভাৱে পৰিচালিত উচ্ছেদ অভিযান ইয়াৰে এটা অংশ বুলি ক’ব পাৰি৷ উচ্ছেদ এতিয়া কোনো ব্যতিক্ৰম নহয়, বৰং নিয়ম হৈ পৰিছে৷ উচ্ছেদ এতিয়া কোনো মানৱীয় ট্ৰেজেডি নহয়, বৰং ব্যৱসায়িক ৰণকৌশল৷ কেতিয়াবা সাম্প্ৰদায়িক কাৰণত, কেতিয়াবা উন্নয়নৰ নামত, কেতিয়াবা পৰিবেশ সুৰক্ষাৰ নামত উচ্ছেদ চলোৱা হৈছে৷ এনেকৈ মুকলি কৰা বহু মাটি যে পৰৱৰ্তী সময়ত কৰ্প’ৰেটৰ হাতত গতাই দিয়া হ’ব সেই লৈ কোনো সন্দেহ নাই৷ উচ্ছেদৰ ফলস্বৰূপে বহু মানুহৰ জীৱন সংকটাপন্ন হৈছে৷ প্ৰব্ৰজন আৰু স্থানচ্যুতি অসমৰ সমাজৰ দুটা চিনাকি পৰিঘটনা৷

বানপানী, গৰাখহনীয়া আদি প্ৰাকৃতিক কাৰণত হাজাৰ হাজাৰ মানুহ গৃহহীন হৈ থাকে আৰু তেনে স্থানচ্যুত মানুহৰ এঠাইৰপৰা আন ঠাইলৈ আভ্যন্তৰীণ প্ৰব্ৰজন ঘটি থাকে৷ এতিয়া উচ্ছেদৰ ফলত মানুহৰ পৰিস্থিতি অধিক বেয়াৰ ফালে ঢাল খাইছে৷ সি আকৌ বহিৰ্মুখী প্ৰব্ৰজনৰ ওপৰতো প্ৰভাৱ পেলাব পাৰে৷ অৰ্থনৈতিক অনগ্ৰসৰতা, কৃষি অৰ্থনীতিৰ ভাঙোন তথা বিশ্বায়নী বজাৰৰ চেপাত তিষ্ঠিব নোৱাৰি বহু ডেকা ল’ৰা (আৰু কমসংখ্যক ছোৱালী) সৰুসুৰা কামৰ সন্ধানত ভাৰতৰ বিভিন্ন চহৰলৈ ঢাপলি মেলিছে৷ তেওঁলোকে দুৰ্বহ অৱস্থাত জীৱন নিৰ্বাহ কৰি কোনোমতে কিছু টকা অৰ্জন কৰি ঘৰলৈ আনে বা পঠায়৷ প্ৰাকৃতিক কাৰণতে হওক বা উচ্ছেদৰ কাৰণতে হওক, স্থানচ্যুতিয়ে মানুহৰ জীৱন-জীৱিকা বিপৰ্যস্ত কৰি জীয়াই থকাটো দুৰ্বিসহ কৰি তোলে৷ সি অৱধাৰিতভাৱেই বহু মানুহক বহিৰ্মুখী প্ৰব্ৰজনৰ ফালে ঠেলি দিয়াই স্বাভাৱিক৷ আনহাতে, মিছন বসুন্ধৰাৰ অধীনত অসমজুৰি ভূমি ব্যৱস্থাৰ স্বচ্ছকৰণ তথা অদ্যাৱধিকৰণৰ কাম চলি আছে৷

