কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সংকট আৰু ছাত্ৰ ঐক্যৰ কলৰৱ

Share This Article

ৰাজনৈতিক দলৰ হস্তক্ষেপ নথকাকৈ আজিৰ দিনত আন্দোলন সম্ভবনে ? আজিৰ দিন বুলি ক’লে ২০১৪ৰ পৰা বর্তমানলৈ চলি থকা সময়ছোৱা।‌ এই সময়ছোৱাত তেন্তে আন্দোলন আছেনে নাই অথবা আন্দোলন একোটা গঢ়ি উঠিছেনে নাই? নে এই সময়ছোৱা বহুবছৰ ধৰি অপেক্ষা কৰি থকা ভাল সময়ৰ নমুনা? আৰু ২০১৪ ৰ পৰাই কিয় এই প্ৰশ্নটো আহে? আন্দোলনৰ যোগেৰে উঠোৱা মৌলিক প্ৰশ্নবোৰ জনতাৰ মাজলৈ নাযাওক, সেইটোকেই নিয়ন্ত্ৰণ কৰিবলৈ ৰাষ্ট্ৰতন্ত্ৰটোৱে বহু সময়ত সক্ৰিয় হৈ থাকে নেকি? গণতান্ত্ৰিক দেশ এখনত বিভিন্ন পৰিপ্ৰেক্ষাত হোৱা আন্দোলনসমূহে কিদৰে দেশ এখনৰ প্ৰকৃত গণতান্ত্ৰিকতা বৰ্তাই ৰাখিব পাৰে? এইবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি আমি অসমত অৱস্থিত এখন বিশ্ববিদ্যালয়ৰ ছাত্ৰ আন্দোলনৰ ওপৰত এক আলোচনা কৰিবলৈ বিচাৰিছোঁ। অসমৰ ছাত্ৰ আন্দোলনৰ কথা ক’বলৈ ইয়াৰ এক দীঘলীয়া ইতিহাস আছে । থাউকতে কেইটামান দশকলৈ উভতি চাওঁ, যি দশক আমাৰ প্রজন্মই স্বচক্ষে দেখা নাই অথচ তাৰ অনুৱর্তী সময়ত আমি জী আছো। আশীৰ দশকৰ এই আন্দোলনটোৰ মূলতেই আছিল বহিৰাগতৰ দলে অসমৰ অর্থনৈতিক শক্তিটো নিজৰ কৰি লোৱাৰ বিৰুদ্ধে সংগঠিত জনতাৰ দল। এই জনতাৰ দলক নেতৃত্ব দিছিল ছাত্র সমাজে। পঁচাশীৰ পাছত কেইবাটাও দশক অতিবাহিত হল। ছয় বছৰীয়া আন্দোলনটোৱে বহুকেইটা পৰিণামৰ পৰিপ্ৰেক্ষা থৈ গ’ল। এই ছয়বছৰীয়া আন্দোলনত গুলী খোৱা অসমৰ জনতাৰ বুকুৰ তেজৰে অসম চুক্তিৰ দাবী উত্থাপিত হ’ল আৰু তাৰ ফলস্বৰূপেই ১৯৯৩ চনৰ তেজপুৰ বিশ্ববিদ্যালয় আইনৰ জৰিয়তে, বিষ্ণু ৰাভাই সাধাৰণ জনতাৰ বাবে দান কৰা মাটিত তেজপুৰ বিশ্ববিদ্যালয় ১৯৯৪ চনৰ পৰা কাৰ্যকৰী হৈ উঠিল। এই বিশ্ববিদ্যালয়তে যোৱাটো বৰ্ষত প্ৰশাসনিক আৰু শৈক্ষিক সংকটক লৈ ছাত্ৰসমাজৰ নেতৃত্বত এক আন্দোলন আৰম্ভ হ’ল । চাবলৈ গ’লে অসমৰ আন্দোলনৰ ইতিহাসত এই আন্দোলনটো এটা নতুন সংযোজন হ’ব বুলি ক’ব পাৰি। এক দীঘলীয়া সময়ৰ ঐক্যবদ্ধ ছাত্ৰ আন্দোলনটোৰ বিস্তৃত বিশ্লেষণৰ প্ৰয়োজন বাৰুকৈয়ে আছে । বহু ক্ষেত্ৰত ইয়াৰ সীমাবদ্ধতাৰ অৱকাশ থাকিলেও তেজপুৰ বিশ্ববিদ্যালয়ৰ চৌহদৰ পৰিসীমাত আৰম্ভ হোৱা ছাত্ৰ আন্দোলনটোৱে অসমৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ সমাজ তথা অসমৰ নাগৰিকৰ বাবে ৰাজহুৱা শিক্ষাখণ্ডৰ সংকটৰ সমাধানৰ বাবে এক আলোচনাৰ পথ মুকলি কৰি তুলিলে ।

