Discourses From the East
Lamjai’ৰ এবছৰ পূৰ হোৱাৰ উপলক্ষে কিশোৰ কলিতাৰ কবিতা
~আমি কি কথা পাতিছিলো~
বহুবছৰ আগতে যেতিয়া
পথাৰখন সেউজ আছিল
নৈখন আছিল ভৰুণ
উজাগৰী জোনাক নিশা কটোৱা
পৰ্বতখনেও ক’ব পাৰিছিল
শাৰদী নিশা কি ফুল
সৰি পৰে নিয়ৰে ধোৱা
লাজুকী ঘাহঁনিত
তেতিয়া আমি কি কথা পাতিছিলোওখ-চাপৰ সকলো মানুহ
সমান হোৱাৰ পুৰা-কাহিনী
অশান্ত ইলেক্ট্ৰন শান্ত হোৱাৰ
আধা গঠিত সাধুকথা
নে
ৰজাবোৰক নি:শেষ কৰাৰ
মালিতাৰ কথাপাতিছিলো জানো আমি কথা
মৰিশালিৰ চয়তানবোৰ এদিন
যে ভৰ নিদ্ৰাৰ পৰা সাৰ পাব
এমূৰৰ পৰা গিলি যাব
নৈ-পথাৰ ,বতাহ-পোহৰ,জোনাক-নিয়ৰ
আৰু তুমি-মোক
পাতিছিলো জানো আমি সেই কথাপাতিছিলো জানো আমি কথা
পোহৰ অতিক্ৰমণৰ
এদিন যে নিযুত সুৰুজক
গিলিবলৈ মৰ্ত্যৰ পৰা
কিলবিলাই পোহৰ বগাই উঠি আহিব
হাজাৰখন চয়তানি জিভা
যিবোৰৰ পেটত সোমাই থাকিব
পাহাৰ-অৰণ্য,পথাৰ-মহাপথাৰ,সাগৰ-মহাসাগৰ
আৰু
আমাৰ নিশ্চুপ প্ৰেতাত্মাবোৰ
পাতিছিলো জানো আমি সেই কথা