এয়া নিঃসন্দেহে এটা প্ৰয়োজনীয় কাম  আৰু সেয়ে জনসাধাৰণে ইয়াক আদৰিও লৈছে৷ কিন্তু একে সময়তে মন কৰিবলগীয়া কথাটো হ’ল এই যে ইয়াৰ ফলত ভূমিৰ ব্যক্তিগতকৰণ আৰু পণ্যায়নৰ প্ৰক্ৰিয়াটো ত্বৰান্বিত হৈছে৷ আগতে গাঁৱৰ সমাজত ভূমিৰ মালিকীস্বত্ব বস্তুটো গাইগুটীয়া আৰু দৃশ্যমান হোৱাৰ সলনি তুলনামূলকভাৱে উমৈহতীয়া আৰু ধূসৰ আছিল৷ কাৰোবাৰ পট্টাই নাছিল, হাবিৰ এচুকত বা নদীৰ দাঁতিত বসবাস কৰি আছিল৷ একেখন পট্টাতে বহু ককাই-ভাই-দদাই-বৰতাৰ মাটি আছিল; তেওঁলোকে নিজৰ মাটিটুকুৰাত বসবাস তথা খেতি-বাতি কৰিছিল, কিন্তু তাক আনধৰণে সালসলনি কৰিব বা বিক্ৰী কৰিব নোৱাৰিছিল৷ আনহাতে, নামত কোনোবা মালিক থাকিলেও কিছুমান ঠাই সকলোৱে ব্যৱহাৰ কৰিব পাৰিছিল৷ হাবিটুকুৰাত সকলোৱে খৰি লুৰিব বা ঢেঁকীয়া-ঔটেঙা বিচাৰিব পাৰিছিল, ঘাঁহনিডৰাত সকলোৱেই গৰু চৰাব পাৰিছিল৷ অৰ্থাৎ, আনুষ্ঠানিকভাৱে নহ’লেও কাৰ্যতঃ গাঁৱৰ মাটিৰ ওপৰত বহু পৰিমাণে সমূহীয়া তথা সামুদায়িক মালিকীস্বত্ব বিৰাজ কৰিছিল৷ এই সমূহীয়া তথা সামুদায়িক গুণেই আছিল গ্ৰাম্য জীৱনৰ পৰস্পৰনিৰ্ভৰশীলতা আৰু একতাৰ এটা প্ৰধান আধাৰ৷

কিন্তু এতিয়া মাটি সম্পূৰ্ণভাৱে ব্যক্তিগত সম্পদ হৈ পৰাৰ পাছত তাক পণ্য হিচাপে ব্যৱহাৰ কৰাটো সহজ হৈ পৰিল – ইচ্ছা কৰিলেই তাক বিক্ৰী কৰিব পাৰি বা তাক বন্ধকীত থৈ বেংকৰপৰা লোন এটা ল’ব পাৰি৷ এনে অৱস্থাত আন্তঃগাঁথনি বা উদ্যোগৰ বাবে ভূমি অধিগ্ৰহণ কৰিবলৈও সহজ হয়৷ কাৰণ কাৰ সৈতে কথা পাতিব লাগিব সেই লৈ কোনো অস্পষ্টতা নাথাকে, আৰু ব্যক্তিগত স্তৰত ক্ষতিপূৰণ দিলে মানুহে তাৰ বিৰোধিতা কৰাৰ সম্ভাৱনা প্ৰায় নাই৷ কিন্তু মাটিৰ ওপৰত সমূহীয়া তথা সামুদায়িক দাবী থাকিলে বিৰোধিতাই ৰাজনৈতিক আন্দোলনৰ ৰূপ পৰিগ্ৰহ কৰে, যিটো মেনেজ কৰিবলৈ টান৷