ছাত্ৰ আন্দোলনৰ পটভূমি

        ২১ চেপ্তেম্বৰ ‘২৫ ত তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্র-ছাত্রী সকল হোষ্টেলৰ চাৰিবেৰৰ পৰা ওলাই আহি এঠাইত সংঘবদ্ধ হ’ল । সম্মুখত এখন ফটো। ফটোখনত তাৰ দুদিন আগত অসমক শোক সাগৰত পেলাই স্তব্ধ কৰি দিয়া বাতৰি এটাৰ চৰিত্র। আমি কৈ থকা সেই ঠাইটুকুৰা হৈছে, তেজপুৰ বিশ্ববিদ্যালয়ৰ প্রশাসনিক ভৱনৰ সম্মুখ প্ৰাংগণ। যি ঠাইত প্রশাসনিক দপ্তৰৰ মানুহৰ অনুমতি অবিহনে সশব্দে আৰু ছাত্ৰ সমাজ একগোট হোৱা নিষেধ।  য’ত শিক্ষার্থীৰ লগত অন্যায় হ’লেও মাত মতা নিষেধ। এনে এখন বিশ্ববিদ্যালয়, য’ত শিক্ষার্থী অনুকূল পৰিৱেশ, জ্ঞান চর্চাৰ স্থান আৰু তাৰ সময় বঢ়োৱাৰ সলনি কেতবোৰ অবিবেচকী নীতি-নির্দেশনা, শিক্ষার্থীৰ ওপৰত জাপি দিয়া হয়। তেনে এখন বিশ্ববিদ্যালয়ৰ আবেষ্টনীত হেজাৰ হেজাৰ শিক্ষার্থী ওলাই আহিল যেতিয়া সমগ্র অসমক স্তব্ধ কৰা সেই ১৯ চেপ্তেম্বৰৰ বাতৰিটোৱে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্রশাসনীয় ব্যৱস্থাটোৰ চৰম পর্যায়ৰ অসংবেদনশীলতাক সম্মুখত তুলি ধৰিলে। ১৯চেপ্তেম্বৰত সকলোৰে মাজৰ পৰা জুবিন নামৰ সত্বাটো কায়িকভারে নোহোৱা হৈ গ’ল। অসমৰ বহুকেইখন শিক্ষানুষ্ঠানত জুবিন গাৰ্গৰ প্রতি সম্মান জনাই দুদিনৰ বাবে পাঠদানো বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল, লগতে শ্রদ্ধাঞ্জলি অনুষ্ঠান ৰখা হৈছিল। কিন্তু অসংবেদনশীল তেজপুৰ বিশ্ববিদ্যালয়ৰ প্রশাসনীয় ব্যৱস্থাটোৱে ছাত্ৰ-ছাত্রীৰ আপত্তি সত্ত্বেও ছাত্র পৰিষদ (Tezpur University Students’ Council) ৰ নির্বাচন অনুষ্ঠিত কৰিলে, যি সময়ত অসমৰ বহুকেইখন শিক্ষানুষ্ঠানৰ ছাত্র একতা সভাৰ নির্বাচন পিছুওৱা হৈছিল। এইখিনিতে এই কথা উল্লেখ নকৰিলে নহয় যে, তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ পৰিষদ স্বতন্ত্র নহয়। নামত নির্বাচন অনুষ্ঠিত হলেও এই পৰিষদৰ পদেন অধ্যক্ষ (Ex-officio chairperson) ৰ অধীনতহে সকলো কাম কৰা হয়, য’ত ছাত্র-সমাজৰ সমস্যাই গুৰুত্ব পাবলৈ সময় লাগে আৰু বহু সময়তে আওকাণ কৰা হয়। এই পৰাধীন ছাত্র পৰিষদৰ নির্বাচনৰ পাছতেই আছিল নিয়মীয়া পাঠদানৰ এখন কাঢ়া গোহাৰি। এই কথাৰ অচিলাতেই ক্ষুব্ধ হৈ ছাত্র সমাজে প্রশাসনীয় ব্যৱস্থাটোৰ পৰা কৈফিয়ৎ বিচাৰিলে। ছাত্র সমাজে বিশ্ববিদ্যালয়ৰ সর্বোচ্চ পদবী, উপাচার্যৰ পৰা জুবিন গাৰ্গৰ প্রতি শ্ৰদ্ধাঞ্জলি নজনোৱাৰো কৈফিয়ৎ বিচাৰিলে। আজি ভাৰতৰ প্রধানমন্ত্রীক সাধাৰণ জনতাই সমস্যাৰ  সময়ত ঢুকি নোপোৱাৰ দৰে, উপাচার্য গৰাকীকো সাধাৰণ ছাত্র-ছাত্রীয়ে, বিশ্ববিদ্যালয় চৌহদত সাক্ষাৎ কৰাটো বৰ দুৰুহ কাম আছিল। সেই ২১ ছেপ্তেম্বৰৰ দিনাও ইয়াৰ কোনো বিপৰীত হোৱা নাছিল। অতবছৰৰ পুঞ্জীভূত ক্ষোভ সেইদিনা উজাৰি দিয়া হ’ল জুবিনক কৰা অপমানক কেন্দ্ৰ কৰি। সুদূৰ দিল্লীৰ পৰা শম্ভুনাথ সিঙে ভিডিঅ কলৰ জৰিয়তে ছাত্র-ছাত্রীক সহাঁৰি জনালে আৰু এইবুলি ক’লে যে “Don’t make things funny.” কিয়নো ছাত্র-ছাত্রীয়ে উপাচাৰ্যই ক্ষমা বিচৰাটো বিচাৰিছিল, লগতে শিক্ষানুষ্ঠানখনত ছাত্র-ছাত্রীৰ অনুকূল পৰিৱেশৰ বাবেও কেইবাটাও দাবী জনালে। উপাচাৰ্যৰ অনুপস্থিতিত ভাৰপ্রাপ্ত দায়িত্বত থকা উপাচার্য আৰু অন্য প্রশাসনিক দপ্তৰৰ মানুহে আশ্বাস দিলে যে দিল্লীত বহি থকা সিঙে আগন্তুক দিনটোত ছাত্র-ছাত্রীক সাক্ষাৎ কৰিব। ছাত্র-ছাত্রী আবাসলৈ ওভতিলে সেই দিনটোৰ অপেক্ষাত। সেই দিনটো আহিল, শম্ভুনাথ সিঙ ছাত্ৰ ছাত্ৰীক সাক্ষাৎৰ বাবে আহিল প্রশাসনীয় দপ্তৰৰ মানুহ আৰু নিৰাপত্তা কর্মীক লগত লৈ। ছাত্র-ছাত্রীসকলৰ ওচৰত ক্ষমা দূৰৰ কথা, বহু কথাৰে অপমান সূচক মন্তব্যহে কৰিলে। লগতে ছাত্র সমাজৰ দাবীসমূহ সম্পূর্ণ ৰূপে মানিবলৈ অমান্য হ’ল, কিয়নো দাবীৰ ভিতৰত আছিল এখন স্বতন্ত্র ছাত্র সংসদ আৰু এয়া আছিল ২২ ছেপ্তেম্বৰৰ কথা। সেই দিনটোতে হয়তো প্রথমবাৰৰ থাবে শম্ভুনাথ সিঙে ছাত্র-ছাত্রীক সম্মুখত লৈ কথা কৈছিল। বিয়লি বেলাৰ পৰা নিশা হ’ল, আৰু সুযোগ বুজি উপাচাৰ্যজন প্রশাসনিক ভৱনৰ ভিতৰলৈ গৈ দুৱাৰ বন্ধ কৰিলে আৰু তাৰ কিছু সময়ৰ পাছতে কোনোৱে গম নোপোৱাকৈ সেই সময়ৰ মুখ্য কার্যবাহী অভিযন্তাজনৰ গাড়ীত কোনোবা এক সুৰুঙাৰে বিশ্ববিদ্যালয় চৌহদ পৰিত্যাগ কৰিলে। ছাত্র-ছাত্রী প্রশাসনীয় ভৱনৰ সমুখত ক্ষোভ সহিতে বোন্দাপৰ দি থাকিল  এইবুলি যে উপাচাৰ্যজন আহিব। নিশা দুই- তিনিবজালৈ ৰৈ থকা ছাত্ৰসমাজ নিশ্চিত হ’ল যে উপাচার্যজন ছাত্রসমাজৰ ঐক্যতাত তেওঁৰ অগনতান্ত্রিক চাতুৰী ধৰি ৰাখিব নোৱাৰি বিশ্ববিদ্যালয় চৌহদ পৰিত্যাগ কৰিলে । সেই ২২ ছেপ্তেম্বৰৰ ৰাতি দোভাগৰ পৰা তেজপুৰ বিশ্ববিদ্যালয় আজি পর্যন্ত এজন স্থায়ী উপাচার্য বিহীন হৈ আছে ।