অসমত পাৰিবেশিক ৰাজনীতিৰ কথা পাতিবলৈ হ’লে আমি নদীবান্ধ-বিৰোধী আন্দোলনৰ প্ৰসংগ আলোচনা কৰিবই লাগিব৷ ইমান ডাঙৰ আন্দোলন এটা হৈ যোৱাৰ পাছত আচলতে অসমৰ সামাজিক কমনছেন্সত তাৰ কিছু ধাৰণাগত গেদ ৰৈ যাব লাগিছিল৷ উন্নয়নবাদৰ এটা সমালোচনা অৱশ্যেই বিকশিত হ’ব লাগিছিল৷ এতিয়া ঘটি থকা পাৰিবেশিক বিপৰ্যয় তথা তাৰ শংকাবিলাকৰ পৰিপ্ৰেক্ষিতত আমি সহজেই নদীবান্ধ-বিৰোধী আন্দোলনৰপৰা তাত্ত্বিক-ৰাজনৈতিক অনুপ্ৰেৰণা আহৰণ কৰিব পাৰিব লাগিছিল, এতিয়াৰ ঘটনাৱলীৰ সৈতে সেই আন্দোলনটোৰ আন্তঃসম্পৰ্ক সহজেই আৱিষ্কাৰ কৰিব পাৰিব লাগিছিল৷ সি আচলতে ভৱিষ্যতৰ পাৰিবেশিক আন্দোলনৰ বাবে এটা আদৰ্শ হিচাপে পৰিচিত হৈ উঠিব লাগিছিল৷

কিন্তু বৌদ্ধিক স্তৰত এই বিষয়ক বহু আলোচনা হৈছিল যদিও বিভিন্ন কাৰণত সি সেইধৰণে জনপ্ৰিয় ৰাজনীতিৰ মাজলৈ বিয়পি যোৱা নাছিল, যাৰ বাবে আমি এটা সুৱৰ্ণ সুযোগ হেৰুৱালো৷ নদীবান্ধ-বিৰোধী আন্দোলনৰ মূল হোতা আছিল কৃষক নেতা অখিল গগৈ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি৷ তেওঁলোক ওলাই আহিছিল কৃষকৰ ভূমি অধিকাৰ আন্দোলনৰ মাজৰপৰা৷ তেওঁলোকৰ প্ৰতি স্বাভাৱিকতেই অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ আছিল তীব্ৰ শ্ৰেণীগত বিৰাগ৷ সেয়ে আন্দোলনটোৱে সাৰ্বজনীন গ্ৰহণযোগ্যতা লাভ কৰাৰ আশা ক্ষীণ আছিল৷ আন্দোলনটোৰ আন এটা লক্ষণীয় দিশ আছিল নদীবান্ধ প্ৰশ্নটোৰ জাতীয়তাবাদী উপস্থাপন বা ফ্ৰেমিং৷ কৃষক মুক্তিয়ে বহু সময়ত শ্ৰেণীগত-ৰেডিকেল প্ৰশ্ন একোটাক জাতীয় প্ৰশ্ন হিচাপে দাঙি ধৰিবলৈ চেষ্টা কৰিছিল, যাৰ পৰিণামস্বৰূপে অসমীয়া জাতীয়তাবাদে এক নতুন প্ৰগতিশীল আয়তন লাভ কৰিছিল৷

অসমৰ ৰাজনৈতিক ইতিহাসত এয়া আছিল শুভংকৰ পৰিবৰ্তন৷ কিন্তু একে সময়তে জাতীয়তাবাদী উপস্থাপনে প্ৰশ্ন একোটাৰ চৰিত্ৰ সলনি কৰি পেলাইছিল আৰু সি মূলসুঁতিৰ জাতীয়তাবাদৰ পাকচক্ৰত সোমাই পৰিছিল; জাতীয় হৈ পৰাৰ লগে লগে প্ৰশ্ন একোটাক জাতীয়তাবাদী শক্তিবিলাকে আত্মসাৎ কৰাটো সহজ হৈ পৰে৷ সি যি নহওক, নদীবান্ধ প্ৰশ্নটোক জাতীয়তাবাদী উপস্থাপনত এটা ব্যতিক্ৰম হিচাপে চিহ্নিত কৰা হৈছিল৷ অসমত উদ্যোগ নাই বুলি আৰু উদ্যোগৰ লাভ অসমে নাপায় বুলি সদায় আন্দোলন হৈ আহিছিল৷ কিন্তু স্থাপন কৰিবলৈ লোৱা উদ্যোগ এটাই জনসাধাৰণৰ জীৱন আৰু পৰিবেশ বিপন্ন কৰিব বুলি স্বয়ং সেই উদ্যোগটোকেই বন্ধ কৰিব খোজাৰ আন্দোলন আগতে মানুহে দেখা নাছিল৷ গতিকে নদীবান্ধটো হৈ পৰিছিল এটা আচহুৱা, বিশেষ আৰু ব্যতিক্ৰমী বস্তু৷ অসমৰ অৰ্থনৈতিক বিকাশ তথা তৎকেন্দ্ৰিক ৰাজনীতিৰ সামগ্ৰিক প্ৰশ্নবিলাকৰ সৈতে ইয়াৰ যথাধৰণে সম্পৰ্ক স্থাপন হোৱা নাছিল; ইয়াৰপৰা উন্নয়নবাদৰ বিষয়ে তথা তাৰ সামাজিক-পাৰিবেশিক ক্ষতিৰ বিষয়ে এটা সাধাৰণ সমালোচনা বিকশিত হৈ ওলোৱা নাছিল৷

আনহাতে, ব্যাপক ৰূপ লাভ কৰাৰ পাছত লাহে লাহে আন্দোলনটোৰ মাজত বিভিন্ন দল-সংগঠন সোমাই পৰিছিল, মূলসুঁতিৰ জাতীয়তাবাদী শক্তিবিলাকো তাত আছিল৷ সিবিলাকে আন্দোলনটোৰ পৰিসৰ বৃদ্ধি কৰিছিল হয়, কিন্তু অভ্যস্ত জাতীয়তাবাদী বাগধাৰা তথা পৰিভাষাৰ মাজত আবদ্ধ কৰি আন্দোলনটোৰ মতাদৰ্শগত শক্তি আৰু চোক কমাই দিছিল৷

এইখিনিতে আমি অসমৰ আধুনিকতাবাদী চিন্তা-চৰ্চাত বিৰাজমান উন্নয়নৰ ধাৰণাটো প্ৰশ্নৰ কাঠগৰাত থিয় কৰোৱাৰ প্ৰয়োজন আছে৷ তাহানিতে ঢেকিয়াল ফুকনে ভৱিষ্যতৰ এখন উন্নত আধুনিক অসমীয়া সমাজৰ কল্পনা কৰিছিল ঔদ্যোগীকৰণ, কৃষিৰ বিজ্ঞানভিত্তিক উন্নতি তথা মানুহৰ মাজত জ্ঞানোদয়ৰ মাজেৰে৷ জ্যোতিপ্ৰসাদে ‘জয় হাতুৰীৰ জয়’ গানটোত লিখিছিল – ‘‘পাৰমাণৱিক বৈজ্ঞানিকৰ আৱিষ্কাৰৰে/শিল্পী-কবিৰ গান-ছবিৰে/শুদ্ধ জ্ঞানেৰে/নতুন যন্ত্ৰ-তন্ত্ৰ-মন্ত্ৰৰ জয়’’৷ সমাজবাদী প্ৰেৰণাৰে তেওঁ এখন উন্নত আৰু ন্যায়পৰায়ণ নতুন সমাজৰ কল্পনা কৰিছিল য’ত পাৰমাণৱিক বৈজ্ঞানিকৰ আৱিষ্কাৰকো গণমুখী কল্যাণৰ স্বাৰ্থত ব্যৱহাৰ কৰা হ’ব৷ ঢেকিয়াল ফুকন আৰু জ্যোতিপ্ৰসাদ – এই দুই কল্পনাৰ আমি পুৰ্নৰ্বিচাৰ কৰি চাইছোনে স্বৰাজোত্তৰ অসমৰ বাস্তৱ প্ৰেক্ষাপটত? ভূপেন হাজৰিকাই ‘জিলিকাব লুইতৰে পাৰ’ গানত কৈছিল – ‘‘সমাজে সাবটিব মহান মানৱতা/বিজ্ঞানে আনিব জোৱাৰ’’৷