সেই দিনটোৰ পৰা ৩১ ডিচেম্বৰ’ ২৫ লৈ ছাত্র সমাজে বিশ্ববিদ্যালয়ৰ শৈক্ষিক সংকটক লৈ বহু ধৰণে প্রতিবাদ সাব্যস্ত কৰিলে। গুৰুত্বপূর্ণ কথা এইটোও আছিল যে এই প্রতিবাদী ছাত্র আন্দোলনটোলৈ বিশ্ববিদ্যালয়ৰে শিক্ষক সমাজ আৰু অনা- শিক্ষক সমাজৰ বহু সংখ্যক লোকে পূর্ণ সমর্থন আগবঢ়ালে। এই আন্দোলনৰ সময়ছোৱাত বিশ্ববিদ্যালয়ৰ আচাৰ্য, অসমৰ ৰাজ্যপালৰ দ্বাৰা এখন অনুসন্ধান সমিতি, ভাৰতীয় শিক্ষা মন্ত্রালয়ৰ অধীনত তিনিজনীয়া উচ্চ পদস্থ বিষয়াৰ এটি দল আৰু শেষত শিক্ষা মন্ত্ৰালয়ৰে অধীনত এখন তদন্ত সমিতিয়ে মুঠ চাৰিবাৰকৈ বিশ্ববিদ্যালয় পৰিদৰ্শন কৰিলে । তাৰ পাছতো ছাত্র-ছাত্রী তথা বিশ্ববিদ্যালয় সমিতিক এইবুলি দৃঢ়তাৰে ক’ব নোৱাৰিলে যে সেই পলাতক উপাচার্যজনক অভিযোগসমূহৰ ওপৰত ভিত্তি কৰি তলব কৰিব আৰু এগৰাকী স্থায়ী উপাচার্য নিয়োগ কৰিব। তাৰ সলনি ৩১ ডিচেম্বৰ’ ২৫ত সম-উপাচার্য এগৰাকী নিযুক্ত কৰিলে আৰু এইবুলি জনোৱা হ’ল যে সৰ্বাধিক তিনিমাহৰ ভিতৰত শিক্ষা মন্ত্রালয়ৰ তদন্ত সমিতিৰ প্ৰতিবেদন আহিব। ছাত্ৰ সমাজক সেই তিনিমাহৰ বাবে কোনো ধৰণৰ প্ৰতিবাদী কাৰ্যসূচীৰ পৰা বিৰত থাকি তদন্ত সমিতিৰ ওপৰত আস্থা ৰাখিবলৈ কোৱা হ’ল । ছাত্ৰসমাজে অপেক্ষা কৰিলে । আচৰিতভাৱে শম্ভুনাথৰ কার্যকালত দুর্নীতিৰ অভিযোগেৰে পোত খোৱা আৰু শম্ভুনাথক বিশ্ববিদ্যালয় চৌহদৰ পৰা অন্তৰ্ধান হোৱাত সহায়কাৰী মুখ্য কার্যবাহী অভিযন্তাজন (যিগৰাকী অভিযন্তা দুর্নীতিৰ অভিযোগত অভিযুক্ত হোৱাৰ পাছৰে পৰা বিশ্ববিদ্যালয়ৰ পৰা স্বাস্থ্যজনিত কাৰণত ছুটী লৈ আছিল) পুৰণি ফাইল বিচাৰি বিশ্ববিদ্যালয়ৰ অভিযান্ত্রিক কার্যালয়ত চকী পাৰি বহিলে, যি সময়ত অন্য এগৰাকী অধ্যাপকক মুখ্য কার্যবাহী অভিযন্তাৰ ভাৰপাপ্ত দায়িত্ব দিয়া হৈছিল। এই দুর্নীতিগ্রস্ত অভিযন্তা গৰাকীক যথা সময়ত ছাত্র সমাজ লগতে শিক্ষক আৰু অনা শিক্ষক সমাজে জবাবদিহি কৰিলে যদিও তেওঁৰ ওচৰত সঠিক উত্তৰ নাছিল। এই ঘটনাৰ কিছু দিন পাছতেই এই বিষয়া গৰাকীয়ে অবসৰ পালে আৰু অৱসৰৰ পাছতেই যোগদান কৰিলে ভাৰতীয় জনতা পার্টিত আৰু তেওঁক জবাবদিহি কৰা শিক্ষক,কর্মচাৰী আৰু ছাত্র-ছাত্রীৰ ওপৰত আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিলে। এই কাৰনামাবোৰ চলি থাকিল। সৰ্বাধিক তিনিমাহৰ সময়ো উকলিল, কিন্তু তদন্ত সমিতিৰ কোনো ধৰণৰ প্রতিবেদন নাহিল। এই তদন্ত সমিতিখন গঠন কৰা হৈছিল তেজপুৰ বিশ্ববিদ্যালয় আইন, ১৯৯৩ ৰ ৯নং অনুচ্ছেদৰ আধাৰত, যিটো বিশ্ববিদ্যালয়ৰ কুলাধ্যক্ষৰ দ্বাৰা শিক্ষা মন্ত্ৰালয়ৰ নির্দেশত গঠন কৰা হৈছিল। তাৰ অধ্যক্ষ, সদস্যৰ দায়িত্বত আছিল ক্রমে মনিপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লোকেন্দ্র সিং, ইউ.জি.চি. (University Grants Commission) সচিব মণিষ যোশী আৰু নাগালেও বিশ্ববিদ্যালয়ৰ উপাচার্য জগদীশ পাটনায়কক । এই সমিতিয়ে এইটো দাবী কৰিছিল যে তিনিমহীয়া তদন্তটোত তেওঁলোকক ইউ. জি. চি. য়েও সকলো ধৰণৰ সহায় কৰিব । তাৰ পাছতে সংবাদ মাধ্যমত দৃষ্টিগোচৰ  হ’ল যে তদন্ত সমিতিৰ সদস্য যোশীয়ে তেওঁৰ ইউ.জি.চি. ৰ সচিব পদবীৰ পৰা পদত্যাগ কৰে৷  শেহতীয়া সংবাদ মাধ্যমৰ তথ্য অনুসৰি যোশীৰ পদত্যাগৰ পাছতে অধ্যক্ষ লোকেন্দ্র সিঙে উপাচাৰ্য পদত মনিপুৰ বিশ্ববিদ্যালয়ৰ পৰা অৱসৰ ল’লে। তেন্তে প্রশ্ন হয় যে তদন্ত সমিতিৰ কিবা প্রতিবেদন ওলাবনে? তিনিমহীয়া তদন্তৰ প্রতিবেদনত নীৰৱ হৈ থকা শিক্ষা মন্ত্রালয়ে তেজপুৰ বিশ্ববিদ্যালয়তে উত্তৰ-পূৱ আঞ্চলিক ৰাজভাষা সম্মিলন পাতিলে। আৰ. এছ. এছ. ৰ সম্মিলনত আমন্ত্রিত কবি গোষ্ঠীও  এই সম্মিলনলৈ আমন্ত্রিত আছিল। কিন্তু শিক্ষা মন্ত্ৰালয়ে বিশ্ববিদ্যালয়ত অনুষ্ঠান পাতিবলৈ অনুদান আৰু সন্মতি দিলেও, তদন্ত প্ৰতিবেদনৰ বাবে কোনো সঁহাৰি নাই।