আমাৰ দৰে সামাজিকভাৱে পশ্চাদপদ-পদানুক্ৰমবদ্ধ সমাজত শিক্ষাই তেনে মুক্তিকামী ভূমিকা পালন কৰিব পাৰেনে, বিজ্ঞানে তেনেকুৱা সামাজিক ৰূপান্তৰ ঘটাব পাৰেনে? আনহাতে, হাজৰিকাই ‘কপিলী কপিলী’ গানটোত নদীবান্ধে আনিব পৰা প্ৰগতিৰ জয়গান গাইছে – ‘হেজাৰ সূৰুযৰ জ্যোতি’ লুকাই থকা ‘পাগলী ছোৱালী’ কপিলী নদীক ‘বিজ্ঞানী ডেকাটি’ৰ নেতৃত্বত হাজাৰ শ্ৰমিকে মানুহৰ ত্ৰাণকৰ্তাত পৰিণত কৰিব খুজিছে, যাৰ ফলত কাষৰীয়া অঞ্চলবিলাকো হৈ উঠিব ‘চিৰ জ্যোতিষ্মান’৷ ইয়াৰ ফলত কপিলীৰ ‘দেহাৰ ভাঁজে ভাঁজে’ থকা ‘মিঠা যৌৱনৰে গান’বোৰ হেৰাই যাব পাৰে নেকি, তেনে আশংকাৰ পৰশ কিন্তু গানটোত নাই৷

মন কৰিবলগীয়া যে ইয়াৰ সৈতে তেওঁ ‘জিলিকাব লুইতৰে পাৰ’ গানত দাঙি ধৰা স্বপ্নটোৰ কোনো বিৰোধ নাই৷ তেনেহ’লে আধুনিকতাই আমাক বিজ্ঞান-প্ৰযুক্তিৰ ফালে আৰু তাৰপৰা বৃহৎ ঔদ্যোগীকৰণৰ ফালে অৱধাৰিতভাৱে আগুৱাই লৈ যায় নেকি? তাৰ ফলত ঘটিব পৰা সামাজিক-পাৰিবেশিক ক্ষতিয়ে আমাৰ আধুনিকতাৰ কল্পনাত ঠাই নাপাব নেকি? ক’বলৈ গ’লে, হাজৰিকাৰ গানটোত আমি নেহৰুবাদী আধুনিকতাৰ প্ৰতিধ্বনি শুনিবলৈ পাওঁ যাৰ সৈতে উন্নয়নবাদৰ ধাৰণাটো অবিচ্ছেদ্যভাৱে যুক্ত হৈ আছে৷ সি যি নহওক, আমাৰ আধুনিকতাৰ কল্পনা আৰু প্ৰকৃত আধুনিকীকৰণ – এই দুটা পৃথক ধাৰাৰে প্ৰৱাহিত হৈ আছে, যাৰ মাজত মিল তথা যোগসূত্ৰ কম৷ আমাৰ কল্পনাত প্ৰগতি আৰু শান্তি উৰি ফুৰিছে, কিন্তু বাস্তৱ উন্নয়নে আমাৰ বাবে ওলোটা পৰিণামৰ সৃষ্টি কৰিছে৷ এই স্ববিৰোধ নাইকিয়া কৰিবলৈ আমি চেষ্টা কৰিব নালাগেনে? সাধাৰণভাৱে ক’বলৈ গ’লে, অসমীয়া আধুনিকতাৰ প্ৰজেক্টটোত স্বাভাৱিকতেই বিজ্ঞানে কেন্দ্ৰীয় ভূমিকা পালন কৰিছে, কিন্তু তাৰ সৈতে অন্তৰ্নিহিতভাৱে বান্ধ খাই আছে ঔদ্যোগীকৰণৰ প্ৰশ্নটো, যাৰ একমাত্ৰ উপলব্ধ মডেলটো হ’ল উন্নয়নবাদ৷

এতিয়া প্ৰশ্ন হ’ল, বিজ্ঞানক আমি ঔদ্যোগীকৰণৰপৰা বিচ্ছিন্ন কৰি চাব নোৱাৰোনে? বিজ্ঞানক কেন্দ্ৰত ৰাখি লৈও আমি ঔদ্যোগীকৰণৰ প্ৰশ্নটো ভিন্নধৰণে চিন্তা কৰিব নোৱাৰোনে? আমাৰ সমাজ তথা পৰিবেশৰ উপযোগীকৈ আধুনিকতাৰ এটা সুকীয়া পথ আমি নিৰ্মাণ কৰিব পাৰো নেকি? বিজ্ঞানৰ সহায় লৈয়েই আমি উন্নয়নৰ এটা স্থানীয় বহনক্ষম মডেল গঢ়ি তুলিব পাৰো নেকি? তাৰ বাবে আমি আমাৰ ঐতিহ্যত প্ৰভাৱশালী হৈ থকা আধুনিকতাৰ ধাৰণাটোক প্ৰশ্ন কৰিব লাগিব, আৰু বৰ্তমান পৰিস্থিতি তথা অসমৰ সামাজিক-পাৰিবেশিক বাস্তৱতাৰ সৈতে খাপ খুৱাই তাক পুনৰ্জন্ম দিব লাগিব৷ ইয়াৰ সুবিধা নদীবান্ধ-বিৰোধী আন্দোলনে আনি দিছিল, কিন্তু তাক গ্ৰহণ কৰা নহ’ল৷ এতিয়া পৰিবেশ আন্দোলনৰ প্ৰস্তুতি কৰিবলৈ হ’লে এই আধৰুৱা কাম আমি সমাপন কৰিবই লাগিব৷

আমাৰ পাৰিবেশিক ৰাজনীতি হ’ব লাগিব এটা ৰেডিকেল গণভিত্তিক আন্দোলন৷ সম্প্ৰতি জনসাধাৰণৰ ন্যায়ৰ সংগ্ৰাম আৰু পৰিবেশ ৰক্ষাৰ সংগ্ৰাম একেটা বিন্দুত আহি মিলি পৰিছে৷ এই বিন্দুটোৰপৰাই জনসাধাৰণ আৰু পৰিবেশ উভয়ৰ স্বাৰ্থত আৰম্ভ কৰিব লাগিব সন্মিলিত গণতান্ত্ৰিক সংগ্ৰামখন৷ প্ৰথমেই মনত ৰাখিব লাগিব যে সমাজ-ৰাজনীতিত প্ৰভাৱ বিস্তাৰ কৰি থকা বহুতো সুবিধাভোগী-ৰক্ষণশীল শক্তিক আমি এই সংগ্ৰামৰ পথাৰত লগ নাপাম৷ মূলসুঁতিৰ জাতীয়তাবাদী সংগঠনবিলাক ইয়াৰ প্ৰধান নমুনা৷ এই সংগঠনবিলাকৰ অৰ্থ সংগ্ৰহৰ এক প্ৰধান উৎস হ’ল পৰিবেশ বিনষ্ট কৰা কোম্পানিবিলাক। অইল-অ’ এন জি চিয়েই হ‌ওক বা কৰ্প’ৰেট গোষ্ঠীয়েই হ‌ওক, সিহঁতৰ ওচৰত সৰহভাগ মূলসুঁতিৰ সংগঠনেই চান্দাৰ জৰিয়তে বান্ধ খাই থাকে। গতিকে সিহঁতৰ দীৰ্ঘম্যাদী স্বাৰ্থ বিঘ্নিত হ’ব পৰা কোনো কাম সংগঠনবিলাকে নকৰে।