২১ ছেপ্তেম্বৰৰ পৰা চলা ছাত্র আন্দোলনটোৰ জুই অৱশ্যে এতিয়াও নুমুওৱা নাই। বৰঞ্চ বিশ্ববিদ্যালয় চৌহদত এতিয়াও প্রতিবাদী শ্লোগানৰ ফেষ্টুনবোৰে এই কথাকে কয় যে আন্দোলনৰ দৃষ্টিকোণবোৰ থাকি যায় আৰু সময়ে তাক প্ৰশ্ন কৰে অথবা দায়িত্ব সোঁৱৰায়। কিয়নো এই আন্দোলনটো আছিল গণতান্ত্রিক এটা ছাত্র আন্দোলন। গণতান্ত্রিক ছাত্র-আন্দোলন বা জনতাৰ আন্দোলনক বর্তমান সময়ত গুৰুত্ব নিদিয়াটো আচলতে শাসকীয় পক্ষৰ অগণতান্ত্রিক শাসন যন্ত্রৰ নমুনা। কিয়নো শেহতীয়াকৈ শৈক্ষিক সংকটৰ সময়ত শাসকীয় চৰকাৰৰ নীৰৱতাই আচলতে চৰকাৰৰ ব্যর্থতাহে উদঙায়। তেজপুৰ বিশ্ববিদ্যালয় ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠান; যদি ৮৬০ জন শ্বহীদৰ তেজৰ বিনিময়ত স্থাপন কৰা লগতে অসম চুক্তি ৰূপায়ণত সফলতা বুলি তেজপুৰ বিশ্ববিদ্যালয়ক বেদীত উঠোৱা হয়, তেন্তে এই কথাও মন কৰিবলগীয়া যে সেই বেদীকে এজন দুর্নীতি পৰায়ণ ব্যক্তিৰ মুৰব্বীৰে ক্লেদাক্ত কৰিবলৈ দিয়া হ’ল। কথাবোৰ এইবুলিও ওলাল, যে অনা-অসমীয়া উপাচাৰ্য বাবেহে শিক্ষানুষ্ঠানটোত প্ৰশাসনিক সংকট হ’ল । এইখিনিতে  আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো হ’ল যে শম্ভুনাথ সিঙৰ ওপৰত পূৰ্বেও পাটনা বিশ্ববিদ্যালয়ত উপাচাৰ্য পদবীত থকা সময়ছোৱাত ছাত্ৰ সমাজৰ পৰা দেধাৰ অভিযোগ আছিল আৰু ২০১৩ চনত ছাত্ৰ সমাজে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিল। আচৰিতভাৱে প্ৰতিবাদটো বিফল কৰা হৈছিল আৰু শম্ভুনাথক ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়ৰ অধ্যাপক হিচাপেহে নিযুক্ত কৰা হ’ল আৰু পাছলৈ তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে। এতিয়া অন্তঃসাৰশূন্য প্ৰশ্নটো আহে যে অনা-অসমীয়া উপাচাৰ্য বাবে অসমত থকা বিশ্ববিদ্যালয়খনত (যদিওবা কেন্দ্ৰীয় বিশ্ববিদ্যালয়) প্ৰশাসনিক আৰু শৈক্ষিক সংকটৰ আনিলে নেকি? নে প্ৰশ্নটো এইদৰে সোধা হওক যে কেন্দ্ৰীয় চৰকাৰৰ নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চলত অথবা ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানত দুৰ্নীতিত অভিযুক্ত ব্যক্তি এজনক নিযুক্ত কৰা হ’ল? দ্বিতীয় প্ৰশ্নটোত এইবাবেই গুৰুত্ব দিয়া উচিত, উত্তৰ-পূৰ্বাঞ্চলৰ তিনিখনকৈ কেন্দ্ৰীয় বিশ্ববিদ্যালয় – মণিপুৰ বিশ্ববিদ্যালয়, নেহু, আৰু তেজপুৰ বিশ্ববিদ্যালয়ত উপাচাৰ্যৰ বিৰুদ্ধে ছাত্ৰ সমাজৰ প্ৰতিবাদ হৈছে । তিনিওগৰাকী উপাচাৰ্যৰ বিৰুদ্ধে থকা অভিযোগবোৰ প্ৰায় একে। গতিকে প্ৰশ্ন হয় যে উপাচাৰ্যৰ নিযুক্তিত  ইউ.জি.চি., কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ এনে কি ব্যৰ্থ ভূমিকা থাকে, যি উপাচাৰ্য একোজনৰ হাতত শাসনৰ বাঘজৰীডাল দিয়াবলৈ কুলাধ্যক্ষৰ ওচৰ পায় অথচ বোকোচাত লৈ অহা অভিযোগবোৰক লৈ কোনো আপত্তি নাথাকে! তাৰোপৰি, এই অতবোৰ দুৰ্নীতিগ্ৰস্ত ব্যক্তিকেই পুণৰ নিযুক্তি দিয়া হয় উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষানুষ্ঠানত। লগতে এই কথাখিনিও মনকৰিবলগীয়া যে এই আটাই কেউজনেই বিশ্ববিদ্যালয়ৰ আইন উলংঘা কৰি শাসকীয় দলৰ ৰাজনৈতিক উদ্দেশ্যধৰ্মী অনুষ্ঠানবোৰ বিশ্ববিদ্যালয় একোখনৰ প্ৰেক্ষাগৃহত পাতিবলৈ অনুমতি দিয়ে। এই মৌলিক প্রশ্নবোৰৰ উত্তৰ কোনে দিব? ৰাজহুৱা শিক্ষানুষ্ঠানবোৰ এইদৰেই ধ্বংসৰ গৰাহলৈ নিয়াৰ বাবে জগৰীয়া কোন আৰু শিক্ষা ব্যৱস্থাৰ প্রতি দায়িত্বৰ কথা চৰকাৰক কোনে সোঁৱৰাব?