এই প্ৰত্যক্ষ সম্পৰ্কৰ উপৰিও গভীৰতৰ ৰাজনৈতিক কাৰণতো সংগঠনবিলাক‌ৰপৰা একো আশা কৰিব নোৱাৰি। সিবিলাকৰ হাতত অসম আন্দোলনে যোগান ধৰা সমালোচনাত্মক ধাৰণাৰাজি কালক্ৰমত অৰ্থহীন বাগাড়ম্বৰত পৰিণত হ’ল, শ্লোগানবিলাক হৈ পৰিল নিষ্প্ৰাণ ৰিচুৱেল মাত্ৰ৷ এইখিনিকে আওৰাই সিবিলাকে নিজৰ সামাজিক প্ৰভাৱ বৰ্তাই ৰাখি সুবিধাজনকভাৱে সদায় চলি থাকিব খোজে৷ সিবিলাকৰ মজ্জাগত স্থিতাৱস্থাবাদী চৰিত্ৰ কোনেও সলনি কৰিব নোৱাৰে৷ আনহাতে, বিজেপিৰ উত্থানৰ পাছত অসমৰ সমাজত হিন্দু জাতীয়তাবাদৰ ক্ৰমাগত আধিপত্য বিস্তাৰে হিন্দুত্ববাদী শক্তিবিলাকৰ মূলসুঁতিকৰণ ঘটাবলৈ ধৰিলে৷ সিবিলাকে সেই স্পে’চসমূহ দখল কৰিবলৈ আৰম্ভ কৰিলে যিবিলাক পূৰ্বতে জাতীয়তাবাদী শক্তিবিলাকে অধিকাৰ কৰি আছিল৷ তেনে অৱস্থাত অসমৰ সমাজ-ৰাজনীতিত প্ৰান্তীয়কৃত হৈ যোৱাৰ ভীতিয়ে মূলসুঁতিৰ জাতীয়তাবাদী শক্তিবিলাকক সন্ত্ৰস্ত কৰি তুলিছিল৷ হিন্দুত্ববাদী আৰু জাতীয়তাবাদীৰ মাজত এটা সীমা সমস্যা আহি পৰিছিল – কোনখিনিলৈকে কাৰ জেগা তাক লৈ প্ৰশ্ন উত্থাপন হৈছিল৷

কা-বিৰোধী আন্দোলনত জঁপিয়াই পৰাৰ জৰিয়তে জাতীয়তাবাদী শক্তিবিলাকে নিজক পুনঃপ্ৰতিষ্ঠা কৰি এই সীমা সমস্যাটোৰ ক্ষেত্ৰত এটা মীমাংসা তথা ভাৰসাম্য আনিবলৈ সক্ষম হৈছিল৷ এই নতুন ভাৰসাম্য মানি চলি আৰু ৰাষ্ট্ৰৰ সৈতে এটা সুবিধাজনক দূৰত্বত অৱস্থান কৰি নিজক বচাই ৰখাটোৱেই এতিয়া মূলসুঁতিৰ জাতীয়তাবাদী শক্তিবিলাকৰ উদ্দেশ্য৷ গতিকে সিবিলাকে অনাগত সময়ৰ পৰিবেশ আন্দোলনৰপৰা আঁতৰি থকাই স্বাভাৱিক৷ দ্বিতীয়তে, প্ৰফেছনেল পৰিবেশ সংগঠন বা এন জি অ’বিলাকৰ ক্ষেত্ৰতো ভিন্ন ৰূপত একে কথাই প্ৰযোজ্য৷ নাগৰিক সমাজৰদ্বাৰা গঠিত প্ৰতিবাদী পৰিবেশ সংগঠনৰ কথা সুকীয়া৷ কিন্তু প্ৰফেছনেল পৰিবেশ সংগঠনবিলাকৰ সৰহভাগেই হ’ল সাম্প্ৰতিক নব্য উদাৰতাবাদী অৰ্থনৈতিক ব্যৱস্থাৰ অভিন্ন অংগ৷ আন্তঃৰাষ্ট্ৰীয় পুঁজি যোগানকাৰী সংস্থা বা ফাণ্ডাৰবিলাকৰ ৰাজনীতিয়ে সিবিলাকৰ ৰাজনীতিও বহুলাংশে নিৰ্ধাৰণ কৰি দিয়ে৷ এইক্ষেত্ৰত মূলসুঁতীয়া, প্ৰফেছনেল তথা সংস্কাৰকামী সংগঠনক অগ্ৰাধিকাৰ দিয়া হয়; ৰেডিকেল তথা পুঁজি-বিৰোধী অৱস্থান লোৱা সংগঠনক অৱজ্ঞা কৰা হয়৷