শৈক্ষিক সংকট আৰু সমাধানৰ পথ

এই কথা ক’বই লাগিব যে ছাত্র সমাজৰ গণতান্ত্রিক এই আন্দোলনটোৰ বাবে আজি তেজপুৰ বিশ্ববিদ্যালয়ৰ চৌহদৰ আকাশ বহুক্ষেত্রত ফৰকাল হৈছে। এই আন্দোলনৰ আগলৈকে ছাত্র-ছাত্রীৰ হাতবোৰ, বান্ধি ৰখা হৈছিল একোডাল শিকলিৰে এই শিকলি শম্ভুনাথৰ দিনত মাথো মজবুত হৈছিল। শাসনৰ নাম লৈ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিকূল আৰু সংস্তৰিত (hierarchical) ব্যৱস্থাত অটল শৈক্ষিক পৰিৱেশ এটা হৈ উঠিছিল, য’ত বিশ্ববিদ্যালয় নিজে এটা স্বৈৰতন্ত্ৰৰ অংশ হৈ পৰিছিল। ছাত্ৰ আন্দোলনে দিল্লীৰ ২০১৫ ৰ “পিঞ্জৰা টোড়” আন্দোলনৰ আৰ্হিতেই আবাসৰ পৰা ওলাই আহি এই স্বৈৰতন্ত্ৰৰ বিৰুদ্ধে মাত মাতিলে। বিশেষকৈ মহিলা শিক্ষাৰ্থীসকল ওলাই আহিল এইবুলি যে এই একবিংশ শতিকাতো তেজপুৰ বিশ্ববিদ্যালয়ত তেওঁলোকে এক নিৰ্দিষ্ট সময়ৰ বাবে কাৰ্ফিউ মানি চলিবলগীয়া হৈছিল। শুচিবায়ুগ্ৰস্ত লোকৰ নাৰী বিদ্বেষী এই ধ্যান ধাৰণাক বিশ্ববিদ্যালয়ৰ ছাত্র সমাজে ওফৰাই দিবলৈ বহু পৰিমাণে সক্ষম হ’ল। লগতে, বিশ্ববিদ্যালয়ত বহু বছৰ ধৰি চলি থকা শিক্ষক আৰু শিক্ষার্থীৰ মাজৰ অনাহক স্তৰবদ্ধ (hierarchy) দূৰত্বটো বহু পর্যায়ত হ্রাস কৰিবলৈ সক্ষম হ’ল। ছাত্র আন্দোলনটোৰ অনা-ৰাজনৈতিকভাবে (Non-political) ৰাজনৈতিক স্থিতিটোৱে কট্টৰ আদর্শৰ আধিপত্যতাক বাধা দিলে। যিয়ে ‘জাতীয়তাবাদ’ ৰ দোহাই দি কেন্দ্রীয় বিশ্ববিদ্যালয়ত দেশৰ প্রতিটো জাতি-জনগোষ্ঠীৰ লোকক অন্তর্ভুক্ত কৰাত ব্যর্থ হৈছিল, তাত এনে ৰাজনৈতিক স্থিতিয়ে আন্দোলনটোত অধিক গণতান্ত্রিক পৰিৱেশৰ থল মুকলি কৰিলে। তাৰোপৰি, বছৰ বছৰ ধৰি লাইব্রেৰীত ধূলিৰে ঠাহ খোৱা গবেষণা থেছিছবোৰত তত্ত্বগধুৰ কথা থাকিলেও আন্দোলনৰ সময়ছোৱালৈ ছাত্র সমাজ অসমৰ সামাজিক আৰু ৰাজনৈতিক সমস্যাৰ ক্ষেত্রত যথেষ্ট উদাসীন আছিল। ছাত্র আন্দোলনৰ দাবীবোৰ আৰু শিক্ষা সংকটৰ বাবে চৰকাৰক জবাবদিহি কৰিবলৈকে পতা গণ সমাৱেশে শিক্ষার্থীৰ উদাসীন মনোবৃত্তিটো ক’ৰবাত মষিমূৰ কৰিবলৈ সক্ষম হ’ল। তেজপুৰ বিশ্ববিদ্যালয়ৰ প্রশাসনিক সংকটৰ সমাধানৰ বাবে শাসক গোষ্ঠী আৰু শিক্ষা-মন্ত্রালয় এতিয়াও ছাত্র সমাজৰ ওচৰত জবাবদিহি। যদিওবা জুবিন গাৰ্গক কৰা অপমানৰ ক্ষমা বিচাৰি আৰম্ভ হৈছিল এই ছাত্ৰ আন্দোলনটো, কিন্তু বহু কথাই অসমৰ ৰাইজৰ বাবে আৰু অসমৰ শিক্ষা খণ্ডৰ বাবে প্রকাশ্য কৰি তুলিলে। এই ছাত্র আন্দোলনটোৱে এই কথাকে বাৰে বাৰে কয় যে সমাজত সদায় নীৰৱ হৈ থকা নাযায়, বহুসময়ত নীৰৱতা ব্যর্থতাৰহে লক্ষণ। এই নীৰৱতা যদিহে আমি বিশ্ববিদ্যালয়ত দেখো, তেন্তে সেয়া বিশ্ববিদ্যালয় এখনৰ ব্যর্থতা।  এই ক্ষেত্রত আমি হেবাৰমাচ (Habermas) -এ কোৱা বিশ্ববিদ্যালয়ৰ ধাৰণাটোৰ ওপৰত গুৰুত্ব দিম । হেবাৰমাচে তেওঁৰ এক প্ৰৱন্ধ The Idea of the University: Learning Process (1987) ত এইবুলি যুক্তি দিছিল যে বিশ্ববিদ্যালয় একোখন ডিগ্রী প্রদান কৰা সংস্থাই নহয়, ই এক গণতান্ত্রিক, সমালোচনামূলক, সামূহিক চেতনাৰে উদ্বুদ্ধ বৌদ্ধিক জীৱনৰ ক্ষেত্র। বিশ্ববিদ্যালয়ৰ ধাৰণাটো তেতিয়ালৈ বৰ্তি থাকিব যেতিয়ালৈ ইয়াৰ সদস্যসকলৰ মাজত এক সামূহিক চেতনাৰ বন্ধন অটুট থাকিব। এই সামূহিক চেতনা বিশ্ববিদ্যালয়ে সমাজৰ বাবে হাতত লোৱা কামবোৰৰ মাজেৰে আহে যি ‘প্রতিগৰাকী সদস্যৰ লক্ষ্য, উদ্দেশ্য আৰু কার্যকলাপৰ সৈতে আভ্যন্তৰীণভাৱে জড়িত হৈ থাকে।’ তেওঁ এইক্ষেত্ৰত বিশ্ববিদ্যালয়ক প্রতিষ্ঠানিক ‘জীৱনৰূপ (Life form)’ হিচাপে মূর্ত কৰি তোলাৰ কৈছে, যিয়ে সদস্যসকলৰ মাজত আন্তঃবিষয়ক (Intersubjectivity) ভাগ-বতৰাৰে প্রেৰণা হৈ উঠিব আৰু অইনৰ বাবেও এক আদর্শস্বৰূপ (Exemplary) হৈ উঠিব। কিন্তু কেনেকৈ? আৰু কিহৰ ভিত্তিত? হেবাৰমাচৰ আলোচনাৰ পৰা পাওঁ যে বিশ্ববিদ্যালয়ৰ ধাৰণাই বিশ্বযুদ্ধৰ সময়ৰ পাছৰ শিক্ষা সংস্কাৰৰ ধাৰণাটোক এফালে যদি কঠোৰ সংস্কাৰবাদী আনফালে শিক্ষিত মধ্যবিত্ত অভিজাত শ্রেণীৰ সৃষ্টিৰ মাধ্যম কৰি তুলিছিল। যুদ্ধোত্তৰ সময় আৰু সমাজ পৰিবর্তনৰ সন্ধিক্ষণত বিশ্ববিদ্যালয়ৰ ধাৰণাটো (The idea of university) লাহে লাহে নিজে এটা মতাদর্শ (Ideology) লৈ ৰূপান্তৰিত হৈছিল যদিও সমালোচনাৰ থলৰ এক সম্ভাৱনাৰ সৃষ্টি কৰিছিল। সময়ৰ জটিলতাত আৰু অভিজাত মধ্যবিত্তৰ পৃষ্ঠপোষকতাত যদিওবা বিশ্ববিদ্যালয়ক সত্যৰ অনুসন্ধান আৰু জ্ঞান উৎপাদনৰ মাধ্যম বুলি কোৱা হ’ল, কিন্তু ইয়ে বিশ্ববিদ্যালয়ক সমাজৰ পৰা আঁতৰাই প্রযুক্তিগত যুক্তিবাদ (Technocratic Rationality ) ৰ আওঁতালৈ বিশ্ববিদ্যালয়ক আনিলে।

যুদ্ধোত্তৰ সময়ৰ আধুনিকীকৰণৰ প্রচেষ্টাৰ লগতে গঢ়ি উঠা বিশ্ববিদ্যালয়ৰ নতুন ধাৰণাত বহুকেইটা ধাৰণা চিন্তাবিদসকলে আগবঢ়াইছিল । সংস্কাৰকামীসকলে বিশ্বাস কৰিছিল যে বিশ্ববিদ্যালয় এক নৈতিক সম্প্রদায় হিচাপে গঢ়ি উঠিব লাগে। কার্যকাৰিতাবাদত বিশ্বাসীৰ বাবে আছিল বিশ্ববিদ্যালয় বহুকেন্দ্রিক প্রতিষ্ঠান গতিকে বিষয়ভিত্ত্বিক গবেষণাৰ কার্যকাৰিতাৰ ওপৰত গুৰুত্ব থাকিব লাগে। আকৌ বিশ্ববিদ্যালয়ৰ ধাৰণাটোৱে অনুসৰণ কৰিব খোজা হুমবল্টৰ দৰে ধ্ৰুপদী উদাৰতাবাদী চিন্তাবিদৰ আদর্শই বিশ্ববিদ্যালয় ৰাজনীতিৰ পৰা আঁতৰি থাকি সমাজৰ বাবে শিক্ষাদান আৰু গৱেষণা কৰ্ম কৰি যোৱাটো বিচাৰিছিল আৰু বিশ্ববিদ্যালয় গণতান্ত্ৰিক সমাজৰ মূল প্ৰাংগণ ক্ষেত্ৰ বুলিও কৈছিল। কিন্তু হেবাৰমাচৰ মতে, ৰাজনীতিৰ পৰা সম্পূর্ণ আঁতৰি বিশ্ববিদ্যালয়ে সমাজক গণতান্ত্রিক কৰি তুলিব নোৱাৰে । হেবাৰমাচৰ মতে বিশ্ববিদ্যালয় এখনে ৰাজনীতিৰ পৰা আঁতৰি কেবল গৱেষণা নকৰে, ইয়ে নতুন শিক্ষার্থী গঢ়ে, গৱেষক সৃষ্টি কৰে, সাংস্কৃতিকভাৱে সমাজক সমৃদ্ধ কৰে আৰু জনমত গঠনত সহায় কৰে; তেওঁ বিশ্ববিদ্যালয়ক জীৱন জগত (life world) ৰ এক অংশ বুলি কৈছে আৰু ই তিস্তি থাকিব যোগাযোগমূলক যুক্তিবাদ (Communicative Rationality) ৰ জৰিয়তে । অর্থাৎ, বিশ্ববিদ্যালয়ক কোনো মতাদৰ্শ বা কোনো বিজ্ঞানে বা কোনো দর্শনে একত্রিত আৰু গণমুখী কৰি তুলিব নোৱাৰে, ই বর্তি থাকে যোগাযোগমূলক যুক্তিবাদৰ জৰিয়তে। ইয়াৰ মূল ভিত্তিয়েই হৈছে যুক্তি, প্রমাণ, সমালোচনা আৰু পাৰস্পৰিক সম্মান। সম্প্রতি এইবোৰ ভাৰতৰ বিশ্ববিদ্যালয়বোৰত নোহোৱা কৰাৰহে পৰিকল্পনা দেখা যায়। ভাৰতবর্ষৰ আগশাৰীৰ বিশ্ববিদ্যালয়বোৰত যিদৰে এটা সময়ত জ্ঞানৰ মুক্ত চর্চা, সমালোচনা আৰু সংস্কৃতি আৰু আদৰ্শৰ বৈচিত্রতা আছিল, এতিয়া তাক মাত্র সমৰূপী (Homogeneous) ধাৰণাৰে বান্ধিব খোজা হৈ আছে। এইক্ষেত্রত অভিজিত পাঠকে এক লেখাত কৈছে যে এই বিশ্ববিদ্যালয়সমূহত দেখা দিয়া সংকটৰ মূলতে আছে ভাৰতীয় ৰাজনীতিৰ পৰিৱৰ্তিত চৰিত্র । অতিৰাষ্ট্ৰবাদ, পুৰুষতান্ত্ৰিকতা আৰু ধৰ্মীয় জাতীয়তাবাদৰ আধিপত্য স্থাপনৰ বাবে ৰাষ্ট্ৰই বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক বহুত্ববাদ আৰু বিকল্প জাতীয়বাদক দমন কৰিবলৈ লৈছে। তেওঁৰ মতে শাসনযন্ত্ৰটোৱে মেকিয়াভেলীয়ান আদৰ্শৰে বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী আৰু শিক্ষকৰ মাজত বিভাজন আৰু ভীতি প্ৰদৰ্শনৰে মুক্ত চিন্তাক শেষ কৰিব বিচাৰে। ৰাজনৈতিক নিযুক্তি আৰু দৰ্শন আৰু সামাজিক সমস্যাৰ প্ৰতি উদাসীন থকা “টেকন’ক্ৰেটিক” প্ৰশাসক আৰু “মিলিটাৰী” অনুশাসন বিশ্ববিদ্যালয়ৰ আওঁতাত থকাটো ৰাষ্ট্ৰই বিচাৰে। এইক্ষেত্ৰত শাসনযন্ত্ৰটো বহুলাংশে সফল হৈছে । কিয়নো ‘জ্ঞানৰ এক নতুন ৰাজনীতি (A new politics of knowledge)’ প্ৰযুক্তিগত যুক্তিবাদ (Technocratic Rationality) আৰু শাসকীয় পক্ষৰ মিশ্ৰণৰে বিশ্ববিদ্যালয়সমূহত মানৱিক আৰু সমাজ বিজ্ঞান (humanities and social sciences) ৰ গৱেষণাত কম আৰু প্ৰযুক্তিগত শিক্ষাৰ ওপৰত বেছি গুৰুত্ব দি সংযুক্ত কৰাৰ কৌশল চলিছে। মনকৰিবলগীয়া, যে মানৱিক আৰু সমাজ বিজ্ঞান অনুষদৰ বিষয়সমূহতো পূৰ্বে গৱেষণাক্ষেত্ৰৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ জলপানি প্ৰাপকৰ সংখ্যাও লাহে লাহে কমাই অনাটো আৰু সমাজ বিজ্ঞানৰ বিষয়সমূহৰ স্বতন্ত্ৰতা নাইকিয়া কৰাৰ কাৰবাৰটোৱে জ্ঞানৰ ৰাজনীতিকৰণক আৰু অধিক মজবুত কৰি গৈ আছে । তেজপুৰ বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত আমি যদি চাওঁ, তেন্তে দেখা পাওঁ, বিশ্ববিদ্যালয়খন স্থাপন হৈছিল ১৫ আগষ্ট ১৯৮৫ ৰ অসম চুক্তিৰ আধাৰত। অসম চুক্তিৰ দফাত কোৱা হৈছিল “ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান স্থাপনৰ যোগেদি শিক্ষা, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাত বিশেষ জোৰ দিয়া হ’ব।” ইয়ে অসমত মানৱীয় উৎকৰ্ষ সাধন কৰাৰ লগতে, অসমৰ জনগনৰ হাতত অৰ্থনৈতিক ৰক্ষাকৱচ এটা তুলি দিব । সেই মৰ্মে বহুকেইটা বিভাগ তেজপুৰ বিশ্ববিদ্যালয়ত স্থাপন হ’ল আৰু সেই একেই প্ৰযুক্তিগত যুক্তিবাদৰ ধাৰণাৰেই বিভাগ সমূহ আগবঢ়াই নিয়া হ’ল । সেয়েহে ১৯৯৪ ৰ পৰা কাৰ্যকৰী হোৱা বিশ্ববিদ্যালয়খন দোপতদোপে গৱেষণাকৰ্মত আগবাঢ়িল যদিও এক স্বতন্ত্ৰ শৈক্ষিক পৰিৱেশৰ সলনি স্তৰবদ্ধৰ স্থায়ীত্ব আনিব খোজা হ’ল । তাৰ ফলস্বৰূপে, ইয়াৰ গৱেষকসকলে লিখা, লাইব্ৰেৰীৰ ধূলিভৰ্তি গৱেষণা গ্ৰন্থত মাত্ৰ দুৰ্বোধ্য ভাষা (Jargon) থাকি গ’ল । সেয়েহে কাৰিকৰী দক্ষতা আৰু প্ৰশাসনিক কাৰ্যক্ষমতা তেজপুৰ বিশ্ববিদ্যালয়ে বহুবছৰ ধৰি ৰাখিলে যদিও, গণতান্ত্ৰিক, স্বতন্ত্ৰ, সামাজিক মূল্যবোধৰ মুক্ত চৰ্চাৰ স্থান এটা সবলৰূপে গঢ়ি তুলিবলৈ নোৱাৰিলে । প্ৰযুক্তিগত যুক্তিবাদ লৈ কোনোৱে প্ৰশ্ন উঠালেও সেয়া কেৱল স্তৰবদ্ধতাৰ আওঁতাত থাকি গ’ল । তাৰ পাছতো, ৩১ বছৰৰ পাছত ছাত্ৰ সমাজ যেতিয়া জাগি উঠিল, ই একপ্ৰকাৰৰ গণতান্ত্ৰিক চিন্তাধাৰাৰ প্ৰথমটো খোজ । অভিজিত পাঠকে কোৱাৰ দৰে ৰাষ্ট্ৰতন্ত্ৰই যদি বিশ্ববিদ্যালয়সমূহত হোৱা শিক্ষাৰ্থী আৰু শিক্ষকৰ ক্ষোভক ‘আইন-শৃংখলাৰ সমস্যা’ বুলি গণ্য কৰিছে, তেন্তে সেয়া ৰাজহুৱা শিক্ষানুষ্ঠানৰ গণতান্ত্ৰিক শিক্ষাৰ উৎকৰ্ষৰ বাবে ভাবুকি স্বৰূপ আৰু সেয়েহে সকলো স্তৰৰ লোকে ৰাজহুৱা শিক্ষানুষ্ঠানক এই ভাবুকিৰ পৰা নিৰাপত্তা দিবলৈ অহৰহ চেষ্টা কৰিব লাগিব। ৰাষ্ট্ৰই শিক্ষানুষ্ঠানত যদি অধিক বিনিয়োগ কৰাৰ দাবী কৰিছে, তেন্তে সমান্তৰালকৈ এইটোও লক্ষণীয় যে সেই বিনিয়োগৰ পৰা সমাজৰ সকলো আৰ্থিকস্তৰৰ শিক্ষাৰ্থীয়ে উচ্চশিক্ষা লাভ কৰে নে উচ্চশিক্ষাৰ অধিকাৰ কেৱল অভিজাত শ্ৰেণীৰ হাততেই থাকিব? ৰাজহুৱা বিশ্ববিদ্যালয়ে কেৱল বজাৰমুখী চাকৰি দক্ষ শিক্ষাৰ্থীক গঢ়ি নোতোলে। ৰাজহুৱা বিশ্ববিদ্যালয়সমূহৰ লক্ষ্য সমতা, গণতন্ত্ৰ, সমালোচনাত্মক চিন্তা আৰু সামাজিক ন্যায় বিচাৰ স্থাপন কৰা হ’ব লাগে । বৰ্তমান বিশ্ববিদ্যালয়ক সংকটৰ পৰা উদ্ধাৰ কৰিবলৈ আমি গ্ৰামচিৰ প্ৰতি-আধিপত্য (Counter Hegemony) ধাৰণাটোও উনুকিয়াব পাৰোঁ।ৰাষ্ট্ৰতন্ত্ৰৰ এই আধিপত্যশীলতা (hegemony) ৰ কেৱল বিৰোধ কৰাই নহয়, তাৰবাবে এক বিকল্প গণতান্ত্ৰিক শৈক্ষিক-সংস্কৃতি গঢ়ি তুলিব লাগিব । যাৰ ভিত্তি হ’ব বিশ্ববিদ্যালয় এখনত মুক্তচিন্তাৰ চৰ্চা, সমালোচনাত্মক চিন্তা, বিভিন্ন মতাদৰ্শৰ সহাৱস্থান আৰু পৰস্পৰৰ প্ৰতি সন্মান আৰু এইদৰেই গণতান্ত্ৰিক শিক্ষাব্যৱস্থাৰ আধিপত্য গঢ়ি তুলিলে বিশ্ববিদ্যালয়ৰ সংলগ্ন ‘ৰাজহুৱা’ শব্দটোৰ প্ৰকৃত অৰ্থটো বৰ্তি থাকিব। গতিকে, গ্ৰামচীয় ধাৰণাৰে চালে তেজপুৰ বিশ্ববিদ্যালয়ত ছাত্ৰ আন্দোলনটোৱে সমুখ সমৰলৈ অনা শিক্ষাৰ্থী, শিক্ষক আৰু অনা-শিক্ষক কৰ্মচাৰীক জৈৱ বুদ্ধিজীৱি (organic intellectual) ৰ দৃষ্টিৰে চাব পাৰি, যি সকল স্তৰবদ্ধ ব্যৱস্থাৰ বিৰুদ্ধে সৰৱ আৰু গণতান্ত্ৰিক শিক্ষা ব্যৱস্থাত বিশ্বাসী। ইয়ে এইটো প্ৰতিপণ্ণ কৰিবলৈ চেষ্টা কৰিব যে, শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন আৰু উৎকৰ্ষ কেৱল প্ৰশাসনিক আৰু কাৰিকৰী দক্ষতা থকা অধ্যাপকৰ চিন্তাতেই সীমাৱদ্ধ নহয় । বৰ্তমান সময়ত তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে দাবী কৰা স্বতন্ত্ৰ ছাত্ৰ সংসদ আৰু গৱেষক শিক্ষাৰ্থী পৰিষদে গ্ৰামচীয়ান নাগৰিক সমাজ (civil society) ৰ কথাখিনি আলোচনালৈ আনে । লগতে ছাত্ৰ আন্দোলনৰ সময়ত সাহস হৈ বিশ্ববিদ্যালয় ৰক্ষাৰ বাবে মাত মতা অসমৰ নাগৰিক সমাজে গ্ৰামচীয়ান আদৰ্শকে ৰোপন কৰিলে । গতিকে ছাত্ৰ সমাজৰ স্বতন্ত্ৰ সংসদসমূহ হৈ উঠিব বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক সংকট, শিক্ষাৰ্থী প্ৰতিকূল পৰিৱেশৰ বাবে জবাবদিহি কৰা এক বলিষ্ঠ মাধ্যম । এইবোৰৰ জৰিয়তে বৃহত্তৰ ছাত্ৰ সমাজ তথা বিশ্ববিদ্যালয়ৰ প্ৰতিগৰাকী সদস্যৰ মাজত সামূহিক আৰু নৈতিক ঐক্যতা গঢ়ি উঠিব আৰু বিশ্ববিদ্যালয়ত স্থিতিগত যুদ্ধ (War of Position) এখন দীৰ্ঘ সময়ৰ বাবে চলিব । লগতে বিশ্ববিদ্যালয়ে শিক্ষাৰ উৎকৰ্ষৰ নামত শিক্ষাদান শৈলীক পাউল’ ফ্ৰেয়াৰিয়ে কোৱাৰ দৰে সমালোচনাত্মক (Critical Pedagogy) কৰি তাক প্ৰকৃতাৰ্থত ৰূপায়ণ কৰিব লাগিব । ফ্ৰেয়াৰিৰ ধাৰণাটোৱে শিক্ষাক মুক্তিকামী কৰাত সহায় কৰে, য’ত জ্ঞানৰ মুক্ত চৰ্চা, সমালোচনা, সামাজিক, ৰাজনৈতিক আৰু প্ৰশাসনিক বাস্তৱতাৰ ওপৰত প্ৰশ্ন কৰাত কোনো বাধা নাথাকে । তাৰোপৰি সাংস্কৃতিক বহুত্ববাদৰ ভেটি থকা বিশ্ববিদ্যালয়সমূহক যদিওবা ৰাষ্ট্রতন্ত্রই সমৰূপী চেতনাৰে সংকোচিত কৰাৰ পৰিকল্পনা কৰে, ইয়াক বাধা দিয়াত বলিষ্ঠ পদক্ষেপটো বিশ্ববিদ্যালয়ৰ শাসিত লোকসকলেই ল’ব লাগিব। তেজপুৰ বিশ্ববিদ্যালয়ৰ ক্ষেত্রত শাসিত শ্রেণীটো হৈছে ছাত্র সমাজ। ছাত্র সমাজেই বহুত্ববাদৰ ভেটিটোৰে বৈচিত্রৰ প্রতি অ-সংবেদনশীল যিকোনো প্রশাসনক প্রশ্ন আৰু সেই প্রশাসনৰ অংশ হ’ব খোজা বাকী সদস্যসকলকো এই সমৰূপীকৰণৰ কু-সম্ভাৱনা সম্পর্কে সচকিত কৰিব লাগিব। আকৌ, বিশ্ববিদ্যালয়ৰ সংকটৰ সমাধান সংলাপ, আলোচনা আৰু সকলোৰে সমান অংশগ্রহণেৰে হয় বুলি বহু উত্তৰ-ঔপনিৱেশিক সময়ৰ চিন্তাবিদে কয়। এইক্ষেত্ৰত পুনৰবাৰ হেবাৰমাচৰ যোগাযোগমূলক যুক্তিবাদ (Communicative Rationality) ৰ কথা আওৰাব লাগিব যে প্রশাসনিক এই সংকট অথবা প্রশাসনক লৈ হোৱা মতবিৰোধৰ একপক্ষীয় সিদ্ধান্তৰে সমাধান নোলায়, সমাধানৰ বাবে শিক্ষক, শিক্ষার্থী, কর্মচাৰী আৰু প্ৰশাসনে সম-মর্যাদাৰে বিশ্ববিদ্যালয়ৰ প্ৰতিটো সিদ্ধান্তৰ আলোচনাত সমানে অংশ ল’ব লাগিব আৰু তাৰ বাবে বিশ্ববিদ্যালয় সমাজ এক ঐক্যমতত আহিবই লাগিব। সেয়া এদিনতে সৃষ্ট হোৱা এক পৰিৱেশ নহয় তাৰবাবে সকলো স্তৰৰ লোকে অহর্নিশে প্রচেষ্টা চলাব লাগিব। তেজপুৰ বিশ্ববিদ্যালয়ৰ বাবে আৰু এক গুৰুত্বপূর্ণ দিশ হৈছে “অতি জাতীয়তাবাদ” ৰ আবেগিক বতাহে অনবৰতে সমগ্ৰ ৰাজ্যখনকে গৰম কৰি ৰখাৰ সময়তে অসমৰ ভিতৰুৱা এক জেগাত তেজপুৰ বিশ্ববিদ্যালয়ৰ অৱস্থিতি। গতিকে এনে এক ঠাইত ৰাষ্ট্ৰই সমৰূপী চেতনাৰে বিশ্ববিদ্যালয়ক ভ্রান্ত কৰাৰ চেষ্টা অৱশ্যেই চলাব। এই ক্ষেত্রত বিশ্ববিদ্যালয়ৰ বহুত্ববাদ আক বৈচিত্রতাৰ প্রতি সংবেদনশীল ছাত্র সংসদেহে বিশ্ববিদ্যালয়ক এই ভ্রান্তিৰ পৰা বচাই ৰাখিব পাৰিব। তাৰোপৰি, ৰাষ্ট্ৰতন্ত্ৰই বিশ্ববিদ্যালয় এখন গণতান্ত্রিকতাৰ অনুকূলে যোৱাটো কেতিয়াও নিবিচাৰে, তাতে সাম্প্রতিক সময়ৰ সোঁপন্থী ৰাজনীতিৰ অতিমাত্রা চল-চাতুৰীয়ে আৰু নিদিয়ে। সেয়েহে গণতন্ত্রত বিশ্বাসী ছাত্র-সমাজে এয়াও মনত ৰাখিব লাগিব যে বিশ্ববিদ্যালয় সংকটৰ স্থায়ী সমাধান উপাচার্য সলনি অথবা নতুন নিয়ম প্রৱর্তনৰে নহয়। ইয়াৰ বাবে প্ৰশ্ন, সমালোচনা, আলোচনা আৰু ঐক্যমতৰ এক সুদৃঢ় ভেটি গঢ়ি তুলিব লাগিব । ছাত্র-আন্দোলনটোৰ সৈতে প্রথমদিনাৰ পৰাই জড়িত থাকি আমাৰ উপলব্ধি এটাই যে এই আন্দোলন মাত্র ক্ষমতাৰ উৎপীড়ণৰ বিৰুদ্ধে মাৰ বান্ধি ওলাই অহা শাসিত শ্ৰেণীৰ যুঁজ। স্বতন্ত্ৰতা তেতিয়াই বর্তি থাকে, যেতিয়া উৎপীড়ণ বোলা শত্রুটোৰ বিৰুদ্ধে মাত মতা হয়। যিদৰে পেৰিয়াৰে কৈছে –