সেয়ে প্ৰফেছনেল পৰিবেশ সংগঠনবিলাকে লবিকৰণ, বিজ্ঞানৰ প্ৰচাৰ, পলিচি-সম্পৰ্কীয় পৰামৰ্শ, পৰিবেশ সংৰক্ষণৰ প্ৰজেক্ট, বজাৰ-কেন্দ্ৰিক তথা প্ৰযুক্তি-ভিত্তিক সমাধান আদি ৰাজনৈতিকভাৱে নিৰাপদ কৰ্মসূচীৰ ওপৰত গুৰুত্বাৰোপ কৰা দেখিবলৈ পোৱা যায়৷ আনহাতে, ৰাষ্ট্ৰই নিজৰ সুবিধা অনুসৰি এই সংগঠনবিলাকক নিয়মন কৰিবলৈ অহৰহ চেষ্টা কৰি থাকে৷ অসুবিধাজনক কাম কৰিলেই সিবিলাকক আইনগতভাৱে হাৰাশাস্তি কৰা হয়, বিত্তীয়ভাৱে সংকটত পেলোৱা হয়, ৰাজনৈতিকভাৱে ভাবুকি দিয়া হয়৷ এইক্ষেত্ৰত পাশুপাত অস্ত্ৰপাত হ’ল বিদেশী বৰঙণিৰ (foreign contribution) নিয়ন্ত্ৰণ; ইয়াৰ অচিলা লৈ সহজতে সংগঠন এটা ভাঙি দিব পাৰি৷ এনেকুৱা পৰিবেশত সংগঠনবিলাকে সাধাৰণতে নিজে নিজেই বিপদজনক কামৰপৰা আঁতৰি থাকে৷ পৰিবেশক লৈ কাম কৰিলেও আৰু তাৰপৰাই দৰমহা খালেও এই পৰিবেশ সংগঠনবিলাকে পৰিবেশক লৈ মৌলিক ৰাজনৈতিক প্ৰশ্নবিলাক কেতিয়াও উত্থাপন কৰিব নোৱাৰে৷ গতিকে অনাগত পৰিবেশ আন্দোলনত সিবিলাকৰ অংশগ্ৰহণ কোনোমতেই আশা কৰিব নোৱাৰি৷

পৰিবেশক কেন্দ্ৰ কৰি অসমত গঢ় লৈ উঠক এক নতুন ৰাজনীতি৷ তাৰ বাবে চিন্তা-চৰ্চা আৰু অনুশীলন আজিয়েই আৰম্ভ হওক৷ তেহে আমিও বাচিম আৰু আমাৰ পৰিবেশো বাচিব৷

Share This Article
Jiten Bezboruah
Jiten Bezboruah

Jiten Bezboruah is prominent Author who writes in Assamese. He also contributes regularly in various blogposts, magazines and Assamese dailies.

Articles: 2

Leave a Reply

Your email address will not be published. Required fields are marked *