“যদি এখন বৃহৎ ৰাষ্ট্ৰই ক্ষুদ্ৰ ৰাষ্ট্ৰ এখনক দমন কৰে, তেন্তে মই সেই সৰু ৰাষ্ট্ৰখনৰ কাষত থিয় দিম। যদি ক্ষুদ্ৰ ৰাষ্ট্ৰখনত থকা সংখ্যাগৰিষ্ঠ ধৰ্মই সংখ্যালঘু ধৰ্মক দমন কৰে, মই সংখ্যালঘু ধৰ্মৰ কাষত থিয় দিম। যদি সংখ্যালঘু ধৰ্মটোত জাতিভেদ থাকে আৰু এটা জাতিয়ে আনটো জাতিক দমন কৰে, মই পীড়িত জাতিটোৰ কাষত থিয় দিম। পীড়িত জাতিটোৰ ভিতৰতে যদি এজন নিয়োগকাৰীয়ে তেওঁৰ কৰ্মচাৰীক দমন কৰে, মই সেই কৰ্মচাৰীজনৰ কাষত থিয় দিম। যদি কৰ্মচাৰীজনে ঘৰ গৈ তেওঁৰ পত্নীক উৎপীড়ন চলায়, মই সেই নাৰীগৰাকীৰ কাষত থিয় দিম। মুঠৰ ওপৰত, দমন বা উৎপীড়নেই মোৰ শত্ৰু। (If a larger country oppresses a smaller country, I’ll stand with the smaller country. If the smaller country has majoritarian religion that oppresses minority religions, I’ll stand with minority religions. If the minority religion has caste and one caste oppresses another caste, I’ll stand with the caste being oppressed. In the oppressed caste, if an employer oppresses his employee, I’ll stand with the employee If the employee goes home and oppresses his wife , I’ll stand with that woman. Overall, Oppression is my enemy).”

About the Author:

Priyadarshika Medhi is a Full time PhD Scholar in the Department of Sociology at Tezpur University. Her ongoing research interest areas are Sociology of Music, Politics of Education.

Works Cited

Friere, Paulo. Pedagogy of the Oppressed. Penguin Books, 1996.

Government of Assam.

 “The Assam Accord.” Implementation of Assam Accord, 1985, https://assamaccord.assam.gov.in/portlets/the-assam-accord#:~:text=Government. Accessed 5 March 2026.

Gramsci, Antonio. SELECTIONS FROM THE PRISON NOTEBOOKS. Edited by Quentin Hoare and Geoffrey Nowell Smith, Lawrence & Wishart, 2015. Uberty, https://uberty.org/wp-content/uploads/2015/10/gramsci-prison-notebooks.pdf.

Habermas, Jürgen, and John R. Blazek. “The Idea of the University: Learning Processes.” New German Critique, vol. 41, no. Special, 1987, pp. 3-22. JSTOR, https://doi.org/10.2307/488273.

P, Pranav Jeevan. Anarchism In Periyar. 2022. Round Table India: For an Informed Age Ambedkar, https://www.roundtableindia.co.in/anarchism-in-periyar/.

Pathak, Avijit. “The threat to the idea of a public university.” The Hindu, 20 November 2019, https://www.thehindu.com/todays-paper/tp-opinion/the-threat-to-the-idea-of-a-public-university/article30021728.ece.

Share This Article
Priyadarshika Medhi
Priyadarshika Medhi
Articles: 1

Leave a Reply

Your email address will not be published. Required fields are marked *